ফটাঢোল

য়া আলি ৰহম- সমুজ্জ্বল কাশ্যপ

ফোনৰ স্ক্ৰীনত বহুদিনৰ মূৰত চিনাকি নামটো দেখি আচৰিত হৈছিলোঁ, উঠোৱাৰ লগে লগে সিফালৰপৰা সি চিঞৰি উঠিছিল 

: মই কৈছোঁ। ইমানকৈ ফোন কৰোঁ নুঠাৱ কিয়? ডাঙৰ কাম এটা আছে, মাৰ্চৰ ২৫ তাৰিখে গুৱাহাটীলৈ আহ।

: মানে? এনেদৰে হঠাতে কেনেকৈ যাম!

: সেইবোৰ নাজানো, তোৰ ম’বাইলত টিকট পঠিয়াইছে গৰিমাই আৰু একো কথাই নুশুনো।

হয়। সেয়া জুবিন গাৰ্গ। এনেদৰে মাজে মাজে ফোন কৰি দম দিয়ে। তাৰ মতেই কৰিবলগীয়া হয় সকলো। সময়ত মোৰ কোনো কথাই শুনিবলৈ অপ্ৰস্তুত।

বয়সত যথেষ্ঠ পাৰ্থক্য আছে যদিও আমি ভাল বন্ধু। চান্দমাৰী ফ্লাইঅ’ভাৰৰ তলত তাৰ বুলেটখন বেঁকাকৈ পাৰ্ক কৰি চাওমিন খাই থাকোঁতে এদিন গালি দিছিলোঁ, প্ৰথমতে অলপ কাজিয়া-পেচাল আৰু পিছলৈ আমাৰ বন্ধুত্ব। তেতিয়া সি বি বৰুৱাত আৰু মই কমাৰ্চত!

দাগ, নায়ক, কন্যাদানকে আদি কৰি তাৰ বহুকেইখন ছবিত সংগীতৰ কামত সহায় কৰি দিছোঁ। তাৰ গীতবোৰৰ ইঞ্চুমেণ্টেলখিনি ময়েই কৰোঁ। ছবিৰ গীতৰ উপৰি আন বহুকেইটা এলবাম আমি একেলগে কৰা। মোৰ বহুতো গান আজিও তাৰ নামত চলি আছে, কিন্তু তাকে লৈ কোনো আক্ষেপ নাই। সি তাৰ পৃথিৱীত সুখী আৰু মই মোৰ। অৱশ্যে মাজে-সময়ে সি কেইটামান টকা মোৰ একাউণ্টত সুমুৱাই নিদিয়া নহয়। মইহে কামৰ নাম-দাম কেতিয়াও বিচৰা নাই।

অলপ পিছতেই গৰিমাৰ মেছেজ আহিল। ২৬ তাৰিখে হেনো সিহঁতৰ নতুন ছবি ৰিলিজ হ’ব, ২৫ তাৰিখে প্ৰিমিয়াৰলৈ মোক মাতিছে। টিকটটো পঠিয়াইছে তাই। জুবিনৰ কথা পেলালেও তাইক কেনেদৰে মানা কৰোঁ! তাই মুম্বাইৰ হোষ্টেলত থকা দিনৰ পৰাই ভাল চিনাকি। হোষ্টেললৈ জুবিনক লৈ যোৱা মূল মানুহজনেই মই।

কিন্তু কথাটো হ’ল সেইদিনা গুৱাহাটীলৈ কেনেদৰে যাওঁ। সেইদিনাই মুম্বাই ষ্টেডিয়ামত জীৱনৰ প্ৰথম খেলখন। এফালে মোৰ সৰুৰে সপোন বাস্তৱ হোৱাৰ দিশত আৰু আনফালে বন্ধুৰ এৰাব নোৱাৰা নিমন্ত্ৰণ।

১৯৮৩ চনত কপিলদেৱে দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ সময়তেই ক্ৰিকেটাৰ হোৱাৰ সপোন দেখিছিলোঁ। মই তেতিয়া ডেৰ বছৰীয়া মাত্ৰ। খেলখন হেনো ক’তো প্ৰচাৰ হোৱা নাছিল সেইদিনা। কিন্তু আমাৰ গাঁৱত দেউতাই এণ্টেনাডাল কোনোবাফালে পোনাওঁতে ঝিলমিলকৈ ব্লেক এণ্ড হোৱাইট টিভিটোত দেখিবলৈ পাইছিলোঁ তেওঁৰ দুৰ্দান্ত খেল। তেতিয়াই মনে মনে শপত লৈছিলোঁ তেওঁৰ দৰে এজন ক্ৰিকেটাৰ হ’ম।

ক্ৰিকেটৰ বাবেই অসম এৰি বাহিৰলৈ গুচি আহিলোঁ আৰু ইয়াত ৰঞ্জী দলত খেলি আহিছোঁ। যোৱাটো ছীজনত একেটা অ’ভাৰতে সাতটা ছিক্স মৰাৰ পিছত (এটা ন’ বল আছিল) বিচাৰকৰ দৃষ্টিলৈ আহিবলৈ সক্ষম হওঁ আৰু ভাৰতীয় দলত খেলাৰ সুবিধা লাভ কৰোঁ। পিচে জুবিনৰ ছবিৰ প্ৰিমিয়াৰৰ বাবেনো কেনেদৰে এৰি দিওঁ খেলখন। 

ইংলেণ্ডৰ লগত দ্বিতীয় এদিনীয়াখনত মই ভাৰতৰ হৈ খেলিম। আঠ নম্বৰত মোৰ বেটিং। লগতে মিডিয়াম পেচ বলো কৰিম।

নাই নহ’ব! তাৰ ছবিখন পিছে পৰেও চাবগৈ পাৰিম। এনেইও তাৰ ওপৰত খং, এইখন ছবি সি মনে মনে কৰিলে। সংগীতৰ কামৰ বাবে মোক এবাৰলৈও নক’লে। চাওঁচোন কেনেকৈনো হিট হয় গানবোৰ, মোৰ টাচ্চেই নাই। গুৱাহাটীলৈও নাযাওঁ, তাৰ ছবিও নাচাওঁ। ৰাজনীতি বিষয়ত মোৰ অকণো আগ্ৰহ নাই, তাতে এইবাৰ ছবি বনাইছে ৰাজনীতিৰ ওপৰত!

কিন্তু!

মোৰ এতিয়াও মনত আছে প্ৰীতমৰ কোঠাত আমি যেতিয়া “য়া আলি”ৰ অনুশীলনত ব্যস্ত আছিলোঁ। সেয়া ২০০৪ চন মানৰ কথা। প্ৰীতমে মোৰ বহুতো প্ৰশংসা কৰিছিল। কৈছিল মোৰ সেই গীতটো হেনো সাংঘাতিক হিট হ’ব। কথামতেই হিট হৈছিলোঁ গীতটো, জুবিনে বেষ্ট ছিংগাৰ এৱাৰ্ডো পাইছিল। কিন্তু কেছেটত মোৰ নাম ক’তো উল্লেখ নকৰাকৈ গোটেই ‘গেংষ্টাৰ’ এলবামটোৰ ক্ৰেডিট প্ৰীতম চক্ৰৱৰ্তীয়ে নিজৰ নামত লৈ ল’লে। সেইদিনা জুবিনৰ ভীষণ খং উঠিছিল আৰু প্ৰীতমৰ লগত আগলৈ কেতিয়াও কাম নকৰে বুলি ষ্টুডিঅ’ৰপৰা ওলাই আহিছিল। 

লাহে লাহে মোৰ বহুকেইটা গানৰ লগত তেনেকুৱা হোৱা দেখি জুবিনে দুখতে মুম্বাইৰ পৰাই আঁতৰি আহিল। সি কৈছিল আমি অসমীয়া গীতেই সৃষ্টি কৰিমগৈ ব’ল, এই মায়ানগৰীৰ মায়া আমাৰ বাবে নহয়। মোৰ বাবেই এদিন সি তাৰ উজ্জ্বল কেৰিয়াৰ ত্যাগ কৰি গুচি আহিল আৰু মই আজি তাৰ নিমন্ত্ৰণ ৰক্ষা নকৰি অন্য এটা কেৰিয়াৰৰ সন্ধানত আকৌ মুম্বাইলৈ ওলাইছোঁ। কথাটো ঠিক হ’বনে বাৰু!

বহুতো ভাবি-চিন্তি গুৱাহাটীলৈ যোৱাই ঠিক কৰিলোঁ। মই নেখেলিলে আন এজন নতুন খেলুৱৈয়ে সুবিধা পাব। শ্বাৰদূল ঠাকুৰেই খেলক। মই পুৰণা বন্ধুৰ নিমন্ত্ৰণেই ৰক্ষা কৰিম। ২৫ তাৰিখে গুৱাহাটীলৈকে যাম।

: টিক্ টিক্ টিক্ টিক্!

কোনোবাই বহুদেৰিৰপৰা দুৱাৰত ঢকিয়াই আছিল। মুহুৰ্ততে সংগীত আৰু ক্ৰিকেটৰ পৃথিৱীৰপৰা জঁপিয়াই পাকঘৰ পালোঁহি আৰু নিজকে বাচনবোৰ ঘঁহি থকা অৱস্থাত আৱিষ্কাৰ কৰিলোঁ। 

ছেহ্! জুবিন, প্ৰীতম, শ্বাৰদূল, কপিলদেৱ সকলো পলাল।

দুৱাৰখন খুলি দেখোঁ সম্মুখত মানুহজনী ঠিয় হৈ আছে। দুচকুৰে যেন জুইহে বৰষিছে।

: কিনো হ’ল? কিয় ইমান খং কৰিছা?

: কিয় খং কৰিছোঁ মানে? অথনিৰেপৰা যে দুৱাৰখনত টোকৰিয়াই আছোঁ নুশুনা নেকি? কিনো ভাবি থাকা ভিতৰত? আকৌ তোমাৰ সেই অলীক কল্পনাৰ পৃথিৱীত নাচি-বাগি আছিলা হ’বলা?

: নাই হে, তোমাৰ কাপোৰকেইটাকে ধুই পিছফালে শুকোৱাবলৈ মেলি আছিলোঁ। পুৱাই তুমি এসোপামান কাপোৰ উলিয়াই থৈ যোৱা নাছিলা জানো? সেইখিনিয়েই কৰি আছিলোঁ।

: অঁ…খুব ভাল কথা। এটা কলিং বেল আনি লগাবাচোন দুৱাৰখনত, কিমান ঢকিয়াম আৰু!

: হ’ব দিয়া, লগাই দিম। পইছা দিবা।

: ঠিক আছে, এতিয়া একাপ ধুনীয়াকৈ চাহ বনোৱা। চিটি বাছত ঢাক্কা খাই ভাগৰি গৈছোঁ! গাটোও বৰকৈ বিষাইছে। অলপ আদা আৰু দুটা ইলাচীও দিবা দেই চাহত।

: য়েছ মেডাম, হৈ যাব।

☆ ★ ☆ ★ ☆

3 Comments

  • ডলী

    বহুত ভাল লাগিল।

    Reply
  • হেমন্ত কাকতি

    ভাল লাগিল৷ ঘটনাটো সঁচা বুলি ভাবি পঢ়ি গৈ আছিলোঁ৷ বৰ্ণনা সুন্দৰ৷

    Reply
  • Mukut bhattacharjya

    মজা লাগিল

    Reply

Leave a Reply

Your email address will not be published.

error: Content is protected !!