ফটাঢোল

যাত্ৰা – দিগন্ত কুমাৰ ভট্টাচাৰ্য

ফ্লাইটত উঠিবলৈ আমি আগবাঢ়িলোঁ। এয়াৰ বাছ এখন ৰৈ আছিল। সেইখনত উঠিবলৈ লওঁতেই পিতায়ে উজুতি খালে। মই হাতখনত ধৰি নপৰাকৈ ৰাখিলোঁ।

: সেইকাৰণেতো মই হুইল-চেয়াৰ এখন ল’ম বুলি কৈছিলোঁ তোমাৰ কাৰণে। আৰামত বহি বহি গৈ ফ্লাইটত উঠিব পাৰিলাহেঁতেন।

: হ’ব দে। খোজ কাঢ়িব পৰা অৱস্থাত আছোঁ নহয় এতিয়াও। ..সৌৱা চাচোন। সেই ল’ৰাজনে ঠেলি ঠেলি চকা থকা চেয়াৰখন লৈ গৈছে। মোৰ বেয়া লাগে অ’ তেনেকৈ বহি যাবলৈ।

মই একো নামাতিলোঁ।

ফ্লাইটৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে এয়াৰ-হোষ্টেজ দুগৰাকীয়ে ‘গুড আফ্টাৰনুন ছাৰ’ বুলি কৈ মিচিকিয়ালে। ময়ো ‘গুড আফ্টাৰনুন’ বুলি ক’লোঁ। পিতাই মনে মনে আগবাঢ়িল মোৰ পিছে পিছে।

: বাপু, এইকেইজনী দেখোন আমাৰ ছোৱালী হাইস্কুলখনত পঢ়া কেইজনীৰ দৰে,

: নহয়, সিহঁতৰ ড্ৰেছযোৰ অলপ তেনেকুৱা,

পিতায়ে আকৌ এবাৰ ঘূৰি চালে এয়াৰ-হোষ্টেজ কেইগৰাকীলৈ। মোৰ উত্তৰত যেন সন্তুষ্ট নহ’ল।

 

ফ্লাইটৰ নিৰ্দিষ্ট ছীটটোত বহিবলৈ লওঁতে পিতায়ে আকৌ এবাৰ উজুতি খালে। ধুতিখনত জোঁট-পোট লাগিছিল। তেতিয়াহে মন কৰিলোঁ তেওঁ হাৱাই ছেণ্ডেলযোৰকেই পিন্ধি আহিছে।

: হাৰে, তোমাক দেখোন কালি পাম-শ্বু এযোৰ কিনি দিছিলোঁ। জোতাযোৰ যে। ছেণ্ডেল পিন্ধি আহিলা কিয়?  

মোৰ খঙেই উঠিছিল অলপ।

: হ’ব দে, সেইযোৰ কালি ৰাতি পিন্ধি চাইছিলোঁ। ভৰি দুখনে জ্বৰ ঘমাদি ঘামিলে। খুলি হে শান্তি পালোঁ। ছেণ্ডেলযোৰেই ভাল বুজিছ?

: ধুতিতকৈ লংপেণ্ট পিন্ধি জাৰ্ণি কৰিবলৈ সুবিধা। তেনেকৈ জোতা এযোৰ ভৰিত থাকিলে খোজকাঢ়ি ঘূৰি ফুৰিবলৈ সহজ। ধুতি বাদ দি লংপেণ্ট পিন্ধা বুলিতো কোৱা নাছিলোঁ নহয়, ছেণ্ডেলৰ সলনি জোতাযোৰহে কৈছিলোঁ!

: এহ, তই বৰ লাগি থাক অ’…ধুতিৰ সুবিধা কি বুজিবি তহঁতে? এইমাত্ৰ যদি তোৰ কৰঙণৰ কাষত খজুৱায়, লংপেণ্টটো খুলি খজুৱাবলৈ যাবি নেকি? ধুতিৰ সেইবোৰ সুবিধা নাই? নুবুজিবি নিপিন্ধালৈকে,

 

পিতাইক খিৰিকীৰ কাষৰ ছীটটোত বহিবলৈ ক’লোঁ। মই মাজৰ ছীটটোত বহিলোঁ। কাষতে মধ্য বয়সৰ মহিলা এগৰাকী বহিল। আমাৰ ঠিক সন্মুখৰ ছীটকেইটাত ফ’ৰেইনাৰ এহাল আৰু তেওঁলোকৰ প্ৰায় ছয়-সাত বছৰ বয়সীয়া ল’ৰাটো। সি ছীটতে থিয় হৈ পিছফাললৈ চাই আছে। গাৰ ছাল-চুলি সকলো শুভ্ৰ। দেখিলে মৰম লাগে। পিতায়ে তাৰ চুলিখিনিত হাতখন ৰাখি মৰম কৰিলে। সি মুখখন ঘূৰালে।

: বিদেশৰ মানুহক ইমান ওচৰৰ পৰা আজি প্ৰথম দেখিলোঁ, যাঃ..হেঁপাহতে চুয়ো চালোঁ এবাৰ,

পিতাই মিচিকিয়ালে।

: আজিকালি বহু ফ’ৰেইনাৰ আহে। কাজিৰঙা, মাজুলীলৈ। নৰ্থ-ইষ্ট চাবলৈ।

: চাচোন, ছ’লিটোৰ হাতত অসমীয়া খবৰ কাগজ।

মই তেতিয়াহে ভালকৈ চালোঁ। তাৰ হাতত হয়তো অসমীয়া জাপি এটা আছে। জাপিটো মেৰিয়াই আনিছে অসমীয়া কাকতেৰে।

: বাপু, এই কাগজখন এতিয়া উৰি উৰি গৈ ক’ৰবাৰ লণ্ডন, আমেৰিকাও পাই যাব, নহয় নে? তেনেকৈয়ে বিয়পি যাওক দে অসমীয়া আখৰকেইটা। নহ’লেতো আজিকালি অসমতে থকা সৰু সৰু ল’ৰা-ছোৱালীয়ে অসমীয়া আখৰকেইটা চিনিব নোৱাৰা হৈছে। পঢ়িব নোৱাৰা হৈছে। পঢ়িবলৈ নোৱাৰিলে ভৱিষ্যতে ক’বও নোৱাৰা হৈ যাব, চাই থাক। চাৰিওফালে ইংৰাজী চলিব অকল!

ছীটত বহিয়েই পিতায়ে ছেণ্ডেলযোৰ খুলিলে।

: শুনচোন, সেই যে ছোৱালীকেইজনী.. কি বুলি কৈছিলি?

: এয়াৰ-হোষ্টেজ

: অ, সিহঁত মানে এই জাহাজৰ হেণ্ডিমেনৰ দৰে ন? আমি সৰু থাকোঁতে আমাৰ গাঁৱৰ পৰা টাউনলৈ দিনটোত এখনেই বাছ চলিছিল। মনোহৰ নামৰ এজন হেণ্ডিমেন আছিল বাছখনত। তাক দেখি মোৰো খুউব হেণ্ডিমেন হ’বলৈ মন গৈছিল।

: এওঁলোক সেই বাছৰ হেণ্ডিমেনৰ দৰে নহয় অ’ পিতা। এয়াৰ-হোষ্টেজ হোৱাটো ইমানো সহজ নহয়!

: ৰ’হচোন..কি কৈ আছিলোঁ মই? অ’ মনোহৰে যেতিয়া বাছৰ পাওদানিত থিয় হৈ ক’তো নধৰাকৈ চাধা মলি মলি গৈছিল, বতাহত তাৰ ডিঙিৰ গামোচাখন উৰিছিল.. আস, আমাৰ কাৰণে সি দিলীপ কুমাৰতকৈ কম নাছিল। তাক দেখিয়েইতো চাধা খাবলৈ শিকিছিলোঁ। পাছত, মই আৰু ৰুদ্ৰই এবাৰ ঘৰৰপৰা পলাই গৈ টাউনত এমাহমান থাকিলোঁ হেণ্ডিমেন হোৱাৰ আশাত।…নহ’লোঁগৈ। আমাৰ খুৰাহঁতে গৈ ধৰি আনিলেগৈ মোক। ৰুদ্ৰ নাহিল। টাউনতে ৰে’ল ষ্টেচনত পকেটমাৰ হ’ল সি। পাছত ডাঙৰ চোৰ। পাছত উজনিৰ পৰা এমএলএ হৈছিল সি।

: সেই যে ৰুদ্ৰধৰ ডেকা? তেওঁ পকেটমাৰ আছিল?

: এমএলএ হোৱাৰ পাছত এবাৰ তাক লগ পাইছিলোঁ। মোক দেখি বেটাই নিচিনাৰ ভাও জুৰিলে। মই তাক সুধিলোঁ, বোলে তই কিন্তু পকেটমাৰৰ পৰা এমএলএ হ’লি, ভাল উন্নতি কৰিলি। সি মোক ফুচফুচাই ক’লে, তাৰ লগৰ এমএলএবোৰৰ বেছিভাগেই হেনো তাতকৈও দগাবাজ!  কেতিয়াবা ভাবোঁ খুৰাহঁতে দুচৰ লগাই ঘৰলৈ নানিলে ময়ো কিজানি চোৰ-দগাবাজ হৈ পাছত এমএলএ-চেমএলএ হ’ব পাৰিলোঁহেঁতেন ৰুদ্ৰৰ দৰে! ঘৰলৈ আনি খুৰাই খেতি কৰিবলৈ লগালে, পাছত দোকান দিলোঁ।

: হ’ব দিয়া। ৰুদ্ৰ ডেকাৰ পুতেক দেখোন জেইলত এতিয়া। মইতো কাষতে বহি আছোঁ তোমাৰ।

 

ফ্লাইটখনে গতি ল’লে।

এয়াৰ-হোষ্টেজে আহি ছীট বেল্ট কেনেকৈ মাৰিব লাগে, অক্সিজেন মাস্ক কেনেকৈ লগাব লাগে শিকাই গৈছে। পিতাইৰ বেল্টডাল ময়েই লগাই দিলোঁ। তেওঁ চুই থাকিল অলপপৰ। কপাহ অলপ দিলোঁ, দুকাণত সুমুৱাই ল’বলৈ। তেওঁ মোৰ কথা শুনি গ’ল।

: উৰাজাহাজত উঠাৰ হেঁপাহ এটা আছিল। আজি পূৰ হ’ল দে সেই আশা।

পিতাইৰ চকু দুটা উজ্জ্বল হৈছে।

ফ্লাইট উৰিল। মই তেওঁৰ হাতখনত ধৰিলোঁ ভয় খাব পাৰে বুলি।

: ভয় খোৱা নাই দে মই। ইমান অলপ ধতুৱা নে মই?

মই হাতখন আঁতৰাই আনিলোঁ।

পিতায়ে মন্ত্ৰমুগ্ধৰ দৰে বাহিৰলৈ চাই গ’ল। মেঘৰ মাজে মাজে উৰি গৈ আছে ফ্লাইট। তেওঁ তললৈ চাবলৈ যত্ন কৰিছে। একো নেদেখিলে সম্ভৱ।

: হেৰৌ বাপু, আগে-পিছে একোৱেই নেদেখি দেখোন৷ ড্ৰাইভাৰে কেনেকৈ চলাই নিছে অ’ এইখন?

: ছিগনেল কিছুমান পাই থাকে তলৰ পৰা৷ সেইমতে পাইলটে চলাই যায়। চকুৰে ৰাস্তা চাই নচলায়। দেখাই নাপায়।

: তাৰমানে আণ্ডাজতে চলায় এই মেঘৰ মাজে মাজে? এইবোৰ কথা আগতে কোৱা নাছিলি কিয়? তলৰ ছিগনেল পঠিওৱাজনে চাহ খাই, চাধা মাৰি থাকোঁতে ছিগনেল পঠিওৱাত দেৰি কৰে যদি, আমি দেখোন শেষ! হে’ ভগৱান, ক’ত উঠালা আজি?

: চিন্তা নকৰিবাচোন, একো নহয়। আৰামত বহি থাকা।

: তাতে এইমাত্ৰ যে কিবা কৈ আছিল ড্ৰাইভাৰজনীয়ে,

: ড্ৰাইভাৰ নহয়, পাইলট। অ’ এইখন ফ্লাইটৰ দুয়োগৰাকী পাইলটেই মহিলা। দেখিছা, আজিকালি মহিলাই অকলে কৰিব পাৰে বহুতো কাম,

: অ’, পাইলট। কথাটো মানিছোঁ বাৰু, আজিকালি মহিলাবোৰ সৱতে আগবাঢ়ি গৈছে। কিন্তু গাড়ী চলোৱাত মোৰ পিছে সন্দেহ আছে, বুজিছ? নৰহৰি কলিতাৰ বোৱাৰী যে, তাই টেট মাষ্টৰণী। স্কুটাৰ এখন চলাই যায় স্কুললৈ। সপ্তাহত এবাৰ হ’লেও হেনো পৰেই বাগৰি। স্কুটাৰৰ আগে-পিছে ইংৰাজীৰ ‘L’ আখৰটো লিখি লৈছে ৰঙা ৰঙেৰে,

: ‘L’ মানে ‘Learner’, অৰ্থাৎ নতুনকৈ চলাবলৈ শিকিছে। এনেকৈ লিখি ল’লে আন বাহন চলোৱা সকলে সহজতে বুজে যে এওঁ ন-শিকাৰু, এওঁৰ কাষেৰে সাৱধানে যোৱাটো মংগল!

: এইখনৰ পাইলট দুজনীও ন-শিকাৰু? এই জাহাজৰ আগে-পিছে মাৰি লৈছে নে ‘L’টো? যদি মাৰি লোৱা নাই, সন্মুখৰপৰা অহা আন জাহাজৰ পাইলটে কেনেকৈ বুজিব ক’চোন যে এইকেইজনী ন-শিকাৰু? প্ৰভু, তুমি হে জানা আৰু আজি…!

: তুমি বাহিৰৰফালে চোৱা পিতা, এইবোৰ চিন্তা বাদ দিয়া।

 

অলপপৰ পাছত:

: বঙাইগাঁও পাৰ হ’লোঁ নেকি অ’? বৰপেটা হাই-ৱেৰ ওচৰতে মামাহঁতৰ ঘৰখন দেখি নেকি চাই যাম সেই সময়ত যদি জাহাজখন অলপ তলেৰে যায়..

: তেনেকৈ বৰঝাৰ-জালুকবাৰী হৈ শৰাইঘাটৰ ওপৰেদি নলবাৰী-বৰপেটা-বঙাইগাঁও এনেকৈ গৈ নাথাকে ট্ৰেইনৰ দৰে। ফ্লাইটৰ নিজৰ ৰাস্তা থাকে।

: এহ, বুজিয়েই নাপাওঁ দে কথাবোৰ। বাৰু, ঘৰলৈ এটা খবৰ দে ফোন কৰি আমি উঠিলোঁ বুলি,

: কি কোৱা হে? এতিয়া তুমি-মই পৃথিৱীৰপৰা সম্পূৰ্ণ বিচ্ছিন্ন৷ ইয়াৰপৰা একো কৰিব নোৱৰা আৰু ম’বাইলেও ছিগনেল নাপায়।

: কি কথা কৈছ? ৰেডিঅ’ত গান-বাতৰি একো শুনিব নোৱাৰিম? মোৰ কিন্তু কিবা ভয় ভয় লাগিছে দেই৷ তই কেনেকৈনো অহা-যোৱা কৰ অ’ এইবোৰত উঠি উঠি?

: ভয় সকলোৰে লাগে৷ নেদেখাইহে৷ ট্ৰেইনত যদি আমি চেন্নাইলৈ গৈ থাকিলোঁহেঁতেন, দুদিন লাগিলেহেঁতেন। এতিয়া চাবা, আৰু আঢ়ৈ ঘণ্টাৰ পাছত আমি চেন্নাইৰ মাটি পামগৈ। সময় মূল্যবান এতিয়া সকলোৰে কাৰণে, সেয়েতো ফ্লাইটত অহা-যোৱা কৰিবলৈ বিচাৰে সকলোৱে। আজিকালি সময়েই সকলো।

: সময়? সময় বচাবলৈ জাহাজত উঠে সকলোৱে? সৌটোক চাচোন,

পিতাই সন্মুখৰ শাৰীত বহা ল’ৰা এজনলৈ আঙুলিয়ালে। দীঘল চুলি। গোটেই হাতখনত ট্যেটু কৰা। চৰ্ট পিন্ধিছে। আই-পেডত চিনেমা চাই আছে।

: চা তাক। সেই ভুচুংপহুটোৱে এনে কি সময় বচাবলৈ ঘূৰিব অ’। জানো নহয় এনেকুৱাবোৰক। গৈ পাই সেই ফোন পিতিকি কিবা কিবি চাই শুই থাকিব। লাগিলে দুই-তিনিদিন তেনেকৈয়ে শুব। আমাৰ যোগেনৰ পুতেকক দেখা নাই? খোজকাঢ়িলে সময় যাব বুলি মটৰ চাইকেলত ঘূৰে। কিন্তু সময় বচাই কি কৰে? তিনিআলিৰ পাণদোকানৰ পিছফালে গোটেই দিনটো কথাৰ মহলা মাৰে পাণ চোবায়। বৰ সময় বচায় একেবাৰে!

একো নামাতিলোঁ। কিনো মাতিম মই!

দুজনী এয়াৰ হোষ্টেজ আহিল খাদ্যবস্তুৰ ট্ৰ’লীখন ঠেলি ঠেলি৷

: অহ, ইহঁতে অকল হেণ্ডিমেনৰ কামেই নকৰে দেখোন। ৰান্ধিবও লাগে, বেচিবও লাগে৷ বহুত খটুৱাইছে দে ইহঁতক।

এয়াৰ হোষ্টেজ কেইগৰাকীৰ কষ্ট দেখি পিতাইৰো যেন বেয়া লাগিল।

: চাহ একাপ খাবা নেকি? 

 সুধিলোঁ পিতাইক।

: সেই মস্ত গিলাচটোত দিব নেকি? ইমান কেনেকৈ খাই শেষ কৰিম?

মই চাহ ল’লোঁ। এক্সট্ৰা গিলাচ এটা ল’লোঁ। পিতাইক আধা দিলোঁ।

: দাম কিমান পৰিল?

: ডেৰশ

: কি? ডেৰশ টকাৰ চাহ? আগেয়ে নক’লি কিয়?

: ডেৰশ পৰিবই ইয়াত যি খোৱা। মাটিৰপৰা হাজাৰ হাজাৰ ফুট ওপৰতো যে চাহ একাপ খাবলৈ পাইছা, সেয়াই বহুত ন!

: হ’লেও দেচোন। ঘনাইৰ দোকানত আগেয়ে চাহ খাইছিলোঁ বাকীত। দুমাহৰ মূৰতহে কিজানি চাহৰ বাকী ডেৰশ হৈছিল। মোৰ বয়স এতিয়া পয়সত্তৰ। বুইছ নে আজি এদিনতে ইমানবোৰ যে নতুন অভিজ্ঞতা হ’ল মোৰ!

 

পিতায়ে চাহকাপ খালে। হয়তো তৃপ্তি নাপালে। ময়ো নাপালোঁ। ফ্লাইটৰ সেই চাহ কাপে মোকো তৃপ্তি দিব নোৱাৰে।

এইবাৰ পিতায়ে পাঞ্জাৱী চোলাটোৰ পকেটৰ পৰা সৰু প’লিথিনৰ মোনা এখন উলিয়ালে। সেইখন খুলি কাগেজেৰে বান্ধি অনা তামোল-পাণ এখন মুখত ভৰালে। তাৰপাছত চাধাৰ টেমাটো খুলিলে। চূণ অলপ আঙুলিৰে উলিয়াই জিভাৰ আগত দিলে।

: তুমি এইবোৰো আনিছা লগত? ছিকিউৰিটি চেক’ত একো কোৱা নাই?

: কোন? সেই পুলিচকেইটাই? কি ক’ব অ’ মোৰ দৰে বুঢ়া মানুহটোক? সিহঁতে গুৱাহাটীত থাকি চাকৰি কৰা। তামোল-চাধা নেদেখিব নে? একো কোৱা নাই,

পিতাই চাধা অলপ হাতৰ তলুৱাত লৈ মলিবলৈ ধৰিলে।

: ৰ’বা, ৰ’বা থপৰিয়াই নিদিবা। গোটেই ফ্লাইটৰ মানুহে হাঁচিয়াব এতিয়া,

পিতায়ে চাধাখিনি মুখত ভৰালে। তাৰপাছত ছীটটো আউজি লৈ খিৰিকীৰে বাহিৰলৈ চাই গ’ল আপোনমনে।

 

কিছুসময় পাৰ হৈ গ’ল। মোৰো চকু দুটা লাগি আহিছিল।

হঠাতে ‘ব্লাড, খুন’ আদি শব্দবোৰ শুনি চক্ খাই চকু দুটা মেলিলোঁ। দেখিলোঁ, আমাৰ সন্মুখত বহা ফ’ৰেইনাৰ ফেমিলিটোৱে পিতাইলৈ চাই আছে চকু ডাঙৰ কৰি। ভয়াৰ্ত চকু আটাইকেইগৰাকীৰে। এয়াৰ-হোষ্টেজ এগৰাকীও ৰৈ আছে মোৰ কাষত। তাইৰ চকু-মুখেও যেন এক উৎকণ্ঠা। ওচৰৰ শাৰীৰ দুই-এজনেও চাইছে আমালৈ। এয়াৰহোষ্টেজ গৰাকীয়ে মোক মাতি পিতাইক দেখুৱালে। ক’লে যে পিতাইৰ মুখেৰে ব্লাড ওলাইছে।

মই পিতালৈ চালোঁ। পিতাই টোপনিত তেতিয়া। ভাগৰৰ টোপনি। পিতাইৰ মুখৰপৰা কোঁৱাৰিৰে বৈ আহিছে ৰঙা তেজ! দুই-এটোপাল তেজ বগা চোলাটোতো পৰিছে।

মোৰ হাঁহি উঠিল। মই হাঃ হাঃ কৈ হাঁহিলোঁ জোৰেৰে। টিছ্যু পেপাৰ এখনেৰে পিতাইৰ মুখখন চফা কৰি দিলোঁ। এয়াৰ হোষ্টেজগৰাকীক বুজালোঁ যে তেওঁ পাণ খাইছিল। পাণৰ পিক মুখৰপৰা ওলাই আহিছে। ৰঙা পিকখিনি তেজৰ দৰে লাগিছে। ওচৰৰ মানুহখিনিয়েও সকাহ পালে কথাটো শুনি। এভৰিথিং অলৰাইট! এয়াৰহোষ্টেজগৰাকীয়েও হাঁহি হাঁহি আঁতৰি গ’ল।

 

মোৰ মুখৰ হাঁহি বন্ধ হ’ল।

‘এভৰিথিং অলৰাইট’ নহয় মোৰ, পিতাইৰ, আমাৰ!

হাতত লৈ থকা টিছ্যু পেপাৰখন চালোঁ। মই জানো সেয়া তামোলৰ পিক নহয়। এমাহ আগেয়ে এনেকৈ এদিন টোপনিতে কাহ উঠি তেজ ওলাইছিল পিতাইৰ। গুৱাহাটীৰ ডাক্তৰে চাই টেষ্ট দুটামান কৰাৰ পাছতেই কৈছিল, থ্ৰোট কেন্সাৰ। হয়তো এডভান্সড্ ষ্টেজ। চেন্নাইলৈ লৈ আহিবলৈ পৰামৰ্শ দিলে। অপাৰেশ্যন কৰিব লগা হ’ব পাৰে। সেই বাবেই আমি আৰম্ভ কৰিছিলোঁ চেন্নাইলৈ আজিৰ এই যাত্ৰা।

টিছ্যু পেপাৰখনেৰে আকৌ এবাৰ পিতাইৰ মুখখন মচি দিলোঁ!

০০০০০

চেন্নাইত আজি আমাৰ সপ্তম দিন। এপ’লো হ’স্পিটেলৰ ডাক্তৰে কৈছেই খুব ক্ষীণ আশা। অ’পাৰেশ্যন কৰিলে মাতটোও হেৰুৱাব পাৰে। তামোল-চাধা-ধপাত আদিতো সম্পূৰ্ণকৈ নিষেধ। অনৰ্গল কথা ক’ব পৰা মানুহটোৰ মাতটো শেষ কৰি দিবলৈ দিওঁনো কেনেকৈ!

: শুনচোন বাপু, ঘৰলৈ যাওঁ ব’ল। অসুখ-বেমাৰ যি হৈছে তাতেই চাব ডাক্তৰে। নোৱাৰিলে নাই। এনেকৈ ইয়াত থাকিলে মোৰ আয়ুস কমিবহে আৰু কিছুদিন,

: পিতাই, দুই-এদিনতে যাম। কাইলৈ এবাৰ ইয়াৰে ডাক্তৰজনক দুটামান কথা সুধিবলৈ আছে।

: আৰু শুন, এইবাৰ আমি ৰে’লগাড়ীতেই যাম দে। সৰুতে আমাক বিনন্দ মাষ্টৰে কৈছিল, ‘তোমালোকে আকাশ চুবলৈ যত্ন কৰিবা সদায়’৷ কিন্তু সেইদিনা আকাশৰ বুকুত ইমান দেৰি থাকি ভাৱ হৈছিল, আমি মাটিৰ মানুহ বাপু…মাটিৰেই অহা-যোৱা কৰিম আৰু, মাটিতেই শেষ হ’ম।

মই পিতাইৰ দুচকুলৈ চালোঁ। তেওঁৰ দুচকুত যেন এক নতুন যাত্ৰাৰ উকমুকনি।

☆ ★ ☆ ★ ☆

17 Comments

  • Rimjhim Borthakur

    খুউব ভাল লাগিল।

    Reply
  • কাবেৰী মহন্ত

    পিতাইৰ লগতে মন্ত্ৰমুগ্ধ হৈ মইও যাত্ৰা কৰিলোঁ৷ আশাকৰোঁ বাকী যাত্ৰা তেখেতৰ মংগলময় হব!

    সাংঘাতিক দিগন্ত?

    Reply
  • Kishore Kumar Bordoloi

    খুব ভাল লাগিল

    Reply
  • খুউব ভাল লাগিল

    Reply
  • মানসী

    ভাল লাগিল দাদা..

    Reply
  • বাগ্মিতা

    ইমান যে ভাল লাগিল দাদা !

    Reply
  • Minati Mahanta

    প্ৰথমখিনি যি আনন্দৰে পঢ়িলো , শেষত মনতো ভাৰাক্ৰান্ত কৰি দিলা । অনুভৱ সাংঘাটিক যদিও দুখ কিন্ত লাগিল ।

    Reply
  • আৰাধনা বৰুৱা

    কোমল হাঁহি, ব্যংগ ৰ মাজত ক্ষীন বিষাদ..ভাল গল্প

    Reply
  • ৰাজশ্ৰী শৰ্মা

    আপোনাৰ গল্পবোৰৰ সদায়েই যেন এটা দুখবিলাস… তথাপি কি অসাধাৰণ। বৰ ভাল লাগিল পঢ়ি।

    Reply
  • বৰ্ণালী মূদৈ

    বৰ ভাল লাগিল…

    Reply
  • বন্দিতা জৈন

    বহুত ভাল লাগিল পঢ়ি। দুখ লাগি গ’ল শেষৰ ফালে। পৃথিৱীত নথকা মোৰ দেউতাক মনত পৰি গ’ল

    Reply
  • নীতাশ্ৰী নেওগ।

    বৰ ভাল লাগিল।

    Reply
  • JB

    বহুত ভাল লাগিল

    Reply
  • ডলী

    ব্যংগৰ লগতে এটা বিষাদো অনুভৱ কৰিলোঁ। ভাল লাগিল পঢ়ি।

    Reply
  • Parasmoni Saikia

    বৰ ভাল লাগিল। শেষ কথাখিনিয়ে অন্তৰ চুই গʼল।

    Reply
  • হেমন্ত কাকতি

    ভাল লাগিল দিগন্ত

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    পঢ়িলোঁ৷ হৃদয় চুলে৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *