ফটাঢোল

মোজা আখ্যান-গীতাৰ্থ গোস্বামী

(১)   

শৈশৱৰ বন্ধু বৰ্মনৰ লগত একেলগে বঙাইগাঁৱলৈ গ’লোঁ চাকৰিৰ কামত। দুয়ো নিজৰ নিজৰ কাম সামৰি সন্ধিয়া কণিস্ক হোটেলত এটা ডাবল বেডৰ ৰূম বুক কৰিলোঁ। ঠাণ্ডা দিন বাবে ভালদৰে ভৰি-হাত ধুই মই  বিছনাতেই বহি মেনুখনত চকু ফুৰাই কিবা কিবি অৰ্ডাৰ কৰিলোঁ আৰু বন্ধুৱেও কবি সন্মিলনৰ যা-যোগাৰ কৰি আহি জোতা মোজা খুলি ফ্ৰেছ হ’বলৈ বাথৰূমত সোমাল। আৰু লগে লগে ৰূমটো মোজাৰ উৎকট দুৰ্গন্ধই ভৰাই তুলিলে। মই কিবাকে উশাহটো লৈ ভৰিৰে লঠিয়াই লঠিয়াই তেওঁৰ জোতা মোজা ৰূমৰ বাহিৰত থৈ আহিলোঁ আৰু পাৰ্ফিউমটো ৰূমফ্ৰেছনাৰ হিচাপে ব্যৱহাৰ কৰি কিবাকে এইবাৰলৈ বচালা বুলি পৰমপিতাক ধন্যবাদ এটা দিব লৈছিলোঁহে, তেনেতেই বন্ধু বাথৰূমৰপৰা ওলাই নিজৰ জোতা-মোজা ৰূমত নেদেখি, খঙতে মোক বকিবলৈ ধৰিলে আৰু ৰূমৰ ভিতৰত পুনৰ জোতা মোজা আনি মোক পুনৰ মৃত্যুৰ দুৱাৰদলিলৈ ঠেলি দিবলৈহে যেন এক প্ৰচেষ্টা হাতত ল’লে। কিছু আলোচনা আৰু কথাৰ কটা-কটিৰ পাছত এটা সিদ্ধান্ত লোৱা হ’ল যে, জোতা মোজাযোৰ ৰূমৰ একেবাৰে বাহিৰত নথৈ বাথৰূমত থ’ব আৰু সেইমতে পুনৰ তাৰ  ডিয়’ডৰেণ্টক ৰূম ফ্ৰেছনাৰ হিচাপে ব্যৱহাৰ কৰি ৰূমৰ দুৱাৰ খিৰিকি খুলি কিবাকে প্ৰাণবায়ু ওলোটাই আনিলোঁ। 

ৰাতিৰ আহাৰ গ্ৰহণ কৰি দিনটোৰ অৱসাদৰ বাবেই হওক বা পিছদিনা ৰাতিপুৱা ৬ বজাতেই ট্ৰেইন ধৰিব লাগিব বুলি চিন্তাতেই হওক সোনকালে শুই পৰিলোঁ। যিহেতু বন্ধুৰ পিছদিনাও বঙাইগাঁৱতেই কাম আছে সেয়ে তেওঁ আৰামত লাহে-ধীৰে শুব বুলি কৈ টিভি চাই চাই শেষৰ কবিতাটো অকলে পাঠ কৰি শোৱাৰ সিদ্ধান্ত ল’লে।

মাজৰাতি দেখোঁ মোৰ চাৰিওফালে সিংহই গুজৰিবলৈ ধৰিছে আৰু চাগে আগতে মাৰি থৈ যোৱা পহুৰ মাংস পচি উৎকট গোন্ধ ওলাইছে। সিংহৰ গোজৰ শুনি অৰণ্যৰপৰা পলাবলৈ লৈ চকু মেলি চাওঁ যে সেয়া মই সপোন আৰু দিঠকৰ দুৱাৰদলিত আছোঁ আৰু সিংহৰূপী স্বয়ং বন্ধু বৰ্মনে নাকেৰে গুজৰি আছে মোৰ কাষতে আৰু আমাৰ মাজত হোৱা চৰ্তাৱলী ভংগ কৰি জোতা মোজা পুনৰ ৰূমৰ ভিতৰতে থৈ দিছে। 

নিশা ২:৫০ ত বৰ্মনে ফাউল কৰা দেখি খঙতে অগ্নিশৰ্মা হৈ কি কৰোঁ, কি নকৰোঁ ভাবি তাৰ লেপটপ বেগটোৰ ভিতৰত টাৱেলখনেৰে মেৰিয়াই জোতাযোৰ এটা পকেটত আৰু আন এটা পকেটত মোজাযোৰ ভৰাই কিবাকে তাৰ ডিয়’ডৰেণ্টটো  শেষ হোৱালৈকে স্প্ৰে কৰি শুই গ’লোঁ। পুৱা ৬টা বজাত ট্ৰেইনত উঠি প্ৰায় গুৱাহাটী পাওঁ পাওঁ হওঁতেই বৰ্মনৰ ফোনটো অহাত ৰিচিভ কৰিলোঁ,

: হেল্ল’ বৰ্মন। উঠিলিনে?

(সিফালৰপৰা অশ্লীল শব্দৰ বৰষুণেৰে চিৎকাৰ কৰি উঠিলে)

বৰ্মন: অ’ই কুকুৰ মোৰ বেগটোত কিয় মোজা ভৰাইছিলি? এতিয়া একো কাপোৰ পিন্ধিব নোৱাৰোঁ, বেগটোও ল’ব নোৱাৰোঁ, ডিয়’ডৰেণ্টটোও  শেষ কৰি গ’লি! 

(গালিখিনিৰ সংশোধিত আৰু মাৰ্জিত ৰূপত প্ৰকাশ কৰা হৈছে)

 : ভালদৰে শুনা নাই ৰহ মই। গুৱাহাটীত লগ পাম দেই বুলি ফোনটো কাটিহে ৰক্ষা পৰিলোঁ।

 (২)

বন্ধু বৰ্মনৰ লগত এইবাৰ পাঠশালালৈ গ’লোঁ অন্য এজন বন্ধুৰ আইতাকৰ বছৰেকীয়া সকাম উপলক্ষে। সন্ধিয়া বহুপৰ হোৱা বাবে বন্ধুৰ তাগিদাত আমি নিশা তেওঁলোকৰ ঘৰতেই থকাৰ সিদ্ধান্ত ল’লোঁ। আগৰ তিক্ত অভিজ্ঞতাৰে পৰিপুষ্ট বাবে মই বেলেগ এটা কোঠাত থকাৰ সিদ্ধান্ত ল’লোঁ আৰু বৰ্মনক একে চোতালৰে  খুৰাকহঁতৰ ঘৰত ৰখাৰ ব্যৱস্থা কৰিলোঁ। ভাত-পানী খাই সকলো নিজৰ নিজৰ ৰূমত সোমোৱাৰ পিছত বৰ্মনেও নিজৰ জোতা মোজা খুলি শুব লৈছিলেহে,

অথন্তৰ লগালে নহয় খুৰীয়েকে, ৰাতি লাগিব বুলি পানী এক গিলাচ দিবলৈ আহি তেওঁৰ ৰূমত পদাৰ্পণ কৰিয়েই নাকত হাত দি ক’বলৈ ধৰিলে,

খুড়ী : ইচ কিবা মৰিছে যেন পাইছোঁ ৰূমটোত। কেনেকৈ শুবা। ৰ’বা খুড়াৰক মাতোঁ ভালদৰে চাই দিব ক’ত কি মৰিছে,

বৰ্মন : নাই নাই নালাগে দিয়ক ৰাতিখন খুড়াক মাতিব। মোৰ এনেয়ো চৰ্দি লাগি নাক বন্ধ হৈ আছে। মই একো অসুবিধা পোৱা নাই দিয়ক।

খুড়ীও নাছোড়বান্দা,

: ধেই কিযে কোৱা। কেনেকৈ শুবা এই দুৰ্গন্ধত, হেৰি শুনিছেনে,

বুলি কৈয়ে খুড়াক মাতিবলৈ বাহিৰলৈ ওলাই গ’ল। 

বৰ্মনেও পৰিস্থিতি বিষম দেখি তৰ্জাৰ বেৰৰ চিলিঙৰ ওপৰত এটা সৰু ফুটা দেখি সেইটোৰে নিজৰ মোজাযোৰ সুমুৱাই কিবাকে নিজৰ সন্মান বাচিলে বুলি দীঘলীয়াকৈ উশাহ এটা টানি উঠিলে কি নাই, খুড়া, খুড়ী আৰু খুড়াকৰ ল’ৰা নয়ন আহি বৰ্মনৰ ৰূমত হাজিৰ।

খু্ড়া : (বৰ্মনক উদ্দেশ্যি) বেয়া নাপাবা দেই ভাইটি, খুড়ীয়েৰাই কওঁতেহে গম পালোঁ। ক’ত যে কি মৰিলে। মেকুৰীজনীয়ে পোৱালি দিছিলে, তাৰেই চাগে পোৱালি ক’ৰবাত মৰিছে। এতিয়াই চাফা কৰি দি আছোঁ ৰ’বা। 

ঐ নয়ন, চাচোন ক’ত কি মৰিছে। বৰ বেয়া লাগিছে দেই আলহী ল’ৰাজন আহি এনে কষ্ট পাইছা….

বৰ্মন : নাই নাই খুড়া। একো নাই দিয়ক। মই দিগদাৰী পোৱা নাই। বতাহত চাগে আহিছিলে কিবা গোন্ধ। এতিয়া ইমান নাই….

নয়নেও বেচেৰাই বিছনাৰ তল, আলমাৰীৰ তল সকলোতে টৰ্চ মাৰি মাৰি একো নাপাই গোন্ধৰ উৎস বিচৰাত লাগিল আৰু নিশ্চিত হ’ল যে গোন্ধটোৰ উৎপত্তিস্থল চিলিঙৰ ওপৰত। 

নয়ন : নাই দেউতা ক’তো একো নাই। চিলিঙৰ ওপৰত এন্দুৰ মৰিছে চাগে।

বৰ্মন : হয় হয় ঠিকেই এন্দুৰেই হ’ব। একো নাই দিয়ক এতিয়া বহু ৰাতি হ’ল, আপোনালোকৰো বৰ ভাগৰ লাগিছে চাগে! শোৱকগৈ ৰাতিপুৱা চাম দিয়ক পোহৰ হ’লে।

খুড়া : ধেই এনেকে কেনেকৈ থাকিবা গোটেই ৰাতি! মানুহ মৰিব। ৰ’বা তোমাক নয়নৰ ৰূমত শোৱাৰ ব্যৱস্থা কৰি দিওঁ। নয়ন, যাচোন দাদাৰেক তোৰ বিছনাখন ঠিক কৰি দেগৈ আৰু বৰদেউতাৰ শোৱা নাই যদি জখলাডাল লৈ আহ। 

আমিও নয়নৰ লগতে জখলালৈ আহি খুড়াহঁতৰ ঘৰ পালোঁহি আৰু কি হৈছে চাবলৈ আহি মোৰ একেবাৰে চিনাকি গোন্ধটো পাই মুখেৰে কিবা ক’বলৈ লওঁতেই, বৰ্মনে মোক দেখি ভূত দেখাৰ দৰে হৈ মই মুখ খোলাৰ আগতেই ক’বলৈ ধৰিলে…

বৰ্মন : বেয়া নাপাব খুড়া সেয়া একো মৰা নাই, আচলতে মই মোৰ মোজাযোৰ ফুটাটোৰে সুমুৱাই থৈছোঁ। দুদিন মান ধোৱা হোৱা নাই মোজাযোৰ আৰু সেয়ে সকলো শোৱাৰ পিছত মই জোতা খুলিছিলোঁ, কিন্তু খুড়ীয়ে পানী দিবলৈ আহি সকলো খেলি-মেলি কৰি দিলে।

কথাখিনি কৈয়ে বৰ্মনে একদম নিৰ্বোধ বালকৰ দৰে মূৰ তলকৰি ৰ’ল।  লাজতে বেচেৰাৰ মুখখন একেবাৰে ৰঙা পৰি গ’ল আৰু খুড়া-খুড়ীয়েও মুখেৰে একো ন’কলেও দিনটোৰ ভাগৰ খং একেলগে উঠিলে যেনেকুৱা হয় তেনে এক অদ্ভুত চাৱনি দি ৰূমৰপৰা ওলাই গ’ল। 

বৰ্মনে ৰাতিপুৱাতেই বাকী সকলো শুই থাকোঁতেই মোকো এৰি গুৱাহাটীলৈ গমন কৰিলে।

☆ ★ ☆ ★ ☆

4 Comments

  • Pranita Goswami

    মোজাৰ গোন্ধে ভাল লটিঘটি কৰিলে।
    সুন্দৰ বৰ্ণনা।

    Reply
    • Anonymous

      সঁচাকৈ বাইদেউ পাহৰিব নোৱাৰা লটি-ঘটি

      Reply
  • ৰাজশ্ৰী শৰ্মা

    ধেৎ তেৰি😂

    Reply
    • Anonymous

      একদম সঁচা ঘটনা 😂😂😂

      Reply

Leave a Reply

Your email address will not be published.

error: Content is protected !!