ভোটৰ এই মেলাতে-কমলা দাস
নিৰ্বাচনৰ বতৰ, বহুতৰ বাবে ভাললগা সময়। মানে নিৰ্বাচনৰ বতৰত, নিৰ্বাচনৰ সোঁতত উটি-ভাঁহি থাকি ভালপোৱাসকলৰ বাবে, মাছ ধৰি ভালপোৱাসকলৰ যেনেকৈ মাছৰ উজান উঠিলে আনন্দ লাগে, তেওঁলোকৰো মনবোৰত ঠিক তেনেকুৱাই আনন্দ লাগে হেনো! বৰ বৰ নেতা, পালিনেতাৰ সঙ্গত থকা গোপ-গোপীসকলৰো এনেহেন বতৰতে মনবোৰ কমোৱা তুলাৰ দৰে ৰাই-জাইকৈ উৰি থাকে! এনেহেন বতৰতে ‘দাদা’সকলৰ অগাধ দেশভক্তি, দেশপ্ৰেম দেখি দেখি, লেমটৌসকলৰো পাৰ ভঙা উচ্ছাহ জাগি বাগৰি পৰিব খোজে! এই উচ্ছাহৰ তীব্ৰতা কেতিয়াবা ইমানেই বেছি হয়গৈ যে সকলোকে চেৰ পেলাই, নিৰ্বাচনী যুঁজখনত এঘড়ী যুঁজ দিবৰ বাবে অৱতীৰ্ণ হ’বলৈ নিজৰেই মনটোৱে লকলকাই উঠে! হিয়াৰ উজান-ভাটিৰ কথাবোৰ মুখ খুলি কাকো ক’বও নোৱাৰে, বা ক’লেও কোনেও পাত্তা নিদিয়ে, নাইবা এই জন্মত তেওঁলোকে স্বৰ্গ সুখলৈ যোৱাৰ টিকট দলৰপৰা কেতিয়াও নাপায়, সেইবোৰ বাৰু বেলেগ কথা! তথাপিও, মনেৰে ভাল লগা কাম এটা কৰিবলৈ সকলোৰে হেঁপাহ এটা থাকেই দিয়কচোন!
এবাৰ ঠিক এনেকুৱা, মন, হিয়া, উজান-ভাটি কৰা নিৰ্বাচনৰ বতৰতে, এজন বিয়া পতা চফল ডেকাৰো নিৰ্বাচন খেলি স্বৰ্গসুখৰ আনন্দ ল’বলৈ প্ৰচণ্ড ইচ্ছা জাগ্ৰত হ’ল! আগতে প্ৰতিবাৰ নিৰ্বাচনৰ সময়ত ‘দাদা’সকলৰ লগত দিনে-ৰাতিয়ে ডিঙিৰ মাদলী হৈ ওলমি ফুৰা এই ডেকাজন, নিৰ্বাচনৰ সময়ত বহুত ব্যস্ত মানুহ! তেওঁ নহ’লে কোনো এখন নিৰ্বাচনী সভাৰ কথা ‘দাদা’ই ভাবিবই নোৱাৰে। একেবাৰে দলৰ অস্থায়ী শিবিৰ পতাৰপৰা আৰম্ভ কৰি, সভাত মানুহৰ সমাগম কৰোৱা, মানুহ বহিবৰ বাবে কোনোবা স্কুলৰপৰা বেঞ্চ আদি যোগাৰ কৰি অনা, বেনাৰ লগোৱা, নিজৰ ‘দাদা’জনৰ লগতে সভালৈ বুলি অহা কেন্দ্ৰীয় ‘দাদা’সকলে বহিবৰ বাবে চকী, মেজ আদিৰ ব্যৱস্থা কৰা, তেওঁলোকৰ সন্মুখত পাৰি থোৱা প্লাষ্টিকৰ মেজখনত কাৰোবাৰপৰা খুজি অনা বিচনা চাদৰ এখন পাৰি তাৰ ওপৰত আন এঘৰৰ ফুলদানী দুটা খুজি আনি সজাই থোৱা, চাহৰ ব্যৱস্থা, মিটিং হৈ যোৱাৰ পাছত কৰ্মীখিনিৰ বাবে আলু ভজাৰ লগত লুচি, পাৰিলে মাজে মধ্যে ৰঙীন পানীয় যোগাৰ কৰা, ভোট দিবলৈ অহা মানুহখিনিক নম্বৰ যোগান ধৰা, আদি এশ এবুৰি কাম, ডেকা নহ’লেই নচলে। দাদাই ডেকাৰ ওপৰত এইবোৰ কামৰ দায়িত্ব দি নিশ্চিন্ত মনে থাকে। তেঁৱো, প্ৰাৰ্থী হাৰকেই বা জিককেই, নিজৰ ঘৰৰ বিয়াখনৰ দৰে, একেবাৰে নিৰ্বাচন শেষ নোহোৱালৈকে কামবোৰ আনন্দ মনেৰে কৰে।
পিচে সেইহেন ডেকাৰো এবাৰ কি মন গ’ল জানো! কেইবাবাৰো নিৰ্বাচনৰ বতৰত এইদৰে ‘দাদা’সকলৰ বাবে কাম কৰি কৰি, সেইবাৰ স্বয়ং নিজেই প্ৰাৰ্থী হিচাপে থিয় হ’বলৈ কলিজাৰ ভিতৰৰপৰা এক প্ৰচণ্ড আহ্বান অনুভৱ কৰিলে! পিচে এই আত্ম-আহ্বানৰ ইচ্ছাটো, পটককৈ ‘দাদা’ৰ আগত ক’বলৈ ডেকাৰ কিবা এটা লাজ লাগিল! কেইবাদিনো ক’ম নক’ম কৈ ভাবি থাকোঁতেই দিনবোৰ পাৰ হৈ গ’ল!
কথা এটা আছে নহয়! সকলো এৰিব পাৰিলেও, অন্তৰৰ তাড়না উলাই কৰা বৰ টান কাম! অন্তৰৰ এনেহেন তাড়নাত ৰ’ব নোৱাৰি ডেকাই এদিন নিজৰ উগুল থুগুল মনৰ বতৰাখিনি ‘দাদা’ৰ আগত লাজ লাজ কৈ বেকত কৰিলে! ডেকাৰ কথাবোৰ ‘দাদা’ই খুব মনোযোগেৰে শুনিলে। যিমানেই শুনি গৈ আছে, সিমানেই দাদাৰ মন টেঙাই গৈ থাকিল! ইমান বছৰে সুন্দৰ কৈ ফুলি থকা ‘দাদা’ৰ মন বাগিচাত মিলিবাগে আক্ৰমণ কৰাৰ বাবে খং উঠিছিল যদিও, যেন একো হোৱাই নাই, এনে ভাৱত দাদাই কিবা এটা ভাবি ঢেকঢেকাই হাঁহি দিলে। হাঁহি হাঁহিয়েই ডেকাৰ পিঠিত ঠপৰিয়াই ঠপৰিয়াই ক’লে,
: চাব্বাচ বেটা! তোৰ যৌশ দেখি মোৰ ভাল লাগিছে। ভবিষ্যতে তই একঠা খাব পাৰিবি যেন লাগিছে। পিচে এই ভোটৰ কাৰবাৰবোৰ সকলোৰে বাবে নহয় অ’। তই এতিয়ালৈকে যি কাম কৰি আহিছ, আচলতে তই সিমানৰেই মানুহ! তোৰ আশাবোৰৰ এইখিনিতে পাখি কাটি থ’। আৰু শুন! তোক এটা মই ভাল উপদেশ দিওঁ! মোৰ উপদেশ মতে কাম কৰিলে, জীৱনত উন্নতি কৰিবি। উপদেশটো হ’ল– “বাওনা হৈ সূৰ্যলৈ হাত মেলিব নাপায়”। মেলিলে, আধা পোৰা নহয়, সম্পূৰ্ণ কৈ পুৰি মৰিবি অ’ বাচা!
ডেকাই যিমান আশাৰে মিঠাকৈ দাদাৰ আগত মনৰ কথাবোৰ বেকত কৰিছিল, সিমান তিতাৰে দাদাই নিৰাশা বাণী শুনোৱাত তেওঁ লাজ পালে। লাজবোৰে ফিল্টাৰ্ড হৈ হৈ অন্তৰত জেদৰ সৃষ্টি কৰিলে। আৰু সেই জেদবোৰে এদিন নিজৰ লক্ষত উপণীত হ’বলৈ সাহস যোগালে। ডেকাই মনস্থ কৰিলে, তেওঁ নিৰ্বাচন খেলিব্বই!
কথামতে কাম! দাদাৰ পাৰ্টিৰপৰা নিজৰ গুপুত কথা ক’বপৰা কেইজনৰ সৈতে নামবোৰ কাটি আহি, নিজাববীয়াকৈ নিৰ্দলীয়ভাবে নিৰ্বাচন খেলিবলৈ মৈদানত নামি গ’ল পৰম উৎসাহেৰে। গাখীৰ এগিলাচৰ সৈতে কণী এটাৰ চিম্বল লৈ ইস্তাহাৰো ছপা কৰিলে। কাৰণ ‘স্বাস্থ্যই পৰম ধন’। তেওঁৰ নিৰ্বাচনী ইছ্যু হ’ল, ডেকা জিকিলে, সমষ্টিৰ প্ৰতিজন মানুহৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সদায় কণী আৰু গাখীৰ খোৱাৰ ব্যৱস্থা কৰি দিব! মেলে-মিটিঙে ডেকাৰ এইবোৰ কথা শুনি শুনি দুই চাৰিজনেতো ডেকাই ‘ৰেড ক্ৰচ’ৰ বস্তু যোগান ধৰা ঠিকা পোৱা বুলিয়ে ভাবিছিল! মনে মনে দুজনমানে সুধিছিলেও হেনো! ডেকাই এইবোৰ ঠিকা-চিকাৰ কাম নহয় বুলি চিধি-চিধি কোৱাতহে ৰাইজৰ ভুল ভাগিছিল!
