মালতি বাইদেউৰ মেকআপ-উৰ্ব্বশী ভাগৱতী
মালতি বাইদেউৰ ন-বোৱাৰী বৰ লচপচি। এই বোলে নিজৰ বিয়াৰ ৰিচেপশ্যনতনো নিজেই নাচিব পাৰেনে নহ’লে। এইটো কথাতেই মালতি বাইদেউৰ মূৰটো গৰম হ’লেই নহয়। নহ’বনো কিয়? বাইদেউৰ বান্ধৱীকেইগৰাকীমানে সেই কথাটোকে তেল-মচলা সানি কিযে ধুনীয়াকৈ পাতিলে অ’। কথাবোৰ বাইদেউৰ কাণত নপৰাকৈ নাথাকিল। খঙে গৈ চুলিৰ আগ পালেগৈ। তথাপি নিজকে সম্বৰণ কৰি থাকিল। ভাবিলে “ঘৰ সোমাহি ৰহ, তাৰ পিছতহে পাবি এই মালতিৰ সেকা৷” পিচে ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি৷ লচপচি বোৱাৰীৰ ষ্টাইল দেখি মালতি বাইদেউ ইমপ্ৰেছড। নাচৰ কথা পাহৰিলে। আচল কথাটো হ’ল এটা সময়ত মালতি বাইদেৱো কম লচপচিজনী নাছিল। তেওঁৰ দিনত অৱশ্যে লিপষ্টিক, কাজলহে খুব পপুলাৰ আছিল। লগত প’ণ্ডচ্ পাউদাৰ আৰু তুহিনা লোচন। এইকেইটা বস্তুৰ প্ৰতি বাইদেউৰ খুব আগ্ৰহ আছিল। কিন্তু হ’লে কি হ’ব বাইদেউৰ দেউতাকৰ সীমিত উপাৰ্জনেৰে এই গোটেইকেইটা বস্তু একেলগে অনাটো সম্ভৱপৰ নাছিল। গতিকে বাইদেৱে পণ্ডচ্ পাউডাৰ আৰু কাজলৰ টেমাটোতে নিজৰ হেঁপাহবোৰ সামৰিব লগা হৈছিল। এতিয়া অৱশ্যে বাইদেৱে যি মন যায় তাকেই কিনিব পাৰে যদিও এই বয়সত লাজ লাগে বাইদেউৰ কিবা প্ৰসাধনৰ সামগ্ৰীবোৰ কিনিবলৈ। গতিকে ষ্টাইলিচ বোৱাৰী পাই বাইদেউৰ পুৰণি হেঁপাহটো জাগি উঠিলেই নহয়।
“ন-বোৱাৰী অ’ ন-বোৱাৰী” বুলি মালতি বাইদেউ একেবাৰে ন-বোৱাৰীৰ ৰূম পালেগৈ।
: এঃ! ন-বোৱাৰী কি কৰিছানো?
: নাই মা মুখৰ মেকআপ আঁতৰাইছোঁঁ৷
ন-বোৱাৰীৰ ড্ৰেছিংটেবুলত প্ৰসাধনৰ সামগ্ৰী দেখি মালতি বাইদেউৰ মুখ মেল খাই গ’ল।
: বাৰু ন-বোৱাৰী তুমিনো মেকআপ কিহেৰে আঁতৰাইছা? কপাহ অকণেৰেহে চুঁচি থকা দেখিছোঁ দেখোন৷
বোৱাৰীয়েকে বটল এটা হাতত লৈ,
: অ’ মা এইটো মেকআপ ৰিমভাৰ বুলি কয়। কপাহত অকণমান লগাই মচি দিলেই হ’ল৷
অবাক হৈ বাইদেৱে বস্তু বিধ হাতত লৈ লিৰিকি বিদাৰি চালে। ন-বোৱাৰী আজি আঠমঙলা খাবলৈ গ’ল।তাঁহাতক উলিয়াই পঠাই বাইদেউ ভিতৰ সোমাল। হঠাৎ চকু পৰিল ন-বোৱাৰীৰ ৰূমৰ দুৱাৰ খোলা। দুৱাৰ জপাবলৈ লওঁতেই চকুত পৰিল ড্ৰেছিংটেবুলত সজাই থোৱা প্ৰসাধন সামগ্ৰীৰ ওপৰত। গোটেইবিলাকেই যেন বাইদেউক হাত বাউলি মাতিছে,
“আহ মালতি আহ, আমাক লহি”,
বাইদেৱে মনটো বান্ধি ৰাখিব নোৱাৰিলে আৰু। ধুনীয়াকৈ বহি লৈ আৰম্ভ কৰি দিলে এফালৰপৰা।লিপষ্টিকৰ শেষ পৰশকণ লগাই বাইদেউৰ নিজকে কিবা অপেশ্বৰী টাইপ লাগি গ’ল। নিজকে বহুত সময় চাই থাকিল আইনাত। হঠাৎ হুঁচ আহিল তেওঁৰ, এনেকৈ বাহিৰলৈ ওলাব নোৱাৰিব তেওঁ। কোনোদিনে মেকআপ নকৰা মানুহজনীয়ে মেকআপত ওলালে কি বা ভাবে মানুহজনে। মুখখন ধুই লওঁ বুলি বোৱাৰীয়েকৰ বাথৰূমলৈকে বাট পোনাওঁতেই ঘপহকৈ মনত পৰিল বোৱাৰীয়েকে মেকআপ আঁতৰোৱা কিটিপটোলৈ। পতাপত বস্তু বিধ কপাহ অকণমানত লগাই মচি গ’ল তেওঁ মেকআপ এফালৰপৰা। আঃ! চাফা হৈ গ’ল। অকমান পোৰে দেখোন ছালখন। এঃ নিজে ভাল হৈ যাব বুলি বাইদেউ নিজৰ কামত লাগিলহি। পিচে ভকভকনি বাঢ়িছে যে! ক’তো শান্তিৰে থাকিব পৰা নাই মালতি বাইদেউ। দুবাৰমান ঠাণ্ডা পানীৰে ধুলেও মুখখন। নাই, পোৰণি কমাৰ কোনো লক্ষণ নাই।
আবেলি ন-বোৱাৰী ঘৰ পালেহি। কাপোৰ-কানি সলাই মা মা বুলি শাহুৱেকৰ ৰূম পালেহি তাই। আহি পোৱাৰে পৰা দেখাই নাই যে শাহুৱেকক; কিন্তু ই কি! শাহুৱেকে দেখোন গায়ে-মূৰে কাপোৰ লৈ শুই আছে।
: দেউতা অ’ দেউতা, মাৰ গা বেয়া নেকি?
: এঃ নক’বা বোৱাৰী সুধিলেও নকয় কি হৈছে, খালি শুই আছে দিনটো৷
বোৱাৰীয়েকৰ মাত শুনি বাইদেৱে লাহেকৈ কাপোৰখন মুখৰপৰা গুচালে। বাইদেউৰ চেহেৰা দেখি বোৱাৰীৰ মুখৰ মাত হেৰুৱাৰ উপক্ৰম হ’ল।
: হে হৰি! মা আপোনাৰ মুখখন বখলা-বখল কেনেকৈ হ’ল?
এতিয়াতো আৰু উপায় নাই, লাজ-মান কাটি কৰি মালতি বাইদেৱে গোটেইবোৰ কথা বোৱাৰীয়েকক খুলি ক’লে।
: কিন্তু মা আপুনি যে কৈছে মেকআপ ৰিমভাৰ ইউজ কৰিছিল বুলি, মইতো সেইটো লগত লৈ গৈছিলোঁ! আপুনি কি লগালে তেতিয়াহ’লে?
ৰহ বুলি বাইদেউ একেজাঁপে উঠি বোৱাৰীয়েকৰ ৰূমৰপৰা মেকআপ ৰিমভাৰ ৰূপী যিটো বটল আনি দেখুৱালে…বোৱাৰী কথমপি ৰ’ল বেহুঁচ নোহোৱাকৈ৷ কাৰণ বটলটো আছিল ‘হেয়াৰ ৰিমভাৰৰ’৷
☆ ★ ☆ ★ ☆
4:31 pm
হা হা জমনি! মজা লাগিল
2:01 pm
মজা লাগিল৷