ফটাঢোল

তাবিজ-সঞ্জীৱ কুমাৰ বৰা

: হেৰি নহয়.. আপুনি এনেয়ে বেলেগৰ মুখত বাবাজনৰ বিষয়ে কি বুলি শুনিছে বাৰু? তাবিজটোৱে কামত দিব নহয়!

কেঁচা টোপনিৰ পৰা সাৰ পাই বৰুৱাই ক’লে, 

: বাবাজন বৰ ভাল বুলিয়েইতো কয় সৱেই।”

: তাবিজটো শইকীয়ানীহঁতৰ পদূলি মুখতে পুতিবলৈ কৈছে ন বাবাই?

: হুমমমম।

: কোনদিনা পুতিব লাগিব কিবা বাৰ-চাৰৰ কথা কৈছিল নেকি বাৰু? ভালকে মনত পেলাওকচোন। 

: নাই কোৱাহে। শোৱা সময়কণো শান্তি নিদিয়া কিয় বাৰু? ৰাতি পুৱাবই অলপ পাছতে। আৰু একো নুসুধিবা দেই। দিনটো তোমাৰ বাবাৰ চোতালত লাইন পাতি থাকিলোঁ, এতিয়া একেবোৰ কথাকে ঘূৰাই-পকাই সুধি আছা। কি যে অদৰকাৰী কাম এটাত লগালা নহয়! বৰ লাজ পালোঁ আজি বাবাৰ আগতো।  

 চৰম অস্বস্তিত বৰুৱাই ক’লে।

: মোৰ সুখৰ কাৰণে সামান্য সেইকণ কৰিব নোৱাৰিলে কেনেকৈ হ’ব?  

অভিমান আৰু কৰ্তৃত্ব মিহলি সুৰেৰে বৰুৱানীয়ে ক’লে।

বৰুৱাই চকুদুটা মুদি পুনৰ টোপনিৰ জগতখনলৈ যাবলৈ চেষ্টা কৰিলে। কিন্তু বাৰে বাৰে দিনত লগ পোৱা বাবাজনৰ মুখখন মনলৈ আহি থাকিল।

: আপোনাৰ সমস্যাটো কওক। 

বাবাই সুধিছিল।

 : হেৰি… মানে….

ইফালে-সিফালে থকা মানুহবোৰলৈ চাই বৰুৱাই সেমেনা-সেমেনি কৰি ক’লে, 

: মই এনেকে কথাটো ক’বলৈ অকমান অসুবিধা…

: হ’ব হ’ব, কোনো কথা নাই। ভিতৰুৱা সমস্যা কিবা থাকিলে এইফালে মোৰ লগত আহক। 

আহক.. আহক…। পিছে পিছে আহি থাকক। এতিয়া আৰামচে কওক। লাজ নকৰিব। লাজ কৰিলে সমস্যা সমাধান নহয়। 

: আচলতে কথাটো এনেকুৱা। অলপ দিনৰ আগতে আমাৰ শ্ৰীমতীয়ে নতুন পাটৰ কাপোৰ এযোৰ লওঁ বুলি ভাবিলে। ভবাৰ পাছত দোকানলৈ গ’ল, কাপোৰো কিনিলে। সেইখিনিলৈকে সৱ ঠিকেই আছিল। শ্ৰীমতী সেইদিনা ওচৰৰে বিয়া এখন খাবলৈ গ’ল সেইযোৰ পিন্ধি। বিয়াঘৰ পোৱা মাত্ৰকে হেনো কোনবা এজনীয়ে দৌৰি আহি ক’লেহি, “অ’ বৰুৱানী, আপুনি শইকীয়ানীৰ নতুন কাপোৰযোৰ পিন্ধি আহিছে! কাপোৰযোৰে আপোনাকো শুৱাইছে কিন্তু দেই।” 

 তাৰপাছতে পেটটোৱে দুদিনমানৰ পৰা অলপ গণ্ডগোল কৰি আছে বুলি বিয়াঘৰত একো নোখোৱাকৈয়ে এওঁ ঘৰ পালেহি। ঘৰত বিশেষ সূত্ৰৰ পৰা সম্ভেদ পালে যে শইকীয়ানীয়ে  এসপ্তাহৰ আগত একেখন দোকানৰপৰা একেই কাপোৰ এযোৰ আনিছিল। আৰু আমাৰ এওঁতকৈ আগতে সেইযোৰ পিন্ধি শইকীয়ানীয়ে বেলেগ এখন বিয়া খালেগৈ। এতিয়া শেষত শ্ৰীমতীয়ে মোক আপোনাৰ ওচৰলৈ পঠাইছে…., ময়ো আপোনাৰ চৰণত সাষ্টাংগে প্ৰণিপাত জনাইছোঁ বাবাজী, অতি সোনকালে শইকীয়ানীৰ কাপোৰযোৰৰ ‘হানি-বিঘিনি’ হোৱাৰ উপায় এটা দিয়ক। 

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *