ভাড়াঘৰ – মিনতি মহন্ত
সম্পূৰ্ণ দুবছৰৰ বিৰতিৰ পিছত বহুত চিন্তা কৰি ভাড়াঘৰৰ বেপাৰটো উঠাই ল’বলৈ সিদ্ধান্ত ল’লোঁ৷ যদিও হাত খৰছ বা বাট খৰছৰ ক্ষেত্ৰত ভাড়াঘৰৰপৰা পোৱা টকাৰে বহুত সমাধান হয়, ভাড়াতীয়া নামৰ পয়মালবোৰৰ জেং-জাৱৰ গুচাওঁতে যি তিতা কেঁহাৰ অভিজ্ঞতা হয় কলমেৰে প্ৰকাশ কৰি বুজাব নোৱাৰি। অৱশ্যে সৰহসংখ্যক লোকেই ভাড়াঘৰ চলাই চকুৰ আগতে ‘আম্বানি পতি’ (কোটি পতিতকৈয়ো বেছিলোকক আম্বানিপতি উপাধি দিছোঁ) হৈছে৷
পৰিচালনা কৰিব নজনা দোষত নতুবা কেঁচা অভিজ্ঞতাৰ বাবে আমাৰ দৰে মানুহে বিপদত পৰিবলগীয়া হয় । সেয়েহে এইবোৰ জঞ্জালৰ মাজত নোসোমাই, কেৱল এটা ৰূম ৰাখি বাকী তিনিটা ৰূমৰ সমাপ্তি ঘটোৱা হ’ল৷ যিটো ৰূম ৰখা হ’ল সেই ৰূমটোত দম্পতি এহাল থকা ছয় (৬) বছৰ অতিক্ৰম কৰিলে৷ সাধাৰণ কেইটামান ভাড়াৰে ইমান বছৰে ৰখাৰ পাছত ভাড়াৰ পৰিমাণ বঢ়াই দিয়া হ’ল। কিন্তু বঢ়াই দিয়াতো বাদেই, সময়ত আগৰ দৰেও নিদিয়া হ’ল। উপায়হীন হৈ ৰূম খালী কৰিবলৈ জনোৱা হ’ল৷ আঁতৰি যাবলৈ সিহঁতৰ ইচ্ছা নাই যদিও শেষত বহু অঙহী-বঙহীৰ আগমন ঘটাত সেই অজুহাততে ৰূম খালি কৰিবলৈ বাধ্য হ’ল৷ ১০/১৫ দিন বাক-বিতণ্ডাৰ শেষত ৰূম খালি কৰিলে যদিও দুমাহৰ ভাড়া আৰু লাইটৰ বিল পিছত দিবহি বুলি বাকী থৈ গ’ল। প্ৰথম আহোঁতেই চিলিং ফেন এখন, কাঠৰ টেবুল চকী এযোৰ, তিনিজন শুব পৰা পুৰণা যদিও ভাল বিচনা এখন, ব্যৱহাৰৰ উপযোগী পাঁচ (৫) জনীয়া চোফা ছেত এযোৰ ৰূমত দিছিলোঁ৷ সকলো বান্ধি লৈ গ’ল৷ তাৰ উপৰিও আমাৰ ফিলিপছ্ কোম্পানীৰ ৰঙীণ টি ভি-টো অকণমান বিজুতি ঘটাৰ বাবে ল’ৰাটোৰ যোগেদি মেকানিকৰ ওচৰত ভাল কৰাই অনাৰ পিছত সিহঁতৰ টি ভি নথকা বাবে সেইটোকে চাওঁ বুলি ৰাখি থৈছিল, সেইটোৱো লৈ গ’ল। প্ৰথম আহোঁতে একেবাৰে সুদা হাতে আহি, দুমাহৰ পাছতে ছোৱালী এজনীয়ো বিয়া কৰাই আনি ভৰোৱাত দয়াবশতঃ সৰঞ্জামখিনি চলাবলৈ দিছিলোঁ৷ ‘উপকাৰীক অজগৰে খাই’- বুলি প্ৰচলিত বাক্যশাৰী সদ্ ব্যৱহাৰ কৰি সৰ্ব শেষত সিহঁত গুচি গ’ল৷ ছোৱালীজনীয়ে আমাৰ ইয়াত থাকোঁতেই চৰকাৰী চাকৰি এটাও পালে৷ আমাৰ কথাক, বিশ্বাসক লাঠ মাৰি যাবৰ সময়ত সকলো বস্তু বাহানি সামৰি ট্ৰাক এখনত ভৰাই লৈ গ’ল৷ অকল ইমানেই নহয়, পকা ঘৰৰ ৱালৰ প্লাষ্টাৰ কৰিবলৈ আনি থোৱা দীঘল ভলুকা বাঁহ ১০ (দহ) ডাল গাঁড়ীত ভৰোৱা সৰঞ্জামখিনি পৰিব বুলি চাৰিওফালে বান্ধিবৰ বাবে ব্যৱহাৰ কৰাৰ ছলেৰে সেই কেইডালো লৈ গ’ল। দুৰ্ভাগ্যবশতঃ, সিহঁত যাবৰ সময়ত আমাৰ পৰিয়ালত নীৰিক্ষণ কৰা মানুহৰ অভাৱ ঘটাত এনে পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হ’ল। আমাক দুই এদিনতে সকলো বস্তুৰে লাম চাম কিবা দিব আৰু ভাড়াও দিবহি বুলি অভয় বাণী দি গ’ল।
এতিয়া ছমাহ অতিক্ৰম কৰিলে। ফোন নম্বৰ সলালে, আমাৰ ইয়াৰ পৰা যোৱা স্থানো সলালে। আমি দাতা কৰ্ণৰ ৰূপত মুখ মেলি আজিও বাট চাই আছো, কিজানিবা সদ্গতি হয়েইবা বুলি।
লাহে লাহে হৃদয়ংগম কৰি এটা কথা উপলদ্ধি কৰিছোঁ, জীৱ-জন্তুক বিশ্বাস কৰিলেও দুঠেঙীয়া জীৱ শ্ৰেষ্ঠক বিশ্বাস কৰা মানে ধৃতৰাষ্ট্ৰৰ দৰে ৰাজসভাৰ সকলো পতন হোৱাৰ জাননী মাথোন।
☆ ★ ☆ ★ ☆
10:00 pm
ভাড়াঘৰৰ যাতনা! একদম খাই পাত ফলা ওলাল দেখোন
7:17 am
বৰ মৰ্মান্তিক কাহিনী দেখোন বাইদেউ!
4:31 pm
এইবোৰ খাই পাত ফলা মানুহ