মহাকাশ ভ্ৰমণ-আদিত্য জ্যোতি বৰঠাকুৰ
ঘৰৰ ওচৰৰ শিৱ মন্দিৰটোত আজি বিৰ দি বাট নোপোৱা অৱস্থা৷ সকলোৱে শিৱ বাবাৰপৰা কিবা খুজিবলৈ, শিৱ বাবাক কিবা ক’বলৈ উথপ-থপ লগাইছে৷ আমাৰ শ্ৰীমতীৰো শিৱবাবাক কিবা ক’বলৈ আছিল বাবে তেওঁক মন্দিৰত নমাবলৈ আহিবলগীয়া হ’ল৷ মন্দিৰত মানুহৰ ভীৰ দেখি শিৱবাবক এতিয়া মাত নলগাওঁ বুলিয়েই ঠিক কৰি শ্ৰীমতীৰ ঘোপাচকুকো আওকাণ কৰি মন্দিৰৰ সন্মুখত থকা পুতুকণদাৰ দোকানত সোমালোঁগৈ মানুহৰ আলেখ-লেখ চাওঁগৈ বুলি৷
শ্ৰীমতী সোনকালে মন্দিৰৰপৰা ওলাই আহিব নোৱাৰে বুলি নিশ্চিত হৈ পুতুকণদাৰ দোকানৰ পাছফালে “মল নিষ্কাষিত শ্বেত ধুম্ৰ দণ্ডিকা” এডালত অগ্নিসংযোগ কৰি মানুহকে চাই আছোঁ। মানুহৰ ভীৰ বাঢ়িয়েই গৈ আছে, চৌপাশ ধূপ-ধূনাৰ সুগন্ধেৰে মলমলাই উঠিছে৷ গোটেই পৰিৱেশটো লাহে লাহে ভাল লাগি গৈছে। লাহে লাহে বেছি ভাল লাগিবলৈ আৰম্ভ কৰিছে, দুনীয়াখন কিবা বেছি ৰঙীন ৰঙীন লাগিছে৷ বুজি গ’লোঁ, পুতুকণদাই আজি ভক্ত আৰু ভগৱানৰ সংযোগৰ ঠিকাটো লাভ কৰিলে, হওক হওক৷ মনটো কিবা ভাল লাগি গ’ল, কিমান মানুহে সংসাৰ ত্যাগী হৈ কঠোৰ সাধনা কৰিও ভগৱন্ত প্ৰভুৰ দৰ্শন লাভ কৰিব নোৱাৰে, তেনেস্থলত পুতুকণদাহঁতে কিমান সহজে এদিনৰ বাবে হ’লেও আমাক ভগৱন্তৰ কাষ চপোৱাইছে, মনটো ভাল লাগি গ’ল৷
এইবোৰ কিবাকিবি ভাবি থাকোঁতেই হঠাৎ অলপ ঠাণ্ডা লগা যেন লাগিল। বুজিলোঁ, জেগা পাই গ’লোঁহি৷ জেগাও মানে বিৰাট ধুনীয়া জেগাহে, মন-চন ভাল লাগি গ’ল৷ চাৰিওফালে ইমান শান্তি, ধোঁৱা-ধূলি, গেলা-পঁচা গোন্ধৰ নাম গোন্ধেই নাই, নাই হাই-হুৰুমি, চাৰিওফালে ৰঙীন ৰঙীন পৰিৱেশ৷ মনটো আকৌ ভাল লাগি গ’ল, লগতে মানুহ কিছুমানৰ কথা ভাবি হাঁহি উঠি গ’ল, হাঃ হাঃ হাঃ, মানুহ কিছুমানে যে এইবোৰ জেগা ফুৰিবলৈ ইমান টকা পইচা খৰছ কৰি আহে, ট্যুৰ পেকেজ লয়! হাঃ হাঃ হাঃ হাঃ ইমান সহজে আহিব পৰা জেগালৈ ইমান টকা পইচা খৰছ কৰি আহে, নিজৰ স্মাৰ্টনেচত নিজকেই গামোচা পিন্ধাই সম্বৰ্ধনা জনাবলৈ মন গ’ল৷
আহিলোঁৱেই যেতিয়া জেগাকণ অলপ ফুৰি চাকি ল’লোঁ, খা-খবৰ লৈ জানিব পাৰিলোঁ যে জেগাডোখৰৰ মালিক নাই, তললৈ গৈছে৷ তেতিয়াহে মন কৰিলোঁ আৰে মই দেখোন এটা বিয়াগোম পৰ্বতৰ ওপৰত, না লগত পৰ্বতাৰোহনৰ কিবা সা-সৰঞ্জাম, না বিশেষ গৰম কাপোৰ, আৰু নাই যি নাই কষ্ট একেবাৰে নাই৷ মনটো ভাল লাগি গ’ল। মানুহ কিছুমানৰ কথা ভাৱিহে হাঁহি উঠিল, কি কাণ্ডহে মানুহবোৰৰ, পৰ্বতাৰোহনৰ প্ৰশিক্ষণ-চশিক্ষণ লৈ এগালমান টকা পইচা খৰছ কৰি দুঃসাহসীক ক্ৰিয়াৰ নামত এইবোৰ কৰে, টিভি চেনেল খুলি মানুহক দেখুৱাই থাকে। আৰে, আমাক চাওকনা.. হাঃ হাঃ হাঃ হাঃ একবাৰে কম ‘ইনভেষ্টমেণ্ট’ত দুনীয়া ঘূৰি আছোঁ৷
অলপ সময় তাতে পং-পঙাই থাকি ঠাণ্ডা লগাত, ইফালে মালিককো ইয়াত লগ নাপাওঁ বুলি জানিব পাৰি তললৈ নামি যাওঁ বুলিয়েই ঠিক কৰিলোঁ৷ ঠিক কৰিলোঁহে, লগে লগে মই দেখোন আকাশত, ডাৱৰ-চাৱৰ ফালি সোঁ-সোঁৱাই তললৈ নামি আহিছোঁ, আঃ কি মজ্জা, পেৰাগ্লাইডিঙৰ মজ্জাই বেলেগ, বুজাইহে বুজিব৷ নামি নামি চিধাই পুতুকণদাৰ দোকানৰ পাছফালে অলপ থেকেচা এটা খোৱাৰ দৰে লাগিল, কিন্তু মজ্জা লাগিল!
মন্দিৰৰ ফালে চাই দেখোঁ, মন্দিৰত মানুহৰ ভীৰ এতিয়াও কমা নাই; কিন্তু মানুহবোৰে ইমান হাঁহি আছে কিয়! ৰাম ৰাম, মন্দিৰৰ সন্মুখতেই আছোঁনে ‘ফটাঢোল’ৰ বাকৰিতে আছোঁ ধৰিবই পৰা নাই! শ্ৰীমতী এতিয়াও মন্দিৰৰপৰা ওলোৱাই নাই, ইমান দেৰী হ’ল, মানে বাবাক ব’ৰ কৰিহে মন্দিৰৰপৰা ওলাব যেন পাইছোঁ। ঘড়ীটো চাই দেখোঁ সময়ো বেছি হোৱা নাই, অথনিৰপৰা পোন্ধৰ মিনিটমানহে গৈছে৷ মন্দিৰত যি ভীৰ, শ্ৰীমতীতো শিৱবাবাৰ কাষেই চাপিব পৰা নাই, হাঃ হাঃ হাঃ একচক্কৰ আৰু মাৰিয়েই আহোঁগৈ….হৰ হৰ মহাদেৱ…ব’ম ভোলে…!
: পুতুকণদা অ’…..
☆ ★ ☆ ★ ☆