মোৰ কবিতাৰ ছন্দ লাগি-অজান অনুভৱ বৰা
“লেপ তুলি গাৰু-কভাৰ,
তুমি মোৰ প্ৰথম লভাৰ।”
কবিতা ভালপোৱা তাইজনীক এনেকৈয়ে প্ৰথম আকৰ্ষণৰ চেষ্টা আছিল সেয়া! কবিতা লিখিব নজনা মই, কবিতাৰ নামত সেইষাৰেই ওলাইছিল। কি কৰোঁ! আৰু কি লিখোঁ …. ইফালে শুনিছোঁ তাই হেনো কবিতা লিখা ল’ৰাৰ লগতহে বিয়া হ’ব।
ঈশ্বৰক চিন্তা কৰি যি হয় হ’ব বুলি দি দিলোঁ সেই দুশাৰীকে ফেচবুকৰ ইনবক্সত। অপেক্ষা কৰি কৰি এপাকত সেউজীয়া লাইটটো জ্বলিল, মোৰ কবিতাও পঢ়িলে। ইফালৰপৰা ৰিপ্লাই আহিল,
: ধেই!
এই যে ‘ধেই’টো, জীৱনৰ চালিকা শক্তি; কবিতা লিখাত জনালে মোক উদগনি। উফ্ .. মোবাইলৰ কি-পেডৰপৰা এইবাৰ আকৌ এটা দুশৰীয়া কবিতাৰ জন্ম হ’ল,
“ধেই বুলিহে ক’লা,
এনেকৈয়ে মোৰ বুকুখন খালা।”
এইবাৰ আকৌ সেউজীয়া লাইট জ্বলিল, ইফালৰপৰা পিচে ৰিপ্লাই নাহিল। অভিমানী প্ৰেমিকৰ কাব্যিক প্ৰতিভাই আকৌ এবাৰ কুলু কুলাই উঠিল,
“বৰগছৰ বৰপাত
শুনকচোন আইদেউ
উত্তৰ পালে ধন্যবাদ।”
ৰ’ব! ইমান সময়ে মোৰহে কাব্যিক প্ৰতিভা দেখিলে, এইবাৰ তাইৰো সেইখিনি প্ৰতিভা জাগ্ৰত হ’ল। তাই লিখিলে,
“চেণ্ডেলৰ নম্বৰ পাঁচ
লগাই দিম ঠাচ-ঠাচ।”
মই আকৌ মানুহটো একেবাৰে যোগাত্মক চিন্তাত জীৱন জীয়া মানুহ। তাইৰ কবিতাৰ আক্ষৰিক অৰ্থত গুৰুত্ব নিদি মাথোঁ কাব্যিক প্ৰতিভাক সন্মান জনাই তাইলৈ মেচেজতে প্ৰশংসা-পত্ৰ এখন পঠাই দিলোঁ। গ্ৰহণ কৰিলে যদিও ধন্যবাদ নক’লে, মনতে ভাবি ল’লোঁ নিজৰ মানুহ বুলি বুজিহে হয়তো ধন্যবাদটো নক’লে।
সময়বোৰ গৈ আছে, মোৰ টানি-আজুৰি ওলাই অহা দুই-এটা কবিতা মেছেজ আকাৰে তাইলৈ পঠিয়াই আছোঁ। সেউজীয়া লাইটটো জ্বলে মাজে-মাজে বুঢ়া আঙুলিটো দিয়ে তেনেকৈয়ে আগবাঢ়ি গৈছিল আমাৰ প্ৰেম।
অলপ দিনৰপৰা তাই ফেচবুকলৈ অহা নাই, মোৰ কবিতাবোৰ এলাগী হৈ পৰি আছে। পুৱাতে উঠি বাট চাওঁ তাইকহে দেখা নাপাওঁ …! প্ৰায় এমাহৰ মূৰত তাই আহিছিল। তাইক দেখিয়েই উগুল-থুগুল মনটোৰ এফাঁকি কবিতাই খুন্দা মাৰিলে,
“দিগন্তৰে মইনা বসন্তৰে কুলি,
নাভাবিবা তোমাক মই পাহৰিম বুলি।”
এই ধৰক পঠিয়াবলৈ লৈছোঁ আৰু .. তেনেতে ফেচবুকে জনালে তাই হেনো প্ৰফাইল পিকচাৰ সলাইছে। বিশ্বাস কৰিবনে? মোৰ হৃদয়খন আইনাৰ আছিল বুলি সেইদিনাহে জানিলোঁ, ঠন-ঠনকৈ ভাঙি পৰিল অ’ গোটেইখন!
ফটোখনত তাইৰ শিৰত “পৰপুৰুষে” সেন্দূৰ পিন্ধাই আছিল … এইবাৰ কমেণ্টতে তাইৰ নামত শেষৰটো কবিতা লিখিলোঁ,
“একোকে নিলিখোঁ আজি
একেবাৰে নাই মন,
তোমাৰ নামত কবিতা নিলিখোঁ
কৰিলোঁ মই পণ।
বগীকৈ তুমি
স্বৰ্গৰে পৰী,
তপামূৰীয়া পেটেলা দৰাক
কৰ’পৰা আনিলা ধৰি।
মই আছিলোঁ পঁচিছ বছৰীয়া,
তোমাৰ হ’ল বিছ
পিচে দৰাজন দেখোন ষাঠি বছৰীয়া।
বেয়াই লাগে…ইচ্!
সুঠামকৈ চেহেৰা মোৰ
কাৰ্তিকৰ লেখীয়া,
তোমাৰ গিৰিয়েৰাক কিন্তু
ঢোল বজাব ঢুলীয়াই।
আৰু একো নিলিখোঁ
একদমেই মন নাই,
‘পাভ যোৰা’ বুলি ক’বলৈও
একেবাৰেই ভাল লগা নাই।”
প্ৰত্যুত্তৰত এষাৰি মাতৰ বাবে আশা কৰিছিলোঁ মই, নাই নাহিল! নাম চাৰ্চ কৰাত তাইৰ প্ৰফাইলখনেই চকুত নপৰিল, মানে সোমাই পৰিলোঁ ব্লক লিষ্টৰ শাৰীত। ময়ো নিজকে ক’লোঁ,
“ফাটি গ’ল ফটা প্ৰেম
বাৰু সেইবোৰ বাদ,
যি হ’ল হৈ গ’ল
জীৱন জিন্দাবাদ।”
☆ ★ ☆ ★ ☆
8:57 pm
ৱাহ অজান, অনেক ফটাপ্ৰেম পঢ়িছোঁ কিন্তু ইমান বেছি কাব্যিকতাৰে ভৰা ফটাপ্ৰেম এয়ে প্ৰথম দেই। সাংঘাতিক ছন্দোবদ্ধ প্ৰেম, সাংঘাতিক ধৰণে ফাটিল।
5:43 pm
বহুত ধন্যবাদ বা , নতুনত্ব অনাৰ চেষ্টা অলপ?
10:22 pm
ফটাপ্ৰেম পঢ়ি তোমাৰ দুখতে বিষাই গ’ল বুকু
ওৰে ৰাতি আজি চাগৈ মুদেই নাখাব চকু???
5:42 pm
গ’ল নে
1:00 pm
হাস্যমধুৰ দেই পল।।।
5:42 pm
প্ৰথম চেষ্টা, আন্তৰিক ধন্যবাদ
8:26 pm
ইমান দুখৰ ফটাপ্ৰেম
কান্দি আছো সেইকাৰণে থেন থেন।।?? বিৰাট ভাল লাগিল অ
10:05 pm
??ফটাপ্ৰেম ফাটি গ’ল বা! ধন্যবাদ আপোনাক
8:37 pm
বাপৰে! কি সাংঘাটিক প্ৰেম
10:07 pm
প্ৰেম ইনবক্সে ইনবক্সে?
6:58 am
ফটা প্ৰেম পঢ়িলোঁ, বুজিলোঁ,
কাপোৰ কানি ক’লা হোৱাত
আমিও ঘৰলৈ গুছি আহিলোঁ?
মজা লাগিল পঢ়ি
8:01 am
ধন্যবাদ বাইদেউ
8:49 am
বেলেগ ধৰনৰ মজা লাগিছে ??
3:42 pm
মজা লাগিল