ফটাঢোল

দুদ্ধৰ্ষ দত্ত-ৰামানুজ গোস্বামী

আপুনি বাৰু দুদ্ধৰ্ষ দত্তৰ নাম শুনিছেনে? নাইশুনা..? আচ্ছা ঠিক আছে, নাইশুনা যদি জানি লওক যে তেওঁ মোৰ মিত্র। একেষাৰেই মিত্র বুলিলে ভুলো হ’ব কাৰণ তেওঁ মোতকৈ জ্যেষ্ঠ। কলেজীয়া দিনত একেটা আবাসৰ আবাসী হেতু তেওঁক মই দাদা মাতোঁ। গতিকে তেওঁ মোৰ মিত্রসুলভ জ্যেষ্ঠভাতৃ বা জ্যেষ্ঠভাতৃসুলভ মিত্র।

যি কি নহওক, মোৰ প্ৰতি তেওঁৰ আকুঞ্চিত মৰমৰ কথা মাজে মাজে কথাৰে প্ৰত্যয়ৰে সোঁৱৰালেও কামেৰে নোসোঁৱৰায়। মানুহজন কথাচহকী। ফোনত আপোনাক এনেদৰে দম্ভ মাৰিব যেন –“ক’ৰোবাত কিবা হ’লে মোক কবা হে…সৱ চম্ভালি ল’ব এই দত্তই…বিধায়ক?..না..না মন্ত্রীৰ লগত ডাইৰেক্ট…” কিন্তু লগ পালে গহীনাই কয়, “৫০০ এখন দিয়াচোন অলপ আগতে মোৰ পাৰ্ছটো ক’ৰোবাত পৰিল!” এই যে পাৰ্ছ হেৰুওৱাৰ ফাঁকিটো তেওঁ মোক যোৱা ২৫ বছৰে হোষ্টেলৰ দিনৰপৰাই মাৰে, তাত তেওঁৰ কোনো লজ্জাৰ ভাৱালেশ নাথাকে৷ মই সেই মিথ্যাৰ ষোল্ল অনাই ভু পাওঁ বুলি জানিও দত্তদাই অকুণ্ঠচিত্তে গহীনাই পাৰ্ছ হেৰুওৱা বুলি ‘হৰিপট্টি’ খুজিবলৈ কুণ্ঠাবোধ নকৰে৷ খুজিলেও আকৌ ১০/২০ টকা নোখোজে, জীৱনশৈলীৰ মানদণ্ড বুজাবলৈ ৫০০ ৰ তলত নিবিচাৰে।

কিছুদিন আগত মই কিতাপ এখন লিখি ক’তনো /কেনেকৈ / কাক বিকিম তাৰ চিন্তাৰ আউলত মজি থাকোঁতেই দত্তদাৰ ফোন আহিল৷ বোলে, “আহি যোৱা ১০০ কপি লৈ যোৰাহাট, সৱ চেলাই দিম, মানে sell কৰি দিম৷ ঘৰত বহি আড্ডা দিম দুয়ো৷ পদূলিৰপৰাই ১০০ কপি যাব বুইছা৷ দত্তৰ পদূলিতেই তোমাৰ ‘লালডেঙা আৰ্মি’ পোৱাটোও নিউজ হ’ব৷ আহি যোৱা, আহি যোৱা।”

কিতাপ বিক্ৰী যোৱাৰ আশা দেখি ময়ো পিছদিনা গুৱাহাটীৰপৰা দত্তদাৰ যোৰহাটৰ ঘৰ ওলালোঁগৈ। মোক দেখিয়েই তেওঁৰ নৈমিত্তিক স্নেহমূলক লম্ফজম্ফও আৰম্ভ, বোলে ইমান দিন কিয় অহা নাই? ৰাতি হাঁহেই খাম৷ কাইলৈ পাৰ খাম, ভাই আহিছে ইমান দিন মূৰত! মই লৈ যোৱা শ’ল মাছটো দেখি তেওঁ ইচ্‌-ইচ্‌, আচ্‌-আচ্‌ কৰিলে বোলে কিয় কিনিব লাগে? তেওঁৰ বাৰীৰ পুখুৰীতেই গোটে তিনি কিলোৰ শ’লে জাকপাতি সান্ধ্যবিহাৰ কৰে!

পিছদিনা বোলে, ওলোৱা কিতাপ লৈ, পদূলিতে জ্ঞানমেলা পাতিলে অশুৱনি হ’ব। হোলাৰ ভাই মোলাৰ দৰে ময়ো কিতাপ লৈ ৰেডী৷ দাদাই গাড়ী লৈয়ে ওলাল। 

: ছেঃ! পাৰ্ছটো পাহৰিলোঁ নহয়!

তেল ডিপোলৈ গাড়ীখন ঘূৰাই ডাঙৰীয়াৰ স্বগতোক্তি। মই মনে মনে থাকিলোঁ। মাত দিলেই মোকে ভৰাব৷ সেয়ে এওঁলৈ ফোন কৰাৰ ভাও ধৰি “অঁ অঁ.. হাঁ হাঁ..” -ত লাগিলোঁ। দত্তদাই আঙুলি দুটা দেখুৱাই ২ লিটাৰ ভৰোৱাৰ ইঙ্গিত দিলে। ফোনতেই থাকি ময়ো ১৬০ টকাৰ বাবে মূৰ জোকাৰিলোঁ কিন্তু ফোনটো থৈ বিপাঙত পৰিলোঁ। সেই দুটা আঙুলি মানে হেনো দুই হাজাৰহে আছিল। সেমেনা-সেমেনিকৈ টকা দুইহাজাৰ উলিয়াই দিয়াৰ বাদে মোৰ গত্যন্তৰ নাছিল। পেট্ৰ’ল পাম্পে আমাৰ যুটীয়া দলক এৰিবনে!

সন্ধ্যালৈ ১০ খনমান কিতাপ বিক্ৰী কৰি তেওঁ মোচত এনে তাও দিলে যেন কিতাপ বেচাৰ আধা কাম শেষ। ৯০ খন যে এতিয়াও বাকী, ময়ো স্পষ্টকৈ কৈ পেলালোঁ। বুলিলে আজিৰখিনি হেনো বিক্ৰীৰ চেম্পল ষ্টাইলহে, অহাকালি একেকোবে ৯০! মোৰ আশাৰ প্ৰদীপত পূৰ্ণপাত্র তেলপৰা যেন দেখি চাকিৰ দৰে মই উজলি উঠিলোঁ কিন্তু সেই চাকিৰে দত্তদাৰ চোতাল মই উজলাব নোৱাৰিলোঁ। কাৰণ কাৰেণ্ট যোৱা ঘৰখনত জ্বলি থকা একমাত্র চাকিটোৰ পোহৰত বৌজনীয়ে ম’হৰ কামোৰ খাই পুখুৰীত পোৱা পুঠিমাছ দুটামান বাচি আছিল।

পুখুৰীৰ শ’লৰ দলটো আজি “ইভিনিং ৱাক”লৈ নহাত তেওঁ টিঙিৰি-তুলা হ’ল। লগতে বিদ্যুত বিভাগৰ গাফিলতিৰ বাবে তেওঁ দেশ, চৰকাৰ, মন্ত্রীৰ ওপৰত “নাৰাজ জটানেৱালা” ভাষণ আৰম্ভ কৰিলে। সেই ভাষণৰ চাহ বিৰতিত লগুৱা এজনৰপৰা বুজা গ’ল যে কাৰেণ্ট বিদ্যুত পৰিষদে কাটিছে ঠিকেই কিন্তু কেৱল দত্তদাৰ ঘৰতহে কটা হৈছে!

পিছদিনা পুৱা তেওঁ মোক যোৱামাহৰ বিদ্যুতৰ বিলৰ দেয় ১২০০/- টকাৰ “চমু বাৰ্ত্তা সেৱা” এটা মোবাইলযোগেই আগবঢ়াই(forward), উক্ত বিলখন দিবলৈ গোজৰণি মাৰিলে, যিদৰে ২৫ বছৰ আগেয়ে হোষ্টেলত মোক, “ঐ ফাৰ্ষ্ট য়েৰ! যা মোলৈ দুটা চাৰমিনাৰ আনিবি” বুলি বিত্তীয় দায়িত্ব নোলোৱাকৈ হুমকি মাৰিছিল। ৯০ খন কিতাপ বেচাৰ কথা! মই নৰলোঁৱেই৷ পোনচাটেই বিদ্যুতৰ অফিচ পালোঁগৈ। তাতহে কাৰেণ্ট কটাৰ ওৰটো পালোঁঁ৷ মুঠ ৪৫০০/- যোৱা তিনিমাহে অনাদায়! বিভাগে যোৱমাহৰ ১২০০ টকা দেওনাৰে বোলে ৩ মাহৰ আগৰখিনিহে প্ৰথমে আদায় (adjustment)কৰিব, ফলত কাৰেণ্ট পুনঃসংযোগ নহয়৷ সাতে-সোতৰই মই দত্তবাবুৰ গোপন পৰিকল্পনাক গোপনেই বুজি ৪৫০০/- টকা দি কাৰেণ্ট অনোৱাই তেওঁৰ গৃহাভিমুখী হ’লোঁ।

গৈ দেখোঁ, চক্ৰাকাৰে চলন্ত পাংখাৰ ঘূৰ্ণন মলয়াত দত্তবাবুৱে দিনৰ ভাতসাজ মজিয়াতে খাই, গোলাকাৰ পেটটোক যেন ক্ষন্তেক জিৰাবলৈ দি মজিয়াতে এবাগৰ মাৰি নাক বজাইছে। লিগিৰীজনীয়ে কাঁহী-বাতি অঁতাব খোজোঁতেই, মই শ’লমাছৰ কাঁইট আৰু চৰ্ব্বিত মুণ্ডাংশ দেখি তেওঁৰ নিদ্ৰাঘাত নোহোৱাকৈ লাহেকৈ মাত দিলোঁঁ,

: ভণ্টি, আজি পুখুৰীৰ শ’ল ধৰিলা নেকি?

: নহয় দাদা৷ আপুনি পৰহি অনাৰেই, আমাৰ পুখুৰীত ক’তনো মাছ! দাদাই কাষৰ চলিহানী বাইদেউহঁতৰ পুখুৰীতহে…বৰশী…পুঠি…।

সন্ধ্যালৈ আমাৰ অন্যতম মিত্র বশিষ্ঠ মহম্ত আহিল৷ হাঁহিমুখীয়া লোক, মানুহজন চতুৰ। চতুৰালিৰে কাৰোবাৰপৰা হাঁহ-পাৰ সৰকোৱাত পাকৈত, অৱশ্যে ক’ৰপৰা কিমান দামত কিমান গুণগতসম্পন্ন হাঁহ আনিছে সেয়া সজাই ক’বলৈ নাপাহৰে কিন্তু দত্তদা  গৰগৰাই উঠিল; বোলে – পুখুৰীত দুকুৰিমান হাঁহ চৰি আছে, খাওঁতা নাই। অৱশ্যে যোৱাকালিৰেপৰা যে হাঁহৰ জাকটোৰ শুংসূত্র নাই আৰু নতুন লগুৱাটোৱে যে এইবোৰ চোৱা-চিতাত এতিয়াও কেঁচা হৈ আছে, সেয়াও উনুকিয়াবলৈ নাপাহৰিলে।

সন্ধ্যালৈ একেকোবে ২০ খন কিতাপ ওলাই গ’ল। দত্তদা ষ্মাৰ্ট। হকাৰ এটা আনি বোলে বাবা তই এইখিনি বিকি কি পাৱ দি দিবি। দাম ২০০/- তই ১৫০/-ত এৰিবি৷ মোক ১০০ কৈ দিবি৷ সময়ৰ কথা নাই মুঠৰ ওপৰত তই ৫০ ৰাখি বাকী ১০০/- কৈ মোক দি যাবি। ২০ খন গ’ল৷ পইচা প্ৰাপ্তি অনিশ্চিত৷ তথাপি ২০ কপি ওলাই গ’ল! সেয়াও শান্তি।

পিছদিনাখন ৭০ কপিৰ আশা৷ পুৱাই তেওঁক ৰিম’টৰ বেটাৰী লগা হ’লত দোকান এখনলৈ আঙুলিয়াই বোল সেইখনতে আমি বাকী খাওঁ৷ পতকে গৈ মোৰ নাম কৈ বেটাৰী দুটা আনাচোন। গৈ দেখোঁ দোকানৰ সন্মুখত কাকতি খুড়া। নিজেই এজন DY-395… সেয়া মোৰ পূৰ্বৰেপৰাই জ্ঞাত। চকু কাণ সষ্টম ৰাখে। তেওঁ নাৰদ গোত্রীয়।

বেটেৰী প্ৰস্তাৱকৰ নাম দোকানিয়ে শুনিলে কি নুশুনিলে, বোলে দুমাহৰ বাকীৰ যে অতদিনে এক লালিয়েও নাই! দত্তদাৰ লেন-দেন যে আজিকোপতি ভাল নহ’ল তাকে দোকানিয়ে অসন্তুষ্টভাৱে বকিবলৈ ধৰিলে। কাকতি বাবুৰ সষ্টম চকু-কাণ জলমলাই উঠিল। দিনটোৰ চিকাৰ যেন পাই গ’ল৷ পদূলিয়ে পদূলিয়ে আজি তাকে বিলাই পৰচৰ্চাৰ ৰসৰ ঢৌ বোৱাবলৈ! মই বোলো “বাকীৰ পইচাৰেই এক হাজাৰ দিছেহে, লওক” বুলি দম্ভ মাৰি সন্মান ৰখাৰ নামত মোৰ ১০১৫ টকা পুৱাই গ’ল। ১৫ টকা বেটেৰীটোৰ বাবে নগদ ধন! বেটেৰী হাতত লৈ দত্তদাই কিবা শুনা বা সোধাৰ যেন মুদেই নাছিল। বৈশ্য দোকানিয়ে বাকীবহীত ১৫ ৰ সলনি যে ২০ লিখিব পাৰে সেয়া মই নোচোৱাৰ অপৰিপক্কতাকহে “ইমান অমনোযোগী হ’লে কি সংসাৰ চলাবা” বুলি শিক্ষাবাণীৰে কটাক্ষ কৰিলে।

৭০ কপি কিতাপ লৈ দুয়ো ওলালোঁঁ কিন্তু চন্দ্ৰভানু গেৰেজ পাওঁতেই তেওঁৰ গাড়ীখন ৰিপেয়াৰ কৰাৰ কথা মনত পৰিল। বচ্! গাড়ীখন তাতে ৰখাই যাৱতীয় নিৰ্দেশাৱলী মেকানিকক দি মোক নিৰীক্ষকৰ দায়িত্বত থৈ, তেওঁ ইতিপূৰ্বে বাকী থকা দাঁত এটাৰ “শিপা পৰিবাহী চিকিৎসা” (RCT) কৰাবলৈ ওলাল। লগতে ধাতৱীয় দন্তপাগুৰি(cap) এটাৰ জোখ-মাখ দি থৈ আহোঁ বুলিও উনুকিয়ালে। তেওঁলৈ নৰৈ গাড়ীখন মোক অকলেই ঘৰলৈ নিবলৈ ক’লে। মই গোপন অভিসন্ধি বুজিলোঁঁ৷ মেকানিকে প্ৰায় ২২০০ থকা হিচাপ দিয়াত তেওঁ ১৯০০ ৰ ওপৰত এটকাও নাপাৱ বুলি এবাৰ মোলৈ এবাৰ তাকৈ চাই কৰা মৌখিক সন্ধিতেই যেন মোৰ কৰণীয়খিনিও বুজালেই। বাহিৰত যেন মই একোৱেই নাখাওঁ, তাক বাৰ বাৰ সঁকিয়াই গাড়ীসহ ঘৰ গৈ মোক মাগুৰ মাছেৰে ভাত খাবলৈ ক’লে। মাছৱালাক এতিয়াই ফোন কৰি মাছৰ লগতে নৰসিংহও দি আহিবলৈ নিৰ্দেশ দিম বুলি সশব্দে-সগৰ্ব্বে জনায়ো গ’ল।

মই ৭০ খন কিতাপ কেকোঁজেকোকৈ লৈ অ.ৰা.পৰিবহন নিগমৰ আস্থান পালোঁহি। গুৱাহাটীলৈ টিকট কিনি বাচত বহি পৰিলোঁ। মনৰ ভিতৰতে দত্তদাক সশ্ৰদ্ধ প্ৰণিপাত জনাইছিলোঁহে, তেওঁৰপৰা অহা ফোন বাজিল।

: শুনাছোন পাৰ্ছটো হেৰাল হে৷ হেল্লৌ… অঁ মই চম্পকৰ বাটাৰ দোকানত৷ ৰূপহী আলি, পাৰ্ছটো ডেণ্টিষ্টৰ তাতে হেৰাল হে হেল্লৌ…

মই মুখেৰে নামাতি ফোনটো খিৰিকীয়েদি গাড়ীৰ চকাৰ ফালে দিলোঁ, শুনক ঘৰ-ঘৰণিকে শুনক৷

গাড়ী তেতিয়া তৰাজানৰ দিশে।

(বি:দ্ৰ: লেখাটোৰ চৰিত্রবোৰৰ কোনো ব্যক্তিবিশেষৰ লগত প্ৰত্যক্ষ সম্পৰ্ক নাই৷ সামাজিক চৰিত্র কিছুমানৰ প্ৰতীকি উপস্থাপনহে মাথো।)

☆ ★ ☆ ★ ☆

12 Comments

  • বৰ ভাল লাগিল, শিপা পৰিবাহী চিকিৎসা ? কথাটো ?

    Reply
  • ৰাজশ্ৰী শৰ্মা

    ময়ো কাইলৈ শিপা পৰিবাহী চিকিৎসা কৰাবলৈ যাম। বাকী মানুহ কেইজন কিবা যেন চিনাকি। তেনে লাগিল দাদা?

    Reply
    • ৰামানুজ জি

      ? ধেই….. কা..আল…..প…নিক চৰিত্ৰ

      Reply
  • হেমন্ত কাকতি

    তামাম ৰামানুজ

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বঢ়িয়া৷

    Reply
  • জয়ন্ত দাস

    বঢ়িয়া৷

    Reply
  • বন্দিতা জৈন

    ভাল লাগিল। বঢ়িয়া।

    Reply
  • ৰামানুজ

    কাকতিদা শৰ্মাচাহাব দাসবাবু বন্দিতা… ধন্যবাদ

    Reply
  • ডলী

    বাৰে কি দুদ্ধৰ্ষ মানুহ ও দত্ত। চিনাকি যেন লাগিছে কিবা মানুহজন।

    Reply
  • নীতাশ্ৰী নেওগ

    বঢ়িয়া লাগিল। শিপা পৰিবাহী চিকিৎসা আৰু দন্তপাগুৰি??

    Reply
  • জয় বৰা

    মজ্জা দেই।কি মানুহ অ..
    মানুহ মাৰি দিব।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *