ফটাঢোল

এগৰাকী দক্ষ বিষয়া গঢ়াৰ আয়োজন-দীক্ষিতা বৰা

ভাললগা খবৰ এটাই ঘৰখন ঢৌৱাই গ’ল পুৱা বেলাতে। কথা বুলিলেই বতাহ, খবৰটো সোনকালেই বিয়পি পৰিল। পৰিয়াল, ইষ্ট-কুটুম্ব, ওচৰ-চুবুৰীয়া, সকলোৰে শুভাশীষ আৰু অভিনন্দন বাৰ্তাবোৰ আহিবলৈ ল’লে ঘন ঘনকৈ। ঘৰখন ক্ষন্তেকতে উদুলি-মুদুলি হৈ পৰিল। ইমান দিনৰ পৰম আকাংক্ষিত খবৰটো হঠাতে এনেকৈ আহি পোৱাত কাৰনো ভাল নালাগিব? ওচৰতে থকা আত্মীয়সকল এজন দুজনকৈ আহি ওলালহি। বাকীসকলেও চমুকেই এদিন অহাৰ কথা ক’লে। এনে আনন্দময় সময়ত জানো কোনোবা নিমন্ত্ৰণৰ বাবে ৰৈ থাকে? স্বতঃস্ফূৰ্তভাৱেই আহি ওলাইহি আশীষ আৰু শুভকামনা লৈ। 

ঘৰখনৰ ছোৱালীজনীয়ে ৰাজ‍্যিক লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। ফাইলৰ মেৰপাকত আৱদ্ধ হৈ দুবছৰৰপৰা ৰৈ থকা খবৰটো হঠাত আহি পোৱাত সকলো খুবেই আনন্দিত। অতি সোনকালেই তাই এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ পথত। খবৰটো নিশ্চয়কৈ উৎসাহ আৰু আশাভৰা। সকলোৱে মিলি এটা প্ৰীতি ভোজৰ আয়োজন কৰাৰ কথা ঠিক হ’ল। কি নিমন্ত্ৰণ-কৰ্তা কি নিমন্ত্ৰিত,  আয়োজনবোৰ ঘৰে ঘৰে চলিল। আৰু অৱশেষত, বন্ধৰ দিন এটিত আটাইবোৰ আত্মীয়-স্বজন মানুহ ঘৰৰ চোতালত লগ হ’ল, হাতে হাতে মৰমৰ উপহাৰ। আনন্দবোৰ সকলোৱে ভগাই লৈছে, কণিষ্ঠসকলৰ বাবে তাই আদৰ্শস্বৰূপা হৈ পৰিছে। আয়োজনৰ লগে লগে চলি থাকিল আলোচনাবোৰ, বিভিন্ন আৰ্থ-সামাজিক তথা ৰাজনৈতিক বিষয়ৰ আলোচনাই সেই সচেতন নাগৰিক সকলৰ মাজত ঠাই পালে।

: আচল নিয়ম মতে এইটো পৰীক্ষা প্ৰতি বছৰে পাতিব লাগে জানেনে? কিন্তু এয়া চাওক, দুবছৰৰ আগৰ পৰীক্ষাৰ ৰিজাল্টটো এই এসপ্তাহৰ আগত আহিছে মাত্ৰ ।

: হয় দিয়ক, কোনো কথাত নীতি নিয়ম মানি নচলে। দেশখন তেনেই অৰাজক হ’ল বুজিছে। 

: হয়হে, এই মন্ত্ৰী-আমোলাবোৰেই অনীতি অনিয়মেৰে ভৰালে দেশখন। কথাই কথাই ঘোচ, সকলো ৰঙা ফিটাৰ পাকত বন্দী ।

: পিচে এতিয়া এটা কথা ভাল হৈছে, এই যে নতুন ল’ৰা-ছোৱালীবোৰ উঠিছে, ইহঁত কিন্তু এইবোৰৰ বিৰুদ্ধে ওলাই আহিছে। মই বহুতকে দেখিছোঁ তেনেকুৱা, অনিয়মৰ বিৰোধী সিহঁত।

: ….

: ……

আলোচনাবোৰ এনেকৈয়ে চলি থাকিল। আৰু শুভাকাংক্ষী অতিথি আহি থাকিল। সেই আয়োজনৰ মূল কেন্দ্ৰবিন্দু ছোৱালীজনীক লৈয়ো অনেক আলোচনা হ’ল। তাই পৰিয়ালৰ সকলোৰে নাম উজ্বলাই তুলিলে। তাত উপস্থিত কণ কণ ল’ৰা ছোৱালীহঁতক জ‍্যেষ্ঠসকলে তাইক আদৰ্শ ৰূপে লৈ আগবাঢ়ি যাবলৈ উৎসাহ যোগালে। এতিয়া এগৰাকী দক্ষ বিষয়া হৈ দেশৰ দহৰ উন্নয়নৰ বাবে কাম কৰি যাব, অন‍্যায় দুৰ্নীতিৰ বিৰুদ্ধে থিয় দিব, সদায় নিয়মৰ পথত চলিব, সেয়াই সকলোৰে কাম‍্য।  মুঠতে তাইক এগৰাকী নীতি-সংগত দক্ষ বিষয়া হিচাপে চাবলৈ সকলো কিমান আশাবাদী, সেই কথা বুজোৱাত কোনেও খুঁত নাৰাখিলে।

হঠাতে ৰান্ধনিশালৰফালে সৰুকৈ এটা হুলস্থুল হ’ল। অলপ আগতে ভালকৈ পঢ়ি শুনি সেই বাজনীৰ দৰে হ’বলৈ বুজাই থকা সৰু ল’ৰা ছোৱালীহঁতক মাকহঁতে এইবাৰ পিছফালে মাতিলে, ডাঙৰ ডাঙৰ চিতল মাছ চাবলৈ। দেউতাকৰ বন্ধু এজন নিজে আহিব নোৱাৰি দি পঠিয়াইছে সেয়া আনৰ হাততে। ঠিক তাৰপিছতে দূৰণিবটীয়া সৰু চহৰ এখনত থকা ছোৱালীজনীৰ সৰু মাহীয়েকগৰাকীও আহি পালেহি। তেওঁৰ হাতৰ টোপোলাটো উলিয়াই থোৱাত ৰান্ধনি ঘৰত থকা আটায়ে তাত উবুৰি খাই পৰিল চাবলৈ। মানুহগৰাকীৰ চকুত আনন্দ আৰু গৌৰৱৰ চিন বিৰাজমান। কিন্তু কণ্ঠত কিছু বিষাদ মিহলি কৰি তেওঁ ক’লে,

: কেৱল দুটাহে পৰিল জাননে, তাৰো অলপ ভাগ ৰাখিলে সিহঁতে। ইফালে আকৌ লৰালৰিৰ সময় বুলি পইচাও বেছিকৈ লৈছে।

: ইচ… চাঞ্চ পালেই এনেকুৱা কৰে ন এই সুবিধাবাদী মানুহবোৰে।

: তথাপিও কিন্তু তোমালোকৰ ভালেই সুবিধা, মন কৰিলেই যে পাব পাৰা। আমাৰ ফালে আকৌ দুপইচা বেছিকৈ দিম বুলিলেওতো পাবলৈ নাই ।

: সেইটো অৱশ্যে হয়, অলপ ভিতৰুৱা খবৰ ৰখা মানুহ হাতত ৰাখিলেই সহজে পোৱা যায়। অলপ ৰিস্ক থাকে, কিন্তু ইমান ভাল বস্তুটো পাবলৈ সেইখিনি হেণ্ডল কৰিব লাগিবই আৰু! 

মাহীয়েকৰ কণ্ঠত এইবাৰ গৌৰৱৰ সুৰ। 

সমাজ সচেতনতাৰ কথাবোৰে লাহে লাহে মানুহবোৰক আমুৱালে। আলোচনাৰ বিষয়বোৰ আনফালে ঢাল খালে। আৰম্ভ হ’ল অতীত সোঁৱৰণ, নিজৰ কৰ্মজীৱনৰ অভিজ্ঞতাৰ কাহিনীবোৰৰ ৰসস্বাদন কৰিলে আটায়ে। ৰন্ধা-বঢ়াৰ কাম শেষ হৈছিল। খোৱাৰ মেজত বহিবলৈ সকলোলৈকে নিমন্ত্ৰণ আহিল। খোৱাৰ মাজতে অন্যান্য ধেমেলীয়া কথাই ঠাই পালে।

: মই যেতিয়া সেই পাহাৰীয়া ঠাইখনত আছিলোঁ, এজন বৰ মজাৰ মানুহক লগ পাইছিলোঁ। কাথেৰ গাঁওবুঢ়া বুলিলে আৰু সেই ঠাইখিনিত বুলিবলৈ নাই ।

: মানুহজনৰ নামটো ময়ো শুনিছোঁ দেই, সেইফালে থকা আন কাৰোবাৰ মুখেৰে। কালৈকো ডৰ নকৰে বোলে তেওঁ।

: হয় হয়, একদম খাৰাংখাচ মানুহ। যি ভাবে মুখৰ আগত কৈ দিয়ে। তাৰে এটা কাহিনী কওঁ শুনক।

: হয় হয় কওকচোন।

কেইবাখনো কৌতূহলী মুখে সেইফালে মূৰ দাঙি চালে।

: এবাৰ কি হ’ল, ফৰেষ্টৰ এজন অফিচাৰ আহিল। পি.ডব্লিউ.ডি.ৰ  আই.বি.তে আছেহি। পিছদিনা গাঁৱত এখন মিটিং পাতিলে, প্ৰকৃতি সংৰক্ষণৰ বিষয়ত গাঁৱৰ মানুহক বুজাব। এই যে জংঘলবোৰ কাটি নষ্ট কৰিব নালাগে, অকাৰণত জীৱ জন্তু মাৰি হানি কৰিব নালাগে, হাবি বন জ্বলাই দিব নালাগে… এই বিষয়ে কিবাকিবি বুজালে। সেই সময়ত আকৌ তাত পহু বহুত ওলাইছিল, সিপাৰৰ পাহাৰটোৰ পৰা নামে। অফিচাৰে বুজালে যে পহুবোৰ আপুৰুগীয়া জীৱ, সংৰক্ষণ কৰিব লাগে। মাইকী পহুৱে পোৱালি দিয়ে, গতিকে সিহঁতক মাৰিব নালাগে, নহ’লে পহুবোৰ নাইকিয়া হৈ যাব একেবাৰে। তাৰপিছত এইবাৰ গাঁওবুঢ়া থিয় হ’ল ভাষণ দিবলৈ। তেওঁ আকৌ বেছি কথা নকয় নহয়, যি ভাবে চমুকৈ  কেই-আষাৰ মানতে কৈ থয়।

: সেইবাৰ কি ক’লে তেওঁ?

: গাঁওবুঢ়াই ক’লে, “ছাৰেতো ভাল কথাই কৈছে, পহুবোৰ ৰাখিব লাগে। মাইকী পহুৱে পোৱালি দিয়ে কাৰণে মাৰিব নালাগে। কিন্তু এতিয়া জংঘলৰ মাজত পহুটো ওলালে লেংগুৰটা দাঙি চাই কোনে গুলি কৰিব?

: তাৰপিছত…

: তাৰপিছত আৰু কি, অফিচাৰে ঠোঁট-মুখ চেলেকি সামৰণি ভাষণ এটা দি মিটিং সামৰি দিলে।

সমূহীয়া হাঁহিৰ শব্দত খোৱা ঘৰটো ৰজনজনাই উঠিল। মাহীয়েকে আনি দিয়া, তিল দি ৰন্ধা পহুৰ মাংসৰ টুকুৰাবোৰ হাতে হাতে লৈ সমাজৰ দায়িত্বশীল নাগৰিকসকলে হাঁহি উঠিল। বিলনীয়াই তেতিয়া দ্বিতীয়বাৰৰ বাবে চিতল মাছৰ জোল বিলাই আছিল, ছোৱালীজনীৰ দেউতাকৰ বন্ধু বিট অফিচাৰ এজনে সংৰক্ষিত বিলত জাল মৰাই দি পঠিওৱা মৰমৰ টোপোলা।

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *