নকল নখ-বাগ্মিতা ৰাজখোৱা
হায়াৰ চেকেণ্ডেৰী পঢ়িবলৈ ঘৰৰপৰা প্ৰথম চহৰলৈ আহি নিজৰে চাল-চলন, সাজ-সজ্জা অকণমান বেলেগকৈ গঢ় দিবলগা হৈছিল। টাউনতে বিয়া হোৱা মোৰ বৰদেউতাৰ ছোৱালী এজনীয়ে পাৰ্লাৰলৈ নি মোৰ পিঠিলৈকে পৰা দীঘল চুলিবোৰ নতুন ষ্টাইলত কটাই দিলে। নিজেও কোনে কেনেকৈ চুলি বান্ধে, লিপষ্টিক লগাই, নখবোৰত ধুনীয়া ধুনীয়া ৰঙৰ নেইলপলিচ লগাই চাই থাকোঁ। ছোৱালীবোৰৰ হাতৰ দীঘল নখবোৰ ধুনীয়া ৰঙৰ নেইলপলিচেৰে বৰ ধুনীয়া দেখিছিলোঁ কিন্তু মোৰ নিজৰ হাতৰ নখকেইটা দাঁতেৰে কামুৰি থকা আৰু ভৰিৰ নখবোৰ হাতৰ নখেৰে চিকুটি চিকুটি ছিঙি থকা বদঅভ্যাসৰ বাবে নখবোৰ অইন ছোৱালীবোৰৰৰ দৰে দীঘল হ’বলৈ নাপাইছিল। লগৰ কাৰোবাৰ দীঘল ধুনীয়া নখ দেখিলে মনতে দুখ অকণ লগাৰ উপৰিও অলপ ঈৰ্ষাও জাগিছিল। বেলেগক দেখি বৰ ইচ্ছা হৈছিল নিজৰ নখবোৰো ধুনীয়াকৈ দীঘল কৰি ৰখাৰ কিন্তু হাজাৰ চেষ্টা কৰিও মই নখ কামোৰা অভ্যাসটো আঁতৰাব পৰা নাছিলোঁ।
মই প্ৰথম কলেজত এডমিশ্যন লৈ এটা প্ৰাইভেট হোষ্টেলত আছিলোঁ যদিও তাত কিছুমান বিশেষ অসুবিধা হোৱাৰ বাবে কাষৰে এঘৰত পেয়িং গেষ্ট খোলাত হোষ্টেল এৰি তালৈ গুচি গ’লোঁ। যাৰ ঘৰলৈ গ’লোঁ তেওঁলোক আছিল পঞ্জাৱী সম্প্ৰদায়ৰ আৰু অলপ সংৰক্ষণশীল মনোভাৱৰ। মালিকজন বহুত কাঢ়া আছিল। মই মালিক-মালিকনীক মামা-মামী বুলি সম্বোধন কৰিছিলোঁ। মামীক মামাই বজাৰ, পাৰ্লাৰ এইবোৰলৈ অকলে যাবলৈ নিদিছিল। আৰু সেয়ে মাজে মাজে তেওঁলোকৰ ঘৰলৈ বিউটি পাৰ্লাৰ থকা বাইদেউ এগৰাকী আহিছিল মামীক থ্ৰেডিং, ফেচিয়েল এইবোৰ কৰি দিবলৈ। লগতে দুই এপদ প্রসাধনৰ বস্তু, গহণা এইবোৰ আনিছিল বিক্ৰী কৰিবলৈ।
বাইদেউগৰাকীৰ লগত বহি মাজে মাজে আড্ডা দিওঁ সৌন্দৰ্য সম্পৰ্কীয়। কেতিয়াবা নিজৰ ক’লা ছালখন বগা কেনেকৈ কৰিব পাৰি তাৰ বিষয়ে, কেতিয়াবা চুটি নাকটো জোঙা কেনেকৈ কৰিব পাৰি তাৰ বিষয়ে, কেতিয়াবা মোৰ চুটি নখবোৰ সোনকালে দীঘল কৰাৰ উপায় বিচাৰি ইত্যাদি নানান কথা আলোচনা কৰিছিলোঁ। বাইদেউগৰাকীয়ে মোৰ কথা শুনি ৰস পাই আৰু মোক খুব মৰমো কৰিছিল৷ মাজে মাজে কিবা-কিবি সৰু সুৰা গিফ্টো দিছিল৷ এদিন বাইদেউয়ে মোক মাতি ক’লে,
: বাগ্মিতা, আজি তোমাক ধুনীয়া বস্তু এটা দেখুৱাম আহা৷
গৈ দেখিলোঁ বাইদেৱে মোলৈ এটা পেকেট আনিছে৷ পেকেটটো খুলি চাওঁ, ভিতৰত ধুনীয়া বগা বগা নখ আকৃতিৰ প্লাষ্টিকৰ টুকুৰা কেইটামান আৰু লগত এটা সৰু টিউব! মই পেকেট খুলি চাই দেখোঁ ধুনীয়া ধুনীয়া নখ দেখোন এইবোৰ, একদম চিনেমাৰ নায়িকাৰ নখৰ দৰে! বাইদেৱে ক’লে,
: এইবোৰ আৰ্টিফিচিয়েল নখ, নতুনকৈ মাৰ্কেটত আহিছে, লগাই ল’লে আচল নে নকল ধৰিবই নোৱাৰি।
বাইদেউৰ কথা শুনি মই প্ৰথমে আচৰিত হ’লোঁ, আৰ্টিফিচিয়েল নখ থাকে বুলি আগতে গমেই পোৱা নাছিলোঁ! লগে লগে নখবোৰ পিন্ধি চালোঁ৷ পিন্ধাৰ পাছত মনৰ ভিতৰত যি সন্তুষ্টি পালোঁ মুখৰ ৰঙেই উজ্জ্বল হৈ গ’ল৷ কোনোপধ্যেই ধৰিব নোৱাৰি নকল নখ বুলি। মেট্ৰিক পৰীক্ষাত কম নম্বৰ পাই যিজন ভগৱানক গালি দিছিলোঁ সেই ভগৱানকে ধন্যবাদ দি তত নাইকিয়া হ’ল। মনতে ভাবিলোঁ এতিয়া এই প্লাষ্টিকৰ নখ লগাই ময়ো মানুহক বিনাদ্বিধাই হাত ভৰি দেখুৱাব পাৰিম৷
সেইকেইদিনতে মই আগতে থকা হোষ্টেলৰপৰা পিকনিক এটা আয়োজন কৰিলে আৰু তেওঁলোকে মোকো লগ ধৰিলেহি। পিকনিকতে এই নখবোৰ লগাই ষ্টাইল কৰি যাম বুলি ফূৰ্তিতে মনত বহুত জল্পনা-কল্পনা কৰি আছোঁ। বাইদেউগৰাকীক কি বুলি ধন্যবাদ দিম ভাবিয়ে নেপালোঁ। পিকনিকৰ দিনাই প্ৰথম আঙুলিত নখকেইটা লগাই সাজু হ’লোঁ৷ মুখৰ মেকআপতকৈ নখৰ যতন হে বেছি৷ হাত ভৰি সকলোতে নখবোৰ লগাই ল’লোঁ৷ বাছত উঠিয়েই প্ৰথম চুলিখিনি এনেই অলপ ঠিক কৰা আৰম্ভ কৰিলোঁ, যাতে ছোৱালীবোৰে মোৰ নখবোৰ দেখে আৰু দেখাৰ পাছত মই ভবা মতেই প্ৰতিক্ৰিয়া পালোঁ৷ লগৰ দুজনীমানে সুধিলেই,
: তোৰ নখবোৰতো একদম চুটি আছিল, ইমান দীঘল কেনেকৈ হ’ল? ইমান ধুনীয়া লাগিছে!
ময়ো গৰ্বেৰে মিচিকিয়া হাঁহি মাৰি ক’লোঁ,
: বনালোঁ আৰু অলপ যত্ন কৰি৷
গাড়ীত নাচি-বাগি, ফূৰ্তি-তামাছা কৰি গৈ পিকনিকৰ স্থান পালোঁগৈ৷ বাছত গোটেইবোৰে মোৰ নখৰফালে যে মন কৰি গৈছে ধৰিব পাৰিলোঁ৷ কাৰোবাৰ কাৰোবাৰ চকুত ঈৰ্ষা স্পষ্টকৈ দেখি ভালো লাগিল বাৰু কথাটো৷ পিকনিক স্পট পাই ব্ৰেকফাষ্ট খালোঁ, অলপ ইফালে সিফালে চালোঁ৷ পাহাৰীয়া জুৰিৰে সৈতে ধুনীয়া পৰিবেশ৷ এনে ঠাইলৈ পিকনিকলৈ আহি পানীত ননমাৰ কথা হ’বই নোৱাৰে, প্ৰায়বোৰেই পানীত নামিল, ময়ো অলপ পানী খেলিবলৈ গ’লোঁ৷ শিল এটাত বহি ভৰি দুটা পানীত থৈ হাতেৰে পানী ছটিওৱাত লাগিলোঁ৷ তেতিয়াও খুব সচেতন হৈ আছোঁ যাতে অকল লগৰকেইজনীয়েই নহয়, পিকনিকৰ বাকী মানুহবোৰেও মোৰ নখবোৰ দেখে৷ তেনেকৈ অলপ সময় যোৱাৰ পাছত মন কৰিলোঁ লগৰকেইজনীয়ে মোৰফালে কৌতুহলেৰে চাই আছে, মানে মোৰ হাত ভৰিৰফালে বেছিকৈ চাই আছে৷ প্ৰথমে গুৰুত্ব নিদিলোঁ, চাবই বাৰু ইমান ধুনীয়া নখ একো ডাঙৰ কথা নহয় চোৱাতো কিন্তু অলপ পাছত দেখিলোঁ সিহঁতি মোৰ হাত ভৰিৰফালে পিৰিক-পাৰাক কৈ চাই আছে আৰু মুখত ঈৰ্ষাৰ সলনি মুখ টিপি হঁহাৰ দৰেহে কৰিছে, মোক চাই ফিচিঙা-ফিচিং কৰি আছে৷ মোৰ লাগিলে কিবা যেন গণ্ডগোল এটা হৈছে৷ লগে লগে মই নিজৰ নখকেইটাৰ ফালে চালোঁ, চায়েই মোৰ বুকু চিৰিঙকৈ গ’ল৷ জলকেলি কৰিবলৈ গৈ মোৰ নখৰ আঠা যে এৰাই যাব পাৰে সেইটো কথা ভাৱিবলৈকে নহ’ল। কেইবাটাও আঙুলিত দীঘল নখ নাই, মোৰ আচল চুটি কেইটাহে আছে৷ আচলতে পানীৰ সোঁতত মোৰ হাতৰ আধা নখ উটি গ’ল৷ বাকী থকা কেইটা পানীৰ সোঁতে উটুৱাবপৰা নাই যদিও আঙুলিৰ এটা চুকত লাগি কোনোমতে উলমি আছে৷ মানে উটি যাওঁ যাওঁ আৰু! ভৰিৰো প্ৰায় একে অৱস্থা, নকল ধুনীয়া দীঘল নখ পানীত উটি ভাঁহি আচল চুটি নখবোৰে আত্মপ্ৰকাশ কৰিছে৷ আচল নখবোৰে যেন মোৰফালে চাই বিদ্ৰুপৰ হাঁহি মাৰিছে। লাজতে মোৰ মুচকচ যোৱাৰ উপক্ৰম হ’ল৷ এনেকুৱা লাগিছিল যেন “ফাঁট মেলা বসুমতী পাতালে লুকাওঁ।” ইমান লাজ কেতিয়াও পোৱা নাছিলোঁ চাগৈ৷ লাহে-ধীৰে পানীৰপৰা উঠি আহি বাকী নখকেইটাও খুলি পেলালোঁ৷ লগৰকেইজনীয়ে জোকালে, তোৰ ধুনীয়া নখবোৰে দেখোন ধুনীয়া প্ৰেমিকৰ দৰে ঠগি দিলে৷ লাজে দুখে মোৰ অৱস্থা একেবাৰে শোচনীয় হৈ গ’ল৷ মোৰ পিকনিকৰ সমস্ত ফূৰ্তি যেন নখকেইটাৰ লগতে পানীয়ে উটুৱাই লৈ গ’ল৷ কোনোমতে ভাতকেইটা খাই দুখ মনেৰে গৈ বাছত বহিলোঁ৷ সুন্দৰ দীঘল নখ পিন্ধি যাওঁতে যি ফূৰ্তিৰে গৈছিলোঁ, নখহীন হাতেৰে সিমান দুখেৰেই উভতি আহিলোঁ।
☆ ★ ☆ ★ ☆
12:27 pm
???ভাল লাগিল বাগ্মিতা ।
1:28 pm
বেছ ৰস পালোঁ পঢ়ি। জমনি অভিজ্ঞতা হৈছিল।
2:07 pm
হাঃহাঃ। দৃশ্যটো কল্পনা কৰি হাঁহিলোঁ। ময়ো এদিন লগাই চাব লাগিব নকল নখ।
2:23 pm
ধেই??? হাঁহি মৰিছো দৃশ্যটো কল্পনা কৰি।
3:37 pm
ভাল লাগিল।
3:51 pm
হা হা। ঠিকছে হাঁহিলোঁ।
3:53 pm
ধেই ? ? কি বিলাই অ ??
4:44 pm
ধুনীয়া নখ…. ধুনীয়া প্ৰেমিক ???
4:57 pm
বেছ নখাল কাহিনী
7:15 pm
ভাল লাগিল
7:38 pm
Bohut val lagil
7:40 pm
জমিল দেই! ফেভিকল লগাই যাব লাগিছিল?
7:47 pm
মুখখন চাব লগা হৈছিল নহ?
10:20 pm
Khub hahilu Bagmita..dhunia likhisa,
11:21 pm
মজা লাগিল কেচটো৷
12:23 pm
হাঃ হাঃ তামাম হৈছে এইটো বাগ্মিতা বা ?
4:17 pm
হা হা নকলী নগৰ পৰ্দা ফাচ হ’ল মানে। বঢ়িয়া????
1:40 pm
হাঃ হাঃ হাঃ,বা সচাই জমনি দেই,ভাল লাগিল।
2:54 pm
???মজা দেই
6:48 pm
হাঃ হাঃ হাঃ।
মই আকৌ এবাৰ নিজৰ ভঙা নখ এটাত টেপ লগাই গৈছিলোঁ।ওপৰত নেইলপলিছ! পিছতহে কাষৰ এগৰাকীৰ চাদৰৰ সূতাত লাগি মোৰ নখৰ,লগতে জীউ যোৱা অৱস্থা
4:09 pm
হাঃহাঃ। সুন্দৰ