টোপনি-বন্দিতা জৈন
টোপনি, ঘুমটি, যি ক’লেও টোপনি মুঠতে কলৰ তলত ঘৰ। ন’ ডাউট। আচম্বিতে অহা টোপনিৰ বাবে অনেক লটিঘটি প্ৰায় সকলোৰে হয়। ময়ো তাৰেই নিমিত্ত মাত্ৰ।
এবাৰ জাগীৰোডৰপৰা সোণাপুৰলৈ আহিছিলোঁ। বহুত বছৰ হ’ল যদিও মনত ৰৈ যোৱা ঘটনা আছিল। টোপনিৰ বাবেই সেইদিনা ইমানবোৰ মানুহৰ আগত কমখন নাক কটা যোৱা লাজ পাইছিলোঁনে। কলেজলৈ অহা-যোৱা কৰোঁতে কৰোঁতে প্ৰায়বোৰ বাছৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেনবোৰ চিনাকি হৈ গৈছিল। সেইদিনাও চিনাকি গাড়ী এখনত উঠিলোঁ। উঠাৰ পিছতে হেণ্ডিমেনজনে বহিবলৈ চিট এটাৰ ব্যৱস্থা কৰি দিলে। অলপ দূৰ যোৱাৰ পাছতেই বতাহ লাগি মোৰ চকু বন্ধ হৈ টোপনি অহাৰ উপক্ৰম হৈছে। আনকালে বাছত টোপনি নাহে। কিন্তু কঁপালত লাজ পাবলৈ লিখা আছিল। “বিধাতাৰ লিখন নাযায় খণ্ডন” মোৰো তেনেকুৱাই হ’ল। এটা সময়ত চিটতে ঢলি পৰিলোঁ টোপনিত। একেবাৰে কুম্ভকৰ্ণ শোৱন আছিল হেনো। পিছত মোক হেণ্ডিমেনজনে জনাইছিল। সি দিয়া টোপনিৰ বিৱৰণটো কৈ দিছোঁ ৰ’ব, মুখ মেলি নাকেৰে ঘৰ-ঘৰ শব্দ, মূৰটো গাড়ীৰ তালে তালে এবাৰ ইফালে-এবাৰ সিফালে। কেতিয়াবা কাষত বহা মানুহজনৰ কান্ধত মূৰটো ৰৈ যায়। তেওঁ আমনি পালেও মোৰ টোপনি ব্যাঘাত কৰাৰ ইচ্ছা নাছিল চাগৈ সেই বাবে নজগালে। এক ঘণ্টামানত মই টোপনিৰ আমেজ আৰু বাকী গাড়ীৰ মানুহবোৰে মোৰ অৱস্থাৰ সুন্দৰ দৃশ্যৰ আমেজ লৈ গৈছে। যথা সময়ত গাড়ী সোণাপুৰ পালেহি। যিহেতু আগতে কোৱা আছেই হেণ্ডিমেনজনে আগুৱাই আহি মোক উঠাই আছে,
“বাইদেউ, নামক। বাইদেউ….বাইদেউ….বাইদেউ…..”
নাই, মোৰ খবৰ নাই। যিমান মাত দিয়ে সিমান কাটিহৈহে দিওঁ। বাছ ৰৈ আছে। মানুহবোৰে আমনি পাইছে। এবাৰত কাষত বহি থকা মানুহজনে কান্ধত ধৰি জোকাৰি দিয়াত চকু মেলিলোঁ। হে ঈশ্বৰ! বাছৰ আটাইবোৰ মানুহে মোৰ ফালে চাই চাই হাঁহিবলৈ লাগিছে। ময়ো মুখেৰে বাগৰিপৰা পানীখিনি মচি গপচত বাছৰপৰা নামি আহিছোঁ।
টোপনিৰে আন এটা ঘটনা। বিয়াৰ ছয় মাহমানৰ পাছত। বিয়াৰ তিনিমাহ পিছত মই কাম এৰি ঘৰতে থকা কৰিলোঁ। ৰূম আছিল ভৰলুত। অফিচ আছিল ছয়মাইলত। ইমান দূৰ মোৰ বাবে ৰিস্কি আছিল সেই সময়ত। ঘৰত অকলে থাকোঁ। ওচৰৰ ভাড়াতীয়া কোনো নাই। হাজবেণ্ড দুপৰীয়া ভাত খাবলৈ নাহে।হাজবেণ্ডৰ লখৰাত দোকান আছিল। মই চাৰি নে পাঁচ মাহমানৰ প্ৰেগনেণ্ট আছিলোঁ। এদিন দুপৰীয়া খাই-বৈ অলপ শুই লওঁ বুলি ভাবি শুলোঁ যি শুয়েই গ’লোঁ। প্ৰায় সন্ধিয়া হোৱাৰ আগে আগে দেখিছোঁ মোৰ ঘৰত হাজবেণ্ডক ধৰি দুয়োজনী ননন্দনৰ পৰিয়াল আৰু পৰিয়ালৰ ঘৰুৱা এজন ডাক্তৰ। মই সাৰ পোৱাৰ পিছতহে তেওঁলোকৰ মুখত কথা ওলাইছে।
ঘটনাটো এনেকুৱা হ’ল, মোৰ প্ৰায় জ্বৰ হৈ থাকে আৰু অকলে থাকোঁ বাবে হাজবেণ্ডে দিনটোত ফোনত খবৰ ৰাখি থাকে, এক ঘণ্টাৰ মূৰে মূৰে। সেইদিনা আগবেলা ব্যস্ত থকা বাবে ফোন কৰিবলৈ সময় নাপালে। তাৰপিছত যেতিয়া সময় পালে মই ফোন উঠোৱা নাই। দুই ঘণ্টামানত পঞ্চলিছটামান মিছকল। মোৰ উত্তৰ নোপোৱাৰ বাবে দুইজনী ননন্দনক ফোন কৰি আহিবলৈ ক’লে লগত ডক্তৰজনো। এতিয়া চাবি নাই। ময়ো লক লগাই থ’লোঁ। গে’টত বজালেও গম পোৱা নাই। হাজবেণ্ডে দোকানৰ কাষ্টমাৰ এৰি, বেলেগ কাৰোবাক চাবলৈ দি ঘৰলৈ আহি চাবি খুলি ভিতৰত সোমাই মোক শুই থকা দেখি উঠাবলৈ লাগিল। কোনো এজনে পানীৰে মুখ ধুৱাই দিলে। ডাক্তৰে প্ৰেচাৰ চেক্ কৰিবলৈ লোৱাৰ পিছত হাতত কিবা এটাৰ অনুভৱ হোৱাতহে সাৰ পালোঁ। উঠি ইমানবোৰ মানুহ একেলগে ঘৰৰ ভিতৰত কেনেকৈ আহিল বুলি মইহে আচৰিত হৈ গৈছিলোঁ। সোধাত ভাল কেইটামান ধমকি খাই টোপনি ভাঙি গৈছিল। তাৰপিছত আৰু আজিৰ তাৰিখলৈকে দিনত শুৱা এৰি দিলোঁ।
☆ ★ ☆ ★ ☆
1:26 pm
হাঃহাঃহাঃ৷ কি জমনি৷
9:34 pm
ধন্যবাদ জনাইছো
2:06 pm
হাঃ হাঃ মোৰো আছে এনে এটা কাহিনী৷ কম ৰবা৷ মজা লাগিল৷
9:36 pm
ধন্যবাদ দাদা
3:49 pm
মজ্জা লাগিল
9:37 pm
ধন্যবাদ জনালোঁ
9:34 pm
ধন্যবাদ জনাইছো
9:35 pm
ধন্যবাদ জনাইছো
11:22 am
বেচ জমনি ?! ভাল লাগিল বন্দিতা
7:22 pm
ধন্যবাদ জনাইছো