বাঁহ খোৱাৰ পিছৰ ছবি : শ্ৰুতিমালা মিশ্ৰ
পৃথিৱীত মানুহে অন্য মানুহৰপৰা পোৱা জ্বালা-যন্ত্ৰণা, ঠগ-প্ৰৱঞ্চনাৰ ইতিহাস নানাতৰহৰ ঘটনাৰে সমৃদ্ধ। আদিমকালৰেপৰা বহুতেই বিভিন্ন ধৰণৰ প্ৰৱঞ্চনা তথা ঠগামিৰ সন্মুখীন হৈ আহিছে। সেয়া লাগিলে ৰাজপাট দখলৰ ক্ষেত্ৰতেই হওক, প্ৰেমৰ ক্ষেত্ৰতেই হওক, টকা-পইচা, মাটি-সম্পত্তিৰ ক্ষেত্ৰতেই হওক নতুবা বজাৰলৈ গৈ নাইবা অনলাইনত কিনা বিভিন্ন বস্তু-সামগ্ৰীৰ ক্ষেত্ৰতেই হওক, বেছিভাগেই জীৱনত এবাৰ হʼলেও প্ৰৱঞ্চনাৰ সন্মুখীন হৈ পাইছেই।
সমস্ত প্ৰৱঞ্চনাৰ তুলনাত প্ৰেমত খোৱা প্ৰৱঞ্চনাৰ চোকটো বাকীবোৰতকৈ কিছু বেছি। আগতে ঠগ-প্ৰৱঞ্চনা বুলি কোৱা হৈছিল যদিও আমি এতিয়া এইটোক নতুন নামেৰে নামাকৰণ কৰিছোঁ, “বাঁহ খোৱা বা বাঁহ দিয়া।”
যিসকলে প্ৰেমত পৰি বাঁহ খোৱা নাই তেওঁলোকক বাদ দি বাকী সমস্ত বাঁহ খোৱা সন্থাই ইয়াৰ জ্বালা-যন্ত্ৰণা বাৰুকৈয়ে উপলব্ধি কৰি পাইছে। বহুতৰে এইদৰে বাঁহ খাই মোক্ষপ্ৰাপ্তিও হৈছে। বাঁহ খোৱা বা বাঁহ পোৱাৰ চাইড এফেক্টবিলাক বেছিভাগৰে ক্ষেত্ৰত বেলেগ বেলেগ ধৰণৰ হোৱা দেখা যায়।
বাঁহ খোৱাৰ পিছত ভুক্তভোগীসকলে নিয়মমতে ডিপ্ৰেশ্যনলৈ গুচি যায় সাধাৰণতে, কিন্তু কিছুমানক বাঁহৰ খুন্দাৰ সলনি মস্ত ডাঙৰ চেগুণ কাঠৰ সমান খুন্দাও দিয়া দেখা যায়। এই খুন্দা খোৱাৰ পিছত নিজকে চম্ভালি লʼবলৈ বহুসময় লাগে যদিও অৱশেষত ৰাইজে নিজকে চম্ভালি লৈ সুন্দৰ আৰু বিন্দাছ হৈ জীৱন জীয়াৰ টেকনিক শিকিয়েই যায়।
বাঁহ দিয়া পৰ্বৰ সময়সীমা বেলেগ বেলেগ ধৰণৰ আছে। কেতিয়াবা প্ৰেম আৰম্ভ হোৱাৰ দুই-তিনিমাহৰ পিছতেই বাঁহটো দিয়ে, কিছুমানৰ ক্ষেত্ৰত আকৌ ন-দহ বছৰ পিছতো দিয়ে। গতিকে সময়সীমা নিৰ্ভৰ কৰিব বিভিন্ন ধৰণৰ কাৰক, পৰিস্থিতি আৰু বিষয়বস্তুৰ ওপৰত।
বাঁহ খোৱাৰ পিছত ভুক্তভোগীসকলে জীৱনটোক বেলেগ বেলেগ ধৰণেৰে চাবলৈ আৰম্ভ কৰে। কিছুমানৰ ভগৱানৰ প্ৰতিয়েই আস্থা নোহোৱা হৈ যায়, আকৌ কিছুমানৰ জীৱনৰ প্ৰতিয়েই বিশ্বাস নাইকীয়া হৈ যায়। কিন্তু জীৱনক সদায় সদৰ্থক দৃষ্টিভংগীৰে গ্ৰহণ কৰা সংখ্যাত তাকৰ হʼলেও কিছুসংখ্যকলোকে বাঁহ খোৱাৰ পিছত জীৱনটোক পৃথিৱীৰ সমস্ত পজিটিভিটীৰে সজাই তোলে, কমেডী ছবি তথা মীম মেটেৰিয়েলবোৰে এইক্ষেত্ৰত জীৱনটোত বিন্দাছ হৈ হাঁহি-ধেমালিৰে দুখক জয় কৰাৰ ক্ষেত্ৰত মকৰধ্বজ হিচাপে কাম কৰে।
এইক্ষেত্ৰত ব্যতিক্ৰম কথা কিছুমানো চকুত পৰে মাজে-মাজে। আমাৰ গাঁৱত বাঁহ খাই বৰলাৰ জীৱন কটোৱা এচামে আজি এবছৰমান আগতে খোল এটা কিনি লৈছে, নিজৰ কাম-ধাণ্ডা সৱ বাদ দিছে। বিয়া কৰাবলৈ কইনা বিচাৰি পোৱা নাই। গতিকে সন্ধিয়া হʼলে বাবাৰ প্ৰসাদ অকণমান টানি গধূলিপৰত সদায় দুঘণ্টামান খোলটো বজায়। লগতে তিনপট্টিৰ খেল এখনো চুৰ্চুৰীয়াকৈ কাষতে চলি থাকে।
এইবোৰ দেখি-শুনি শেহতীয়াকৈ ব্ৰেকআপ হোৱা বন্ধু এজনেও মাজে মাজে বোলে সেই খোলবাদনৰ মেহফিলত নিজকে আৱিষ্কাৰ কৰে সপোনত। এনেকুৱা ভয়ংকৰ সপোন দেখি বেচেৰাই বহুদিন শ্বকো খাইছে।
সি দুখ কৰি কয় মোক প্ৰায়েই,
: ৰাইজেতো বাঁহ খায়। মই যে ব্ৰহ্মতালুতে খুন্দা খাইছোঁ, তাকো এলাপেচা ভলুকা বাঁহৰ খুন্দা নহয়। একদম প্ৰকাণ্ড চেগুণ কাঠৰ কুন্দাৰে দিয়া খুন্দা খাইছোঁ। বৰ যন্ত্ৰণা এগলা।
বাঁহ খোৱাৰ ক্ষেত্ৰত বাঁহডালৰ আকৃতিও বেলেগ বেলেগ হোৱা দেখা যায়। কিছুমানে বহুত ডাঙৰ ঢাক্কা খায়। সেইডাল ভলুকা বাঁহৰ খুন্দা। সেইডালে যিটো খুন্দা দিব সেইটোৱে বহুদিনলৈ ৰাজহাড়েই বেঁকা কৰি থৈ যায়। কিছুমানে তাতকৈ অলপ কম প্ৰাৱল্যৰ খুন্দা খায়। সেইটো জাতি বাঁহৰ খুন্দা। সেইটোৰ যন্ত্ৰণা যদিও বহুত কিন্তু ভলুকা বাঁহৰ খুন্দাৰ তুলনাত বহু কম প্ৰাৱল্যৰ খুন্দা। এইটো খুন্দা খোৱাৰ এবছৰমান পিছৰেপৰা ৰাইজে নিজকে চম্ভালি ল’বলৈ শিকি যায়। কিছুমানে প্ৰথমৰপৰাই সংগীৰ মতি-গতি দেখি এখুন্দা খাবলৈ পাম বুলি মানসিকভাবে সাজু হৈ থাকে। গতিকে তেওঁলোকে খুন্দাটো খালেও তাৰ ফৰফৰণি সুদীৰ্ঘ দিনজুৰি বৰ্তি নাথাকে। সেইটো বিজুলী বাঁহৰ খুন্দা।
এবাৰ হʼলেও জীৱনত বাঁহ খোৱা মানুহবোৰৰ ভৱিষ্যতে যন্ত্ৰণা সহ্য কৰাৰ শক্তি বেছি হয়, অভিজ্ঞতাও বাঢ়ে। পিছলৈ সেয়ে তেওঁলোক বেছি সজাগ হয়, সাৱধান হয়। বাঁহ খায়ো যিবিলাকে হাঁহিৰে জীৱন জিনিছে তেওঁলোকলৈ বুলি, “জাহাপনা, তুচ্চি গ্ৰেট হো। তৌহফা কবুল কৰো।”
হাঁহক, হঁহুৱাই থাকক, জীৱন জিনি যাওক হাঁহিৰে। ইমান বাঁহ খোৱাৰ পিছতো “জীৱন সদায়েই জিন্দাবাদ
☆ ★ ☆ ★ ☆
10:43 pm
এ মজ্জা ! বাঁহ খোৱাৰো স্বাগ আছে। বহুত ৰসালকৈ লিখিছা।
1:08 am
সুন্দৰ উপস্থাপন। ৰাইজ বাঁহ দিয়াটো মানুহৰ সংস্কাৰ আৰু মানসিকতাৰ প্ৰতিফলন। গতিকে “সেই বাঁহেৰে চুঙাপিঠা বনাওক, বাঁহো পুৰিব চুঙাপিঠাও খাব পাব”!
11:05 pm
হয় দিয়া। বহুতকে ভাল শিক্ষা দিয়ে
11:06 pm
ভাল লাগিল শ্ৰুতি
11:56 pm
আটাইলৈকে আন্তৰিক ধন্যবাদ জনালোঁ ??
12:11 am
বেলেগ বেলেগ ডিজাইনৰ বাঁহ খায় মানে?
বঢ়িয়া লাগিল
5:28 am
ভাল লাগিল।
7:34 am
আন্তৰিক ধন্যবাদ জনালোঁ আটাইকে ??
8:38 am
মোক যে ভগৱানেও বাঁহ দিছে ৰে শ্ৰুতি! মানুহৰ কথা কি ক’বা?
8:52 am
বাগ্মিতা বা, একো নাই । বাঁহ খাই খাই সহনশীলতা বাঢ়ি যায় মানুহৰ ?
7:43 pm
কিমান বাঁহ খাইছোঁ, কিমান জোৰেৰে খাইছোঁ, কিমান প্ৰাবল্যৰে খাইছোঁ সেইয়া একমাত্ৰ মইহে বুজোঁ!
উপস্থাপন বৰ ভাল হৈছে শ্ৰুতি, লিখি থাকিবা।
10:18 pm
বৰ সুন্দৰ উপস্থাপন, সময়োপযোগী হৈছে বাইদেউ।?
6:45 pm
আন্তৰিক ধন্যবাদ আটাইলৈকে ??