ফটাঢোল

আপদীয়া পদ্য-কৃষ্ণ দাস

১) ইনবক্স

 

অনলাইনৰ সেউজীয়া লাইট

চেনীসংগ্ৰামীৰ হাই হেল্ল’ৰ বাইট৷

 

গুডমৰ্নিঙৰ পৰা ফোন নম্বৰ খোজা,

সংগ্ৰামীসকল নাৰীতত্ত্বৰ ওজা৷

 

উত্তৰ নাপালেহে অভদ্ৰ বুলি কৰি দিয়ে তেওঁলোকে ফাইট৷

 

২) স্ক্ৰীণশ্বট

 

তোমাৰ স্ক্ৰীণশ্বট মোৰ হাতত 

আপলোড কৰিলে পৰিবাগৈ গাঁতত

 

ফালি-চিৰি নোহোৱা কৰি দিম

ভাৰ্চুৱেল দুনীয়াৰ ময়েই বীৰ ভীম৷

 

ডৰাই ডৰাই লিখি লাইক কমেণ্ট গোটাই,

ফল’ৱাৰ্চো ৰাখিছোঁ হাতত৷

 

৩) নিৰ্বাচন 

 

দিগম্বৰ বৰুৱাই খেলিব নিৰ্বাচন

নিৰ্দলীয় হৈ খেলি হ’লেও বিধায়ক হোৱাৰ মন, 

ফেচবুকীয়া ৰাইজৰ সঁহাৰি ভাল

বিধায়ক হ’ব পাৰিলে সৰকাব মাল

নিৰ্বাচনৰ বাবে বৰাই লৈছে বেংকৰপৰা লোণ৷

 

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *