ভাঙৰ নিচা-হিতেশ বি বৰুৱা
চাৰিবছৰৰ আগৰ কথা। সিদিনা আছিল শিৱৰাত্ৰিৰ পূজা। এনেই মই ঘৰত থাকিলে ঘোটা খাই বৰ ভাল পাওঁ। গতিকে গুৱাহাটীৰ ভাড়াঘৰত আছিলোঁ যিহেতু ঘোটা খাবলৈ পোৱা নাছিলোঁ। কাষৰ ৰূমৰ ল’ৰা এজনে ক’লে ভঙাগড়ত হেনো ঘোটা বিক্ৰী কৰি আছে এক গিলাচত পাঁচ টকা। মই ওলাই গ’লোঁ ৰূমৰপৰা ঘোটা খাম বুলি ভঙাগড়লৈ। দোকানিক ক’লোঁ দাদা এক গিলাচ ঘোটা দিয়ক৷ দোকানিয়ে এগিলাচ দিলে। তাৰ পাছত ঘোটা গিলাচ খাই ইমান ভাল পালোঁ যে মিঠা মিঠা সোৱাদ এটা মুখত লাগি থাকিল৷ আকৌ এগিলাচ খালোঁ। ইয়াৰ পিছত দহটকা মানিবেগৰপৰা উলিয়াই দোকানিক দিলোঁ।
লাহে লাহে গাটো কিবা এটা ভাল লাগি আহিল দেখোন। ৰূমলৈ আহি ভাতকেইটা অকণমান খাই শুলোঁ। বিছনাত শুৱাৰ পাছতেচোন বিছনাখন ঘূৰিবলৈ আৰম্ভ কৰিলে, ইফালে মুখখন বাৰে বাৰে শুকাই যায়, বাৰে বাৰে পানী খাওঁ। তাৰপাছত অফিচৰপৰা ছাৰে ফোন কৰিলে মোক ডিউটিলৈ যাব লাগে বুলি আৰু কিয় ইমান দেৰি কৰিছোঁ বুলি গালি পাৰিছে।
মই কাপোৰ পিন্ধি অফিচ যাবলৈ ওলাইছোঁ।
তেনেতে মোৰ লগৰজনে ক’লে,
: কি কৰা তুমি? এই ৰাতি দুই বজাত ক’লৈ যোৱা? শুই থাকা তোমাৰ নিচা হৈছে আৰু তোমাক ছাৰে ফোন কৰা নাই। তোমাৰ নিচাৰ বাবে ফোন কৰা বা গালি দিয়া যেন লাগিছে আগৰ কথাবোৰ ভাবি।
তাৰ পাছত লগৰজনক কৈছোঁ,
: মই ভঙাগড় মেডিকেল যাম মোক লৈ বলা, মোৰ নিচা হৈছে ডাক্তৰক দেখুৱাম।
সি ক’লে,
: তোমাৰ একো হোৱা নাই বা নহয় তুমি শুই থাকা।
ডাক্তৰক দেখুৱাৰ প্ৰয়োজন নাই।
মই হেনো কান্দিবলৈ আৰম্ভ কৰি দিলোঁ। আকৌ সি যদি কিবা কয় মই হাঁহিত থাকিব নোৱৰা হৈ যাওঁ৷ এইবোৰ কথা ৰাতিপুৱা মোৰ লগৰজনেহে ক’লে ৰাতিটো মোৰ লগত কিমান লটিঘটি হৈছিল ঘোটা খায়। ইফালে আকৌ মই ৰাতিয়ে ডিউটিলৈ যাবলৈ ওলোৱা ল’ৰাজন পিছদিনাও ডিউটিলৈ যাব নোৱাৰিলোঁ মূৰটো ইমানে গধুৰ হৈ আছিল।
গতিকে দিনত টেঙা খাই কিবাকৈ অলপ ভাল পালোঁ গাটো।
☆ ★ ☆ ★ ☆