ফটাঢোল

শো-সাহিত্যিক-পার্থ প্ৰতীম শৰ্মা

এই কথাই কথা নহয়। কিবা এটা লিখিবই লাগিব। আলোচনীখনৰ সম্পাদকে নিজেই বাৰে বাৰে ফোন কৰি কৈ আছে। গতিকে কিবা এটা লিখিবই লাগিব। কাগজ-কলম সকলো সাজু কৰি বহি ল’লোঁ। আজি লিখা নোহোৱালৈকে উঠিয়েই নাযাওঁ। চকু মুদি দকৈ ভাবিবলৈ ধৰিলোঁ-কি লিখোঁ? 

ঠিক ঠিক। এই বিষয়টোৱেই ভাল হ’ব। নাগৰিকত্ব সংশোধনী আইনক লৈ ব্যংগ এটা লিখোঁ। কথা হ’ল নেকি? হ’ল বুলিয়েই চৰকাৰে যি মন যায় তাকেই কৰিবনে? ৰাইজৰ মতামত, ৰাইজৰ আগ্ৰহক গুৰুত্ব নিদিলে কেনেকৈ হ’ব। ইমান মানুহ একেলগে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিছে, দেশৰ প্ৰায়বোৰ দল-নেতাই এইখন আইন নালাগে বুলি কৈছে। তাৰ পিছতো চৰকাৰৰ কোনো কাণ-সাৰ নাই। ভালেই হওক বেয়াই হওক, এবাৰ মানুহখিনিৰ লগত আলোচনাকেই কৰক। ঠিক ঠিক এইটো বিষয়েই ভাল হ’ব।

কাগজত কলম বহুৱাবলৈ লওঁতেই মনত পৰিল; হেৰি নহয়, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কথাটো পাহৰিলে কেনেকৈ হ’ব! নাগৰিকত্ব সংশোধনী আইনৰ লগত ওতঃপ্ৰোত সম্পৰ্ক থকা মূল বস্তুটোৱেই হৈছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী। তাতেই চৰকাৰী পক্ষৰ যি কথাৰ পাক! এজনে কয় ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কাহিনীও পৰিকল্পনাতেই নাই, এজনে কয় গোটেই দেশৰ বাবে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত কৰা হ’ব। আকৌ কোনোবাই কয়, যিখন নাগৰিক পঞ্জী অসমত প্ৰস্তুত হ’ল সেইখন অথলে গ’ল। ৰাইজৰ টকাৰে পতা এইবোৰ বেবেৰিবাং কোনে সহ্য কৰিব! এই বিষয়টোৰ ওপৰতো এটা ক্ষুৰধাৰ সমালোচনা লিখিব পাৰি দেখোন।  তাৰ পিছত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আৰু নাগৰিকত্ব সংশোধনী আইন দুয়োটা বিষয় লগ কৰি দিলেই হৈ গ’ল। বেছ, সেয়াই হওক তেন্তে। বগা কাগজত লিখিবলৈ বুলি কলমৰ নিবটো দিছোঁ মাত্ৰ, তেনেতে মনত পৰিল যোৱাবাৰ ডিটেনশ্যন কেম্পত মানুহ এজন নে দুজন মৰা নাছিল নে? এইটোও ভাল বিষয় হ’ব!

চৰকাৰী পক্ষই চলাই থকা ডিটেনশ্যন কেম্পত মানুহ এজন মৰি যোৱাটো কি ধেমালি কথা নেকি? এইটো ব্যংগ ভাল হ’ব। ধুনীয়াকৈ কাহিনী এটা জুকিয়াই লৈ, মানৱ অধিকাৰৰ কথা দুটামান উনুকিয়াই সুন্দৰ ব্যংগ এটা হ’ব। পিচে মানুহজন কোন আছিল, মৰিলে কিয় সেইবোৰ একো নাজানোৱেই নহয়। এঃ! মৰিলেই যেতিয়া সেইবোৰ আৰু উলিয়াই নাথাকোঁ। অৱশ্যে  অলপতে গৃহমন্ত্ৰীয়ে ঘোষণা কৰা ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়নৰ ওপৰতো লিখিব পাৰি। পিচে সেইটো কি বস্তু সেয়া ময়েই নহয় চৰকাৰী পক্ষৰ মানুহেও কিমান বুজিছে তাত সন্দেহ! মিছামিছি নলগা জেঙত লাগি লাভ নাই। 

হেৰি কৰোঁ, এবাৰ যোৱা কেইদিনমানৰ বাতৰি কাকত লুটিয়াই চাওঁ। কিবা এটা বিষয় নিশ্চয় পাম। ঠিক ঠিক। সেইটোৱেই কৰা হওক। পিচে বাতৰি কাকতো কিনো পঢ়িব! প্ৰায় প্ৰত্যেকখন বাতৰি কাকতেই নিজা নিজা ৰাজনৈতিক দল এটাৰ মুখপত্ৰৰ দৰেহে কাম কৰিবলৈ ধৰিছে। আগৰ সেই সাংবাদিকতা নাই। অঃ! এইটো কথা মনলৈ অহাই নাছিল দেখোন৷ লেখাৰ লগতে সাংবাদিকতাৰ আজিৰ স্বৰূপ দাঙি দুটামান বাক্য সুমুৱাই দিব লাগিব। নামত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হৈ থাকিলেই নহ’ব নহয়, কামো কৰিব লাগিবতো। কিন্তু তেওঁলোকৰ বিষয়ে জানিবলৈও আগতে বাতৰি কাকতৰ তথ্যখিনি ল’ব লাগিব। গতিকে বাতৰি কাকতখিনি পঢ়ি লওঁ। 

দৌৰাদৌৰিকৈ যোৱা এমাহৰ বাতৰি কাকত দাঙি লৈ আহিলোঁ। এখন এখনকৈ বাতৰি কাকতৰ পাত লুটিয়াই চাই গৈছোঁ। উৱা, সকলোতে একেখিনি বাতৰি। কালি যি আছিল আজিও একেই বাতৰি। কি কৰা যায়! তেনেতে এটা বাতৰিত চকু পৰিল,

চৰকাৰী পক্ষৰ বিৰুদ্ধে লিখাৰ বাবে গ্ৰেপ্তাৰ বিশিষ্ট বুদ্ধিজীৱী…

একে উশাহতে গোটেই বাতৰিটো পঢ়ি শেষ কৰিলোঁ। হে ভগৱান! মই যে কি কৰিবলৈ ওলাইছিলোঁ। নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিবলৈ মোক কিহে পাইছে! মই পৰিয়াল থকা মানুহ৷ এইখন কেনে চৰকাৰ ঔ! আৰু দুটামান বাতৰি চাই লওঁ বাৰু৷

চৰকাৰী পক্ষৰ সমালোচনা কৰিলে হেৰুৱাব লাগিব চৰকাৰী চাকৰি…

হাঁ! এইটো বাতৰি মোৰ চকুৰপৰা কেনেকৈ হাত সাৰিল। দেশত ইমান বেয়া পৰিস্থিতি! তাতেই মোৰ  চৰকাৰী চাকৰি! কেনেবাকৈ সেইটো যাবলৈ হ’লে মই নিগমে মৰিম। নাই নাই। চৰকাৰী পক্ষৰ বিৰোধ কৰি বিপদ চপাই নলওঁ। 

তেনেতে দেশৰ অৰ্থনীতিৰ বাতৰি এটা দেখিলোঁ। বেছ! এইটো বিষয়ৰ ওপৰতেই লেখা এটা লিখোঁ। কেনেকৈ দেশৰ ভাঙি পৰা অৰ্থনীতি টনকিয়াল কৰিব পাৰি? কি কি পদক্ষেপে দেশৰ অৰ্থনৈতিক মন্দাৱস্থা দূৰ কৰিব ইত্যাদি ইত্যাদি। পিচে ৰ’ব কাষতে দেখোন চৰকাৰী মন্ত্ৰীৰ ভাষ্য- মন্দাৱস্থা নায়েই। এওঁলোকে নাই বুলি কৈছে যেতিয়া নাই আৰু। বেলেগে কি কৈছে তাত বেছি গুৰুত্ব দি নিজৰ চাকৰি খাব নোৱাৰি নহয়। 

“দেশৰ নিবনুৱাৰ হাৰ, ৪৫ বছৰৰ ভিতৰতেই শীৰ্ষত!” 

বাতৰিৰ শিৰোনাম দেখিয়েই চক্ খাই উঠিলোঁ। ঠিক ঠিক এই বিষয়ে লেখা এটা লাগেই কিন্তু বাতৰিৰ ভিতৰৰ বাক্য এটা পঢ়িলোঁ। নিৰ্বাচনৰ আগত চৰকাৰী পক্ষই হেনো বছৰি দুই কোটি নিয়োজনৰ সৃষ্টি কৰিব বুলি কৈছিল। এতিয়া মই আকৌ নিবনুৱা সমস্যাৰ ওপৰত লিখিলে চৰকাৰৰ ৰোষতেই পৰোঁ নেকি!

অৱশেষত ঠিৰাং কৰিলোঁ। ইমান পংকিলময় পথত খোজ দিয়াতকৈ এটা ৰোমাণ্টিক কবিতাকেই লিখোঁ। এওঁৰো সদায়েই আপত্তি, বিয়াৰ পিছৰপৰা এসময়ত পৃষ্ঠা-পৃষ্ঠা প্ৰেমপত্ৰ লিখা মই হেনো তেওঁৰ নামত কাগজত আঁচ এডালো টানি নাপালোঁ। এইবাৰ সেয়ে হওক, সাপো মৰক, লাঠিও নাভাঙক। 

কাগজ-কলম লৈ ৰোমাণ্টিক কবিতা আৰম্ভ কৰিবলৈ বুলি চকু মুদি ভাববোৰক মনত বিচৰণ কৰিবলৈ দিলোঁ। কবিতা লিখিবলৈ বুলি বিষয়বস্তু সাজু, এই চকু মেলি কাগজত কলম বহুৱামে আৰু….  তেনেতে যেন এটা আকাশবাণী শুনিলোঁ-

“সাহিত্যিকে সমাজৰ উৎকৰ্ষ সাধনৰ বাবে নিৰৱচ্ছিন্নভাৱে প্ৰয়াস কৰি যায়।”

☆ ★ ☆ ★ ☆

7 Comments

  • ডলী

    ভাল লাগিল পাৰ্থ

    Reply
  • খুব সুন্দৰ৷

    Reply
    • দীক্ষিতা

      শিৰোনাম আৰু সামৰণি, দুয়োটাই খুব ভাল লাগিল, আৰু কাহিনীটোও।

      Reply
  • ৰূপম ঠাকুৰীয়া।

    বঢ়িয়া লাগিল।

    Reply
  • বঢ়িয়া

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    ভাল লাগিল৷ দ্বিতীয়বাৰ পঢ়িলোঁ৷

    Reply
  • জয়ন্ত দাস

    ভাল লাগিল৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *