ফটাঢোল

ইজী মানী – ৰিমঝিম বৰঠাকুৰ

: বহুত বস্তু কিনিবলগীয়া আছে। কিনি কিনি শেষেই হোৱা নাই বে।

:  ইমান টকা পাইছ ক’ত?

: পোৱা নাই পামহে।

: মানে এতিয়া বস্তুবোৰ যে কিনিছ, তোক কি চবেই বাকীকৈ দিছে।

: অঁ‌ অঁ‌ কিছুমানে বাকী কৰি দিছে। কিছুমান আকৌ বেলেগৰপৰা ধাৰ কৰি আনি নগদ টকা দি কিনিছোঁ।

মুঠতে ঘনয়ে বস্তুবোৰ কিনিহে তৎ পাইছে। তাৰ বস্তু কিনাৰ উৎপাত দেখি ঘৰৰে মাকহে নালাগে, ওচৰ-চুবুৰীয়ায়ো আচৰিত মানিছে। সৱৰে চিন্তা হঠাৎ তাৰ হাতলৈ ইমান পইচা আহিল কেনেকৈ। চিন্তাটো তাক চিনি পোৱা যিকোনো মানুহৰে হ’ব। কাৰণ সি ঘৰখন চলায় কাঠমিস্ত্ৰীৰ লগত যোগালী কৰি। তেনেকৈয়ে যি পাৰে ঘটি মাকজনীৰ লগত ঘৰখন চলাই আছে। এমাহমানৰ আগতে এটকা দুটকাকৈ সাঁচি যোৱা টকাৰপৰাই দুটকামান ভঙাই স্মাৰ্ট মোবাইল এটা কিনিলে। আচলতে মোবাইল এটাৰ তাক দৰকাৰ হৈছিল। কাৰণ কেতিয়াবা মিস্ত্ৰীৰ লগত দূৰণিবটীয়া ঘৰত কাম কৰিবলৈ গ’লে, ঘৰ আহি পাওঁতে দেৰি হয়। গতিকে মাকক খবৰ এটা যদি সেইসময়ত নিদিয়ে মানুহজনীয়ে কাণিমুনি সন্ধিয়াখন মিস্ত্ৰীৰ ঘৰ গৈ ওলাবগৈ। সেয়ে সি তাৰ পুৰণা নম্বৰ টিপা সৰু মোবাইলটো মাকক দি সি অলপ ভাল মোবাইল এটা ল’লে।

মোবাইলটো বাৰু মাকক দিলে, কিন্তু তাৰপিছতহে লাগিল লেঠা। বুঢ়ী মাকক শিকাওঁতে নাই কমেও পোন্ধৰদিনমান লাগিল। সেইকেইদিনত যদি মাকৰ ফোনটো বাজেও “ঔ এইডালে মাতিছে ঔ” বুলি চিঞৰি বাখৰি কাষৰ ঘৰৰ দিপালীৰ ওচৰ পায়গৈ। তাইৰ ঘৰ পাইগৈ মানে ইফালে মোবাইলৰ মাত বন্ধ হয়। ঘনৰ মাকৰ অৱস্থাটো দিপালীৰ দেখি হাঁহিও উঠে বেয়াও লাগে “বৰমা এইয়া ঘনদাইহে ফোন কৰিছে” বুলি কেইদিনমান কেনেকৈ ফোন কৰে, কেনেকৈ ৰিচিভ কৰে শিকাই শিকাই শেষত বুঢ়ীক ফোনটো ধৰা আৰু ফোন কৰাটো শিকাব পাৰিলেগৈ। 

“এই মৰাটোৱেতো মোক ভালকৈ শিকাই দিব পাৰে।” বুলি পুতেকক বকি বকি প্ৰথম ফোনটো পুতেকলৈকে লগাই দেখুৱাই যে তেওঁ ফোনৰ কাৰবাৰ সকলোবোৰ শিকি গ’ল।

সন্ধিয়া লাগি ভাগিবৰ হৈছে। ঘনয়ো আহি পোৱাহি নাই। তালৈকে ফোন এটা কৰিবলৈ মাকে বহুত সময় ফোনটো বিচাৰি পোৱা নাই। ফোনটো ক’ত থ’লে মনত পেলাই চকীখনত বহি থাকোঁতে গাৰ তলৰ অংশতে কিবা এটা শব্দ কাৰেণ্টৰ শ্বৰ্ট মৰাদি মৰাত তেওঁ একেবাৰে উচপ খাই উঠিল। প্ৰথমবাৰ মাৰোঁতে বৰ বিশেষ গুৰুত্ব নিদি বহি থাকোঁতে পিছৰ দুবাৰে তেওঁক এনেকুৱা দৌৰালে একেবাৰে দীপালিৰ ঘৰ ওলালগৈ। কোনোমতে জীৱটো ওলাই নোযোৱাকৈ বুকুখনত ধৰি ফোঁ‌পাই ফোঁ‌পাই, 

: ঐ দীপালি ব’লচোন ব’ল। আমাৰ ঘৰত কিবা এটা সোমাইছেহি। ভূতেই নে দাহেই জানো ভৰভৰ শব্দ কৰি আছে, আৰু মোৰ গোটেই গাত শ্বৰ্ট মৰাদি মাৰিছে হেৰৌ। 

উশাহ নশলোৱাকৈ বৰমাকৰ কথাকেইটা শুনি দীপালিয়ে 

: কি হৈছেনো? ঘনক ফোন কৰিছেনে?

: নাই অ’। তাক ফোন কৰিবলৈ ফোনটোৱে বিচাৰি পোৱা নাই। এই ফোনটো মোক দিয়াৰ পৰা আলৈ আহুকালে নটা হৈছে।

: ব’লকচোন চাওঁগৈ কি সোমাইছেনো ঘৰত। 

বুলি দীপালিয়ে বৰমাকৰ লগতে তেওঁলোকৰ ঘৰলৈ বাট পোনালে।

ঘৰৰ ভিতৰত সোমাই তন্ন তন্নকৈ ইটো সিটো চাই থাকোঁতে আকৌ ভৰৰৰৰৰ শব্দ এটা হোৱাত বৰমাক জঁ‌পিয়াই উঠিল,

: সেইটো সেইটো আছেই এতিয়াও।

দীপালিয়ে বৰমাকৰ জাঁ‌প দেখি হাঁহিত ৰ’ব নোৱাৰিলে। হাঁহি হাঁহিয়েই “ৰ’বচোন কিবা এটা চাওঁ” বুলি প’ৰ্টিকতে থকা কাঠৰ চকীখনৰপৰা কুচনটো আঁতৰাই দিয়াত দেখিলে ফোনটো তাতে পৰি আছে। আৰু অলপতে ফোন এটা আহি ইতিমধ্যে কাট খাই গৈছে। 

: বৰমা এইটো চাওক আপোনাৰ ভূতটো। অতবেলি ইয়েই আপোনাক ভয় খুৱাই আছিল।

দীপালিয়ে কথাকেইটা কৈ বৰমাকৰ মুখলৈ চাই বুজিলে যে বৰমাকে মাথা মুণ্ড একো বুজা নাই। সেয়ে দেৰি নকৰি ফোনটো যে ভাইব্ৰেশ্যনত আছিল সেয়ে এনেকুৱা শব্দ হৈছিল আৰু ফোনটো নৰ্মেল মুডত দি দীপালি ঘৰলৈ ঘূৰি আহিল।

ঘনৰ মাকৰতো সেইটো ফোন লৈ সেইবোৰ লটিঘটি হৈছেই। ইফালে ঘনই স্মাৰ্ট ফোন লৈ ফেচবুক হুৱাটছএপ সৱতে একাউণ্ট খুলি দিনে দিনে খুউব স্মাৰ্ট হৈ গৈ আছে। পঞ্চম শ্ৰেণীটো কোনোমতে পাছ কৰা ঘনই আজিকালি ধুনু মাইনাবোৰক ভুলে শুদ্ধই ইনবক্সত “হাই কি ক্ৰিছা, হাউ আৰ ইউ” দিব পৰা হ’ল। এনেকৈ দিওঁতে কিমানজনীয়ে তাক জাৰিছে ঠিক নাই। সেইবোৰকে কৈ লগৰবোৰৰ ওচৰত ফুটনি মাৰোঁতে তাক আজিকালি লগৰ কেইটামানে “হাই কি ক্ৰিছা” বুলিয়েই মাত লগোৱা হ’ল। য’তেই অকণমান ভাল জেগা দেখে ঘন ছেল্ফি মুডত আহি যায়। আটাইতকৈ আচৰিত লাগে তাৰ ফেচবুকত শিক্ষা অৰ্হতা দেখিলে। গুৱাহাটী ইউনিভাৰ্চিটি আচলতে খাইনে পিন্ধেনে নজনা ঘনই ষ্টাডিড এট গুৱাহাটী ইউনিভাৰ্চিটি, ৱেণ্ট টু ডন বস্ক’ দি থৈছে‌। কোনেনো তাক বুদ্ধি দিলে সিহে জানে। মুঠতে ঘনৰ আজিকালি কাম-বন কৰাতকৈ ফেচবুক পঢ়াত মনোযোগ বেছি। অকণমান ৰাণ্ডা মাৰে তাৰপিছত আকৌ ফেচবুকত আপডেট দিয়া ফীলিং টায়াৰ্ড, ড্ৰিকিং ক’ল্ড ড্ৰিংকছ। সি ফেচবুকৰ এটা কথা আটাইতকৈ ভাল পাইছে  নিজেই একো লিখিব নালাগে তাত চব ৰেডীমেড থাকেই কমেণ্ট পৰ্যন্ত।

আজি কেইদিনমানৰপৰা তাৰ এটা নিচা লাগিছে ফেচবুকত। সেই বিদেশী লাকী বুঢ়ীজনীৰপৰা আমাৰ একেবাৰে জুৰীয়া সাপ দুডালৰ ফটো পৰ্যন্ত শ্বেয়াৰ কৰি নিউজ ফীড গেলাই দিছে। এইবোৰ শ্বেয়াৰ কৰিলে বোলে টকা সম্পত্তিয়ে উভৈনদী হৈ পৰে ঘৰ। জীৱনলৈ কামদেৱ, লক্ষীদেৱী সৱ বোলে একেলগে আহে। সেয়ে সি এইকেইদিন এইবোৰকে কৰি আছে। শ্বেয়াৰ কৰিয়েই সি ক্ষান্ত থকা নাই, লগতে ধাৰ-ধুৰ কৰি হ’লেও ঘৰলৈ বস্তু গোটাইছে। এনয়ো টকাবোৰ পালে সি সৱকে ধাৰবোৰ মাৰি দিব। লগতে যদি কেনেবাকৈ ছোৱালী এজনীও লটাৰীত লগাদি তাৰ জীৱনত লাগি যায়, বাকী থকা টকাখিনিৰে বোলে ক’ৰবাত ফুৰি আহিবগৈ। ঘনই যে ইমান ধুনীয়া পৰিকল্পনা কৰিব পাৰিব সি নিজেই গম পোৱা নাছিল। মাকে যদি এইবোৰ বস্তুৰ কথা সোধে সি ফুটনি মাৰি কয়, “তই এইবোৰ মাথা মাৰিব নালাগে, মই বস্তু গোটাই দিছোঁ তই এনজয় কৰ।” এইবোৰ কথা ভাবি তাৰ মাজে মাজে মনলৈ আহে আগতেই যদি ফেচবুকটো খুলিলেহেঁতেন সি ইমান দিন ৰাণ্ডা মাৰি কষ্ট কৰিবলগীয়া নহ’লহেঁতেন! ফটো দুখনমান শ্বেয়াৰ কৰি দিয়া হ’লেই হ’ল। ৰাইজে অকল আঙুলি এটাৰ জহত ইমান টকা ঘটি আছে, আৰু সি ইমানদিনে গাৰ সমস্ত বল প্ৰয়োগ কৰি মিস্ত্ৰীগিৰি কৰি ভাল মোবাইল এটা ল’ব পৰা নাছিল।

: ঐ ঘন, ঘন আছনে? ওলাই আহ, আজি যদি তই টকাবোৰ ঘূৰাব নোৱাৰ, তোৰ পিঠিত ৰাণ্ডা মাৰিম‌।

ৰাতিপুৱাই ঘৰৰ বাহিৰত হাল্লা শুনি ঘনৰ মাক ওলাই আহিল। 

: সি নাই নহয়, আজি দুদিনেই হ’ল।

মাকৰ কথা শুনি সৱেই জকজকাই উঠিল,

: তাক এনেকৈ এৰি দিয়া নহ’ব আইতা। উলিয়াই দিয়ক তাক। আমাৰপৰা টকাসোপা ধাৰলৈ আনি ঘূৰাই দিয়াৰ নাম নলয়।

কোনোবা এটা ভিতৰলৈ গৈ 

” এইটো দেখোন মোৰ দোকানৰপৰা লোৱা ফ্ৰীজটো। পইচা দিয়া নাই এইটোকে লৈ যাওঁ” বুলি কোনোবা এটাই আৰু এটাক ভিতৰলৈ মাতি ফ্ৰীজটো দাঙি লৈ গ’ল। তেনেকৈ যিয়েই যি পাৰে তেওঁলোকৰপৰা অনা বস্তুবোৰ উঠাই লৈ গ’ল। মাকে একো উৱাদিহ নাপাই 

“ফোনটোৱে কাল হ’ল অ’ বোপাই” বুলি হুমুনিয়াহ এটা কাঢ়ি মাত্ৰ নীৰৱ দৰ্শক হৈ চাই গ’ল ঘটনাবোৰ।

☆ ★ ☆ ★ ☆

7 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *