ফটাঢোল

ধৈই পাগলী-ভূপালী দেৱী

: ঐ তোৰ কাম-বন নাই, গাভিনী শিয়ালৰ দৰে দিনৰ দিনটো বিছনাতে পৰি থাক যে৷ হেৰৌ পঢ়া-শুনাতো কলিতে মৰহাই পেলালিয়েই, এতিয়া এজনী চপাই লৈ মাৰক অলপ সহায়কণ কৰি দে৷

 বাহিৰৰপৰা মাকৰ গালিবোৰ এখন কাণেৰে শুনি আন এখন কাণেৰে গতিয়াই বাহিৰ কৰি দি অণুপে লেপখন মূৰৰ ওপৰলৈ টানি আকৌ শুই থাকিল৷

অণুপ পঢ়া শুনাত সিমান এটা বেয়া নাছিল যদিও অভিনেতা হোৱাৰ পোকটো মূৰত সোমোৱাৰ পৰাই পঢ়া-শুনা সকলো ওপৰ মহলা মানে মূৰৰ এটা কোণত আবদ্ধ কৰি থ’লে৷ পানী নাপালে গছপুলি মৰহি যোৱাৰ দৰে তাৰ মগজুটোও কামত নলগাৰ ফলত মামৰে ধৰিবলৈ আৰম্ভ কৰিলে৷ বয়স দুকুৰি পাৰ হোৱাৰ পিছতো একো এটা  উপাৰ্জনৰ পথ বাচি নলৈ অনবৰতে বিছনাত পেট পেলাই শুই কেৱল অভিনেতা হোৱাৰ সপোন দেখি থাকে৷ অভিনেতা হ’বৰ কাৰণেও যে কষ্ট কৰিব লাগে সেইটো হ’লে বপুৰাই বুজি নুঠিলে৷ তাৰ এই মতি গতি দেখিয়েই মাক দেউতাকে তাৰ বিয়াখনকে পাতি দিয়াৰ কথা ভাবিলে৷ হয়তো এজনী চপাই ল’লে সি তাৰ দায়িত্বখিনি বুজি পাব কিন্তু কথা হ’ল এটকা এটাও উপাৰ্জন নকৰা ল’ৰা এটালৈ কোনেনো নিজৰ মৰমৰ ছোৱালীজনী গটাব৷ অণুপৰ দেউতাক এজন হাত দীঘল মানুহ৷ তেখেতেই লাগি মেলি ওচৰৰে স্কুল এখনত তাক চকীদাৰৰ চাকৰিটো দিয়ালে৷ সিও একো কষ্ট নকৰাকৈ চাকৰিটো পাই আনন্দত মতলীয়া হ’ল৷ মাক দেউতাকৰ এটা চিন্তা দূৰ হ’ল যদিও তাৰ কাৰণে ছোৱালী এজনী বিচাৰি ক’ত পাব সেই চিন্তাটোৱেহে তেওঁলোকক বৰ বেয়াকৈ আমনি কৰিবলৈ ধৰিলে৷

বহুতো বিচাৰ খোচাৰ কৰাৰ পিছত তেওঁলোকৰ ওচৰৰে গাঁওখনৰ এজনী ছোৱালীৰ খবৰ পালে৷ ছোৱালীজনীৰ পঢ়া শুনা নাই যদিও কামেকাজে দেখা-শুনাই ভাল বুলি শুনি অণুপৰ মাক দেউতাকে ছোৱালী চাবলৈ গ’ল৷ তেওঁলোকৰ পচন্দ হোৱাত অণুপকো এদিন গৈ চাই আহিবলৈ ক’লে৷ কথাষাৰ শুনি তাৰ মনটো একদম গাৰ্ডেন গাৰ্ডেন হৈ গ’ল আৰু আনন্দতে তাৰ মুখেৰে বিয়ানাম এফাঁকি ওলাই আহিল

“কলীয়া তুলসী জুপিৰ চকলীয়া পাত

   চকলীয়া পাত

   যজ্ঞত বহি ৰামচন্দ্ৰই 

   জলত দিছে হাত৷”

দেওবাৰ এটাত অণুপে তাৰ লগৰ এজনৰ লগত কইনা চাবলৈ ওলাল৷ মনত যে কিমান লাড্ডু ফুটি আছিল তাৰ৷ মাক দেউতাকে বুজাই দিয়া ধৰণে হাতত মিঠাইৰ টোপোলা লৈ কইনা ঘৰ পালে৷ হ’বলগীয়া জোঁৱাইক দেখি ছোৱালীৰ মাক-দেউতাকে বৰ আগ্ৰহেৰে বহিবলৈ দি দুগিলাচ পানী আনি সিহঁতৰ আগত দি কথা পতাত লাগিল৷

অণুপৰ চকু কিন্তু দুৱাৰত ওলমি থকা পৰ্দাৰ ওপৰতহে৷ কেতিয়া তাৰ হ’বলগীয়াজনী পৰ্দা গুচাই আহি তাৰ কাষত বহিব, কেতিয়া তাইৰ ধুনীয়া মুখখনি দেখা পাব, কেতিয়া তাইৰ  মনপৰশা মাত শুনিব ইত্যাদি ইত্যাদি ভাবনাই তাৰ মনটো অস্থিৰ কৰি তুলিছিল৷ মাক দেউতাকে ভাৱী জোঁৱাইক এটাৰ পিছত এটা বিধে-বিধে খোৱা বস্তুৰ যোগান ধৰিয়েই আছে কিন্তু ছোৱালীৰ হ’লে দেখা দেখি নাই৷

বন্ধুুজনে লাহেকৈ অণুপৰ কাণত ক’লে,

: মই হ’লে কেচটো ভাল দেখা নাই৷ আমাৰ খোৱা লোৱাও শেষ৷ মাক দেউতাকৰ লগত কথা পতাও শেষ৷ এতিয়ালৈ ছোৱালীয়ে মুখখনেই দেখা দিয়া নাই যে?

অণুপে তাক কেৰাহীকৈ চাই মনে মনে থাকিবলৈ ক’লে যদিও কিবা এটা যে গণ্ডগোল আছে  তাৰ মনতো  সন্দেহ নজন্মা নহয়৷ এক ঘণ্টা, দুই ঘণ্টা কৰি সময়বোৰ পাৰ হৈ আছে কিন্তু ছোৱালীৰ হ’লে দেখা দেখিয়েই নাই৷ ধৈৰ্য হেৰুৱাই অৱশেষত অণুপে ছোৱালীৰ দেউতাকক ক’লে,

: বহু সময় হ’ল, আমি এতিয়া উঠিব লাগিব৷ বেয়া নাপায় যদি ছোৱালীজনীক এবাৰ মাতি দিব নেকি?

কথাষাৰ শুনি ছোৱালীৰ মাক-দেউতাকে দুয়ো দুয়োৰে মুখৰ পিনে চাই ইংগিতত কিবা কথা পতা দেখি অণুপৰ বুজিবলৈ অলপো বাকী নাথাকিল যে কিবা নহয় কিবা গণ্ডগোল আছেই৷

মাক-দেউতাক ভিতৰলৈ সোমাই গৈ বহু দেৰিলৈ ওলাই নহা দেখি সি ভিতৰলৈ সোমাই গৈ চকী এখনত ছোৱালী এজনী বহি থকা দেখিলে৷ ছোৱালীজনীৰ পিন্ধনত এযোৰ ধুনীয়া মেখেলা চাদৰ, ওঁঠত কাঢ়া লিপষ্টিক, কঁপালত টিৰবিৰাই থকা ৰঙা ফোঁট এটি আৰু মূৰত এখন চুৰ্ণী৷ অণুপে যাওঁ নাযাওঁ কৈ তাইৰ ওচৰলৈ গৈ সুধিলে,

: তুমিয়েই জোনালী নহয় জানো?

তাই লাহেকৈ মূৰ দুপিয়াই হয় বুলি ক’লে৷

: তেন্তে তুমি ইমান সময়ে ওলাই যোৱা নাছিলা কিয় আৰু মূৰত এই চূৰ্ণীখন আকৌ কিয়?

অণুপৰ কথাৰ সুৰত খং ভাবটো জিলিকি উঠিছিল৷

জোনালীয়ে দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি মূৰৰপৰা চূৰ্ণীখন আঁতৰাই ক’লে,

: এইটো কাৰণতেই যোৱা নাছিলোঁ৷

তাইক দেখি অণুপৰ মূৰটো ঘূৰোৱা যেন লাগিল৷ চকুৰে সকলো আন্ধাৰ দেখিলে৷

: তোমাৰ জন্মৰপৰাই এনেকুৱা নেকি?

অণুপৰ জোনালীলৈ পোনপটীয়া প্ৰশ্ন৷

তাই বহাৰপৰা উঠি ঘটি যোৱা ঘটনাটো তাৰ আগত বিবৰি ক’বলৈ ধৰিলে,

: আপুনি মোক চাবলৈ অহাৰ কথাটো গম পাই মোৰ বান্ধৱী এজনীয়ে কোৱা ধৰণে চুলিকোঁচা বেছি উজ্জ্বল কৰিবৰ বাবে ৰাতিয়ে কলাখাৰৰ বটলৰ ঢাকোন খুলি তাৰপৰা এটোপ দুটোপ কৰি হাতৰ তলুৱা ভৰ্তি কৰি কলাখাৰ চুলিকোঁচাত সানি শুই আছিলোঁ৷ মুখত জুবিনদাৰ মায়াবিনী গীতটোৰ গুণগুণনি৷ পুৱা উঠি চুলিকোঁচা চেম্পুৰে ধুই দিয়াত মূৰৰ গোটেই চুলি আহি মোৰ হাতত আৰু মই মূৰটো ঘূৰাই বাথৰূমৰ মজিয়াত৷

অণুপৰ মুখেৰে অজানিতে “ধৈই পাগলী” বুলি শব্দ দুটা ওলাই আহিল৷ কইনা চোৱাৰ পৰ্ব সেইখিনিতে সামৰি দুয়ো ঘৰমুৱা হ’ল৷

☆ ★ ☆ ★ ☆

2 Comments

  • Anonymous

    ধুনীয়া লাগিছে পঢ়ি

    Reply
  • ডলী

    হাঃ হাঃ। মজা লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *