ফটাঢোল

আমিষ নিৰামিষ আৰু এখন চৰকাৰী বিদ্যালয়ৰ মৃত্যু-ঋতুপৰ্ণ শৰ্মা

ঘটঙকৈ গে’ট খোলাৰ শব্দটো শুনি বিমলা হাজৰিকাই খুন্দনাত তামোল খুন্দি থকা কামটো সাময়িকভাবে বন্ধ ৰাখি কোননো আহিছে বুলি মূৰ তুলি গে’টৰ ফাললৈ চালে। এইখিনি সময়ত সাধাৰণতে ঘৰলৈ মানুহ কমেই আহে। তেওঁ দেখিলে নাতি প্ৰসন্নৰ সমবয়সীয়া কোনোবা ল’ৰা এটা গে’টখন বন্ধ কৰি ভিতৰলৈ সোমাই আহিছে।

: আইতা ভালে আছেনে? মোক চিনি পাইছেনে? 

ল’ৰাজনে তেওঁক মাত লগালে।

কাষতে থকা চচ্‌মাযোৰ পিন্ধি তেওঁ ল’ৰাজনলৈ চালে। ইমান চিনাকি চিনাকি লাগিছে। পিচে বয়স হৈ অহাৰেপৰা আজিকালি মানুহ চিনি পোৱাত তেওঁৰ কিছু অসুবিধা হয়। তেওঁ মনে মনে থকা দেখি ল’ৰাজনেই মাত লগালে,

: মই প্ৰসন্নৰ লগৰ কুলদীপ, আইতা। আপুনিচোন মোক পাহৰিয়ে থাকিলে।

 : ইস দেখিছানে! কেনেকৈ মই তোমাক চিনিবই পৰা নাই। পাৰিমনো কেনেকৈ! বোলো কি ‘ক’ আছিলা কি ‘ক’ হ’লা, বিদেশত থাকি গোটেইটো একেবাৰে বিলাতী চাহাব হৈ পৰিলা।

কথাখিনি কৈ আইতাই ডাঙৰকৈ হাঃ হাঃ কৈ হাঁহিবলৈ ধৰিলে।

ইতিমধ্যে প্ৰসন্নও বাহিৰলৈ ওলাই আহি কুলদীপক ভিতৰলৈ লৈ গ’ল। কুলদীপ প্ৰসন্নৰ শৈশৱকালৰ বন্ধু। গাঁ‌ৱৰ বিদ্যালয়ত সিহঁতে একেলগে মেট্ৰিকলৈকে পঢ়িছিল। কুলদীপ আজিকালি বিদেশত থাকে। সি তাৰ গৱেষণাৰ কাম সমাপ্ত কৰি তাৰেই বিশ্ববিদ্যালয় এখনত অধ্যাপনা কৰে। সৰুৰেপৰা সি যথেষ্ট তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰ আছিল। প্ৰসন্নই পিচে পঢ়া সমাপ্ত কৰি চাকৰি-বাকৰি কৰাৰ সলনি গাঁ‌ৱতেই কৃষি কাৰ্যত জড়িত হৈ যথেষ্ট উন্নতি কৰিছে। তদুপৰি সি এখন মূৰ্গী ফাৰ্ম আৰু এখন গাহৰি ফাৰ্মো চলাই আছে। অতি কমদিনৰ ভিতৰতে সি যথেষ্ট উন্নতি কৰিছে। কালি ৰাতি সি কুলদীপৰ ফোন পাইছিল আৰু গম পাইছিল যে কেইদিনমান থকাকৈ সি গাঁ‌ৱলৈ আহিছে।

ৰাতিপুৱাই কুলদীপক লগ পাই প্ৰসন্নৰ যথেষ্ট আনন্দ লাগিল।

: বাঃ! গোটেইটো একেবাৰে চাহাব হোৱাদি হ’লি। খুউব ভাল ভাল বস্তু খাৱ চাগৈ ন বিদেশত! পিচে আজিকালি আমিষ খাবলৈ লৈছনে নাই? নে আগৰ দৰে নিৰামিষভোজী ভেজ্‌কুমাৰেই হৈ আছ!

প্ৰসন্নই ক’লে।

: তহঁতে কিয় ভাব যে আমিষ খাদ্যতেহে সকলোবোৰ আছে! নিৰামিষ খাদ্য শৰীৰৰ বাবে কিমান উপযোগী তই জাননে?

“হে ভগৱান! কিহে পাইছিল মোক আমিষ-নিৰামিষ খাদ্যৰ কথা উলিয়াবলৈ। এতিয়া দেখোন মই ইয়াৰ কামোৰ ভালকৈয়ে খাব লাগিব।”

প্ৰসন্নই মনতে ভাবিলে।

: হ’ব দে, ইম্মান দিনৰ মূৰত লগ হৈছোঁ  আজি। এতিয়া এই খাদ্যৰ কথাবোৰ ইমানতে সামৰোঁ‌ আৰু! নিৰ্বাচনো আহিছে এতিয়া। তইতো চাগৈ ভোটদানলৈকে থাকিবি?

: হ’ব, তই এতিয়া কথা ঘূৰাব নালাগে। মই নিৰামিষ খাদ্যৰ উপকাৰিতাৰ কথা ক’বলৈ ল’লে তহঁতে কিয় ইমান বেয়া পাৱ? আচলতে তহঁতে যুক্তিত নোৱাৰ বাবে আবোল তাবোল বকি থাক।

কুলদীপৰ কথাত প্ৰসন্নৰ এইবাৰ সঁ‌চাই খুব খং উঠিল। ইমান দিনৰ মূৰত লগ হৈয়ো আকৌ সেই একেবোৰ কথা।

: চা কুলদীপ, খাদ্যাভাষটো সকলোৰে ব্যক্তিগত বিষয়। মই ভাবোঁ‌ এইবোৰ বিষয় লৈ বেছিকৈ আলোচনা নকৰাই ভাল। তোৰ ফেচবুক ৱালটো দেখিছোঁ‌ এই বিষয়টো লৈ তই বৰকৈ ‘পষ্ট’ দি থাক। বেয়া নাপাবি কথা এটা কওঁ, তই নিৰামিষভোজী, সেয়া তই মানি চল। কিন্তু আনকো তই নিৰামিষভোজী হ’বলৈ জোৰ নকৰিবি। তোৰ নিচিনা যুক্তিবাদী ল’ৰা এটাই নিজৰ ভাবনাক আনৰ ওপৰত জাপি দিবলৈ গ’লে বেয়া দেখি।

প্ৰসন্নৰ কথা শুনি কুলদীপে কিবা এটা ক’বলৈ ওলাইছিল যদিও সেই সময়তে প্ৰসন্নৰ মাকে দুয়োকে জলপান খাবলৈ ভিতৰলৈ মতাত প্ৰসন্নই ৰক্ষা পোৱাদি পালে। জলপান খাই উঠি দুয়ো গাওঁ ফুৰিবলৈ ওলাই গ’ল। আগৰ গাওঁ আৰু এতিয়া নাই। আধুনিকতাৰ পৰশে গাঁ‌ৱকো চুলে। নিৰ্বাচনৰ বতৰ বাবে চাৰিওফালে উদুলি-মুদুলি। দুয়ো গৈ গৈ গাঁ‌ৱৰ মূৰত থকা চৰকাৰী প্ৰাথমিক বিদ্যালয়খন পালেগৈ। সিহঁত দুয়ো এইখন বিদ্যালয়তে পঢ়া। কিমান যে স্মৃতি জড়িত হৈ আছে এই বিদ্যালয়খনৰ সৈতে। পিচে বিদ্যালয়ৰ মূল দুৱাৰদলিত ওলমি থকা তলাটো দেখি কুলদীপে প্ৰসন্নলৈ প্ৰশ্নবোধক চাৱনিৰে চালে। কুলদীপৰ মনৰ ভাব বুজিব পাৰি প্ৰসন্নই ক’লে,

: দুবছৰ হ’ল, ছাত্ৰ ছাত্ৰীৰ অভাৱত বিদ্যালয়খন বন্ধ হৈ যোৱা। আজিকালি কোনেও নিজৰ ল’ৰা ছোৱালীক চৰকাৰী বিদ্যালয়ত নপঢ়ুৱায়। সকলোৱে ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়তহে পঢ়ুৱায়। তই ভাবনে বাৰু মাধ্যম কেতিয়াবা শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ’ব পাৰে বুলি?

: মাধ্যম শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হোৱা হ’লে মই আজি বিদেশৰ বিশ্ববিদ্যালয় এখনত অধ্যাপক হৈ থাকিব পাৰিলোঁ‌হেঁ‌তেননে? নিজৰ ঢোল নিজে বজাই হ’লেও মই কওঁ মাতৃভাষাত শিক্ষা জীৱনৰ প্ৰথমছোৱা পঢ়া বাবেই আজি মই ইমানখিনি আগুৱাব পাৰিছোঁ। আৰু এটা কথা কওঁ শুন, এতিয়াতো নিৰ্বাচনৰ বতৰ। ৰাজনৈতিক দলৰ নেতাবোৰতো আহিব ৰাইজৰ ওচৰলৈ। সুধিবিচোন তেওঁলোকক, তেওঁলোকৰ ল’ৰা ছোৱালীবোৰে ক’ত পঢ়ে। ফেইচবুকত মই কিবা লিখিলে তহঁতে মোক হাঁ‌হ। বিদেশত থাকি মই ভোকেন্দ্ৰ বৰুৱাৰ নিচিনাকৈ নিজৰ নাম সলাব বিচাৰিছোঁ বুলি ঠাট্টা কৰ। কিন্তু মনত ৰাখিবি অসমীয়া জাতি যদি সঁচাকৈয়ে জীয়াই থাকিব লাগে, ৰাজনৈতিক দলৰ নেতাবোৰক এইবোৰ প্ৰশ্ন কৰাটো অতি জৰুৰী। অসমীয়া ভাষাটো যদি জীয়াই থাকিব লাগে এই বিদ্যালয়বোৰ জীয়াই থাকিব লাগিব। নহ’লে হাজাৰ আন্দোলন কৰিও আমি ভাষা জীয়াই ৰাখিব নোৱাৰিম। মই পঢ়ি যোৱা বিদ্যালয়খনৰ মৃত্যুৰ খবৰে মোক আজি কন্দুৱাইছে। এই বিদ্যালয়বোৰৰ মৃত্যুত যদি আমাৰ দুখ নালাগে তেনেহ’লে ৰাজপথত হাজাৰ চিঞৰিয়ো আমি কিন্তু আমাৰ ভাষা জীয়াই ৰাখিব নোৱাৰিম।

কুলদীপৰ কথাই প্ৰসন্নৰ মনটো চিন্তিত কৰি তুলিলে। সেই সময়তে সিহঁতে শুনিলে কোনোবা ৰাজনৈতিক দলৰ সমদল এটা সেইফালে আগবাঢ়ি আহিছে।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *