ফটাঢোল

আপদীয়া পদ্য-পূৰৱী বৰুৱা

নাম ৰাম ঠাকুৰ
ভয় নকৰে কাকো,
কুকুৰে কৰে ভুক-ভুক
ঠাকুৰৰ বুকুৱে কৰে ঢক-ঢক৷
টোপনি যদি নাহে, সাপৰ ফটো দেখুৱাই দিলে
কুম্ভকৰ্ণক টক্কৰ দিবলৈ ঠাকুৰ ৰাজী৷

ৰুটিৰ ভিতৰত ভাজি ভৰাই কৰি দিলে গোল
সেইটো হেনো হৈ যায় এটা ৰোল।
মিনাৰামৰ লাগিল গণ্ডগোল!
প্লেটত থৈ ভাজি ৰুটি খালে সানি
ডেকা-ডেকেৰীবোৰৰ উঠিলে হাঁহি৷

কলেজীয়া ছোৱালী কৃতি
মামাই দিয়া স্কুতি,
চুলি মেলি চাল দি যায়
গোনা ম’হৰ খেদাত খালত সোমায়।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *