অতিথি দেৱো ভৱ-জয়ন্ত কুমাৰ ডেকা
“….they are more forthcoming and more hospitable, with no hangups about caste or class. My vote for the friendliest of Indians goes to the Assamese.”
–Khusbant Singh
(১)
বৰঝাৰ বিমান বন্দৰতে প্ৰথম দেখাসাক্ষাৎ হ’ল জৰ্জ আৰু নিবেদিতাৰ৷ ছমাহৰ আগতেই জৰ্জক জীৱনৰ দুদিন সম্পূৰ্ণকৈ দিয়াৰ প্ৰতিশ্ৰুতিৰে অসম ভ্ৰমণলৈ নিমন্ত্ৰণ কৰিছিল নিবেদিতাই৷ অসমৰ বিষয়ে জনাবলৈ, নিজৰ বিষয়ে শুনাবলৈ, সেউজীয়া দলিচাত একলগে খোজ পেলাবলৈ নিবেদিতা যেন উদগ্ৰীৱ হৈ আছিল৷ সেয়ে জৰ্জক দেখিয়ে তাইৰ মন উলাহে নধৰা হ’ল৷
: তোমাৰ মোবাইলৰ চুইটচ্ অফ আছে যে? তোমাক দেখা নাপালে মই এয়াৰপৰ্টতে দুদিন বহি থাকিবলগীয়া হ’ল হয়৷
হাঁহি আৰু হাই-হেল্ল’ৰ সম্ভাষণৰ অন্তত লাজটো ভাগিবলৈ জৰ্জে প্ৰথমে ক’লে৷
: এই দুদিন কেৱল তোমাৰ নামত৷ সেইবাবে no phone….No whatsapp আৰু তুমিও এতিয়াই ফোনৰ চুইটচ্ অফ কৰা৷
একপ্ৰকাৰৰ অধিকাৰ প্ৰদৰ্শন কৰিয়ে তাই জৰ্জৰ হাতৰপৰা মোবাইলটো লৈ চুইটচ্ অফ কৰি দিলেই৷ একো নকৈ সিও নীৰৱে সঁহাৰি দিলে৷
প্ৰায় ৪-৫ বছৰ আগতে জুকাৰবাৰ্গৰ কৃপাতে শিৱসাগৰৰ নিবেদিতা আৰু আমেৰিকাৰ বষ্টন চহৰৰ জৰ্জৰ চিনাকি ঘটিছিল৷ ইনবক্সৰ হাই-হেল্ল’ৰে পাতনি মেলি ;….hmmm… Lol…ইম’জীৰ ষ্টপেজবোৰত চাহ-ভাতৰ আড্ডা দি নিজৰ অজ্ঞাতেই দুয়ো আগবাঢ়িছিল এক অজান সম্পৰ্কলৈ৷ ফোন নম্বৰ এক্সচেঞ্জ কৰি মাহত এবাৰ ISD কল কৰা দুয়ো লাহে লাহে কথা পতাৰ কাৰ্য্যক্ৰম সপ্তাহত এবাৰলৈ কৰিছিল৷ এনেদৰেই কথাচহকী নিবেদিতাই নিজৰ মনৰ ভাষা বুজি পোৱা বন্ধুগৰাকী বিচাৰি পাইছিল জৰ্জৰ মাজত আৰু সৰুতেই ঘাটমাউৰা হোৱা জৰ্জেও মনৰ পথাৰখন দেখিছিল নিবেদিতাৰ মাজত৷
আগতীয়াকৈ ঠিক কৰি ৰখা গাড়ীত বহিয়ে নিবেদিতাই হাঁহি হাঁহি ক’লে,
: মই গাড়ীৰ দাদাক এসপ্তাহ আগেতেই বুক কৰি লৈছোঁ৷ কৈ দিছোঁ দুদিনৰ বাবে তেওঁৰ গাড়ী কেৱল আমাৰ ‘ইচাৰাত’ দৌৰিব৷ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰপৰা পাতনি মেলি কামাখ্যা মন্দিৰ হৈ তোমাক শংকৰদেৱৰ জন্মস্থান দেখুৱাই কাজিৰঙাত বাহৰ পাতিম আৰু কাইলৈ তোমাক আহোম কীৰ্তিচিহ্ন দেখুৱাই মোৰ ঘৰলৈ লৈ যাম৷ হ’বনে?
মিতভাষী জৰ্জে মাথো মূৰ দুপিয়াই সন্মতি দিলে৷
(২)
কামাখ্যা দেৱালয় দৰ্শন কৰি এইবাৰ তেওঁলোকৰ গাড়ী আগবাঢ়িল শংকৰদেৱৰ জন্মস্থান অভিমুখে৷ কথাচহকী নিবেদিতাৰ তুলনাত জৰ্জ আছিল কথাত সংক্ষিপ্ত আৰু নতুন ঠাইৰ বিষয়ে জনাত উদগ্ৰীৱ কিন্তু তাইৰ চাহ-ভাতৰ কথাৰপৰা আৰম্ভ কৰি মনৰ নিভৃত কোণত থকা বিষয়সমূহলৈ তাৰ আগ্ৰহ আছিল হৃদয়নিহিত৷ অসম আৰু অসমীয়াৰ বিষয়ে জনোৱাত তিলমানো কৃপণালি কৰা নাছিল তায়ো৷ সম্পদশালী প্ৰাকৃতিক পৰিবেশৰপৰা আৰম্ভ কৰি অধিকাংশৰ এলাহৰ চৰিত্ৰলৈ; আহোমৰ ৰাজত্বৰপৰা ছবছৰীয়া অসম আন্দোলনলৈ; যিমান পাৰে কৈ গৈছিল তাই৷ জাতিৰ প্ৰশংসাত তিলমানো কৃপণালি নাছিল সেইক্ষণত৷
(৩)
: তোমাৰ বাবে এটা চাৰপ্ৰাইজ আছে৷ তুমি কালিলৈ আমাৰ এটা উল্লেখনীয় চৰিত্ৰ দেখিবা৷
শংকৰদেৱৰ জন্মস্থান দৰ্শন কৰি উঠি নিবেদিতাই গাড়ীত বহিয়ে জৰ্জক ক’লে৷
: মানে! কি কৈছা ঠিক বুজা নাই৷
: নালাগে দিয়া বেছি বুজিব৷ কালিলৈ তুমি নিজেই জানিবা দিয়া৷ এতিয়া ব’লা তোমাক অসমৰ গৌৰৱ এশিঙিয়া গঁড় দেখুৱাওঁ৷
বিষয়টো ৰহস্যৰ আৱৰ্তত ৰাখিয়েই এক দুষ্টালিভৰা হাঁহিৰে তাই কথাখিনি ক’লে৷ পথৰ দুয়ো কাষৰ সেউজীয়াৰ মাজেৰে তেওঁলোকৰ গাড়ী এইবাৰ আগবাঢ়িল কাজিৰঙা অভিমুখে৷
(৪)
: নিবেদিতা ড্ৰাইভাৰজনলৈ বেয়াই লাগিছে৷ কালি তেওঁক ইমান ক’লোঁ মোৰ ৰূমতে থাকিবলৈ৷ নাই….একেবাৰে নামানিলে৷ বেচেৰাই গোটেই ৰাতি গাড়ীতে কটালে৷
ৰাতিপুৱা গেষ্ট হাউচত ব্ৰেকফাষ্ট কৰি থাকোঁতে জৰ্জেই প্ৰসংগটো উলিয়ালে৷
: তুমি চিন্তা কৰিব নালাগে দিয়া৷ তেওঁৰ অভ্যাস আছে আৰু আমি আমাৰ বাবে আনৰ যাতে অসুবিধা নহয় এই বিষয়ত বহু সচেতন৷
তাই হাঁহিয়েই উত্তৰটো দিলে৷
: তোমালোক সঁচাই বিচিত্ৰ দেই৷ তুমিও কম নেকি? কালিৰেপৰা নিজৰ মোবাইলো অফ কৰি ৰাখিছা আৰু মোৰ মোবাইলো নিজৰ লগত ৰাখিছা৷ তোমাৰ মা-দেউতাৰ চিন্তা নহ’ব নেকি?
: মই তোমাক কৈছিলোঁ নহয় এই দুদিন তোমাৰ৷ ইয়াত কাৰো অধিকাৰ নাই৷
অভিমানেৰে এক স্পষ্ট উত্তৰ দিলে তাই৷ জৰ্জ নীৰৱেই ৰ’ল৷ পুনৰাই আকৌ তায়ে মাত দিলে,
: এইবাৰ আমি চিধাই যাম আহোমসকলৰ ৰংঘৰ, কাৰেংঘৰলৈ আৰু সেই চাই উঠিয়ে তোমাক লৈ যাম মোৰ ঘৰলৈ৷
(৫)
: তুমি মা-দেউতাক জনাইছিলা নে মই অহাৰ কথা? মই তেওঁলোকক লগ পাবলৈ ব্যাকুল হৈ আছোঁ৷
নিবেদিতাৰ ঘৰ পাবলৈ প্ৰায় দুই কিলোমিটাৰমান বাট থাকোঁতেই জৰ্জে সুধিলে৷ কালিৰেপৰা জৰ্জৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দি অহা নিবেদিতাই এইবাৰ কোনো উত্তৰ নিদিলে৷ তাই মাথো নীৰৱে গাড়ীৰ বাহিৰলৈ চাই থাকিল৷
: জৰ্জ …এটা সহায় কৰিব পাৰিবানে? বেয়া নোপোৱা যদি তুমি আমাৰ ঘৰলৈ অলপ আগতীয়াকৈ আগবাঢ়াচোন৷ এই গলিটোৰে ৪৫ ছেকেণ্ড গ’লেই আমাৰ ঘৰটো দেখিবা, নীলা ৰঙৰ৷ পদূলিত এজোপা শেৱালি গছ থকা ঘৰটোৱেই৷ মই গাড়ীখন লগত থাকোঁতেই পেণ্ডিং কাম এটা কৰি আহোঁ৷
এক নিৰাৱেগ চাৱনিৰে তাই জৰ্জক ক’লে,
: যদি অসুবিধা নহয় ময়ো তোমাৰ লগতে থাকোঁ দিয়া৷
জৰ্জে অলপ ইতস্ততঃ অনুভৱ কৰিয়ে প্ৰস্তাৱটো দিলে৷ কিন্তু তাই একপ্ৰকাৰৰ জোৰ কৰিয়ে তাক মান্তি কৰালে৷ গাড়ীৰপৰা নামি জৰ্জ গলিৰে আগবাঢ়িবলৈ লওঁতেই নিবেদিতাই পিছৰপৰা মাত দিলে,
: জৰ্জ তোমাৰ মোবাইলটো লোৱা৷ আৰু….
এহ নকওঁ দিয়া৷ তুমি আগবাঢ়া৷
(৬)
: কি কৈছে আপোনালোকে, এয়া অসম্ভৱ৷ তাই কালিৰেপৰা মোৰ সৈতে আছে৷ গুৱাহাটীৰপৰা তাইয়ে মোক গাইড কৰি ইয়ালৈ আনিলে আৰু এয়া …কি হৈছে মোৰ লগত এইয়া!
তীব্ৰ উত্তেজনা তথা অশান্তিৰে কথাখিনি কৈয়ে জৰ্জ মজিয়াত বহি পৰিল৷ সম্মুখত ফুলেৰে সজ্জিত এখন ফ্ৰেমত জিলিকি আছে নিবেদিতাৰ হাস্যমধুৰ ফটো৷
নিবেদিতাৰ দেউতাকে আগুৱাই আহি জৰ্জক মজিয়াৰপৰা উঠালে৷
: তোমাৰ কথা আমি তাইৰপৰা প্ৰায়ে শুনিছিলোঁঁ৷ তিনিদিন আগতে তাই গুৱাহাটীলৈ বুলি যি ওলাই গ’ল…গ’লেই৷ যোৰহাট নাপাওঁতেই এক্সিডেণ্ট….
তেখেতে আৰু নিজকে ৰখাব নোৱাৰিলে৷ চকুলোৱে নিজৰ পথ ল’লে৷
(৭)
লাহে লাহে জৰ্জে কোঠাৰ বাহিৰলৈ গতি ল’লে৷ অসংখ্য প্ৰশ্নই জুমুৰি ধৰা মনটোত স্থিৰ কৰিবলৈ বাৰাণ্ডতে থকা চকীখনতে বহি ল’লে৷ আবেলিৰ কোমল এচাটি ৰ’দ চোতালখনত থিয়কৈ পৰি ৰৈছে৷ কিছু সময়ৰ পৰত কাৰোবাৰ মোবাইলৰ ৰিঙট’ন শুনি সি সম্বিত ঘূৰাই পালে আৰু অনুভৱ কৰিলে দুদিন ধৰি চুইটচ্ অফ কৰি ৰখা নিজৰ ফোনটো৷ জেপৰপৰা উলিয়াই মোবাইলটো অন কৰাৰ লগে লগেই স্ক্ৰীণত দেখিলে এটা নপঢ়া মেছেজ৷ নিবেদিতাৰ নম্বৰৰপৰা অহা …মুহূৰ্তৰ ক্ষতি নকৰি সি মেছেজটো খুলিলে,
“মই মোৰ প্ৰতিশ্ৰুতি ৰাখিলোঁ৷ তোমাক অসমৰ সৈতে পৰিচয় কৰাই দিলোঁঁ৷ তুমি নিজৰ দেশলৈ উভতি গৈ যেতিয়া আমাৰ অপৰিষ্কাৰ পৰিবেশৰ লগতে আৱেগিক আচৰণৰ বিষয়ে কʼবা, তেতিয়া অন্ততঃ এইটোও লগতে ক’বা যে আমি প্ৰতিশ্ৰুতিৰ ৰক্ষাৰ্থে মৃত্যুৰ অৰ্থও সলনি কৰোঁ আৰু তেত্ৰিশ কোটি দেৱ-দেৱীক মানিলেও আমাৰ অতিথিয়েই মূল দেৱতা….যাৰ সেৱাত আমি তিলমানো কৃপণালি নকৰোঁ৷”
☆ ★ ☆ ★ ☆
10:36 am
ভাল লাগিল
8:58 pm
বৰ ভাল লাগিল পঢ়ি