যি নহওক, ডেকাই পূৰ্ণ উৎসাহেৰে কামত লাগি গ’ল! ডেকাৰ কাম দেখি চকুচৰহাবোৰে কোৱা-কুই কৰিবলৈ ধৰিলে! বোলে, যিমান নিষ্ঠাৰে ডেকাই নিজৰ কাৰণে নিৰ্বাচনৰ কামত লাগিছে নহয়, তেনেদৰে সময়ত পঢ়া-শুনা কৰা হ’লে আজি হয়তো কোনোবা অফিচত বহি কলম ঘঁহি থাকিলেহেঁতেন! যি নহওক, সকলো ভাগ্যৰ কথা! হয়তো ভাগ্যই ডেকাৰ কপালত ৰাজসুখ এনেকৈয়ে লিখি থৈছে! ডেকাই কাৰো কথালৈ কেৰেপ নকৰি নিজৰ কৰ্তব্য কৰি গৈ থাকিল।
আৰু অৱশেষত পৰম আকাংক্ষিত নিৰ্বাচনৰ দিনটো, সঁচাকৈ আহিল! সেইদিনাখন ডেকাই ৰাতিপুৱাই গা-পা ধুই, পায়জামা আৰু পাঞ্জাৱী পিন্ধি ল’লে। কপালত ৰঙা চন্দনৰ ফোঁট এটাও ল’লে। তাৰপাছত দুজনমানৰ সহায়ত এক গামলা সিজোৱা কণী লৈ, মানুহবিলাকে ভোট দিবলৈ অহা বাটত ৰৈ থাকি, ডেকাৰ চিম্বলটো পাহৰিব পাৰে বুলি ভাবি, সকলোকে একোটা সিজোৱা কণী উপহাৰ দিলে! মানুহ বিলাকে হাঁহি-হাঁহি সিজোৱা কণী ভক্ষণ কৰি ভোট দিবলৈ গ’ল। ঘূৰি আহি ‘তোকেই ভোট দিছোঁ দে’ বুলি কৈয়ো গ’ল। ডেকা পৰম উৎসাহিত হৈ দুগুণ উৎসাহেৰে কণী বিলোৱাত লাগিল!
নিৰ্বাচন শেষ হোৱাৰ পিছত ভোট গণনাও হৈ গ’ল! এইবাৰ আহিল নিৰ্বাচনৰ ফলাফল! ডেকা নিশ্চিত হৈ আছে জিকিবই বুলি! নিজিকি পাৰেনে! ইমানসোপা কণী খুওৱাৰ প্ৰতিদান ৰাইজে নিশ্চয় দিবই দিব!
ফলাফলৰ শেষত দেখা গ’ল, ডেকা নিজিকিল! নিজিকিল মানে, সকলোকে আচৰিত কৰি ডেকাই এটাও ভোট নাপালে! ডেকাই ভাবিলে নিজিকিলোঁ নাই বাৰু! নিৰ্বাচনত হৰা-জিকা হয়েই। কিন্তু মই এটাও ভোট নাপালোঁ নে! মোৰ ঘৰৰেইচোন ঘৈণীৰটো ধৰি, সাতটা ভোট আছিল! সিহঁতেও মোক ভোট নিদিলেনে! বাৰু, ঘৰৰ সাতজন মেম্বাৰৰ ভোটো বাদ দিলোঁ! ঘৈণীৰটোও বাদ দিলোঁ! কিন্তু মই নিজে, মোক দিয়া ভোটটো! সেইটো ক’লৈ গ’ল!
মনৰ দুখতে সেইদিনা ডেকাই ৰঙীন পানী অলপ বেছিকৈয়ে খাই দিয়াৰ ফলত সন্ধিয়ালৈ জ্ঞান চক্ষু মুকলি হ’ল! সেয়ে কোনোবাই ডেকাৰ খবৰ ল’বলৈ আহিলেও খং নকৰাকৈ হাঁহি হাঁহি দোৰোল খোৱা জিভাৰে কয়,
: কি কৰিব আৰু! এই সকলোবোৰ আমাৰ ভোটাৰৰে লীলা অ’!
☆ ★ ☆ ★ ☆
7:54 am
হাঃ হাঃ। ভোটাৰৰে লীলা। ঠিকেই কৈছে।
10:40 am
ধন্যবাদ জনালোঁ ডলী
10:26 am
বঢ়িয়া লাগিল বাইদেউ
10:41 am
ধন্যবাদ বন্দিতা
12:28 pm
সুন্দৰ ব্যংগ মাহী।
3:57 pm
ধন্যবাদ জনালোঁ ৰাজশ্ৰী
3:28 pm
ভাল লাগিল পঢ়ি বৰমা ।
3:58 pm
ধন্যবাদ জনালোঁ শ্ৰুতিমালা