ফটাঢোল

মূল্যবান নিবনুৱা-প্ৰণীতা গোস্বামী বৰঠাকুৰ

হাতত থকা চাবিপাট সোঁহাতৰ তৰ্জনী আঙুলিটোত ঘূৰাই ঘূৰাই মুখত এটা সুহুৰি লৈ সিদ্ধাৰ্থ ঘৰৰ ভিতৰলৈ গপগপাই সোমাই গ’ল। প্ৰথম কোঠাটো পাৰহৈ তাৰ ৰূমৰফালে যাব খুজিছিলহে এনেতে…

: ঐ, হিৰ’ তইযে এনেকৈ দুপদুপাই সোমাই আহিছ ৰূমটোযে মচি থৈছোঁ দেখা নাই?

বায়েক ৰুমজুমে কেটকেটাই উঠিল।

: এই সিদ্ধাৰ্থ বৰুৱাৰ তললৈ চোৱাৰ অভ্যাস নাই, সদায় শিৰ উচ্চ কৰি চলি আহিছে৷

বায়েকক জোকাই ল’বলৈ ক’লে সি।

: হ’ব থ থ, তহঁত পুৰুষবোৰ এনেকুৱাই, মাইকী মানুহৰ কষ্টক কষ্ট বুলিয়েই নাভাব। এনে বিশ্বজয় কৰি আহিছে একেবাৰে৷

ৰুমজুমৰ সঁচাই খং উঠিল। ঘৰ মোচাৰ পাছত কোনোবাই খচি পেলালে তাইৰ টিঙিচকৈ মাৰে। ভায়েকক বকি বকি সোঁতাকানিটো আনিবলৈ তাই পিছফাললৈ গ’ল। আমাৰ হিৰ’ও নিজৰ ৰূমত সোমাই বিছনাত দীঘল দিলেগৈ।

: হেৰৌ তই জোতাই-মোজাই যে বিছনাত পৰিলিহি, কিবা এটা খাই নলৱ কিয়! টেবুলতে তোলৈ ঢাকি থোৱাই আছে। খাই লগৈ যা৷ কোনফালেনো গৈছিলি পুৱাই পুৱাই?

 মাক তাৰ ৰূমলৈ সোমাই আহি সুধিলেহি।

: নাই, ভোক লগা নাই। ছাৰৰ ঘৰতে চাহ একাপ খুৱালে। বাটতে ‘পল’ক মানে নিলোৎপলক পালোঁ, চাহ-শিঙৰা খাই দিলোঁ এঠাইত। এতিয়া ভোক নাই।

: কিয়নো বাহিৰত সেইসোপা খাব লাগে, এনেই গেষ্ট্ৰিকে দিগদাৰ দি থাকে তোক! সোনকালে ভাতকেইটামান খাই দিবি, মই ভাতলৈ যাৱেঁই। ক’তো ওলাই নাযাবি আকৌ।

সকিয়নী দি মাক তাৰ ৰূমৰপৰা ওলাই গ’ল।

আজি পুৱাতে ওলাই যোৱাৰ কাৰণ নথকাও নহয় তাৰ। নিৰ্বাচনৰ দিন আৰু প্ৰাৰ্থী ঘোষণা হোৱাৰ পাছৰপৰাই সিহঁতৰ গেঙৰ গোটেইকেইটাৰ গাত তত নাইকীয়া হৈছে। এইবাৰ যেনে-তেনে দুটকামান গোটাব লাগিব। যোৱাবাৰ জয়ন্তদাহঁতক দেখিয়েই সিহঁতেও সিদ্ধান্ত লৈছে, এনেকৈ থকাতকৈ কিবা এটা কৰিব লাগিব। কালি ৰাতিয়েই চৰকাৰী দলৰ প্ৰাৰ্থীজন সমষ্টিৰ মানুহক আশ্বাস দিবলৈ ঘৰলৈ আহিছে। আজি সেয়ে পুৱাতেই সিহঁতে গৈ ছাৰক লগ ধৰি কৰণীয় কামখিনিৰ দায়িত্ব লৈ আহিলগৈ। এই সপ্তাহটো সিহঁতৰ ৰ’বলৈ সময় নহ’বই চাগে। ছাৰে বাইক দুখনমানো যোগাৰ কৰি ল’বলৈ কৈছে, তেলৰ চিন্তা কৰিব নালাগে বোলে। সিহঁতৰ গেঙৰ তিনিটাৰ বাইক আছে, চলি যাব। সময়ত ছাৰৰপৰা ভাড়াটো উলিয়াব লাগিব। জিকিলে বোলে কথা বেলেগেই হৈ যাব। চাকৰিৰ বাবে হাবাথুৰি খাই থাকিবৰ দৰকাৰেই নহ’ব। মনটো আজি কিবা ভাল লাগি আহিছে। ছাৰক যেনে-তেনে জিকাবই লাগিব। জয়ন্তদাহঁত এইবাৰ এনেকৈ নুঘূৰে বোলে, ছাৰৰ লগত সমষ্টিয়ে সমষ্টিয়ে যাব লাগিব, সিহঁতৰ কাম নিজৰ সমষ্টিতহে।

মনটোৱে বহুত কল্পনাই কৰি পেলালে। পেঞ্চন পোৱা শিক্ষক পিতৃক অলপ সকাহ দিবলৈ সি বহু অফিচে অফিচে ঘূৰিলে। চাৰ্টিফিকেট কেইখনো উলিয়াওঁতে উলিয়াওঁতে অলপ লেতুসেতুৱেই হৈছেগৈ। বায়েকো বি.এ পাছ কৰি ওচৰৰ স্কুলখনতে সোমাই আছে। চৰকাৰীকৰণ হোৱাৰ আশাতে কম পইচাতে খাটি আছে তায়ো। সিহে তেনে চাকৰি কৰিব নোৱাৰে। হ’ল বুলি মাহটো পাৰ কৰিব নোৱৰা পইচাকেইটা পাবলৈ সি ইমান গেবাৰি খাটিব নোৱাৰে। ব্যৱসায় কৰিবলৈও মূলধনৰ অভাৱ। এইবাৰ ছাৰে দিলে ভাল ব্যৱসায় এটাত মূৰ সুমুৱাব লাগিব। মাকে তাঁত-সূত বাই, হাঁহ-পাৰ পুহি পোৱা পইচাকেইটা খুজিবলৈও তাৰ মনটোৱে প্ৰতিবাদ কৰি উঠে। কিন্তু উপায়ো নাথাকে, মাকেই মাজে মাজে দুপইচা তাক হাত খৰচৰ বাবদ দিয়ে। দেউতাকৰ ওচৰেই নাচাপে সি, কিবা এক বুজাব নোৱৰা অনুশোচনা!

: চিদা, আছ নেকি?

জপনাৰ বাহিৰৰপৰা বিকাশে চিঞৰিলে।

তাৰ কল্পনাত য’তি পৰিল। বন্ধুবৰ্গৰ মাজত সি ‘চিদা’ নামেৰেই পৰিচিত। বাইক লৈ সি বাহিৰত ৰৈ আছে।

ৰূমৰপৰা ওলাই সি বিকাশৰ ওচৰ পালেহি।

: ছাৰে গধূলিলৈ লগ কৰিবলৈ কৈছে। ৰাতি ক’ৰবালৈ পঠাব বোলে। যাবিনে?

: ৰাতি নোযোৱাকৈ নোৱাৰিনে, মানে ঘৰত হুলস্থূল লগাব। দেউতাই এইবোৰ কামত লাগিছোঁ বুলি গম পালে কি মূৰ্তি ধৰে ঠিক নাই। 

: বাহানা এটা বনাবি আৰু। তোৰ ‘বচন্তি’খন লৈ যাব নালাগে। মোৰ বাইকতে যাবি। আহিম মই গধূলি, ৰেডি থাকিবি।

সি উভতিল। বাইকৰ মাত শুনি মাক ওলাই আহিল।

: কোন অ’ সেইটো? ভাত বাঢ়িছোঁৱেই, তই পটকৈ ওলাই যাৱ বুলিহে ওলাই আহিলোঁ। গাটো ধুই লগৈ যা।

একে উশাহতে মাকে কথাখিনি ক’লে।

: বিকাশ আহিছিল। গধূলিলৈ তাৰ ঘৰলৈ মাতি থৈ গৈছে। কিবা আছে বোলে। বহু ৰাতি হ’লে ঘূৰি আহিব নালাগে বুলিও কৈ গৈছে।

মিছা মাতিলে সি।

গধূলিলৈ ছাৰৰ ঘৰত ডাঙৰ বৈঠক। পঞ্চায়তৰ সভাপতি, দুই-এজন মুধাফুটা ব্যক্তি সহিতে বিছ-পঁচিশজনমান ডেকা ল’ৰা গোট খাইছে। তাৰভিতৰত সিহঁতেই পিলিঙা। ওখ চকীখনত বহি ছাৰে সকলোকে কিছুমান দিহা দিলে। কামবোৰ ভাগ ভাগ কৰি ল’বলৈ ক’লে। দলবান্ধি কামবোৰ কৰিবলৈ একোজনক দলপতিৰ দৰে দায়িত্ব দিলে। পা-পইচা তেওঁৰ যোগেদিয়েই খৰচ হ’ব। চাহ-চিগাৰেটৰ হাতখৰচো তেঁৱেই দিব। বহুসময় কথা-বাৰ্তা চলিল। কাৰোবাৰ কিবা অসুবিধা আছে নেকি স্পষ্টকৈ জনাবলৈ ক’লে ছাৰে। সি ৰাতি ঘূৰিবলৈ অসুবিধা হ’ব বুলি জনাব খুজিছিল; কিন্তু প্ৰথম চান্স পাইছে এনেকৈ সমুখা-সমুখিকৈ কথা ক’বলৈ– প্ৰথমেই অজুহাত দেখুৱালে কিজানি আগলৈ দিগদাৰেই হয়, সি মৌন হৈয়েই থাকিল। এই দহ-বাৰদিন মিলাব যেনে-তেনে। পোলাও-মাংসৰে ৰাতিৰসাঁজ খুৱাই সিহঁতৰ হাতত কিছুমান কাগজ আৰু গমৰ টেমা একোটাহঁত দি হটঙা চেহেৰাৰ বিদ্যুত চাওদাঙে সিহঁতক এৰিয়াটো জনাই কামত লাগিবলৈ পঠালে। বিদ্যুতদা সিহঁতৰ দলপতি। যাওঁতেই পেট্ৰল ভৰাই যাবলৈ পেট্ৰল ডিপুটোত দিবলৈ এখন কাগজো দি পঠালে। কাম সম্পূৰ্ণ হ’লে মাননী দিয়া হ’ব বুলিও সিহঁতক জনাই থ’লে।

: গোটেইকেইটা একেফালেই নাযাবি, দুটা-চাৰিটাকৈ এটা চুকত সোমাবি। গোটেইটো এৰিয়া কমপ্লিট হ’লে মোলৈ ফ’ন কৰি জনাবি।

বিদ্যুতদাই সিহঁতক উদ্দেশ্যি ক’লে।

গোটেইকেইটা পেট্ৰল ডিপুলৈকে একেলগেই আগবাঢ়িল। মনত এক নতুন উচ্ছাহ। প্ৰায় পাঁচ ঘণ্টামানৰ মূৰত সিহঁতৰ টাৰ্গেট পূৰ্ণ হ’ল। সেইৰাতিলৈ আৰু কাম নাইবুলি কৈ সিহঁতক ঘৰা-ঘৰি যাবলৈ পৰামৰ্শ দিলে বিদ্যুতদাই। তেতিয়ালৈ ৰাতি ঘড়ীত দুই বাজি গৈছিল। বিকাশে তাক ঘৰৰ সমুখত নমাই থৈ গ’ল।

মাকে মনে মনে খুলি দিয়া দুৱাৰখন ঠেলি সি সোমাই গ’ল।

: তই শোৱা নাই মা?

: ক’তনো টোপনিখন আহিব, ইমান ৰাতিলৈ তই বাহিৰত আছ’…

: তয়ো যে আৰু, মই কৈ গৈছিলোঁৱেই দেখোন! যা শুই থাকগৈ।

সিও নিজৰ ৰূমত সোমাল। কামবোৰচোন তেনেই সহজ। ৰাতিবোৰ কেনেবাকৈ মিলাব পাৰিলে, কাম কৰি বেয়া নালাগিব, মনতে ভাবিলে সি।

