ফটাঢোল

আঠা-যোগেশ ভট্টাচাৰ্য

প্ৰায় তেৰ বছৰৰ মূৰত হঠাৎ এদিন শ্বপিং মলত চন্দনে প্ৰণৱক দেখি সুধিলে ‘অনামিকা বৰা’ৰ কি খবৰ? প্ৰণৱে মিচিকিয়াই হাঁহি ক’লে, ‘বাদ দে আৰু সেইবোৰ কলেজীয়া দিনৰ কথা। মিচেচে সৌ তাতে কাপোৰ চাই আছে। শুনিলে দিগদাৰ হ’ব ভাই। তাতে শ্বপিং মলত আছোঁ। 

 

ঘটনাটো ঘটিছিল ২০০৭ চন মানত। প্ৰণৱে ম’বাইলটোত চাৰি দিনমান আগৰ মিছড কল এটা দেখিলে। ডিগ্ৰী ছেকেণ্ড ইয়াৰত পঢ়া প্ৰণৱে ব্লেক এণ্ড হোৱাইট নকিয়া ১১১০ ম’বাইলটো লোৱাৰ দিনাৰপৰা এটাও কল মিচ কৰা নাই। কৰিলেও সি মেছেজ এটা ওলোটাই পঠিয়াই দিয়ে। কি ঠিক, কোনোবা ধুনীয়া ছোৱালীয়ে কিবা কাৰণত তাক বিচাৰি কল কৰিবও পাৰে। কলেজৰ হেণ্ডচাম ডেকাসকলৰ ভিতৰত  তাৰো গণনা হয়; অন্ততঃ সি তেনেকৈ ভাবে। সি প্ৰায়েই কয়, তাৰ কথাত হেনো গৈ থকা ছোৱালীক ৰখাই দিব পৰা আঠা আছে। তাক কলেজৰ লগৰবোৰেও ‘চেনীৰ ৰসৰ আঠা’ বুলিয়েই মাতিছিল। 

 

মিচড কলটোৰ নাম্বাৰটোৰ অপশ্বনত গৈ সি চুটিকৈ মেছেজ এটা পঠিয়ালে।

“এইটো কাৰ নাম্বাৰ হয় বাৰু?”

 সিপিনৰপৰা ৰিপ্লাই আহিল।

“মই অনামিকা বৰা। আপুনি কাক বিচাৰিছে?”

“মই মানে মিছড কল এটা পাইছিলোঁ এইটো নম্বৰৰপৰা।’

“আপুনি কোনে কৈছে?”

“মই প্ৰণৱ মেধী। চাৰি দিনমান আগতে মিছড কল এটা পাইছিলোঁ।”

“অহ, হয় নেকি? একদম চ’ৰি দেই‌। ভুলতে চাগে আপোনাৰ তাত মিছড কল এটা লাগি গ’ল।”

‘এহ একো নাই দিয়ক। ভুলতে ৰং নাম্বাৰ লাগি যায় কেতিয়াবা।”

মেছেজটো ছেণ্ড কৰি উঠিহে সি ভাবিলে  যে ভুলটোকেই ইংৰাজীত ৰং বুলি কয়।

প্ৰণৱৰ মনত পৰিল এদিন তাৰ ফোনত অচিনাকী ল’ৰা এটাই বেলগ কাৰোবাক বিচাৰোঁতে কুকুৰ গাহৰি বুলি গালি দিছিল। আজি সেই একেজন প্ৰণৱ কিমান সংস্কাৰী হৈ উঠিছে। নহয় নহয়, প্ৰণৱ একেই আছে, ৰং নাম্বাৰ ডায়েল কৰাগৰাকী ছোৱালী হোৱা বাবেই এনে ভদ্ৰ ব্যৱহাৰ তাৰ।

“অহ, ঠেংক্যু। আপুনি বুজিছে যে।”

“এহ এইবোৰ সৰু কথা। একো নাই দিয়ক।”

আৰু কিবা অলপ লিখি দিবলৈ মন গৈছিল প্ৰণৱৰ। কিন্তু ডিস্ক’ভাৰী ৱাইল্ড চাই চাই এটা কথা বুজি উঠিছিল যে খেদি খেদি বাঘে হৰিণ ধৰিব নোৱাৰে। গতিকে হৰিণৰ পিছে পিছে দৌৰাতকৈ সুবিধাজনক পৰিস্থিতি এটা অহালৈ চোপ দি অপেক্ষা কৰিব লাগে। 

