প্ৰতিযোগিতা-নীলাক্ষি ভট্টাচাৰ্য
অনুপে ঘৰটোত সোমাই চক্ খাই উঠিল হঠাতে। এইটো বাৰু তাৰ ঘৰ হয়নে? নে অইনৰ ঘৰত সোমাল?
: মালা মালা ক’ত আছা তুমি?
: ইমানকৈ মাতি আছা কিয় বাৰু? আজি কিন্তু মোৰ তোমাক একো কৰি দিবলৈ সময় নাই দেই। কিবা খোৱা যদি হোটেলতে খাই আহাগৈ।
অনুপে মালাক দেখা পাই আৰু আচৰিত হ’ল। সদায় সাজি-কাচি ভালপোৱা মালাৰ আজিৰ এইটো কি ৰূপ? তথাপি কোমল সুৰত সুধিলে,
: মালা তোমাৰ গা বেয়া নেকি?
: অনুপ, গা বেয়া হ’লে মানুহে বিছনাত শুই থাকে। মই দেখোন বিছনাত নাই!
: তেন্তে তুমি আজি জাধলীজনী যে হৈ আছা, কিয়? আজি যে মুখখন প্ৰসাধন বিহীন হৈ আছে কিয়?
: তোমালৈ চাৰপ্ৰাইজ এটা আছে। কিছু সময়ৰ পিছত নিজে নিজে গম পাবা। এতিয়া মোৰ আৰু অলপ কাম আছে সেইখিনি শেষ কৰি লওঁ।
মালাৰ দৌৰাদৌৰি দেখি অনুপ সঁচাকৈ চিন্তিত হ’ল। কি হ’ল বাৰু আজি মালাৰ? ইফালে আকৌ বোলে চাৰপ্ৰাইজো আছে। হে ভগৱান এই আজলীজনীয়ে কি কৰিছে গম নাপাওঁ। তুমি বচাবা আৰু।
অনুপে চাৰপ্ৰাইজৰ আশাত ৰৈ থাকিল। অলপ পিছত মালাই দেখোন ধুনীয়াকৈ ৰঙা শাড়ী এখন পিন্ধি মুখত সামান্য প্ৰসাধন লৈ সাধাৰণভাৱে অনুপৰ ওচৰত হাজিৰ হ’ল।
: অনুপ মোক বাৰু ধুনীয়া লাগিছেনে?
: সঁচাকৈ এই ৰূপত আজি তোমাক বহুত ভাল দেখিছোঁ। এনেকৈ সাধাৰণভাৱে সদায় থাকিবাচোন।
: নহ’ব দেই, আজি এনেকৈ ওলাই মই নিজকে সন্তুষ্ট কৰিবপৰা নাই। উপায় নাই বাবেহে এনেকৈ ওলাইছোঁ আজি।
: কিয় আজি কিবা আছে নেকি মালা?
: আচলতে তোমাক কোৱা হোৱা নাছিল, মই মানে আজি ৰাতিপুৱা ফেইচবুক গ্ৰুপ এটাত নিজৰ ঘৰখন কেনেকৈ পৰিপাটি কৰি ৰাখিব লাগে তাকে লাইভ আহিছিলোঁ। মোৰ লাইভ দেখি ইমান ভাল পালে সকলোৱে সেইবাবে আজি মোৰ ঘৰখন চাবলৈ আহিব দুজনমান আৰু লগতে মোৰ সাক্ষাৎকাৰ এটি ল’ব। সেইবাবে মই গোটেই ঘৰখন ধুনীয়াকৈ সজাই তুলিলোঁ। কোনোবাই ফটো মাৰিবতো পাৰে ন! এতিয়া আচল কথাটো হ’ল, ইমানখিনি কাম কৰাৰ পিছত যদি মই উগ্ৰ প্ৰসাধন কৰোঁ বেয়া দেখিব। আনৰ চকুত সাধাৰণ মহিলা হৈ আজি সাক্ষাৎকাৰটো দিলে মোৰ ইমেজ বাঢ়ি যাব। নে কি কোৱা?
মালাৰ কথা শুনি অনুপে কিবাকৈ অচেতন নোহোৱাকৈ থাকিল। উম বুলি শলাগি থ’লে মাথোন। অনুপে মনতে ভাবিলে হওক বাৰু এইবোৰ প্ৰতিযোগিতা ফেইচবুক গ্ৰুপসমূহত। ইয়াৰদ্বাৰা উপকাৰহে হৈছে। যি কি নহওক মোৰ মালাজনীকতো অলপ সময়ৰ বাবে সলাব পাৰিছে আৰু ঘৰখনৰ চাফ চিকুণৰ প্ৰতি চকু নিদিয়া মালাজনীয়ে দেখোন প্ৰতিযোগিতা বুলি ঘৰখনৰ ৰূপ সম্পূৰ্ণ সলনি কৰি পেলাইছে।
☆ ★ ☆ ★ ☆