ৰাতিপুৱা অলপ দেৰিকৈয়ে সাৰপালে সি। ৰুমজুম স্কুললৈ গ’লেই। মাকো তাঁতশালত। দেউতাকে গৰুহালৰ বাবে দানা সিজাই আছে। সি হাত-মুখ ধুই টেবুলত ঢাকিথোৱা ভাতৰ কাঁহীৰপৰা ভাত দুগৰাহমান খাই উঠি গ’ল। ৰাতি পোলাও-মাংস খোৱাৰ পাছত পুৱাৰ ভাতসাঁজ তাৰ কিবা সেৰকা যেন লাগিল।

বচন্তিখন ঠেলি ঠেলি সি জপনাৰ মুখলৈ বুলি ওলাই আহিল। বচন্তিখনে কেৰকেৰাই কেঁকাই উঠিল। জোকাৰি জোকাৰি সি বচন্তিৰ বেমাৰটো পৰ্যবেক্ষণ কৰিলে। কিবা এটা চিন্তা কৰি সি ওভটাই  তাঁতশালৰ খুটা এটাতে বচন্তিক আওজাই থ’লে। 

: কোনফালেনো ওলালি আকৌ, সেইখনত অলপ তেল-মবিল দিব লাগে। তলৌ তলৌকৈ সেইখন লৈ ঘূৰি ফুৰ, অলপ চাফ-চিকুন কৰি ৰাখিলেহে। 

মাকে শালত বহাৰপৰাই ভোৰভোৰালে।

চাইকেলখন তাতে এৰি সি খোজকাঢ়িয়েই ওলাই গ’ল। চাৰিআলিৰ পাণদোকানতে বাকীকেইটা গোটখায়েই আছিল। সিহঁতে আগদিনাৰ কামৰ ওপৰত আলোচনাত বহিল। গধূলিলৈ সাম্ভাব্য কামৰ ওপৰতো সৰ্বজান্তা হৈ মৃগাংকই এটা ফোঁপজহী লেকচাৰ মাৰিলে। মুঠতে মুখত পাণ-চিগাৰেট লৈ সিহঁতৰ আড্ডা প্ৰায় জমি উঠিল। গধূলি হোৱালৈ সিহঁতৰ মনবোৰ উচপিচাই থাকিল।

সিহঁত আঠোজনৰে হাতত টকা এহেজাৰকৈ দি বিদ্যুতদাই সিহঁতক আজিৰ এৰিয়াটো বুজাই দিলে। আগদিনাৰ দৰেই সিহঁতি মাছ-ভাত খাই কামলৈ ওলাই গ’ল।

সেইৰাতি সি বিকাশৰ ঘৰতে ৰাতিটো কটালে। তাৰ ঘৰখনত গোমা পৰিবেশ এটাই বিৰাজ কৰিবলৈ ল’লে। মুখ ফুটাই একো নোকোৱা তাকলৈ মাক-বায়েকৰ শংকা মিশ্ৰিত প্ৰশ্নবাণ অব্যাহত থাকিল। দেউতাক আগৰ দৰেই মৌন, ভাৱলেশহীন। নিজৰ শিক্ষাদানৰ ওপৰত মনত তেওঁ যেন এটা প্ৰশ্নবোধক চিন লৈ ফুৰিছে! দেউতাকৰ চকুলৈ চাবলৈ তাৰ সাহস নোহোৱা হ’ল। কামবোৰ একেদৰেই চলি থাকিল। ৰাতিৰ ভাতসাঁজো সিহঁতৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিল।

হঠাতে চাৰিদিনৰ দিনা চাৰিআলিৰ পাণ দোকানখনৰ ওচৰলৈ সিহঁতক লগ কৰিবলৈ জয়ন্তদা আহিল। সিহঁতক আৰু এটা অফাৰ দিলেহি, কিন্তু অফাৰটোৰ বিষয়ে কাকো ঘূণাক্ষৰেও যাতে অৱগত নকৰে সকিয়াই দিলে। এইবাৰ বিৰোধী পক্ষৰ প্ৰাৰ্থীজনৰ বাবেও একেই কাম অলপ কৰি দিব লাগে। সিহঁত নতুন বাবে কোনোটো দলৰে চিনাকি নহয়, সেয়ে গুপুতে কামবোৰ কৰিব লাগিব, ধৰা নপৰাকৈ। কামবোৰ ধৰা নপৰাকৈ কৰিব পাৰিলে প্ৰতিদিনে মাননীৰ লগতে তিনি-চাৰিশকৈ ওপৰিঞ্চি পাব। জয়ন্তদাই সিহঁতক ৰাতি ওলাই যাওঁতে পেট্ৰল ডিপুটোৰ কাষৰ ঘুমটিখনৰপৰা টোপোলাটো লৈ যাবলৈ ক’লে। যাবৰ সময়ত চাহ খাবলৈ বুলি টকা পাঁচশও বিকাশৰ হাতত গুজি থৈ গ’ল। 

সিহঁতৰ মনবোৰে আনন্দত কিৰিলি পাৰি উঠিল। ইমান বিশ্বাস সিহঁতৰ ওপৰত। এনেকৈ হ’লে নিৰ্বাচনৰ আগতেই দেখোন সিহঁতৰ হাতলৈ সাত-আঠ হাজাৰমান টকা আহিবই। যিটো পাৰ্টিয়েই নিজিকক সিহঁত জিকা পাৰ্টিৰ লগতেই থাকিব। 

: ধেততেৰি, বৈদ্য ফূৰ্তি লাগিছে বে…

হঠাত তাৰ মুখৰপৰা ওলাই গ’ল।

: এৰা বে, এই ইলেকচনবোৰ ইমান দেৰি দেৰিকৈ কিয় আহেনো! বছৰি অহা হ’লে, আমাৰ দৰে বেকাৰবোৰৰ ‘ৰোজগাৰ’ চলি থাকিলহেঁতেন!

মৃগাংকই ৰসিকতা কৰি ক’লে।

: কিন্তু এটা কথা, এইদৰে গাদ্দাৰি কৰাটো ঠিক হ’বনে? ছাৰে গম পালে বেয়া নহ’বনে?

বিকাশে চিন্তা কৰিলে।

: থ হেৰৌ, জয়ন্তদাৰ দৰে খাচ মানুহেই দুইতাল মাৰি আছে, তই-মই কোন! কিবা হ’লে জয়ন্তদা আছেই নহয়!

নিলোৎপলে ভৰষা প্ৰদান কৰিলে।

ৰাতিৰ বাবে সাজু হ’বলৈ গোটেইকেইটা ঘৰাঘৰি গ’ল। যেনে-তেনে এতিয়াই টকা বাৰ-পোন্ধৰ হাজাৰমান গোটাব পাৰিলে সৰুকৈ কিবা এটা আৰম্ভ কৰিবপৰা যাব, জয়ন্তদাক হাতকৰি থ’লে ল’ন-চ’নো ল’বপৰা যাব চাগে। দেউতাকৰ মুখখন মনৰ মাজত ভাঁহি উঠিল। মনত বহু আশা লৈ সি ঘৰলৈ বুলি খোজ পেলালে। 

ছাৰহঁতে কিমান সমাজখনৰ বিকাশ ঘটাব পাৰে ক’ব নোৱাৰিলেও সিহঁতৰ দৰে এচাম যে এইকেইদিনতে তেওঁলোকৰ আপোন হৈ উঠে সেয়া সি নিজেই অনুভৱ কৰিলে। প্ৰতি পাঁচবছৰত একোটা নিৱনুৱাৰ দলো যে ‘মালদাৰ’ হৈ উঠে সেয়াও সি জয়ন্তদাহঁতক দেখিয়েই অনুমান কৰিব পাৰিছে। সিহঁতে যে এতিয়া ছাৰহঁতৰ মানত মূল্যবান নিবনুৱা।

☆ ★ ☆ ★ ☆

9 Comments

  • ডলী

    ভাল লাগিল। সমাজৰ বৰ্তমান ছবি

    Reply
  • জিতু

    ভাল লাগিল।

    Reply
  • বন্দিতা জৈন

    বৰ ভাল লাগিল পঢ়ি

    Reply
    • Pranita Goswami

      ধন্যবাদ বন্দিতা।

      Reply
  • Manisha Sarma

    বৰ্তমান সময়ৰ লগত মিলি গৈছে কথাবোৰ ৷ ভাল লাগিল পঢ়ি ৷

    Reply
  • জয়ন্ত দাস

    বৰ ভাল লাগিল৷ বৰ্তমান সময়ৰ ছবি৷

    Reply
  • হেমন্ত কাকতি

    এইটোও মজা লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *