খুলশালী-শালপতি পুৰাণ-সোমেশ্বৰ বৰা
বায়েকৰ বিয়াৰ পিছত ভনীয়েকৰ বিয়াৰ বাটটো খোল খাই যোৱাৰ বাবে তাই নাম পালে খুলশালী আৰু দীপলিপ খুলশালীজনীক বিয়া কৰাই ভিনিহিয়েকৰ ঘনাই অহাযোৱা কৰা পতি(বাট)ত অথালি-পথালি কৈ কেইটামান ভলুকা বাঁহৰ শাল(খুটি) মাৰি ভিনিৰ বাট চিৰদিনলৈ বন্ধ কৰি দিয়া বকাসুৰটোক শালপতি বোলে।
খেনোৰ মতে খুলশালীজনী আধা ঘৰৱালী৷ গতিকে ভিনিৰ কামিজৰ জেপটো আৰু মণিবেগটোত খুলশালীজনীৰ ৫০/৫০অধিকাৰ। বিহুৱে তিথিয়ে দিয়া হাঁচতিখন, গামোচাখনৰ বিনিময়ত পেণ্টালুনচ, চেণ্ট্ৰেল মল, চিটি চেণ্টাৰ, চেণ্ট্ৰেল গুৱাহাটী অথবা চৌহমত ভিনিৰ স’তে উৎসৱ পাৰ্বন বুলি ভুমুকি এটা মৰাৰ হেঁপাহ এটা পুহি ৰখাটো খুলশালীৰ অধিকাৰৰ ভিতৰতে পৰে। অৱশ্যে খুলশালীজনীৰ চেনেহ ঢালি যতনাই দিয়া চাহ জলপানৰ জুতিটোৱেই সুকীয়া৷ গতিকে কিছু মূল্য দিবলৈ ভিনিহঁতে কুণ্ঠাবোধ নকৰে।
বিউটিফুল খুলশালীজনী আহিব বুলি গমপালে ভিনিৰ গা সাতখন আঠখন। তাই কি খাই ভালপায় বায়েকতকৈ ভিনিয়ে আগতেই জানে। পিচে গুচি গ’লেহে বিছাই ডকাদি ডাকে, চেকচেকাই ভকভকায়।
ভাগিনীয়েকহঁতক ডাঙৰ-দীঘল কৰোঁতে এই মাহী তথা খুলশালীজনীৰ সহায় সহযোগখিনি স্বীকাৰ কৰিবই লাগিব। অৱশ্যে তাইহে লাভৱান হয়। সংসাৰৰ খুন্দা-খুন্দলিৰ এ বি চি ডি পঢ়ে আৰু ইহাত সিহাত কৰি দিয়াৰ নামত ভিনিৰপৰা মন পচন্দৰ উপহাৰ এটা সৰকায়। বায়েকতকৈ আগতে ফিটিং হৈ থকা খুলশালীজনীয়ে জধলা বায়েকক টোপোলা পাতিব পাৰিলেই হ’ল ভুৰুঙকৈ উৰি যায়, বায়েকৰ বিয়াৰ পষেকেই নেযায়।
খুলশালীৰ সামাজিক বিয়াখনেহে ভিনিক পাকঘূৰণি খুৱায়। ভিনিৰ উশাহৰ শলিতা স্বৰূপ খুলশালীৰ বিয়াত ভিনিয়ে দিবলগা উপহাৰৰ তালিকাখনত ভিনিহি মুচকচ যায়। পাৰ্টি ওৱেৰ কোনসাজ, টাই কোনডাল মিলিব খুলশালীয়ে ভালকৈ জানে। পিচে ভিনি খুলশালী চেনেহ গাগৰীটো বেছি গধুৰ হ’লে বু-বু বা-বাখনো নোহোৱা নহয়। কথাটো কৈ থ’লোঁ কিন্তু।
মন কৰিবলগীয়া কথাটো হ’ল খুলিশালীজনীৰ লীলা, একেখিনিকে ভনীয়েকে কৰিলেহে কিলা। খুলশালীৰ চেনেহত ভিনিয়ে উশাহৰ শলিতা সলায়, যেন তাইৰ চাকিৰ পোহৰেহে ভিনিৰ চুবুৰিটো পোহৰাই ৰাখে।
শালপতিৰ আগমনে ভিনিৰ আকাশত ধূমকেতু ওলায়৷ ভিনিৰ চনকা হিয়াখন কাপোৰ চেঁপাৰ দৰে মুচৰি পেলায় শালপতিৰূপী বকাসুৰ, অঘাসুৰ, ভষ্মাসুৰটোৱে। লোককে দেখুৱাই মিচিকিয়াই যদিও ভিতৰি ভিতৰি কলিজাৰ সাপ-নেউলৰহে সম্পৰ্ক৷ অৱশ্যে খেনোৱে দুখো নকৰা নহয়। জানোচা একে জাতৰে অপইথ খাই শালপতিৰো নিজৰ নিচিনা একেই থৈয়া-নথৈয়াখন হয়!
মায়ামোহ :
কোনোবাই আকৌ বায়েকক চাবলৈ গৈ খুলশালীক পচন্দ কৰি আহে। লাগিল তাতেই পয়মালখন। সুযোগ বুজি খুলশালী টালি টোপোলা লৈ হ’বলগা ভিনিলৈকে পলায়। কোনো কোনো ক্ষেত্ৰত আকৌ বায়েকৰ ঘৰলৈ সঘন আহ-যাহৰ ফলত ভিনি-খুলশালীৰ মধুচক্ৰত মৌজোল বয়। ভিনি খুলশালীৰ মৰম নদীৰ গাভৰু ঘাটত হিয়া দিয়া নিয়াখন চলে। পিছত সেন্দূৰৰ জোন জ্বলে কঁপালত। চতুৰ ভিনিয়ে খুলশালীকো কাষলৈ চপাই বুকৰ আপোন কৰি লয়, একে গছৰে পইথ বুলি।
কোনোবা ভিনিৰ মনত মহা ৰং। একে গছৰে অপইথ খাই শালপতিৰো শনিদশাৰ অনুমান কৰি জিলেলে জিলেলে লাগে দেহ মন। কোনোবাজনৰ আকৌ দূৰ দূৰণিৰ খুলশালী আহিলেও ইচাত বিচাতখন লাগে। চকিত হৰিণীৰ দৰে বাইটি উচপ খাই উঠে।
হতভগীয়া :
হতভগীয়া কেৱল মতা খুলশালিটো। ভিনিৰ চকুৰ কুটা দাঁতৰ শূল। অনবৰতে সন্দেহ, বায়েকক খীৰাই ভিনিৰ তলি উদং কৰাৰ বদনাম মিছাতে পায়। সমস্ত দুখৰ বোজাহেন বেচেৰাটো। বয়েকৰ ঘৰত গেছ নাই, ডাক পৰিল আহচোন গেছটো আনি দে। গাড়ীৰ চকা ফুটিল৷ যাচোন চকাটো বনাই আন। ধোবাৰ ঘৰলৈ দৌৰাৰপৰা খুচুৰা বজাৰ সমাৰ কৰি দিয়া লৈকে এই বেচেৰাটোৰ কৰ্তব্য। বিনিময়ত কেতিয়াবা দহ/বিশ টকা।
তেজ ধুলে উটিব, মঙহ ধুলে ডুবিব। হাজাৰ হওক বায়েকৰ তেজ আছে নাইপিয়াটোৰ গাত। গতিকে এটাই প্ৰাৰ্থনা, বায়েক সুখত থাকক। বায়েকক সুখবোৰে খেদি খেদি সাৱটি ধৰক।
☆ ★ ☆ ★ ☆
8:52 pm
হা হা। বহুত ভাল লাগিল ভিনি খুলাশালীৰ ৰচনা খন
9:12 pm
ভিনি খুলশালীৰ পুৰাণ পঢ়ি ভাল লাগিল