এ টি এম পিন-হেমন্ত কাকতি
ব্যৱসায় বাণিজ্যৰ লগত জড়িত থকা সকলে গম পাব যে কি কি ধৰণৰ কাষ্টমাৰৰ লগত ‘ডিল’ কৰিবলগীয়া হয়৷ কিছুমান গ্ৰাহক খুবেই ‘ভাল’, মানে দামটো কোৱাৰ পিছত অলপো নভবাকৈ টকা দি বস্তুটো লৈ লয় কিন্তু কিছুমানৰ লগত ‘ডিল’ কৰা যথেষ্ট কষ্টসাধ্য কাম৷ মই সেইসকল দোকানিক চেল্যুট দিওঁ, যিয়ে শাৰীৰ দোকান চলায়৷ ধৰক আপোনাৰ শাৰীৰ দোকান আছে৷ দুগৰাকী মহিলা আহি আপোনাৰ তাত থকা প্ৰায় বিশখন শাৰী সকলো খুলি চাই চাই অৱশেষত এখনো পচন্দ নকৰাকৈ গুচি যায়৷ তাৰ পিছত যেতিয়া পুনৰ শাৰীবোৰ জাপি জাপি আগৰ জেগাত থৈ শেষ নৌ হওঁতেই দ্বিতীয়বাৰ কাষ্টমাৰক দেখাবলগীয়া হ’ব আৰু এনেকৈ দিনটোত দহ বাৰজনীক দেখুৱাৰ পিছত মাত্ৰ এখন শাৰীহে পচন্দ কৰিব? মই নিজেও বহুবাৰ আমাৰ এওঁৰ এই স্বভাৱটোৰ বাবে অস্বস্তি অনুভৱ কৰিছোঁ৷ কেতিয়াবা ওলাই আহি এওঁক কৈ দিওঁ তুমি জানানে, ইমান চাই মেলি নোলোৱাকৈ যে গুচি আহিলা, সিহঁতে কিমান গালি দিব?
এওঁৰ চিধা ৰিপ্লাই, সেইটো সিহঁতৰ কামেই৷ তেওঁলোকক দেখা নাই, কিমান হাঁহিমুখীয়া? আমাৰ অসমীয়া মানুহে সেই কাৰণে বিজনেচ কৰিব নোৱাৰে৷ অলপ ধৈৰ্য্য শক্তি থাকিব লাগিব৷
যি নহওক, মই যি দেখিলোঁ, ধৈৰ্য্যৰ লগতে কিছুমান কাষ্টমাৰৰ লগত মিছা কথাৰ ‘পাপৰ’ বহুত বেলিব লাগে৷ অৱশ্যে তেওঁলোকৰ বডী লেংগুৱেজ অধ্যায়ন কৰিব পৰা গুণটো অতিকৈ প্ৰয়োজন৷ কিছুমান কাষ্টমাৰে আকৌ ওলোটা আপোনাৰ বডী লেংগুৱেজহে অধ্যায়ন কৰি ‘বাঁহ’টো আপোনাকে দি থৈ যাব পাৰে৷ আপুনি যদি মিছা কোৱাৰ সময়ত আত্মবিশ্বাসটোক ভালকৈ ফুটাই তুলিব পৰা নাই তেনেহ’লে আপুনি ফঁচি যাব পাৰে৷
বিভিন্ন দোকানৰ ৰেহৰূপ অধ্যায়ন কৰি যি দেখিলোঁ, প্ৰায় ভাগ সফল বিজনেচমেনৰ মুখত কিছু কথা আখৈ ফুটা দি ফূটিব ধৰে৷ যেনে ধৰক,
: ছাৰ, এইটো মাৰ্কেটত পুৰা ‘হট কেক’ৰ দৰে চলি আছে৷
: কালি পৰহিলৈ দাম বাঢ়িব৷ আজি মই যিটো ৰেটত দি আছোঁ, কালিলৈ পাৰিম নে নাই নেজানো৷ ল’লে আজিয়ে লওক, ৰিস্ক নল’ব৷
: আপুনি মোৰ তাত যিটো ৰেটত পাব, বেলেগে দিব নোৱাৰে৷ আপুনি চিনাকি বাবে বহুত ডিচকাউণ্টত দিছোঁ৷
: আমাৰ দহ টকা বিশ টকা মাৰ্জিন থাকে আৰু তথাপিও উলিয়াই দিওঁ, এনেই আইড’ল ইনভেণ্টৰিত টকাবোৰ ব্লক হৈ থকাতকৈ৷
……তথাপি কাষ্টমাৰ মৌন!
: ছাৰ, পেক কৰিম নে?
কাষ্টমাৰ : ৰ’বচোন, মই চাই লওঁ৷ সিখন দোকানতো এবাৰ সুধি লওঁ৷
: ছাৰ, আপুনি এনেকুৱা কোৱালিটিৰ বস্তু, ক’তো নেপাব৷ মই যি কোৱালিটিৰ মাল ৰাখোঁ, আপুনি নি পেলাই ক’ব বোলে বঢ়িয়া বস্তু দিলাহে৷ ‘পিচ অব মাইণ্ড’ ছাৰ৷
কাষ্টমাৰ : গেৰাণ্টি ৱাৰেণ্টি কিবা আছেনে?
: ছাৰ, মানুহৰ জীৱনটোৱেই কচুপাতৰ পানীৰ দৰে৷ ভগবানে ইমান পাৰফেক্ট কৈ বনাইছে, তথাপিও জানো মানুহ মৰণশীল নহয়? বেমাৰ আজাৰ আছে বাবেই ডাক্তৰো আছে, নহয় জানো? কিবা হ’লে আমি আছোঁ নহয়!
কাষ্টমাৰ : নহয় মানে গেৰাণ্টি ৱাৰেণ্টি কিবা দিব নে নাই?
: ছাৰ মানুহৰ জীৱনৰ কিবা গেৰাণ্টি আছে নেকি? নাই, এই যোৱাকালি নিউজত পাইছে নে? মোৰ বন্ধু এজনৰ হৃষ্ট পুষ্ট ভতিজাক এজন ফটককৈ ৰোড এক্সিডেণ্টতে ঢুকাই থাকিল৷ কোনে জানিছিল তাৰ এনে হ’ব বুলি৷ গ’ল মানে গ’লেই!
(বেক গ্ৰাউণ্ডত ভায়োলিনৰ কৰুণ সুৰ!)
কাষ্টমাৰ অলপ সময় নীৰৱ!
: আটচা, দামটো কিমান পৰিব?
কাষ্টমাৰৰ চিধা কুৱেচন!
: ছাৰ, আপোনাৰ পৰা কিমান লম আৰু, আমাৰ সৱ দহ টকা বিচ টকাৰেই বেপাৰ৷ হ’ব আৰু আপুনি ল’ব খুজিছে যেতিয়া লওক আৰু৷ ৰেট জেনুইনে পাব৷ আপোনাৰ পৰা এটকাও বেছিকৈ নলওঁ৷ আমাৰ কিনা পৰে ২৩৪৫ টকা, আপুনি বিশ টকা এটা মোক প্ৰফিট দিব, কি লাগি থাকিম আৰু৷ ২৩৬৫ টকা দিব আৰু৷ ঐ ৰঞ্জন, এইটো চাৰক পেক কৰি দেচোন! কি খাব ছাৰ? চাহ নে কফি?
****
ৰ’ব, ইমান ‘টেকনিক’ জনাৰ পিছতো মই বহুতবাৰ ফ্লপ হৈ বিমোৰত পৰিছোঁ৷ মানে “কভী খুচী, কভী গম” আৰু! আজিৰ কাহিনীটো শুনক,
প্ৰায় চল্লিশোৰ্ধৰ মহিলা এগৰাকীৰ লগত হোৱা অভিজ্ঞতা ক’বলৈ লৈছোঁ৷ তেখেতৰ বেশভূষাৰ পৰা অনুমান কৰিলোঁ তেওঁ যথেষ্ঠ ধনী মানী ঘৰৰে৷ পিন্ধনত ৰঙীন পোচাক, চকুত চানগ্লাচযোৰ ওচৰলৈ আহি খুলি লৈ মোক একো নকৈ চিধাই এফালৰ পৰা সকলো বস্তু নিৰিক্ষণ কৰাত লাগি গ’ল৷ এইখিনি সময় আমি তেওঁলোকক অধ্যয়ন কৰিবলৈ সুযোগ পাওঁ৷ যদি বিশেষ কিবা এটা নাচাই সৱফালে চাই ফুৰে, গম পাওঁ যে টাইম পাচেই হ’ব৷ মানুহগৰাকী যদি ধুনীয়া হয়, তেনে অলপ দেৰি তেওঁৰ ৰূপত মুগ্ধ হৈ পৰিছোঁ যেন তেনেকুৱা কৰা যায়, নহ’লে আমি অন্য কামত মনোনিবেশ কৰোঁ৷
তেনেতে তেখেত মই বহা ঠাইৰফালে আহি মোক সুধিলে,
: আপোনাৰ “এ টি এম” আছে নেকি?
তেওঁৰ পৰা হঠাৎ ওফৰি অহা প্ৰশ্নটোত মই বিমোৰত পৰিলোঁ৷ অলপ দেৰি ব্ৰেইনটোত হেঁচা প্ৰয়োগ কৰি বুজিলোঁ যে তেখেতে হয়তো “কাৰ্ড চোৱাইপ” কৰা মেচিনটোৰ কথা ক’ব বিচাৰিছে৷ “চোৱাইপ মেচিন”টো সন্মুখলৈ নি ক’লোঁ,
: হয় মে’ম, এইটো৷ আপোনাক কি লাগে কওকচোন?
কাষ্টমাৰগৰাকী হঠাৎ অলপ উচপিচ কৰা যেন দেখা গ’ল৷ হাতখন ইফাল সিফাল কৰি ৰৈ গ’ল৷
: মানে হেৰি নহয়! বাকী চলিবতো? মই মানে কেচ আনিবলৈ পাহৰিলোঁ বুজিছেনে?
অচিনাকি মানুহজনীয়ে হঠাৎ বাকী বিচাৰি দিয়া প্ৰস্তাৱটোত অলপ অপ্ৰস্তুত হ’লোঁ৷ তথাপি পৰিস্থিতিটো আয়ত্বলৈ আনি ক’লোঁ-
: বাকী দিয়াটো দিগদাৰ মে’ম! তাতে আমাৰ নতুন দোকান৷ ‘ক্যাচ’ নেথাকিলে কাৰ্ড পেইমেণ্ট একচেপ্ট কৰোঁ৷ ‘গুগুল পে’, ‘ফোন পে’, ‘পে টি এম’ কিবা দিলেও হ’ব, নহ’লে কাৰ্ড দিব পাৰে৷
কথাষাৰ কৈ গ্ৰাহকগৰাকীৰফালে উদগ্ৰীৱ হৈ চাই ৰ’লোঁ৷
: নহয় মানে…এহ বাদ দিয়ক, আজি নিকিনো, পিছত আহিম দিয়ক এদিন!
মাৰ্কেটিং আৰু চেলচৰ মোৰ বহু বছৰীয়া অভিজ্ঞতাই সোঁৱৰাই দিলে, প্ৰথমবাৰে ‘মুৰ্গা’ ফচিল যদি ফচিল, এবাৰ হাতৰ পৰা ওলাই গ’লে কেতিয়া ঘূৰি আহিব তাৰ কোনো নিশ্চয়তা নাই৷ গতিকে প্ৰথম বাৰতে এৰি নিদিবি৷ ছলে বলে কৌশলে কাষ্টমাৰক কিনাই ল৷ মই মাতটো যিমান পাৰি কোমল কৈ আকৌ এবাৰ চেষ্টা কৰিলোঁ,
: মেম, কওকচোন, কি দিম, পইচা ডাঙৰ বস্তু নহয়, আপুনি প্ৰথম আহিছে আমাৰ তালৈ, মই যিমান পাৰোঁ কনচেচন কৰি দিম৷ আপুনি কওকচোন৷
মোৰ মিঠা কথাত তেওঁ যেন এইবাৰ কুমলিলে৷ তাৰ পিছত তেওঁ ক’লে,
: নহয় মানে মোৰ ক্যেচ নাই হাতত, অলপ ক্যেচ পাম নেকি?
: নিশ্চয় পাব মেডাম৷ কিমান লাগে বাৰু?
: কিমান মানে ধৰক, পাঁচ হেজাৰমান!
: হ’ব, কিবা এটা কিনক তেনেহ’লে, বাকী মই ক্যেচৰ যোগাৰ কৰি দিম৷ কি কিনিব কওক, ইনডাকচনত চলা প্ৰেচাৰ কুকাৰ এটাই লৈ লওক, লাগিয়েই থাকে৷ দিমনে?
: অহ, বেলেগ কি আছে৷
: কুকিং ৰেঞ্জৰ সকলো পাব৷
: কিবা এটা দিয়ক তেনে৷
তেওঁ হকিন্সৰ ননষ্টিক কুকৱেৰৰ পৰা এটা পচন্দ কৰিলে৷
মই ফটাফট কেলকুলেটৰ লৈ হিচাব কৰি ক’লোঁ,
: মে’ম ২,৪৫০ টকাত দিব পাৰিম৷
: অলপ কম কৰক না, ইমান দাম লৈছে?
মই জানিছিলোঁৱেই যে মই যি দাম কম, তাতকৈ কমাবই লাগিব৷ স্পেচিয়েলি লেডী কাষ্টমাৰক দাম কমত দিয়া বুলি ক’লে এক স্বৰ্গীয় সুখ পায়৷ সেয়ে ১৬০০ টকাৰ বস্তুটো মই ২৪৫০টকা কৈছিলোঁ৷ দীঘল উশাহ এটা লৈ পুনৰ নিত্য-নৈমিত্তিক বচন সোপা মানে… আমাৰ দহ বিচ টকাৰে বেপাৰ…প্ৰথম কাষ্টমাৰ বুলি আপোনাক মূল দামতে দিছোঁ……ব্লা ব্লা…গাই উঠি নাটকৰ যৱনিকা পেলাওঁ বুলি ক’লোঁঁ,
: শেষ বাৰলৈ ক’লোঁ মেডাম, আৰু এশ টকা কমাই দিলোঁ যাওক, মোক লাভ নেলাগে, কিনা দামতে লৈ যাওক৷
তেখেতো ‘খুচ’ হৈ “দিয়ক” বুলি অলপ ইফালে সিফালে চাই, কাৰ্ডখন উলিয়ালে৷ হাতখন অলপ আগুৱাই দিওঁতেই একে থাপে কাৰ্ডখন লৈ চোৱাইপ মেচিনটো আনি সাউৎকৈ কাৰ্ডখন চোৱাইপ কৰি ২৩৫০ টকাটো লিখি পিনটো দিবৰ বাবে তেওঁলৈ আগবঢ়াই দিলোঁ৷
মানুহজনী অলপ সেমেনা সেমেনি কৰি পিনটো (১৯৮৭ টিপা মই দেখি আছিলোঁ৷) দুবাৰমান টিপিলে যদিও ইনকাৰেক্ট পিন বুলি পেইমেণ্ট ডিক্লাইন হৈ গ’ল৷ মোৰ টেনচন তুংগত৷ ইমান পাপৰ বেলি বেলি কোনোমতে কাষ্টমাৰগৰাকীক হাতলৈ আনিছিলোঁ, কিন্তু পেইমেণ্টেই যদি নহয় কি বিজনেচ হ’ব?
শেষ চেষ্টা এটা কৰোঁ বুলি তেখেতলৈ চাই আকৌ সুধিলোঁ,
: মেডাম, কাৰ্ডখন লোৱা কিমান দিন হ’ল? মানে আগতে ব্যৱহাৰ কৰিছে নে?
: হয়, বেছি দিন হোৱা নাই, এ টি এমত দুই তিনিবাৰ ব্যৱহাৰ কৰি পইচা উলিয়াইছোঁ কিন্তু এতিয়াহে মনত নপৰা হ’ল নহয়!
মই মানুহজনীৰ ফালে চালোঁ৷ আদবয়সীয়া যদিও মুখত কমনীয়তা কম হোৱা নাই৷ বয়স ৪৫ বছৰমান হ’ব কিন্তু মুখখনত যেন অনবৰতে যথেষ্ট সন্দেহজনক চিন্তা এটা কঢ়িয়াই লৈ ফুৰিছে৷ মোৰ এবাৰ সন্দেহ হ’ল, মানুহজনীয়ে জানি বুজি ভুলকৈ টিপা নাইতো? মোৰ লাগিছিল ১৯৯৭টো কাৰোবাৰ জন্ম বছৰেই হ’ব কিন্তু তেওঁলৈ চাই বয়সটো মেটচ নকৰাত মোৰ অলপ সন্দেহ হৈছিল৷
মই শেষ অস্ত্ৰপাত প্ৰয়োগ কৰাৰ প্ৰয়াসেৰে প্ৰশ্ন কৰিলোঁ৷
: মেডাম, আপুনি চাকৰি কৰে নে বেলেগ কিবা?
: মই চাকৰিতে আছোঁ৷ কিয় সুধিলে নো?
: নহয় মানে, আপোনাক দেখি ক’ৰবাত লগ পাইছোঁ যেন লাগিছে৷ আপোনাৰ দৰে ব্যক্তিত্ব থকা মানুহক এবাৰ দেখিলে মনত ৰৈ যায়৷
: অ’ দেখিব পাৰে, মই এডুকেচন ডিপাৰ্টমেণ্টত কৰোঁ৷
: মেম আপোনাৰ কাৰ্ডখনত বাৰ্থ ইয়েৰক পিন কৰি থৈছে নেকি আকৌ? এবাৰ মাৰি চাওক না?
মানুহজনী এইবাৰ যেন অলপ অপ্ৰস্তুত হ’ল৷ তেওঁৰ বডী লেংগুৱেজ দেখি মোৰো আত্মবিশ্বাস দুগুণ চৰিল৷ কাৰ্ডখন টেবুলতে আছিল৷ তেওঁক সুযোগ নিদি কাৰ্ডখন লৈ মই মেচিনত ভৰাই এমাউণ্টটো লিখি দি পিনটোৰ বাবে তেওঁলৈ পুনৰ আগবঢ়াই দিলোঁ৷ অলপ ইতস্ততঃ কৰি তেওঁ এইবাৰ “১৯৮৭” টিপিলে৷ আকৌ ‘ডিক্লাইন’ হ’ল৷ মানুহজনীয়ে মৃদু হাঁহি এটা মাৰি ক’লে,
: নাই নহ’ব বুজিছে, পিনটো পাহৰিলোঁ৷
মই মিহিকৈ হাঁহি এটা মাৰি ক’লোঁ, চাওঁ দিয়কচোন, মই এবাৰ ট্ৰাই কৰোঁ, কেতিয়াবা মেচিনৰো সমস্যা থাকে৷ এই বুলি কাৰ্ডখন লৈ পুনৰ সোমাই দি মোৰ “গেছিং পাৱাৰ” লগাই পিনটো নিজেই টিপিলোঁ- “১৯৭৭”
অলপ পিছতে “Rs 2350 received from the payment gateway” বুলি ৰিচিপ্টখন একে টানে উলিয়াই আনি মানুহজনীৰ হাতত দিলোঁ৷ অলপ অসহায় অলপ লাজ লাজ ভাবেৰে মানুহজনীয়ে পেকেটটো লৈ পিছমুৱা দিলে৷
: মেডাম, ক্যেচ নেলাগে নেকি?
মই অলপ জোৰকৈ ক’লোঁ৷ মানুহজনীয়ে,
: হ’ব দিয়ক, এতিয়া নেলাগে আৰু!
বুলি কৈ মোৰফালে নেচালেই আৰু৷
মই বিজয়ীৰ হাঁহিটো মুখত বিৰিঙাই মোৰ এচিষ্টেণ্টজনলৈ চালোঁ৷ সিও সমগ্ৰ ঘটনাটো প্ৰত্যক্ষ কৰি আছিল৷ সি লাহেকৈ সুধিলে,
: কিমান কমাইছিল?
: প্ৰথমে সম্পূৰ্ণ বিশ বছৰ, তাৰ পিছত দহ বছৰ!
☆ ★ ☆ ★ ☆
3:04 pm
হাঃহাঃ তামাম
9:06 am
জমনি দেই। গৈয়েই পিন চেইঞ্জ কৰিবগৈ।
8:25 pm
বৰ ৰসালকৈ লিখিলে দাদা..ভাল লাগিল।
8:46 am
হাঃ হাঃ ???? মই পিছে কেতিয়াও মোৰ বয়স নকমাও দেই?
8:49 am
হা হা! বঢ়িয়া লাগিল
9:17 am
হাঃ হাঃ জমনি কেচ । সেইকাৰণে বয়স কমাই ক’ব নালাগে । ?
10:34 am
ভাল লাগিল
7:26 pm
কাকতিদা,আপুনি জিনিয়াছ দেই! মজা লাগিল।
11:44 pm
হাঃ হাঃ!
11:58 am
মজা দাদা৷
8:56 pm
??বিৰ্চুতি আৰু। মই আকৌ চবকে মোতকৈ সৰু বনাই থাকোঁ যে ল’ৰাই লাজ পায় বোলে ?