মেছেজ এটা দিয়াৰ বাবে জন্মা প্ৰৱল ইচ্ছাটোক পকেটত ভৰাই সি কল্পনা কৰিলে অনামিকা নামৰ ছোৱালীজনীৰ ধুনীয়া চকু, কাণ, নাক, গাল।

চাৰি দিন উৎকণ্ঠাৰে পাৰ কৰাৰ পিছত প্ৰণৱে অনামিকা লৈ মেছেজ এটা পঠিয়ালে:

“হাই, আপোনাক এটা কথা সুধিবলৈ মেছেজ কৰিলোঁ। আপোনালোকৰ কলেজত চায়েঞ্চ ষ্ট্ৰীম আছেনে?”

‘হাই কি কৰিছা’ বুলি মেছেজ দিলে গাম্ভীৰ্যতা নাথাকে বুলি প্ৰণৱে জানে।

“নাই, আমাৰ স্কুলত আৰ্টছ্ আছে অকল”

“তুমি স্কুলত পঢ়া নেকি?”

বাঘটোৱে দুখোজ আগুৱাই গ’ল নদীৰ সিপাৰে ঘাঁহ চোবাই থকা হৰিণাৰফালে।

“অঁ, হায়াৰ ছেকেণ্ডাৰী ফাইনেল। চায়েঞ্চৰ কথাটো কিয় সুধিছিল?”

হৰিণাই নদীৰ সিপাৰে থকা বাঘটোৰ পিনে কোনোধৰণৰ ভয় নকৰাকৈ চালে।

“মানে আমাৰ কলেজৰপৰা চাৰ্ভে এটা কৰি আছোঁ।” এনেই ফাঁকি মাৰিলে সি।

“আপুনি চায়েঞ্চৰ?”

“আৰ্টছৰ। এডুকেশ্বন মেজৰ।”

“অঁ, ময়ো ভাবিছো হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এডুকেশ্বনত মেজৰ ল’ম অহাবছৰ।”

“মই তোমাক হেল্প কৰিম দিয়া। চিন্তা কৰিব নালাগে।”

বাঘে ভাবিলে হৰিণাই নদী পাৰ হৈ এইফালে আহিলেই খাই পেলাম।

“অ’কে, ঠেংক্যু। বাই। আপোনাৰ নাম্বাৰটো চেভ কৰি থ’ম দিয়ক।”

“অঁ, ময়ো কৰো ৰ’বা। এইটো মেছেজ কিবাকৈ বিচাৰি উলিয়াইছোঁ।” আকৌ ফাঁকি মাৰিলে সি। নাম্বাৰ সিদিনাই চেভ কৰিছিল।

এসপ্তাহমান পিছত প্ৰণৱৰ ৰূমমেট জিতুক চন্দনে লগ পালে। জিতুৱে ক’লে প্ৰণৱে হেনো কোনোবা ছোৱালী এজনীক পতাইছে নতুনকৈ। চন্দনেও হঠাৎ কৈ পেলালে,

: ধুৰ ক’ত পতাইছে? এনেই হাই হেল্ল চলি আছে।

: তই কেনেকৈ গ’ম পালি বে?

: আবে, সেইটো মোৰেই নাম্বাৰ হয়৷ মোৰ নতুন চিমখনেৰে মিচড কল দিছিলোঁ তাক। সি সদাই ধপ মাৰি থাকে ন অমুকক পতাইছোঁ, তমুকক পতাইছোঁ। এইবাৰ চাওচোন মোৰ নাম্বাৰত মেছেজ কৰি কৰি কিমান চেনী খায়।

: কি ক বে? বঢ়িয়া বঢ়িয়া, চলাই থাক। মই বেকআপ দিম তোক। লাগিলে ২৫ টকাৰ ১০০ টা মেছেজ পেক ৰিচাৰ্জ কৰাই দিম। মজা এপালি দিব লাগে বেটাক। মস্ত চেনী চাল্লা সি।

: দিম ৰ মজা। বাঘে হৰিণ ধৰিবলৈ গৈ নিজেই চিকাৰী শম্ভুৰ জালত পৰিছে। ছোৱালীক আকৰ্ষণ কৰিব পৰা এঠা আছে বোলে তাৰ, হেঃ হেঃ ।

এনেদৰে মেছেজৰ আদান প্ৰদান চলি থাকিল। এদিন হঠাৎ চন্দনৰ ফোনটো বাজি উঠিল। প্ৰণৱৰ ফোনকল। কি কৰোঁ কি নকৰোঁ ভাবি সি ৰিচিভ কৰি দিলে। 

: হেল্ল, অনামিকা হয়নে।

চন্দনে যিমান পাৰে সিমান গলগলীয়া মাত উলিয়াই ক’লে,

:মই অনামিকাৰ ককায়েকে কৈছোঁ। তাই অলপ ওলাই গৈছে৷ কোনে কৈছা তুমি?

: ম মই, প্ৰ প্ৰণৱ। হ’ব দিয়ক ৰাখিছোঁ।

ফোনটো কাটি বুকুত হাত দি চালে প্ৰণৱে। ধান বনা মেচিনটোৰ দৰে ধপধপাই আছিল সেইটো। চন্দনৰ কলিজাটোৱেও ধিমিককৈ মাৰিছিল এবাৰ প্ৰণৱৰ হাতত ধৰা পৰাৰ ভয়ত। যি নহওক এইবেলি বাঘ আৰু চিকাৰী দুয়ো এটাই আনটোৰ হাতৰপৰা কথমপি ৰক্ষা পৰিল।

সন্ধিয়া চিকাৰীয়ে বাঘক মেছেজ দিলে,

“তুমি ফোন কিয় কৰিছা? দাদাই সুধিছিলে মোক। মই কৈছোঁ তুমি মোৰ ক্লাছমেট বুলি। পৰীক্ষাৰ কথা আলোচনা কৰিবলৈ ফোন কৰা বুলি কৈছোঁ। নেক্সট টাইম নোকোৱাকৈ ফোন নকৰিবা।”

(দাদাকক মিছাকৈ কৈছে মানে মোৰ বাবে দুৰ্বলতা এটা অলৰেদি আহি গৈছে তাইৰ। মাত্ৰ এইজনীয়ে আনকেইজনীতকৈ সোনকালে বশ মানিলে। আফতাৰ অল ছোৱালী পতোৱাৰ ফিল্ডখনত ঢেকীয়াপতীয়া মই) 

কথাখিনি ভাবি বাঘটোৱে হৰিণ ধৰাৰ আশা পূৰণ হোৱা যেন দেখি ওঁঠ চেলেকিবলৈ ধৰিলে। আনহাতে ম’বাইলটোৰ আনটো মূৰত চিকাৰীটোৱে বাঘটো জালত পৰা দেখি তিনি টকালি পাৰিলে।

পিছৰ এসপ্তাহত প্ৰণৱে দহবাৰমান মেছেজ কৰি অনামিকাক ফোনত কথা পাতিবলৈ অনুৰোধ কৰিলে। অনামিকাৰ নামত চন্দনে ক্লাছত আছোঁ, মা কাষত শুই আছে, বেটাৰী ডাউন হৈছে ইত্যাদি কৈ তাক ফোন কৰাৰপৰা কিবাকৈ আঁতৰাই ৰাখিলে। 

তেনেকৈ দুসপ্তাহমান অজুহাত দেখুৱাই অনামিকাই ফোন ৰিচিভ নকৰাত প্ৰণৱৰ অলপ সন্দেহো হ’ল। এই লৈ এদিন মেছেজতেই তৰ্কাতৰ্কি লাগি অনামিকাই (চন্দনে) দুদিনমান মেছেজ নকৰাকৈ থকাত তাৰ সন্দেহটো অলপ কমিল। পিচে এদিন চন্দনে বাছত গৈ থাকোঁতে যেতিয়া প্ৰণৱে আকৌ ফোন কৰিলে তেতিয়া চন্দনে ফোনটো ধৰিব পৰাকৈ সুবিধা এটা পালে।

বাছত কাষৰ চিটত বহি যোৱা ছোৱালীজনীক চন্দনে ক’লে,

: বেয়া নোপোৱা যদি ফোন এটা ৰিচিভ কৰি দিবা নেকি? 

: আপোনাৰ ফোন মই কিয় ৰিচিভ কৰিম?

: নহয় মানে, মোৰ ফ্ৰেণ্ড অনামিকাৰ ফোনটো মই লৈ আহিছোঁ মেকানিকক দেখুৱাবলৈ। তাইৰ বয়ফ্ৰেণ্ড প্ৰণৱে ফোন কৰিছে। তুমি মাত্ৰ ফোনটো ৰিচিভ কৰি বাছত গৈ আছোঁ বুলি কোৱা না। বেলেগ ল’ৰাৰ লগত গাৰ্লফ্ৰেণ্ডৰ ফোন থকা বুলি গম পালে নাইবা ফোনটো ৰিচিভ নকৰিলে তাইক সি বহুত মেন্টেল হাৰাচমেন্ট দিব। প্লিজ মাত্ৰ এবাৰ।

তাই ফোনটো ৰিচিভ কৰিলে। চন্দনে কোৱাৰ দৰে কথাখিনি কৈ ফোনটো নাকাটি তাই অনামিকাৰ ভাও জুৰি প্ৰায় দহ মিনিট সময় প্ৰণৱৰ লগত হাঁহি মাতি কথা পাতিলে। চন্দনে ভালেই পালে। এতিয়া অন্ততঃ প্ৰণৱে আৰু সন্দেহ নকৰে।

সন্ধিয়া চন্দনে প্ৰণৱক মেছেজ দিলে, 

: আজি কথা পাতিলোঁ, আৰু ফোনত কথা পাতিবলৈ জোৰ নকৰিবা। মেছেজ দিবা যেতিয়াই মন যায়। 

প্ৰণৱৰ এনে লাগিল যেন হৰিণাই বাঘক কৈছে, তই সদায় আহি মোক এচেলেক মাৰি যাবি, কিন্তু এতিয়াই খাব নোৱাৰিবি।

তাৰপিছত বহুদিন মেছেজ চলিল। লাহে লাহে পৰীক্ষাও ওচৰ চাপিল। চন্দনৰো মেছেজ দি দি বিৰক্তি লাগিল। ডিফেক্ট নথকা মতা মানুহ এটাই আন এটা মতা মানুহৰ লগত কিমান চেনী খাবনো হ’ল বুলি। ইফালে প্ৰণৱেও জিতুহঁতক সদায় নতুন নতুন কাহিনী ক’বলৈ ধৰিলে, কেনেকৈ সি অনামিকাৰ লগত চিনেমা চাবলৈ যায়, পাৰ্কত বহে, অনামিকাৰ চুলিকেইডালত হাত বুলাই কথা পাতে।  প্ৰণৱৰ কথা শুনি লগৰ সকলোৰে ঈৰ্ষা বাৰিষাৰ ব্ৰহ্মপুত্ৰ বঢ়াৰ দৰে বাঢ়ে। মাত্ৰ জিতু আৰু চন্দনে মুখ টিপি হাঁহে।

শেষত এদিন জিতু আৰু চন্দনে সমজুৱাকৈ প্ৰণৱৰ ফাঁকিবোৰক ৰাজহুৱা কৰাৰ পৰিকল্পনা কৰিলে। কেণ্টীনত লগৰ ল’ৰা ছোৱালীবোৰে বহি চাহ খাই থকাৰ সময়ত জিতুৱে প্ৰণৱক ক’লে,

: ভাই, অনামিকাৰ ফটো এখনটো দেখা না বে।

(সি নিজেই দেখা নাই অনামিকাক। আমাক কেনেকৈ দেখুৱাব?) চন্দনে জিতুৰ কাণত ফুচফুচালে।

: ফটো বৰ্তমান নাই ৰ মোৰ লগত।

: তই এনেই ফাঁকি মাৰি আছ। পাৰ্কত ঘূৰিলি, চিনেমা চালি, ফটো এখন খুজি ৰাখিব নোৱাৰিলি? ফোন এটা কৰি কথা পাতি দেখা, ফাঁকি নাই মৰা যদি।

: তাই দিনৰ সময়ত ক্লাছত থাকে বাবে ফোন কৰিবলৈ মানা কৰিছে। তথাপি মেছেজ এটা দিও। তাই ফ্ৰী থাকিলে নিজেই ফোন কৰিব। 

আধা মিনিটমানৰ পিছতো চন্দনৰ ম’বাইলত প্ৰণৱৰ মেছেজ নহা দেখি নেটৱৰ্ক বেয়া বুলি ভাবি চন্দনে প্ৰণৱক ফোন লগালে। কেণ্টীনৰ দীঘল টেবুলখনৰ আনটো মূৰত বহি থকা প্ৰণৱৰ ফোনটো বাজি উঠিল। চন্দনে ফোনটো সকলোৱে দেখাকৈ দাঙি ধৰিলে। তাৰ ম’বাইল স্ক্ৰীণত প্ৰণৱৰ নামটো জিলিকি আছিল।

: তই সদায় মিছা কথা কৱ আমাক। এইটো মোৰ ম’বাইল নাম্বাৰ। ময়েই তোৰ অনামিকা।

মৰেল অৱ দ্য ষ্টৰি: এশ গৰু মাৰিলে বাঘৰো মৰণ।

প্ৰণৱে নিৰ্বাকভাবে টেবুলৰ ওপৰত হাত দুখন ভেজা দি চন্দনৰ চকুলৈ চাই ৰ’ল। চকু দুটা তাৰ যেন কৰুণ হৈ উঠিছে। লাজ, খং, অপমান ইত্যাদিৰে সি যেন হৰিণ ধৰিবলৈ গৈ পিছ ঠেঙৰ লাঠ খাই চিটিকি পৰা ব্যৰ্থ বাঘ এটা। কিবা এটা ক’বলৈ খোজোঁতেই হঠাৎ প্ৰণৱৰ ফোনটো আকৌ এবাৰ বাজি উঠিল। এটা অচিনাকি নম্বৰ। সি লাউডস্পীকাৰত দিলে।

: হেল্ল কোন?

: মই অনামিকাই কৈছোঁ। মোৰটোত বেলেঞ্চ নাই, পাপাৰটোৰপৰা কৈছোঁ। কোৱা কিয় ফোন কৰিবলৈ কৈছিলা?

: নাই মানে, লগৰবোৰে বিশ্বাস নকৰে মই তোমাৰ লগত চিনেমা চাবলৈ যোৱা পাৰ্কত যোৱাৰ কথাটো। 

: হ’ব দিয়া, নেক্সট্ টাইম লগৰবোৰকো লগত লৈ আহিবা। তেতিয়া বিশ্বাস কৰিব সিহঁতে। এতিয়া ফোন থওঁ মই।

চন্দন আৰু জিতুৰ মুখ ইতিমধ্যেই মেল খাই গৈছিল। 

: এইটো অনামিকা কোন আকৌ? চন্দনে সুধিলে।

: তই যে বাছৰপৰা ফোন কৰিবলৈ লগাই দিছিলি ছোৱালী এজনীক। এক মিনিটৰ ঠাইত দহ মিনিট কথা পাতিছিল মোৰ লগত। সেইজনীৰ নাম সঁচাকৈ অনামিকা আছিল। মোৰ কথাই ছোৱালীক আঠা লগাই বুলি জানই তহঁতে। সিদিনা দহ মিনিটতে মই তাইক আঠা লগাই পেলাইছিলোঁ। তাই মোৰ নাম্বাৰটো তোৰ ম’বাইলত দেখি সন্ধিয়া মোক ফোন কৰি তই কোৱা কথাখিনি কৈছিল। মই সিদিনাই নাটক শেষ কৰিব পাৰিলোঁহেঁতেন। কিন্তু ভাবিলোঁ তহঁতে খেলি আমেজ পাইছ, মই সেই আমেজ ভাঙি নিদিওঁ আৰু।

জিতু আৰু চন্দনৰ মেলা মুখ সেইদিনা জাপ নাখালে।

মৰেল অৱ দ্যা ষ্টৰি: মৰেল চৰেল একো নাই। বাঘে গৰু খাবই। এশই হওক, হাজাৰেই হওক।

☆ ★ ☆ ★ ☆

14 Comments

Leave a Reply

Your email address will not be published.

error: Content is protected !!