হেপ্পী বিহু-মানসী বৰা
বিহু বুলি ভূঞানীৰ গাত তত নাই। গা একেবাৰে সাতখন আঠখন। দীঘল তালিকা এখন প্ৰস্তুত কৰি পৰিয়ালৰ কাক, কি, ক’ত দিব আগতীয়াকৈ বজাৰ কৰিছে। ল’ৰা-ছোৱালী মিৰ (পোচাকী নাম ভ্লাডিমিৰ) আৰু ৰিয়া (পোচাকী নাম ভিক্টোৰিয়া) দুয়োটাকে লগত লৈ গৈ নিজৰ পচন্দ মতে কাপোৰ কিনাই আনিছেগৈ। ভূঞালৈ পেণ্ট-চাৰ্টৰ লগতে নিজলৈ বুলিও দুসাজকৈ কাপোৰ ল’বলৈ তেওঁ নাপাহৰিলে। যিমান হ’লেও বাপতিসাহোন হেঁপাহৰ বিহুটি আহিছে, নল’বই বা কিয়? তাতে আকৌ বিহু বুলি লেডিজ ক্লাবে আয়োজন কৰা মহিলাৰ ফেচন শ্ব’টোতো তেওঁ অংশ লোৱাৰ কথা। সেয়ে চকুত লগা পাত-মূগাৰ কাপোৰ দুসাজ নল’লেই নহৈছে। এনেয়ো প্ৰতিটো উৎসৱ, অনুষ্ঠানতে কাপোৰ কিনাটো ভূঞানীৰ অভ্যাস। মাঘৰ বিহু, কাতিবিহু, দুৰ্গাপূজা, কালীপূজা, দেৱালী, সৰস্বতী পূজা একো বাদ নপৰে। ভূঞানীৰ সৰল মনটোৱে সকলো উৎসৱ-পাৰ্ৱনকে সমানে গুৰুত্ব দি আহিছে।
প্ৰতিবেশী, বান্ধৱীৰ ঘৰৰ বিয়া হ’লেও প্ৰতিবাৰ কাপোৰ এসাজ লোৱাটো ভূঞানীৰ চখ। বিয়াবোৰত পিন্ধিবলৈ তেওঁৰ প্ৰতিবাৰেই কাপোৰৰ নাটনি হয়। তাতে ফে’চবুক-ইনষ্টাৰ যুগত একে সাজ কাপোৰ পিন্ধি ফটো পোষ্ট কৰিবলৈয়ো সত নাযায়। ইনষ্টাৰ ফল’ৱাৰ সেইবোৰ চায়েইতো বাঢ়ে। সেয়ে, বিয়াৰ নিমন্ত্রণী পত্ৰখন পোৱা দিনাৰেপৰা ভূঞাক কুটুৰি থাকে কাপোৰ এসাজৰ বাবে। ভূঞায়ো ল’বা বুলি কৈ দিয়ে।
উচ্চ পদস্থ চৰকাৰী কৰ্মচাৰী ভূঞাৰ বাহিৰা পইচা অহাৰ ৰাস্তা সুগম। দৰমহাটো দৰমহা ভাগেই থাকে। গতিকে আপত্তি কৰাৰ কথাই নাথাকে। ঘৈণীয়েকৰ কাপোৰ নাই বুলি ভাবি তেঁৱো দিয়েই থাকে। ইফালে ইযোৰৰ পিছত সিযোৰ কাপোৰে ভূঞানীৰ আলমাৰিত পাহাৰ বান্ধে।
এবাৰ কিবা এটা বিচাৰি ভূঞাই ভূঞানীৰ শাৰী, মেখেলা-চাদৰে ঠাহ্ খাই থকা আলমাৰি দুটা খুলি ঢলি পৰিবলৈকে লৈছিল। কথমপি যেনেতেনে যেনিবা নিজকে চম্ভালিলে সেইদিনা।
: ইমানবোৰ কাপোৰে ভৰি আছে, তথাপি কিয়নো কাপোৰ নাই, কাপোৰ নাই বুলি গীত জুৰি থাকাহে?
: মোৰ কাপোৰহে তুমি সৰহ দেখিবলৈ আহা। চলিহানীৰ আলমাৰিটো চাবাগৈচোন এবাৰ।
ভূঞানীৰ একপ্ৰকাৰ ঠেঁহেই লাগে।
চলিহানী ভূঞানীৰ প্ৰতিবেশী, নলে-গলে লগা বান্ধৱী। দুয়ো যলৈকে যায় একেলগে যায়। বিহুৰ বজাৰ-সমাৰো দুয়ো একেলগেই কৰিছে।
: হেৰা মই লোকৰ তিৰোতাৰ আলমাৰি কিয় খুলিবলৈ যামহে? মোৰ কি কাম নাই বুলি ভাবিছা?
ভূঞাই অস্বস্তিত ভোগে কেতিয়াবা।
বিহুৰ কাপোৰৰ বজাৰসোপা দেখাৰ দিনা ভূঞাই সুধিছিল।
: কাপোৰৰ বজাৰহে হ’ল, বিহুৰ পিঠা-পনাৰ দিহা পিচে কি কৰিলা?আকৌ সেইবোৰৰ খৰচ আছেই নহয়।
তপককৈ ভূঞানীয়ে বোলে,
: এডভাঞ্চ দি আহিছোঁ এনাজৰী গোটত। খুব ধুনীয়া পিঠা-লাড়ু বনায়। কিয়, মাঘৰ বিহুত দেখোন খাইছিলাই, পাহৰিলা? তাৰপৰা অৰ্ডাৰ দি অনা পিঠাহে। এইবাৰো সেয়ে তাতে দিছোঁ।
যোৱাবছৰ ‘সুৰভী গোটত’ বৰ ভাল পোৱা নাছিলোঁ। পিঠাবোৰ কিবা টান টান। এনাজৰীয়ে তাতে আকৌ কাষ্টমাৰৰ লাকী কণ্টেষ্ট এটাও পাতিছে। তেওঁলোকৰ ইউটিউব চেনেলেটোত দহ হাজাৰৰ ওপৰত বজাৰ কৰা গ্ৰাহকৰ মাজত লটাৰী পাতি লাকী বিজেতা হিচাপে পৰিচয় কৰাই পুৰষ্কাৰ দিয়াৰো ব্যৱস্থা কৰিছে।ময়ো সেয়ে তিলপিঠা, নাৰিকল দিয়া পিঠা, ঘিলাপিঠা, নাৰিকলৰ লাড়ু, সুতুলী পিঠা, ইদলী পিঠা, হুৰুম, চিৰা, ভজাচাউল, গুৰ এই সকলোখিনি তাতেই অৰ্ডাৰ কৰিলোঁ। প্ৰায় এঘাৰ হাজাৰমানৰ বজাৰ কৰিছোঁ। লাকী বিজেতাত নামটো উঠিলেই হ’ল আৰু!
বিহু বুলি কেক এটাকে ঘৰত বেক কৰিম বুলি ভাবিছিলোঁ। পিচে এতিয়া ভাবিছোঁ নকৰোঁ। চলিহানীয়ে ময়ূৰ বেকাৰীৰপৰা অনাম বুলি কৈছে। ময়ো ভাবিছোঁ আবেলি তাৰপৰাই ফ্ৰেছ কেক লৈ আহিমগৈ।
আমাৰ ঘৰত গাখীৰ দিয়া মুকুলে দৈ আৰু ক্ৰিমকণ দিব। বিহুৰ যোগাৰ সমস্ত কৰি হৈয়েই গৈছে। তুমি একো চিন্তাই কৰিব নালাগে।
: হেৰা, ইদলী পিঠা বুলি নক’বাচোন। বৰ বেয়া শুনিহে। ভাপত দিয়া পিঠা বুলি ক’বা।
নকওঁ বুলি ভাবিও ভূঞাই যোগ দিয়ে।
: সেইটো আজিকালি ইদলী পিঠা বুলিয়েই কয়। ইদলী ষ্টেণ্ডত যে বনোৱা হয়। নাজানিলে নক’বাচোন।
ভূঞানীয়ে পিঠা-পনা নকৰিলেও বনোৱাৰ বিধি সকলোবোৰ জানে। গতিকে সজোৰে ভূঞাক বিৰোধ কৰিলে।
: তোমালোকেহে ইদলী ষ্টেণ্ডত সেই পিঠা বনাবলৈ লৈ ভাপত দিয়া বা টেকেলী মুখৰ পিঠাৰ নাম সলাই পেলাইছা। আমি সৰুতে দেখাটোহে ক’লোঁ।
ভূঞাই মোখনি মাৰে।
গৰু বিহুৰ পৰিৱেশ এটা চৌপাশে বিৰাজমান। দূৰৈৰপৰা বিহুগীত এটিৰ সুৰ ভাঁহিছে। কোনোবাই ঘৰৰ মিউজিক প্লেয়াৰত বিহু লগাইছে। টিভিত কোনোবা এটা নিউজ চেনেলত গৰু গা ধোওৱা দেখুৱাই থকা হৈছে। গৰু নথকা বাবে ভূঞানীৰ প্ৰতিবেশী দত্তই নিজৰ পোহনীয়া কুকুৰকেইটাকে গা ধুৱাইছে।
তাকে দেখি অহাবাৰ বিহুত গা ধুৱাবলৈকে ‘লেব’ এটা আনিবলৈ ভূঞানীৰ ইচ্ছা জাগোঁতেই ঘৰৰ গে’টৰ বাহিৰত চলিহানীৰ কলেজীয়া পুতেক বনীক দেখা পালে।
: হেপ্পী বিহু আণ্টি,
হাঁহি মাৰি বনীয়ে চিঞৰে।
: অ’ হেপ্পী বিহু বনী। ক’লৈ ওলালা? বিহু খাবলৈ আহিবা আকৌ হাঁ।
: অ’ আণ্টি, মই বিহুৰ ‘চুইটচবোৰ’ অলৰেডী খালোঁৱেই। মায়ে কৈছে আপুনি আৰু মায়ে একেলগে সেইবোৰ অৰ্ডাৰ কৰি আনিছে। চেম চেম চুইটচবোৰ আৰু কি খাম? মই তিনি আলিত অলপ “এগ্ ফাইট” চাই আহোঁগৈ। ইভনিং আপোনাৰ তালৈ আহিম হাঁ। আপোনাৰ হাতৰ ‘নুডলচ’ খাম।
কথাটো শুনি ভূঞানীৰ মুখত সন্তুষ্টিৰ হাঁহি বিয়পে। তেওঁৰ হাতৰ নুডলচ বনীৰ প্ৰিয়। ভাল বনাই বুলি অৱশ্যে তেওঁ নিজেও জানে। গধূলিকে বিহু বুলি বনীক “চিকেন নুডলচ”কে বনাই খুৱাব। যিমান হ’লেও বাপতিসাহোন ব’হাগৰ বিহু। মিৰ-ৰিয়ায়ো “চাইনীজ” খুব পচন্দ কৰে।
☆ ★ ☆ ★ ☆
9:33 pm
গতিশীল সময়ৰ সোঁতত ভাঁহিযোৱা মানুহৰ সুন্দৰ উপস্থাপন।
8:46 am
কৃতজ্ঞতা জনালোঁ..
4:25 pm
বৰ ভাল লাগিল
8:47 am
বহুত ধন্যবাদ