ফটাঢোল

ফটা প্ৰেম-মিৰাজুল ৰচিদ

বৰ দুখৰ কাহিনী বুজিছে ৰাইজ। এই কলমটো তুলি সেই হৃদয় ভঙা স্মৃতিকে লিখিবলৈ লৈছোঁ।

প্ৰেম মই সৰুৰেপৰা কৰিবলৈ শিকিছিলোঁ। ক,খৰ পাছত এ,বি,চিৰ ঠাইত মই প্ৰেমপত্ৰ লিখি প্ৰেম নিবেদন কৰিবলৈ শিকিছিলোঁ চিধাই৷ তেতিয়া মই চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ। আমাৰ ঘৰত এখন হিৰো চাইকেল আছিল। মই চাইকেলখনৰ চিটত বহি চলাব পৰাকৈ ওখ নাছিলোঁ। তথাপি কম বস্তু নে মই! চাইকেলৰ পেডেল ঢুকি নাপালেও মনত দুখ নাছিল, নিজে মনটোক বুজাইছিলোঁঁ, “বি পজিটিভ মিৰাজ৷” তাৰ পাছত চাইকেলখনৰ চিটত সোঁ-হাতেৰে ভেজা দি এখন ভৰি মাজেৰে ইফালৰপৰা সিফালে সোমাই দি পেডেল মাৰি তলতেই বেঁকাকৈ চাইকেল চলাবলৈ আৰম্ভ কৰিলোঁ।  এই যে চিটত হাত থৈ তলতে চাইকেল চলাবলৈ আৰম্ভ কৰিলোঁ তেতিয়াৰপৰাই নিজকে প্ৰেম কৰিবপৰা হৈছোঁ বুলি ভাবি লৈছিলোঁ।

মোৰ প্ৰেমিকাজনী আছিল তৃতীয় মানৰ ছাত্ৰী। প্ৰথম দেখোঁতেই তাইৰ প্ৰেমত পৰিছিলোঁ৷ তাই নাকৰ শেঙুন হাতৰ তলুৱাৰে মচি পিন্ধি থকা স্কাৰ্টত হাতখন ঘঁহি দিয়া দেখিয়েই কিবা এটা ভাল লাগিছিল। আচলতে ময়ো তেনেকৈয়ে নাক মচিছিলোঁ আৰু “আমাৰ ইমান মিল গতিকে আমি বিয়া হ’ম ডাঙৰ হ’লেই” বুলি বুকিং তেতিয়াই কৰি থৈছিলোঁ। তায়ো আগদাঁত ভঙা মুখখন মেলি হাঁহি এটা মাৰি একপ্ৰকাৰ, “প্ৰেমিকা মই তোমাৰ জনমে জনমে” বুলি সঁহাৰি দিছিল।

এবছৰ পাছত দেউতা আন ঠাইলৈ বদলি হোৱাত আমি হাজোলৈ গুচি আহিলোঁ। মোৰ প্ৰেমাস্পদৰ আগত প্ৰেম নিবেদন কৰাৰ আগতেই আমাৰ বিচ্ছেদ হ’ল। তথাপি আশা এৰি নিদিলোঁ মই৷ লাহে লাহে সময় পাৰ হ’ল আৰু এদিন মোৰ বয়স ১৮ বছৰ হ’ল বুলি জন্মদিনৰ কেকটোৱে ঘোষণা কৰি দিলে। 

মই সৰুতে যিজনী ছোৱালীৰ পাৰ্টটাইম বয়ফ্ৰেণ্ড হৈছিলোঁ সেইজনীকে আকৌ এবাৰ লগ পালে ফুলটাইম প্ৰেমিকা পাতি ল’ম বুলি মনতে আশা কৰি আছিলোঁ। মনৰ আশা হঠাৎ পূৰ্ণ হৈ গ’ল মোৰ৷ কলেজৰ দিনৰ কথা।

সৌভাগ্যক্ৰমে তাই মোৰ কলেজতে নামভৰ্তি কৰিলে। তাই একেখন কলেজতে নাম লগোৱা বুলি জানিয়েই বুকুখন সাতখন-আঠখন মানে একদম নখন-দহখন হৈ পৰিল।

তাইৰ সৈতে লাহে লাহে প্ৰেমৰ নাৱত উঠি সাগৰত নাও মেলি দিলোঁ কিন্তু বিদ্যা-শপত নাও গৈ যে বাৰ্মূদা ট্ৰায়েঙ্গলত সোমাই পৰিব গম পোৱা নাছিলোঁ। প্ৰথম তিনিমাহত শ্ৰেষ্ঠ প্ৰেমিক-প্ৰেমিকাৰ বঁটা লাভৰ যোগ্য হৈ পৰিছিলোঁ আমি দুয়ো৷

মোৰ জন্মদিনৰ দিনাৰ কথা। তাই ক’লে আজি ডাঙৰ পাৰ্টি এটা দিব লাগিব। মইনো তাইৰ কথা পেলাব পাৰোঁ নে? লগে লগে ৰেডি। সন্ধিয়া পাৰ্টিৰ ভেনুত মই সাজি কাজি সোমালোঁ। গৈ দেখোঁ মোক কোনেও চিনিয়েই নাপায়। শেষত যেতিয়া কেক কাটিবলৈ লওঁ তেতিয়াহে সকলোৱে মোৰ পিনে চাই ফুচফুচাবলৈ ধৰিলে। আৰে ভাই চিনি পাব কেনেকৈ? মোৰ গেষ্টে নহয় এইবোৰ, সকলোকে মোৰ প্ৰেয়সী মইনা কলিজাইহে মাতিছে। যি নহওক কেক কটাৰ পাছতে খুব আৱেগিক হৈ তাই সকলোকে উদ্দেশ্যি দুষাৰ ক’বলৈ ধৰিলে। মোৰো ভাল লাগি গ’ল, মোৰ বাবেই ইমান আয়োজন৷

: মিৰাজ মোৰ বয়ফ্ৰেণ্ড৷ আই মিন সি মোৰ ছাঁটোৰ দৰে থাকিব সদায়। বন্ধুসকল তোমালোকে তাৰ মুখখন চাইয়েই কিন্তু সি কেনে সেয়া গম নাপাবা। মিৰাজ দেখাত শুকান কিচমিচটোৰ দৰে হ’ব পাৰে তাৰ মনটো ফ্ৰেচ আঙুৰ দৰে আৰু মই তাৰ মনটোৰ প্ৰেমতহে পৰিছোঁ। হেপি বাৰ্থডে’ মিৰাজ।

তাইৰ কথা শুনি মোৰ চকু কঁপালত আৰু কঁপালৰপৰা পিঠিলৈ দৌৰ দিলে। তাই মোক বাৰ্থডে’ত কিচমিচ বুলিহে ক’লে নে? এয়া সন্মানেই নে? বিভিন্ন সৰু সৰু প্ৰশ্নৰে মোৰ মন ভৰি গ’ল কিন্তু মই ল’ৰাটো সৰুৰেপৰা পজিটিভ। নিজৰ মনটোক বুজালোঁ মিৰাজ বি পজিটিভ। তাই তোৰ মুখখন কিচমিচৰ দৰে কৈ কিনো ভুল কৰিছে? আইনাত চালেতো কিচমিচ কিয় শুকান খেজুৰ যেনো দেখি তোক ন? মনটো যে ফ্ৰেচ আঙুৰ বুলি কৈছে? সেইটোকে ভাবচোন।

এনেকৈয়ে সময় পাৰ হ’ল। প্ৰেমৰ সোঁতত উইদাউট লাইফ জেকেট বহুদূৰ উটি আহিলোঁ, ইফালে সাঁতুৰিবও মই নাজানো৷

তাই আনতকৈ বেলেগ আছিল। মানে একদম স্পেচিয়েল। এবাৰ আমি বজাৰলৈ গৈছিলোঁ। তাই দোকানি এজনক সুধিলে,

: দাদা এইটোৰ কি দাম?

দোকানিয়ে ক’লে,

: এইটোৰ ৫ টাত ২০ টকা।

তাই আকৌ সুধিলে,

: দাদা সেইটোৰ কিমান দাম?

দোকানিয়ে ক’লে,

: সেইটোৰ ২০ টকাত ৫ টা পাব।

তাই একদম চকড্। দাদা সেইটোত ইমান দাম কৈছে? নাই দেই মোক এইটোকে দিয়ক। 

মই সেইদিনা বুজি নাপালোঁ দোকানিয়ে সেইটো আৰু এইটোৰ কি বেলেগ দাম কৈছিল? হ’লেও তাইৰ এই মূৰ্খামিখিনিয়েই কিবা মৰম লগা আছিল; মই তাতেই ফিডা…

হঠাৎ তাই এদিন বেষ্ট ফ্ৰেণ্ড এটা বনাই ল’লে। সি ক’ৰপৰা আহি তাইৰ বেষ্ট ফ্ৰেণ্ড হ’ল  মই আজিও নুবুজিলোঁ, কেতিয়াবা এনে লাগে যেন সি মানুহ নহয় সাক্ষাৎ ভগৱানৰহে নৰ ৰূপ। সি অহাৰপৰাই “মিৰাজ তোমাৰ অমুকটো ভুল, অনিমেশক দেখিছা এনে ভুল নহয় কেতিয়াও। মিৰাজ তুমি অমুকটো কাম নোৱাৰা, অনিমেশক দেখিছা সি সৱ পাৰে।” মুঠতে মিৰাজ এতিয়া ফুটা কলহ যেন হৈ পৰিল। এদিন ৰাতি মোবাইলটো পুট-পুটাই বাজি উঠিল। মেচেজ ফ্ৰম মইনা কলিজা…খুলি চালোঁ ফটো এখন দিছে অনিমেশৰ লগত, তাৰ বুলেটখনৰ পিছৰ চিটত বহি। “মিৰাজ মই অনিমেশৰ লগত ফুৰিবলৈ যাওঁ। মোৰ সপোন আছিল বুলেটত বহু দূৰ ট্ৰিপত যোৱাৰ। তুমিটো স্কুটিখনকে নেৰা। অনিমেশ আছে বুলিহে… বাই আহি কথা পাতিম।”

এই যে মেচেজটো দিলে, তেতিয়াৰপৰা অনিমেশো নাই, বুলেটো নাই আৰু বুলেটৰ পাছত বহা মোৰ মইনা কলিজাজনীৰো খবৰ নাই। প্ৰেমৰ বসন্ত হঠাৎ ফাগুন হৈ পৰিল। মই কান্দি কাটি দেৱদাস। মোৰ বন্ধু তবিবে আহি মোক বুজালে,

: আৰে ভাই মিৰাজ টেনচন কিয় লৈছা ৰে? পুখুৰীত মাছৰ অভাৱ নেকি? 

মই মনে মনে ভাৱিলোঁ ইমান দিন মই পুখুৰীৰ মাছহে বিচাৰি আছিলোঁ নে? ইমানখিনি দুখৰ পাছতো চিগাৰেট এটা জ্বলাই মই নিজকে সান্তনা দিলোঁ, “আল ইজ ৱেল মিৰাজ। বি পজিটিভ।” তবিবে কোৱাৰ দৰে পুখুৰীত বিচাৰি চাচোন, “ইউ  ডিজাৰ্ভ বেটাৰ ডুড।”

☆ ★ ☆ ★ ☆

39 Comments

Leave a Reply

Your email address will not be published.