ফটাঢোল

বৰুৱানীৰ বিলৈ-পল্লৱী কৌশিক শৰ্মা

ৰাতিপুৱাই বৰ ধুনীয়া সপোন এটা দেখি সাৰ পালে মিছেছ বৰুৱাই। আনন্দ মনেৰে শোৱনি কোঠাৰপৰা বাহিৰলৈ ওলাই আহিল তেওঁ। বাহিৰখন কুঁৱলীয়ে চানি ধৰিছিল। গেটৰ লগতে থকা শেৱালিজোপা ডাল ভৰি ফুলি, আমোল-মোলাই তুলিছিল চৌপাশ। মিঠা সুগন্ধি অলপ বতাহত ভাঁহি আহি বৰুৱানীৰ নাকতে লাগিল। গোন্ধটো উজাই উশাহৰ লগত একাত্ম কৰি লৈ লাহে লাহে তেওঁ শেৱালিজোপাৰ দিশে আগুৱাই গ’ল আৰু তলসৰা শেৱালিবোৰ চাদৰৰ আঁ‌চলতে বুটলি মুখৰ ভিতৰতে কবিতা এটা গুণগুণাবলৈ ধৰিলে।

শেৱালিজনী বৰ অভিমানী,

সূৰুযৰ সৈতে তাইৰ নমতা-নমতি…

: হ’ৰা আজি ৰাতিপুৱাই দেখোন মুখেৰে কবিতা ওলাইছে। সূৰ্য্য দেৱতাই পশ্চিম দিশৰপৰা ভুমুকি মাৰিলে নেকিহে? এনেইচোন পুৱাই পুৱাই কামৰ বিৱৰণ দাঙি ধৰি টেঁটু ফলা চিঞৰকেইটাহে ওলাই তোমাৰ মুখৰপৰা।

প্ৰাতঃভ্ৰমণৰপৰা উলটি অহা বৰুৱাৰ মাতত থতমত খাই উঠিল বৰুৱানী। কিয়নো জানো মনটো আজি ইমান চঞ্চল হৈ পৰিছে? অৱশ্যে নহ’বনো কিয়! দুৰ্গা পূজালৈনো কেইটা দিন বাকী আছেগৈ। উৎসৱমুখৰ দিনবোৰত মনটো ৰঙীয়াল হৈ পৰাৰ যুক্তি থাকেই। তাতে কেইসাজ কাপোৰ ল’ব, কি কৰিব, ক’ত ফুৰিব.. দীঘলীয়া লিষ্ট এখন জানো বনাই ৰখা নাই মনে মনে!

: আহি পালেহি আপুনি। নাই এনেইহে। ফুলজোপা দেখি ভাল লাগি গ’ল। ব’লক, চাহ কাপ খাই লওক গৈ। 

শেৱালি ফুলবোৰ নাকৰ ওচৰলৈ আনি গোন্ধটো টানি লৈ বৰুৱানী খৰখেদাকৈ ভিতৰলৈ সোমাই আহিল। ইফালে বৰুৱাই বাতৰি কাকতখন হাতত লৈ দেশ-বিদেশৰ খবৰবোৰত মনোনিৱেশ কৰাত লাগিল। বাতৰি কাকতৰ পৃষ্ঠাবোৰত ক’ত কিমান ডাঙৰ পূজাৰ পেণ্ডেল সাজি উলিয়াবলৈ মনস্থ কৰিছে, কোনখন পেণ্ডেলত কিমান ফুট ওখ প্ৰতিমা নিৰ্মান কৰা হৈছে, কোনখন পেণ্ডেলৰ বাজেট কিমান.. কেৱল সেইবোৰৰ হিচাপ নিকাচ। 

বিৰক্তিৰে পেপাৰখন টেবুলতে থৈ বৰুৱা ভোৰভোৰাই উঠিল .. ”মানুহে এমুঠি অন্নৰ যোগাৰ কৰিবলৈ উপায় নোপোৱা হৈছে, শাৰদীয় পূজাভাগৰ নামত ইমানবোৰ জাক-জমকতা অৰ্থহীন নহয়নে? বজাৰত বস্তুৰ জুই চাই দাম। তেনেস্থলত পূজাৰ নামত খৰছ কৰিবলগীয়া টকাখিনি যদি দুখীয়া নিছলাৰ কামত অহাকৈ কিবা এটা কৰিয়েই খৰছ কৰিলে হয়!”

তেনেকুৱাতে নেমু দিয়া লাল চাহ দুকাপ আৰু মেৰিগ’ল্ড বিস্কুইট দুটামান প্লেট এখনতে লৈ, বৰুৱাক চাহ কাপ আগবঢ়াই দি বৰুৱানী বৰুৱাৰ কাষৰ খালী চকীখনতে বহি পৰিল। টেবুলৰ ওপৰৰপৰা পেপাৰখন হাতত লৈ মানুহজনীৰ দুচকু উজ্জ্বলি উঠিল..

: হেৰি, পূজা পালেহিয়েই ন’? কিমান যে ভাল লাগে অ’ পূজাভাগ আহিলে। এনে লাগে যেন স্বৰ্গৰপৰা নামি অহা দেৱী মাক আদৰি আনি আমাৰ ঘৰতে ৰাখি থ’ম। 

: হয় দিয়া। দেৱী পূজাৰ দিনকেইটাত মনটো বেলেগ ধৰণৰ সুখানুভূতি এটাৰে ভৰি পৰে। পিচে মই হ’লে পূজা বুলিয়েই এই অনৰ্থক খৰছবোৰৰ ঘোৰ বিৰোধী দেই। যথাৰীতি নিয়মখিনি মানি, মনৰ শুদ্ধিৰে দেৱীক পুঁজিলে দেৱী মা তাতেই সন্তুষ্ট হয়। এই অযথা খৰছবোৰ কিয় কৰিব লাগে? 

: কথাটো মিছা নহয় বাৰু। কিন্তু পূজাভাগ বছৰত এবাৰহে আহে। তাতে দুৰ্গা পূজা বুলিলে সকলোৰে কিমান উল্লাস! হওঁতে, এইবাৰ আপোনাৰ পূজাৰ বাজেট কিমাননো কওকচোন বাৰু!

বৰুৱানীৰ কথা শুনি বৰুৱাই বুজিলে..’অব আয়া উট পাহাৰ কে নিচে।’ ইমানদিনে যে পূজাৰ বাজেটৰ হিচাপ নোলোৱাকৈ আছিল মানুহজনী চাবলৈ গ’লে আচৰিত হোৱাৰে কথা। প্ৰতি বছৰে ঘৰৰ ‘দেৱীমা’গৰাকীক কাপোৰ-কানি, গহনা-গাঁথৰিৰে সজোৱাৰ নামত, পূজাৰ বানচ বুলি পকেটলৈ অহা টকাকেইটাৰ আধাতকৈ বেছি তেওঁ দোকানে দোকানে যে বিলাব লগা হয় কিয় বাৰু পাহৰি আছিল? 

: মানে? কি বাজেটৰ কথা কৈছা।

(বৰুৱাই নুবুজাৰ দৰে বৰুৱানীক প্ৰশ্ন কৰি লগতে তেওঁৰ ধাৰ-ধুৰবোৰৰো লিষ্ট এখন গাবলৈ ধৰিলে।)

: এইবাৰ পূজাৰ কথা একো ভবাই নাই বুজিছা। গাড়ীৰ ল’ন মাৰিব লাগিব। ঘৰটোৰ মেৰামতিৰ নামত পকেট উদং কৰি থৈছোঁ‌। দত্তৰপৰা ধাৰে লোৱা টকা দহহাজাৰ ঘূৰাই বিচাৰি, মানুহজনে যে কেইদিন ফোন কৰিছে..! লাজেই পাইছোঁ মই। তেওঁৰো টকাকেইটা যেনেতেনে ঘূৰাই দিব লাগিব।

: কিয় পূজা বুলি বানচ তানচ নাপাব জানো? আপুনি এইদৰে ক’লে কেনেকৈ হ’ব। বিশেষ একো নালাগে বাৰু মোক, কিন্তু দুযোৰমান কাপোৰতো ল’বই লাগিব দিয়কচোন। পূজা ঘৰলৈ বাৰু পুৰণাবোৰকে আঁৰি যাম নে? 

: কি ক’লা, কি ক’লা? দুযোৰমান? হ’ৰা, ইমান নাই নাই কিয় কৰি থাকাহে? সৌ সিদিনা ভাগিন ল’ৰাৰ অন্নপ্ৰাসন বুলি পদ্মিনী চিক্লৰ কাপোৰ এযোৰ লোৱা নাছিলা নে..? 

: বাঃ বৰ হিচাপ ৰাখে দেখোন। সেইযোৰ কিমানবাৰ যে পিন্ধিলোঁ..! পূজা বুলিও তাকে পিন্ধিম নে কিবা। চেণ্ডেলযোৰৰো যে ছিগো ছিগো অৱস্থা তাৰ হিচাপ পিচে ৰাখিছে নে নাই?

: অ’ এইবাৰ মানে চেণ্ডেলো লাগিব। তোমালোক মাইকীবোৰৰপৰা শান্তি নাইহে। হাতত লক্ষ্মী কেনেকৈ ৰাখোঁ, যদি পিন্ধা উৰাতে শেষ কৰিব লগা হয়। মোক দেখিছা নে, সেই দুই তিনিটা চাৰ্টৰে অফিচ, বিয়া, সকাম-নিকাম, উৎসৱ-পাৰ্বন কি দৰে চলাই দিওঁ।

: আপুনি জধলা আকৌ। নিজেই ঘটি যদি মন নেমেলে নতুন এসাজ ল’বলৈ, যদি কৃপণালী কৰি পইচা সঁ‌চাৰ উদ্দেশ্য আগত ৰাখে, তাত মই কিডাল কৰিম? মানুহে জীৱনটো উপভোগ কৰিব লাগে বুজিছে? ভাল খাই, ভাল পিন্ধি, ফুৰা-চকা কৰি হাঁহি ফূৰ্তিৰে যদি দুদিনীয়া জীৱনটো পাৰ নকৰোঁ‌, মৰিলে কি জমা পইচাবোৰ লগতে নিম..? 

: হ’ব দিয়াহে। ৰাতিপুৱাই নীতিশিক্ষা দিব নালাগ। ঘৰৰ দুৰ্গা গোসাঁনীগৰাকীক নসজালে পাপে নুচুবনে মোক কিবা! লৈ ল’বা দিয়া, কি লোৱা পূজা বুলি। 

: ঠাট্টা নকৰিব দেই দুৰ্গা গোসাঁনী বুলি। অমুকীৰ নাম এটা আছে। পাহৰিছে যদি মনত পেলাই দিও ..!

: নালাগে নালাগে মিছেছ ৰূপালী বৰুৱা। এই সমুজ্জল বৰুৱাৰ একমাত্ৰ পত্নী তুমি। তোমাক পাহৰা জানো সম্ভৱ? কপালত যি দিনা ঈশ্বৰে তোমাৰ নামটো লিখি দিলে সেই দিন ধৰি শয়নে সপোনে মোৰ পৃথিৱীখনেই ৰূপালী ৰূপালী হৈ পৰিছে দেখোন! তোমাৰ নামটো পাহৰিমনে মই? 

(আই মাতৃ.. তুমি লক্ষ্মী সৰস্বতী নহ’ব পাৰা, ৰুদ্ৰ মূৰ্তি ধাৰণ কৰি কালি গোসাঁনী নিশ্চয়কৈ হৈ পৰা। মনতে কথাটো ভাবি নিজেই ৰস পালে বৰুৱাই।)

মিচিকিয়া হাঁহিৰে উদ্দেশ্য সফল হোৱাৰ সুখখিনি বুকুতে বান্ধি বৰুৱানী চাহৰ কাপ দুটা লৈ উঠি আহিল আৰু পিছদিনাই পূজাৰ বজাৰ কৰিবলৈ বুলি ওলাই যোৱাৰ পৰিকল্পনা কৰিলে। পিচে অফিচৰ এৰাব নোৱৰা কাম এটাত ব্যস্ত হৈ, বৰুৱাইহে তেওঁক সময় দিব নোৱৰা হ’ল।

কেইবাদিনো পাৰ হ’ল। ইফালে বৰুৱানীৰো মনৰ অস্থিৰতা বাঢ়িবলৈ ধৰিলে। কেইটানো দিন আছে গৈ মাজত! শাৰীৰ ফ’লছ আৰু ব্লাউজ চিলোৱা নহ’বগৈ নেকি? পূজাৰ সময়ত চিলাই দোকানকেইখনত যিহে ভিৰ লাগে। পূজালৈ কেনেবাকৈ পুৰণা কাপোৰ পিন্ধি যাব লগা হ’লে কমখন লাজ পাব নে দত্তনী, মহন্তনীহঁতৰ ওচৰত। মানুহজনীৰ কান্দিবলৈহে বাকী।  

অৱশেষত যেনেতেনে সময় অলপ উলিয়াই এদিন দুই দম্পতী পূজাৰ বজাৰলৈ বুলি ওলাল। বৰুৱাই ভাল কোৱালিটিৰ কাপোৰ ৰখা দোকানবোৰত সোমাবলৈ ল’লে বৰুৱানীয়ে খেচখেচাই উঠে আৰু ক’ত পূজাৰ ৰিডাকচ’ন দি আছে সেইবোৰ দোকান বিচাৰি বৰুৱাক হাতত ধৰি টানি আঁতৰাই আনে। 

: এইখনত নোসোমাওঁ‌ দেই। সব ব্ৰেণ্ডেড মাল ৰাখে। মোক কম দামী কাপোৰহে লাগে সলাই সলাই পিন্ধিবলৈ। এযোৰ কাপোৰতে আপোনাৰ পইচাকেইটা শেষ নকৰোঁ‌ হেৰৌ। মই ইমান ধোঁৱাখুলীয়া মাইকীয়ো নহয় দিয়কচোন। 

বৰুৱাৰ এইবাৰ অবাক হোৱাৰ পাল। ঘৈণীয়েকৰ মতলব কি বুজিবলৈ দিগদাৰ হয় তেওঁৰ। মনতে ভাবে, “মিছাতে নকয় নাৰী মানেই ৰহস্য।”

তথাপিও ঘৈণীয়েকে বিচৰা মতে দোকানে দোকানে ঘূৰি সপ্তমী, অষ্টমী, নৱমী আৰু দশমীৰ দিনা পিন্ধিবলৈ বুলি গণি গণি চাৰিযোৰ কাপোৰ ঘৈণীয়েকক কিনি দিব লগা হয় তেওঁ। এইবাৰ চেণ্ডেল কিনাৰ পাল। চেণ্ডেলৰ ক্ষেত্ৰতো বৰুৱানীয়ে সেইটো ফৰ্মূলাকে এপ্লাই কৰিবলৈ বিচাৰিলে। কম দামী ল’ব, কেইবাযোৰো ল’ব। বৰুৱাই বুজালে .. 

: চেণ্ডেলৰ ক্ষেত্ৰত কিন্তু ৰিস্ক নল’বা দেই ৰূপালী। খোজ কাঢ়ি থাকোঁতে ৰাস্তাতে চিগিলে কিন্তু লাজ পাই মৰিবা। 

 

পিচে ঘৈণীয়েক ৰূপালীৰ সেইবোৰ চিন্তা কৰিবলৈ সময় নাই এতিয়া। তেওঁ নিজৰ উদ্দেশ্য সিদ্ধি কৰাৰ মতলবতহে মাথা মাৰি আছে। পূজা বুলি আৰু একেযোৰ চেণ্ডেলকে পিন্ধিব পাৰি নেকি? 

কাপোৰৰ দৰে জোতাৰ দোকানতো পূজাৰ ৰেহাই বুলি লিখি থোৱা চেণ্ডেল এদ’মৰ মাজৰপৰা এযোৰ ২’৫ ইঞ্চি উচ্চতাৰ হাইহিল আৰু এযোৰ ফ্লেট চেণ্ডেল পচন্দ কৰি ল’লে তেওঁ। কাপোৰৰ লগত মিলাই ইয়েৰৰিং কেইবাযোৰমানো কিনি, ৰেহাই মূল্যত বজাৰ কৰিও বৰুৱাৰ পকেটৰ পৰা গোটে গোটে টকা পাঁচ হাজাৰ উৰুৱাই অৱশেষত দুয়ো ঘৰ পালেহি। 

ঘৰলৈ আহি ইযোৰৰ পিছত সিযোৰ কাপোৰ গাতে উৰি, আইনাৰ সন্মুখত নাচি বাগি যিহে ফূৰ্তি বৰুৱানীৰ। আঁৰ চকুৰে মানুহজনীৰ ফূৰ্তিখিনি লক্ষ্য কৰি সমুজ্জল বৰুৱাৰ মনটো ভালো লাগিল। কাপোৰকেইসাজ কম দামী যদিও বৰুৱানীৰ গাখীৰহেন শৰীৰটোত দেখোন বহুমূলীয়াযেন হৈ পৰিছে। এপাকত তেওঁ মনটোক বান্ধি ৰাখিব নোৱাৰি কৈয়েই পেলালে.. 

: হ’ৰা, তুমি কিন্তু ঠিক সিদ্ধান্তই ল’লা দেই। কাপোৰকেইযোৰত ধুনীয়া দেখাইছেহে তোমাক। 

মুখখন লাজতে ৰঙা পৰি গ’ল বৰুৱানীৰ। ৰোমাণ্টিক ফিলিং এটাই বুকুখনো জোকাৰি গ’ল। তেতিয়াহে মনত পৰিল তেওঁৰ গিৰিয়েকলৈ দেখোন একো কিনাই নহ’ল। গভীৰ অপৰাধবোধত মানুহজনীৰ ফূৰ্তিবোৰ পাম্প যোৱা বেলুনৰ দৰে ফুৰ..ৰ কৈ উৰা মাৰিলে।

: হ’ৰি আপোনালৈহে একো এটা লোৱা নহ’ল। কাইলৈ ওলাব দিয়ক। আপোনাৰ বাবে চাৰ্ট পেণ্ট দুটামান আনিমগৈ।

: নালাগে ৰূপালী। তোমাৰ সুখতেই মোৰ সুখ বুজিছা। তুমি কাপোৰ, চেণ্ডেল, কাণফুলি কিনি সুখ বুটলিছা, মোৰ বাবে সেয়াই যথেষ্ট। মোৰ কথা যে মনত পেলাইছা, তাতেই সন্তুষ্ট অ’ মই।

তেওঁৰ মনটোৱেহে জানিছে পকেট উদং কৰি কিমান সুখী হৈছে ঘৈণীয়েকৰ লগতে। 

সময়ত বৰুৱানীৰ ব্লাউজ আৰু মেখেলা চিলাই কাপোৰকেইযোৰ পিন্ধাৰ উপযুক্ত হৈ উঠিল। পিচে লেঠা লাগিল বৰুণ দেৱতাকলৈহে।  কিয় জানো পূজাৰ দিনকেইটাতো তেওঁ ইমান বিতুষ্ট হৈ উঠিছে। ষষ্ঠীৰ দিনাৰপৰাই বৰষুণ নেৰেহে নেৰে। অকাশলৈকে চাই বৰুৱানী গোমোঠা মনটোৰে আগফালৰ বাৰাণ্ডাতে বহি থাকোঁ‌তেই দিনকেইটা পাৰ হৈ গৈ আছে। 

অষ্টমীৰ দিনা কোনোমতে ৰ’দ একাঁ‌চলী দেখা পোৱা গ’ল। বৰুৱানীক আজি পাই কোনে! ৰাতিপুৱাৰপৰাই বৰুৱাক পূজা দেখুৱাবলৈ কুটুৰি আছে তেওঁ। যথা সময়ত আটাইতকৈ ধুনীয়া কাপোৰসাজ আৰু ২’৫ ইঞ্চিৰ ওখ চেণ্ডেলযোৰ পিন্ধি ৰচকীজনী হৈ বৰুৱানী বৰুৱাৰ লগত পূজা চাবলৈ ওলাল। 

কিমান যে ভাল লগা পৰিবেশ। পূজা পেণ্ডেলবোৰৰ কাষে কাষে বেলুন, পুতলাৰ অস্থায়ী দোকানবোৰ। খুৰ্মা, জেলেপীৰ গোন্ধ। নতুন নতুন কাপোৰ পিন্ধি পূজা চাবলৈ অহা মানুহবোৰ। দোকানবোৰত হাই ভলিউমত বাজি থকা ভোজপুৰী বা ৰিমিক্স গানবোৰ। 

কমৰিয়া কৰে লাপা লপ..

ললিপপ লাগে লু… 

বৰুৱানীয়ে যেন কঁ‌কালটো ঘূৰাই নাচিহে দিব। 

দুই এখন পূজা পেণ্ডেল ফুৰিছিলহে, হঠাৎ বৰুৱানীৰ সোঁ ভৰিখন মোচোকা খোৱাৰ দৰে পাক খাই উঠিল। মানুহজনী ভাগ্যে কৰ্ফাল খাই নপৰিল। ভৰিটো পোনাই ল’বলৈ যত্ন কৰি তীব্ৰ বিষত কেঁ‌কাই উঠিল তেওঁ। আগে আগে গৈ থকা বৰুৱাই মনেই কৰা নাছিল ঘৈণীয়েকলৈ। বৰুৱানীৰ ইফালে অৱস্থা কাহিল। না ইফালে যাব পাৰিছে, না সিফালে। তেওঁ বৰুৱাক চিঞৰিবলৈ ধৰিলে.. 

: হ’ৰি, বোলো শুনিছেনে? ক’লৈ গৈ আছে? এইফালে আহক।  

 

মানুহৰ ইমান ভিৰত বৰুৱানীৰ মাত কিদৰে শুনে এতিয়া বৰুৱাই! বৰুৱানীয়ে উপায় নাপাই লেকেচিয়াই লেকেচিয়াই বৰুৱাৰ দিশে আগুৱাই আহি থাকিল। এপাকত পিছলৈ ঘূৰি চাই কাষত মানুহজনীক নেদেখি বৰুৱাই ডিঙি মেলি মেলি ইফালে সিফালে চাবলৈ ধৰিলে ক’ত হেৰাল মানুহজনী..! তেনেতে দূৰৈত লেঙেৰিয়াই আহি থকা ঘৈণীয়েকলৈ চকু গ’ল তেওঁৰ। খৰখেদাকৈ বৰুৱা সেইখিনি পালেগৈ। 

: কি হ’ল তোমাৰ। এনেকৈ লেঙেৰিয়াইছা যে?

বৰুৱানীয়ে উত্তৰ দিয়াৰ সলনি ভে ভে কৈ কান্দিবলৈ ধৰিলে। 

: আপুনি মোক এৰি গুচি আহিলে। মই কিমান চিঞৰিছোঁ। মানুহবোৰে চাগে কি ভাবিছে।  

: মানুহবোৰৰ কথা বাদ দিয়া। তোমাৰ কি হ’ল সেইটো কোৱা আগতে। 

: হ’ৰি মোৰ চেণ্ডেলযোৰ ছিগি থাকিল। ভৰিখনতো মোচোকা খালোঁ। মোৰ দিনেই বেয়া বুজিছে আজি। বিষত খোজেই কাঢ়িব পৰা নাই।

বৰুৱাৰ এইবাৰ সঁচাকৈ খং উঠিল। তেওঁ বাৰম্বাৰ বুজাইছিল ঘৈণীয়েকক, “চেণ্ডেলযোৰ কম দামী নল’বা ৰূপালী।” এতিয়া পিচে কি হ’ল? চেণ্ডেলযোৰ বাৰু ছিগক, ভৰিখনো যে জখম হ’ল।

দিন বেয়া নহয় বুজিছা। এইয়া তোমাৰ মূৰ্খামিৰ ফল। আৰু কাপোৰৰ লগত মিলাই মিলাই কম দামী হাইহিল চেণ্ডেল কিনা! চোৱা এতিয়া পূজা। মাইকী মানুহৰ এপোৱা কম বুলি এনেই নকয়।

বৰুৱানীয়ে উচুপি উঠিল। নিজৰ ওপৰতে খং উঠিল তেওঁৰ। “হয় দেই, কিয় যে নামানিলে মানুহজনৰ কথা।”

এতিয়া উভটি যাবলৈয়ো কাৰ পাৰ্কিং প্লেচলৈ এছোৱা খোজ কাঢ়িব লাগিব। ভৰিত ইফালে অসহনীয় বিষ। তথাপিও বৰুৱাৰ গাতে ধৰি লাহে লাহে মানুহজনীয়ে খোজ দিবলৈ যত্ন কৰিলে। নাই.. নোৱাৰিছে। চকুৰ পানীবোৰ ধাৰাসাৰে বৈ আহিছে তেওঁৰ। কিন্তু মানুহজনৰপৰা গালি খোৱাৰ ভয়ত তেওঁ যিমান পাৰে সহজ হ’বলৈ যত্ন কৰিছে। 

মানুহজনীৰ অৱস্থা দেখি বৰুৱাৰো দুখ লাগিল। কিমান চাগে কষ্ট পাইছে ভৰিখনত দেহি। এপাকত তেওঁ ডাঙকোলাকৈ ঘৈণীয়েকক কোলাত উঠাই ল’লে। ওচৰ-পাজৰৰ মানুহবোৰে আচৰিত হৈ তেওঁলোকক চাই ফিচিঙা ফিচিঙকৈ হাঁহিবলৈ ধৰিলে। বৰুৱাই সকলোৱে শুনাকৈ গলগলীয়া মাতেৰে কৈ উঠিল।

: নিজৰ মানুহজনীক উঠাই লোৱাত কিহৰ লাজহে। ভৰিখনত তেওঁ দুখ পাইছে বাবেহে।

আঁতৰৰ কোনোবা এখন দোকানৰপৰা ভাঁ‌হি অহা লতা মংগেশকাৰৰ সুললিত কণ্ঠৰ গান এটা সেই সময়তে  বৰুৱানীৰ কাণত পৰিল..

তেৰা সাথ হে ত’, মুঝে ক্যা কমি হে     

অন্ধেৰ’ চি ভি মিল ৰহি ৰৌশনি হে…

বৰুৱানী কুঁ‌চি-মুচি বৰুৱাৰ বুকুলৈ সোমাই গৈছিল।  

আকাশখন গাজি দুই এটোপাল বৰষুণ পৰিছিল তেতিয়া। লাজ, অপমান নে দুখত… গম নোপোৱাকৈ বৰষুণৰ টোপালৰ লগতে নিগৰি অহা চকুপানীবোৰেয়ো বৰুৱানীৰ গালখন তিয়াই পেলাইছিল।

গাড়ীখনৰ ওচৰত বৰুৱানীক পথালি কোলাৰপৰা নমাই বৰুৱাই ক’বলৈ ধৰিলে..

: হ’ৰা ডায়েটিং কৰা বুজিছা। তোমাৰ শৰীৰৰ ভাৰে কঁকাল লগাই দিলে মোৰ।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *