ভেশছন-মনিষা শৰ্মা
সৰুতে, মানে স্কুলীয়া সময়খিনিত আমি কেইগৰাকীমান ল’ৰা-ছোৱালী স্কুলতে হওক, গাঁৱৰ অনুষ্ঠানবোৰতে হওক, আলুগুটিৰ দৰে আছিলোঁ৷ মানে গানো গাম, বিহুও নাচিম, কাবাদী, পাঞ্জা, কুকুৰাযুঁজ, য’ত যি খেল পাতে সকলোবোৰ খেলিম, মাত্ৰ আলুগুটি আৰু! কেতিয়াবা পুৰস্কাৰ পাওঁ, কেতিয়াবা নাপাওঁ ৷ সেইবোৰৰ হিচাপ নাই, মাত্ৰ সকলোতে ভাগ ল’ব লাগে আৰু খেলিব লাগে ৷
আজিকালি কিছুমান ল’ৰাছোৱালীক যেতিয়া দেখোঁ যে পুৰস্কাৰ নাপাব বুলি ভয়তে প্ৰতিযোগিতাবোৰত ভাগ নলয়, তেতিয়া ভাবোঁ যে জীৱনটোত তেতিয়াৰপৰা এতিয়ালৈকে কোনোদিন ইমান ছিৰিয়াছ হৈ নাপালোঁ কোনো কথাতেই৷ ছিৰিয়াছ হোৱাহেঁতেন হয়তো বৰ্তমানতকৈ ভাল স্থানতেই থাকিলোঁহেঁতেন জীৱনটোত৷
বাৰু, সেইবোৰ বেলেগ কথা৷ মই ক’ব বিচৰা কথাখিনিলৈ আহোঁ৷
এনেদৰেই এবাৰ আমাৰ গ্ৰুপটোৱে মনস্থ কৰিলোঁ যে আমি সেইবাৰ হ’বলগীয়া ৰঙালী বিহুৰ মুকলি প্ৰতিযোগিতাবোৰত ভেশছনৰ প্ৰতিযোগিতাটোতো ভাগ ল’ম ৷ আমাৰ বিষয় হ’ব, জেৰেঙা পথাৰত যেতিয়া সতী জয়মতীক চাওদাঙে অত্যাচাৰ কৰি আছিল, সেই সময়ত ৰাজকুমাৰ গদাপাণিয়ে ভেশ ধৰি সতী জয়মতীক লগ ধৰিবলৈ অহা দৃশ্যটো৷
কথামতেই কাম৷ ৰিহাৰ্চেল আৰম্ভ কৰিলোঁ৷ আইতাক কুটুৰি কুটুৰি সতী জয়মতীৰ বাবে চাদৰ মেখেলা, আ-অলংকাৰ ইত্যাদিও আনিলোঁ৷ সতী জয়মতীৰ ভাও দিয়া হ’ল আমাৰ গ্ৰুপৰ আটাইতকৈ ধুনীয়া ল’ৰাটোক৷ সি ইমানেই ধুনীয়া আৰু বগা আছিল যে আমি ছোৱালীকেইজনীয়ে পাত্তাই নাপাওঁ তাৰ আগত৷ সেইবাবেই তাক এইটো ভাও দিয়া হৈছিল৷
মই আৰু আন এজনী, লগতে ল’ৰা এজন হ’ম চাওডাং৷ ৰাজকুমাৰ গদাপাণি হ’ব আমাৰ মাজৰ আটাইতকৈ ডাঙৰ ছোৱালীজনী৷
সেইমতেই সকলোবোৰ কাপোৰ-কানি, মেকআপ ৰেডি কৰিলোঁ৷
কিন্তু আৰম্ভণিৰে পৰাই মোৰ খুৰাই আমাৰ এই কথাটো সমৰ্থন কৰা নাছিল৷ তেওঁ কৈছিল যে, “তহঁতে বেলেগ এটা বিষয় লৈ ভেশছনত ভাগ ল’বি৷ এইটো এটা ঐতিহাসিক বিষয়৷ কিবা কাৰণত ভালকৈ উপস্থাপন নহ’লে কৌতুক কৰা যেন হ’ব৷”
খুৰাই আমাক বেলেগ বেলেগ বিষয় কেইটামান বিচাৰিও দিছিল৷ কিন্তু আমাৰ এটাও বিষয় পচন্দ নহ’ল৷ তেওঁ মানুহজন যথেষ্ট সচেতন আৰু বিজ্ঞ আছিল এই বিষয়বোৰত৷ সেইবাবেই আমাক মানা কৰিছিল৷
কিন্তু আমিতো আৰু আমিয়েই৷ একেবাৰে নাচোৰবান্দা৷ গতিকে ৰিহাৰ্চেল কৰি থাকিলোঁ৷ যথাসময়ত ভেশছনৰ দিনটো আহিল৷ সেইদিনা মূল সমস্যাটো হ’ল সতী জয়মতীৰ ভাও ধৰা ল’ৰাজনক চাদৰ মেখেলা পিন্ধোৱাটো৷ আমি ছোৱালীকেইজনীয়ে চখতে কেতিয়াবা চাদৰ মেখেলা পিন্ধিছিলোঁৱেই ৷ কিন্তু আমাৰ এই বন্ধুজনে তাৰ আগলৈকে কোনোদিন মেখেলা চাদৰ পিন্ধি পোৱা নাই৷ গতিকে আমি ছোৱালীবোৰে পিন্ধাৰ দৰে মেখেলা চাদৰযোৰ পিন্ধাই দিয়াৰ পিছত বেচেৰাই লৰচৰ কৰিবই নোৱৰা হ’ল৷ আমিতো এই সমস্যাটোৰ বিষয়ে আৰম্ভণিতে ভাবিবলৈকে নহ’ল৷ নহ’লে ছোৱালী এজনীকে এই ভাওটোৰ দ্বায়িত্ব দিব পৰা গ’লহেঁতেন৷ এতিয়া এনেদৰে প্ৰতিযোগিতাৰ দিনাখন সলনি কৰাটোতো ভাল কথা নহ’ব৷ সকলোৱে চিন্তাত পৰিলোঁ এই সমস্যাটোৰ বাবে৷
শেষত যেনিবা তাৰ স্কুললৈ পিন্ধি যোৱা ইউনিফৰ্মৰ হাফপেণ্ট চাৰ্টযোৰৰ ওপৰতে মেখেলা চাদৰযোৰ পিন্ধাই দিয়াতহে এখোজ দুখোজ দিব পৰা হ’ল। তাক ক’লোঁ যে,
: একো কথা নাই৷ তই কিবাকৈ পথাৰখনলৈ যাব পাৰিলেই হ’ল৷ তাত গৈ পোৱাৰ পিছত তোক গছত বান্ধি থোৱাই হ’ব ৷ এইখিনি কিবাকৈ যাবি আৰু৷
তাক সজোৱা হোৱাৰ পিছত বাকী আৰু আমিবোৰেও চাওদাঙ আৰু ৰাজকুমাৰ গদাপাণিৰ ভাওৰ বাবে সাজু হ’লোঁ৷
সকলোৱে সাজু হৈ কেৱল ঘোষকৰ “প্ৰতিযোগীবোৰে নিজৰ নিজৰ স্থান গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হ’ল”- বুলি কোৱা ঘোষণাটোৰ বাবে ৰৈ থাকিলোঁ৷
যিখন পথাৰত আমাৰ খেল-ধেমালিবোৰ হৈছিল সেইখন আছিল ৰাজহুৱা পথাৰ৷ তাৰে এটা ভাগত খেল-ধেমালিবোৰ হৈছিল আৰু আনটো ভাগত ব’হাগ মাহত হ’ব লগীয়া গাঁৱৰ বিয়াসমূহৰ বাবে খৰি ফালি ভাগে ভাগে দ’ম কৰি থোৱা আছিল৷
বাৰু যিয়েই নহওক আমিকেইটা পথাৰলৈ ওলাই যাবলৈ ইমান বেছি উৎসুকতাৰে ৰৈ আছিলোঁ যে এবাৰত ঘোষকে মাইকত প্ৰতিযোগীসমূহক নিজৰ নিজৰ স্থান গ্ৰহণ কৰিবলৈ কোৱা যেন লাগিল৷ গতিকে দলে-বলে ওলাই আহিলোঁ লগে লগে৷
বাহিৰলৈ আহিহে গম পালোঁ যে, আমাৰ আগৰ প্ৰতিযোগিতাটোৱেই শেষ হোৱা নাই তেতিয়ালৈ৷ ইফালে মানুহবোৰে আমাক আচৰিত হৈ চাবলৈ ধৰিলে কি হৈছে বুলি৷
তেনেতে আমি দেখিলোঁ যে, পথাৰৰ আনটো ফালৰপৰা বিয়ালৈ ফালি থোৱা খৰিবোৰৰ মাজৰপৰা এডাল বিশাল আকাৰৰ ফলাখৰি লৈ ৰুদ্ৰমূৰ্তি ধৰি আমাৰ খুৰাই আমাক খেদি আহিছে৷
লগে লগে ভয়তে য’ত যি আছিল সৱ তাতেই এৰি থৈ আমি যিয়ে যেনেকৈ পাৰোঁ লৰ মাৰিলোঁ৷
মই আৰু চাওদাং হোৱা আনজনী ছোৱালী দৌৰি আহি আমাৰ ঘৰৰ খেৰৰ পুজিৰ তলত সোমালোঁ৷ কেইজনমান নদীৰ গৰাত লুকালগৈ৷
খেৰৰ পুজিৰ তলত সোমাইহে আমাৰ মেখেলা চাদৰ পিন্ধা বন্ধুজনলৈ মনত পৰিল, “সি বা ক’ত কেনেকৈ লুকাল” বুলি ৷ বেচেৰালৈ বেয়াও লাগিল৷ কিন্তু আমি ইমান ভয় খালোঁ যে সেইসময়ত আৰু বেলেগ কথা ভাবিব নোৱাৰিলোঁ৷ পলোৱাটোতহে গুৰুত্ব দিয়া হ’ল৷ তাতে খুৰাৰ আগৰ পৰাই আমালৈ খং উঠি আছিলেই৷ গতিকে ফলাখৰিৰ কোব খোৱাতকৈ পলোৱাটোৱেই ভাল হ’ল৷
তেনেদৰেই অলপ সময় লুকাই থকাৰ পিছতে খেৰৰ পুজিৰ তলৰ পৰাই আমি দেখিলোঁ যে আমাৰ বন্ধুজনে তাৰ স্কুলত পিন্ধি যোৱা ইউনিফৰ্মযোৰৰ ওপৰত আমি পিন মাৰি মজবুতকৈ পিন্ধাই দিয়া চাদৰখন উৰুৱাই উৰুৱাই আমাৰ ফালে দৌৰি আহিছে৷ দৌৰোঁতে বেচেৰাৰ মেখেলাখন ক’ৰবাত খুলি ৰ’ল৷ এতিয়া অকল হাফপেণ্টটোৰ ওপৰতে চাদৰখন ওলমি আছে৷
পুজিৰ তলত সোমায়েই সি ফোঁপাই জোঁপাই ক’লে,
: তহঁত কি ভাই, মোক অকলে এৰি থৈ দৌৰ মাৰিছ৷ আজি ফলাখৰিৰ কোবত মোৰ জীৱ যাব যেনেই পাইছিলোঁ।
আমি তাক যিমান পাৰোঁ সান্তনা দি বুজাবলৈ যত্ন কৰিলোঁ৷ ভাগ্য ভাল যে বেচেৰাই অলপৰ বাবেহে ফলাখৰিৰ কোব নাখালে৷
যিয়েই নহওক, সেইদিনাৰ পিছত আমাৰ এই গ্ৰুপটোৱে জীৱনত আৰু কেতিয়াও এনেদৰে নভবা নিচিন্তাকৈ কোনো প্ৰতিযোগিতাত ভাগ নলওঁ বুলি সিদ্ধান্ত লৈছিলোঁ৷ ইংৰাজীত যে এষাৰ কথা আছে, “jack of all traits, but master of none”, এই কথাষাৰ সেইদিনাৰ পিছত খুব ভালদৰে অনুভৱ কৰিছিলোঁ৷
আমাৰ এই গ্ৰুপটোৰ বন্ধু-বান্ধৱীবোৰ বৰ্তমান কোনোৱেই সঘনাই লগ পাব পৰা দূৰত্বত নাই৷ সকলোৰে নিজৰ নিজৰ জীৱন, সংসাৰ, আৰু ব্যস্ততাত ব্যস্ত৷ কিন্তু যেতিয়াই লগ পাওঁ বা ফোনত কথা পাতোঁ এই ভেশছনৰ ঘটনাটো এবাৰলৈ হ’লেও ওলায়৷ এতিয়া ভাবোঁ যে সেইদিনা ভেশছন প্ৰতিযোগিতাখনত ভাগ ল’বলৈ নাপাই ভালেই হ’ল৷ নহ’লে আজি এনেদৰে সেই বিশেষ দিনটোৰ স্মৃতি বুলিবলৈ বিশেষ একো নাথাকিলহেঁতেন৷
☆ ★ ☆ ★ ☆
6:19 pm
হাঃ হাঃ, ভাল হঁহুৱালে দেই। ৰসাল বৰ্ণনা, ভাল লাগিল।
9:00 pm
ধন্যবাদ বাইদেউ
11:54 am
মজা লাগিল দেই৷