ফটাঢোল

পেচেণ্ট নম্বৰ ৭ – কাবেৰী মহন্ত

বাহিৰত কুঁৱলীৰ বগা ব্লেংকেটৰ ঢাকোন…

ৰাস্তাৰ গাড়ীবোৰো কুঁৱলীৰ ব্লেংকেটৰ ফাঁকে-ফাঁকে ঢিমিক-ঢামাক লাইটেৰে পাৰ হৈ গৈছে, গতানুগতিকতাত অভ্যস্ত হৈয়ো এৰিব নোৱৰা জীৱনধাৰাৰ দৰেই৷ ইয়াত যেন ইচ্ছা-অনিচ্ছাৰ কোনো মূল্যই নাই!

ফাগুনৰ উৰুঙা পথাৰত দূৰেদি পাৰ হৈ যোৱা ৰে’ল-লাইনৰ কঁপনিৰ দৰেই ফেৰফেৰীয়া ঠাণ্ডা বতাহজাকে মোৰ মনটো কঁপাই গ’ল৷ কোম্পানীৰ চাকৰিটো মোৰ অকলশৰীয়া জীৱনটোৰ বাবে যথেষ্ট৷ ৰাতিপুৱাৰপৰা ৰাতি ন-দহ বজালৈকে চাকৰিৰ লগতে ঘৰুৱা কামত সময়খিনি নিজৰ সোঁতত কেনেকৈ পাৰ হৈ যায় গমেই নাপাওঁ‌৷ বেলকনিৰপৰা জিলিকি থকা ফ্লেটবোৰৰপৰা শুনা-নুশুনাকৈ উৰি অহা শব্দবোৰ, হাঁহিবোৰ অথবা ক’ৰবাৰপৰা অহা কুকাৰৰ হুইচেলৰ লগত মিহলি হৈ অহা সুগন্ধিবোৰ ৰুচি, ভালপোৱা এইবোৰৰ উপস্থিতি যেন তাতেই সীমাবদ্ধ! মোৰ পাকঘৰত এই অনুভৱবোৰৰ অস্তিত্ব কোনোবা অতিথিৰ আগমনৰ বাদে কেতিয়াও বিচাৰি নাপাওঁ‌৷

নিসংগতাৰ ৰাস্তাটো হয়তো নিজেই বাচি লৈছিলোঁ৷ দুবছৰীয়া বৈবাহিক জীৱনৰ অন্ত পেলোৱাৰ সিদ্ধান্তটো দুয়োৰে আছিল যদিও পুনৰ অন্য কাৰোবাৰ সংগ বিচৰাটো মোৰ বাবে অসম্ভৱ আছিল পাঁচবছৰৰ আগতে৷ জিদবোৰ, অভিমানবোৰে ঘৰৰ কোঠালীবোৰ গধুৰ কৰি তুলিছিল৷ 

দুৱাৰখন খুলি সোমোৱাৰ পাছতে কুঁ-কুঁৱাই পগ’ আহি দুই ভৰিৰ মাজত সোমাই যেন অভিযোগ দিলেহি৷ জীয়াই থকাৰ শক্তি মোৰ সিয়েই৷ খালী ঘৰখনলৈ পগ’ৰ বাবেই মই বাৰে-বাৰে ঘূৰি আহোঁ‌৷ কোম্পানীৰ গেট টুগেদাৰ হওক অথবা কাৰোবাৰ লগত বাৰত কটোৱা সময়, এক নিৰ্দিষ্ট সময়সীমা মই পগ’ৰ বাবেই বান্ধি লৈছোঁ৷ কাৰোবাৰ ভালপোৱাৰ অবিহনে জীৱনৰ অৰ্থই বা কি! অনুৰাগৰ লগত হোৱা বিচ্ছেদৰ পাছত মোৰ মানসিক অৱস্থাৰ সাক্ষী মাত্ৰ পগ’ই আছিল৷ উজাগৰী নিশাৰ পাছত ফুলিথকা দুচকু অথবা দুপৰ নিশালৈকে আন্ধাৰ বেলকনিত বহি থকাৰ সময়ৰ লগৰীও মোৰ পগ’..! এটা সময়ত এটা মাত্ৰ মেচেজৰ বাবে অপেক্ষা কৰাৰ সীমাহীন আন্ধাৰৰো সাক্ষী মাত্ৰ পগ’!

ভালপোৱা বিস্কুটৰ পেকেটটোৰ ওপৰত কোনো আগ্ৰহ নেদেখুৱালে আজি সি৷ অভিমান কৰিছে সি মোৰ ওপৰত? এনেকুৱা মিঠা অভিমানবোৰ ভাঙি মোৰ বৰ ভাল লাগে আৰু কিছুমান অভিমান আছিল, নিজেই ভিতৰি-ভিতৰি ভাঙি গৈ আছিলোঁ‌, আনৰ অভিমান ভাঙিবলৈ গৈ! হেৰাই যোৱা আবেগবোৰো কম হৈছিল ভাঙি যোৱা মানুহজনীক জোৰা লগাই থিয় কৰাবলৈ৷ অহাৰ দৰেই ধীৰে-ধীৰে পগ’ তাৰ নিজৰ চুকটোলৈ গুচি গ’ল, সমস্ত অৱসাদে যেন তাক বেৰি ধৰিছেহি! 

আজি মোৰো একো খাবলৈ মন যাব নালাগিছিল! আজি মই হিয়া ঢাকুৰি কান্দিব লাগিছিল, কিন্তু গতানুগতিকভাৱেই বেগটো চোফাত দলিয়াই নিজৰ বাবে ষ্ট্ৰং চাহকাপ বনাই নানকাটা বিস্কুটৰ টেমাটোৰ সৈতে বেলকনিলৈ ওলাই আহিলোঁ৷ ৰাতিপুৱা এৰি থৈ যোৱাৰ দৰেই বেলকনিৰ চকী টেবুলবোৰ নিজৰ স্থানত ৰৈ আছিল৷ পোহৰবোৰহে লুকাই আছিল, হয়তো ইমানদিনে বুজি উঠিছে আন্ধাৰ মোৰ কিমান প্ৰিয়! 

“তোমাৰ বাবে এটা বেয়া খবৰ আছে..” অফিচ শেষ হোৱাৰ আগে আগে অহা ফোন কলটো! অনুৰাগৰ সম্পৰ্কীয় বায়েকৰ ফোন আছিল সেইটো৷

মাত্ৰ কেই চেকেণ্ড মানৰ বাবে স্তব্ধ হৈ ৰৈছিলোঁ৷ কোনো কথা নোকোৱাকৈ ফোনটো কাটি দিছিলোঁ৷ চাৰিবছৰৰ আগতে শেষ বাৰৰ বাবে দেখা অনুৰাগৰ মুখখন! মুখ ফুটাই ক’ব নোৱাৰিলোঁ, “অহ্‌ শুনি বৰ দুখ পালোঁ”.. সেই ষ্টেজটো হয়তো মই পাৰ কৰি আহিলোঁ৷ অনুৰাগৰ বাবে মোৰ কোনো অনুকম্পা নাই! বিয়াৰ পাছত কিছুমান সুন্দৰ মুহূৰ্ত অনুৰাগে মোক উপহাৰ দিছিল, দুয়ো একেলগে কোনো সুন্দৰ দৃশ্য অংকন কৰিব নোৱাৰিলেও একেলগে সৰল ৰেখাটো টানিছিলোঁ! তথাপিও মোৰ চকুৰ পানী কিয় ওলোৱা নাই? অনুৰাগ এই পৃথিৱীত নাই.. এই খবৰটোৱে কিয় মোক ভাঙি পেলোৱা নাই অকণমানো? 

ৰাতিপুৱাৰ পগ’ৰ দুৰ্বল কুঁ-কুঁৱনিত মোৰ টোপনি ভাঙিল৷ নিজৰ ওপৰতে ভীষণ খং উঠিল, তাক খাবলৈও দিবলৈ নহ’ল যোৱাৰাতি৷ সিও এবাৰো নাহিল মোৰ ওচৰলৈ খাবলৈ বিচাৰি৷ আধাখোলা চকুৰে পগ’ই মোলৈ চালে কিন্তু আনদিনাৰ দৰে বিছনালৈ জঁপিয়াই নুঠিল৷ বৰ দুৰ্বল যেন লাগিল তাক, ওচৰলৈ গৈ তাৰ মূৰৰ ওপৰত হাত ফুৰাই দিলোঁ৷ কোনো প্ৰতিক্ৰিয়া তাৰ ফালৰপৰা নাহিল, মাত্ৰ ডিঙিটো তললৈ কৰি সি চকু মুদি দিলে৷ মনটো জিকাৰ খাই উঠিল, অজান আশংকাত হৃদয় গধুৰ কৰি তুলিলে হঠাতে৷ নিগেটিভ চিন্তাবোৰ সদায়ে মোৰ মনলৈ প্ৰথমেই আহে৷ পগ’ৰ উশাহবোৰো যেন গধুৰ গধুৰ আজি! ৰাতিপুৱাৰ সকলো অৱসাদ আঁতৰাই লৰালৰিকৈ ফ্ৰেছ হৈ ল’লোঁ৷ পগ’ক এতিয়াই ডাক্তৰৰ ওচৰলৈ নিব লাগিব, জীৱন ৰেখাৰ দট্-দটবোৰ পূৰ্ণ কৰি আছে একমাত্ৰ পগ’ই৷ তাৰ বাহিৰে মোৰ আছেইনো কোন!

দুপৰীয়া পগ’ক ডাক্তৰৰ ওচৰত থৈ আকৌ ৰূমলৈ ঘূৰি আহিলোঁ৷ অৱজাৰ্ৱেচনৰ বাবে আজি তাক ক্লিনিকতে ৰাখিলে, তাৰ আধাখোলা চকু দুটাই বাৰে-বাৰে আমনি কৰি থাকিলহি৷ ৰূমবোৰৰ চুকে-কোণে তাৰেই অৱস্থিতি! কালিৰ অনুৰাগৰ বেয়া খবৰটোও পগ’ৰ অসুখৰ আগত হেৰাই যোৱাৰ উপক্ৰম হ’ল৷ পগ’বিহীন প্ৰতিটো মুহূৰ্তহে মোৰ বাবে গধুৰ হৈ আহিবলৈ ধৰিলে৷ 

সন্ধিয়াৰ চাহকাপ আৰু আন্ধাৰ বেলকনিটো! আটাইতকৈ প্ৰিয় সময় মোৰ, মাত্ৰ আজি পগ’ ওচৰত নাই৷ 

ফোনটো বাজি উঠিল, মনটো ভাল লাগিল, পগ’ৰ ক্লিনিকৰ ফোন৷ হয়তো সি সুস্থ হৈ উঠিছে৷

: পেচেন্ট নম্বৰ 7 আপোনাৰে নহয় জানো? 

: হয়..

 চাহৰ কাপটো টেবুলত থৈ উত্তৰ দিলোঁ৷ 

: …ছ’ৰি, বহু চেষ্টা কৰিও আপোনাৰ পগ’ক বচাব নোৱাৰিলোঁ…! 

মোৰ পৃথিৱীখন ৰৈ গ’ল৷ ওচৰৰ ফ্লেটৰপৰা ভাঁহি অহা কুকাৰৰ হুইচেলৰ শব্দ যেন বিকট শব্দ হৈ মোক বোবা কৰি পেলালে! ম’বাইলটো হাতৰপৰা সৰি পৰাও মই গম নাপালোঁ, দুই ভৰিয়ে শৰীৰটো কঢ়িয়াই আনিলে ভিতৰলৈ…

বিছনাৰ ওপৰত জোৰা লগাব নোৱাৰাকৈ টুকৰা টুকুৰহৈ আকৌ এবাৰ ভাঙি পৰিলোঁ। 

☆ ★ ☆ ★ ☆

18 Comments

  • Minati Mahanta

    বেয়া হোৱা নাই , আৰু অলপ দীঘলীয়াকৈ পঢ়িবলৈ মন থাকিল ।

    Reply
  • দিম্পল

    বঢ়িয়া লিখিলে বা

    Reply
    • কাবেৰী মহন্ত

      ধন্যবাদ দেই

      Reply
  • বাগ্মিতা

    কাবেৰীবা ভাল পালো পঢ়ি!

    Reply
    • কাবেৰী মহন্ত

      ধন্যবাদ বাৰ্বী

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    হৃদয়ৰ সম্পৰ্ক! ভাল লাগিল পঢ়ি৷

    Reply
    • কাবেৰী মহন্ত

      হয়, পঢ়াৰ বাবে অশেষ ধন্যবাদ

      Reply
  • হেমন্ত কাকতি

    ভাল লাগিল কাবেৰী

    Reply
    • কাবেৰী মহন্ত

      ধন্যবাদ দাদা

      Reply
  • বন্দিতা জৈন

    বৰ ভাল লাগিল পঢ়ি বাইদেউ

    Reply
    • কাবেৰী মহন্ত

      অশেষ ধন্যবাদ

      Reply
  • মুনমুন সৰকাৰ

    ভাল পালোঁ পঢ়ি

    Reply
    • কাবেৰী মহন্ত

      অশেষ ধন্যবাদ

      Reply
  • ডলী

    ভাল লাগিল বা

    Reply
    • কাবেৰী মহন্ত

      ধন্যবাদ ডলী

      Reply
  • Papori Bhagabati Nath

    ভাল লাগিল ।

    Reply
    • কাবেৰী মহন্ত

      পঢ়ি চোৱাৰ বাবে অশেষ ধন্যবাদ

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *