ফটাঢোল

ধেমালি – ঈশান জ্যোতি বৰা

“পালেহি, পালেহি৷”

“চাইড্ দে, চাইড্ দে৷”

“লাভ ইউ গোবিনদা৷ হিউজজজ… ফেন…দেইইইই!!”

“অ’ গোবিনদা আহক, আহক৷ এইফালে আহক৷ ঐ পোৱালি, কাৰ্টুনটো ক’ত থ’লি?”

এয়াই গোবিনদাৰ ষ্টাইল৷ মাঘ মাহৰ এইহেন মনিব নোৱৰা কুঁৱলীতো নিশা দুটা বজাত আহি তেওঁ মানুহৰ হৃদয়ত দুই-তিনিবিঘামান ঠাই দখল কৰি ল’ব পাৰে৷ সেই ঠাইত জুই কিমান বহলকৈ জ্বলায়-সেয়াও গোবিনদাৰ কথা৷ ‘হাৰ্ট থ্ৰ’ব’ উপাধিটো অৰ্জন কৰি থৈছে যেতিয়া বৰ বেছি অসুবিধা নহয়৷ নিশাৰ অনুষ্ঠানবোৰলৈ হালি-জালি আহোঁতে উপাধিটোৱে মহৌষধৰ দৰে কাম কৰে৷ সেয়ে কলিজাৰ টুকুৰা এটা হৈ গোবিনদা বিশাল গাড়ীখনৰপৰা দৌৰাদৌৰিকৈ…. নহয়, নহয়.. গোবিনদা নামি আহিল নদীৰ ওপৰত ওলমি থকা ওলোমা দলঙৰ দৰে ধলংপলংকৈ; মঞ্চখনৰ দিশে৷ পিছে পিছে চকুত ক’লা কাপোৰ বান্ধি কেইগৰাকীমান যুৱক-যুৱতী৷ প্ৰথমতে তেওঁলোকক ‘প্ৰতীকী সমদলকাৰী’ বুলি ভাবি সভাৰ উদ্যোক্তা-সভাপতি বীৰেশ্বৰ চলিহাই থতমত খালে৷ এইমখাই অঘটন নঘটাইতো! পিচে, ওচৰৰপৰা চলিহাই দেখে- তেওঁলোকৰ পোছাকবোৰত ‘ব্লাইণ্ড ফ’লৱাৰ’ বুলি লিখা আছে৷ অসমীয়া ভাষাত ‘কমাণ্ড’ থকা কেইজনমানে ‘অন্ধ সমৰ্থক’ বুলি লিখি লৈছে৷ চলিহাৰ হেৰুউৱা উশাহ ঘূৰি আহে৷ 

: গোবিনদা ক’লৈ গ’ল? মানুহটো হঠাতে নাইকিয়া হ’ল যে!

: কাৰ্টুনটোৰ পিছে পিছে দৌৰি যোৱা দেখিলোঁ৷

: হেই, ৰহনা৷ আহিয়েই চিধাই গলাটো মেলিব নোৱাৰে নহয়! ‘বেক ষ্টেজ ৰিহাৰ্ছেল’ৰ বিষয়ে শুনা নাই নেকি?

মঞ্চৰ নিচেই সমুখতে গোবিনদাৰ সংগীতানুষ্ঠানৰ ৰসাস্বাদন কৰিবলৈ খাপ পিটি থকা দুজন গুণমুগ্ধৰ কাণ দুখন গান শুনাৰ অত্যুগ্ৰ তাড়নাত ৰঙা হৈ গৈছে৷ সভাপতি চলিহা সিহঁতৰ কাষতে ৰৈ আছিল৷ পৰিস্থিতিলৈ চাই তেওঁৰ ঘোষণা এটা কৰিবলৈ মন গ’ল৷ 

: ৰাইজ, আপোনালোকৰ হিয়াৰ আমঠু আৰু কলিজাৰ টুকুৰাটি এইমাত্ৰ আহি পৰিৱেশনস্থলীত উপস্থিত হৈছেহি৷ এইহেন জাৰৰ দিনতো ভীষণ ঠাণ্ডাৰ মাজত গাড়ী চলাই তেখেত যে সুদূৰ গুৱাহাটীৰ পাহাৰৰপৰা ভৈয়ামলৈ নামি আহিছে-আমি বৰ কৃতজ্ঞ আৰু আনন্দিত অনুভৱ কৰিছোঁ৷ আৰু মাত্ৰ কেইটিমান ছেকেণ্ডৰ পিছতেই তেওঁ গীত পৰিৱেশন কৰিব৷ আপোনালোকে ধৈৰ্য নেহেৰুৱাব৷ আজি গোবিনদাই দোকমোকালিলৈকে গীত গাব বুলি প্ৰতিশ্ৰুতি দিছে৷ ধন্যবা…..৷

ধন্যবাদৰ ‘দ’টো চলিহাই উচ্চাৰণ কৰিব নোৱাৰিলে৷ কোন টিলিকতনো পিছফালৰপৰা গোবিনদাই আহি তেওঁৰ হাতৰপৰা মাইক্ৰ’ফ’নটো স্বভাৱজাত দক্ষতাৰে কাঢ়ি নিলে-তেওঁ পাত্তাই নেপালে৷ আকস্মিকতাত হতচকিত হৈ তেওঁ পিছুৱাই আহিল৷ মুখত অৱশ্যেই এটা আনন্দৰ হাঁহি৷ কাৰণ এতিয়া মঞ্চত ৰাইজৰ শিল্পী গোবিনদা৷ গোবিনদাৰ পেণ্টটো আধা ক’লা-আধা বগা৷ গালাপাগোছ দ্বীপপুঞ্জত যদি দহিকতৰা চৰাই থাকিলহেঁতেন, তেনেহ’লে এইমুহূৰ্তত মঞ্চত উঠি থকা গোবিনদাৰ দৰেই লাগিলহেঁতেন৷ উল্লেখযোগ্য যে, গোবিনদাদাৰ মূৰত এটা পাগুৰিও আছে৷ পাগুৰিটো ঠাণ্ডা কমোৱাৰ বাবে মূৰত সুমুৱাই লৈছে বুলি ভাবি থ’ব পাৰি৷ পিচে পাগুৰিটোৰ মধ্যাংশত এটা বৃহৎ ছিদ্ৰ৷ কিহৰ কাৰণে সেই ছিদ্ৰটো ৰখা হ’ল-তেৰাইহে জানে৷ জীৱ-জন্তুৰ প্ৰতি দুৰ্দান্ত চেনেহ বোলে গোবিন দাৰ৷ ফুটাটোৰ ভিতৰত পোহনীয়া নিগনি, এন্দুৰেও টোপনি মাৰি থাকিব পাৰে! কোনেনো জানে!! চলিহাই কথাবোৰ মনতে পাগুলি আছে৷ বৰ অদ্ভুত মনুষ্য দেই এই গোবিন দাদাজন! 

ভাৱগধূৰ চলিহাৰপৰা গোবিনদাই ইতিমধ্যেই মাইক্ৰ’ফ’নটো লৈ থৈছিল৷ দাদাই মাইকটো ওঁঠৰ একেবাৰে ওচৰলৈ নি আচহুৱা কণ্ঠেৰে এটা আচহুৱা মত দিলে- “ৰাইজ, মই আজি গান নেগাওঁ৷”

কিমাশ্বৰ্যম! জাৰত কঁপি থকা ৰাইজ গোবিনদাৰ কথা শুনি লগে লগে উষ্ম হৈ উঠিল৷ দৰ্শকৰ শেষৰ শাৰীত থকা দুই-তিনিজনমানে শিলগুটি কেইটামান হাতত তুলি ল’লেই৷ সভাপতি চলিহায়ো বিচূৰ্তি খালে৷ কি কাণ্ড!

পিচে….তৎমুহূৰ্ততে গোবিনদাই টুইষ্টটো ভাঙি দিলে৷  

“আজি আমি ধেমালি কৰিম৷ ধেমালি৷”- এইটো গোবিনদাৰেই ষ্টাইল৷ ভাতৰ মাজত থকা শিলগুটি ভঙাৰ দৰে টুইষ্টবোৰ ভাঙি থাকে৷ গোবিনদাই আজি ধেমালি কৰিব৷ হয়৷ মাজে-মাজে তেৰাই ধেমালি কৰে৷ 

“হ’বনে?”-গোবিনদাই মাইক্ৰ’ফ’নটো এবাৰ শূন্যলৈ দলিয়াই পুনৰ জপটিয়াই ধৰিলে আৰু দৰ্শকৰফালে পোনাই দিলে৷

: হ’ব৷ হ’ব৷

অলপ আগলৈকে অঙঠাৰ দৰে গৰম হৈ থকা ৰাইজ এতিয়া আকৌ পূৰ্বৰ শীতলীকৃত অৱস্থালৈ উভতি আহিল৷

: মজা৷ মজা৷ গোবিনদা৷

পিলিঙাৰ চিঞৰ৷

: গোবিনদা৷ লাভ ইউ৷

সমৰ্থকৰ অভিবাদন আৰু স্নেহ-অৰ্পণ৷

মঞ্চৰ সমুখত থকা গুণমুগ্ধ দুজনে আনন্দতে জঁপিয়াই উঠিল৷ কাৰণ, গোবিনদাৰ ধেমালিবোৰ বেলেগ জাতৰ৷ গানতকৈও সুৰীয়া আৰু মৌতকৈও মিঠা৷ শুনি থাকিলে, শুনিয়েই থাকিবলৈ মন যায়৷ গোবিনদাৰ ধেমালিৰ সংগী হোৱাটোও কম গৌৰৱৰ কথা নহয় দেই৷

 

: লাভ ইউ অল৷

গোবিনদাই ৰাইজলৈ চুমা এটা উৰুৱাই দি এইবাৰ ক’লে,

: আগতে কলেজত পঢ়ি থাকোঁতে ঢেৰ ছোৱালী জোকালোঁ৷ ঐ ল’ৰাহঁত, তহঁতে জোকাৱ নে নাই? জোকাবি, জোকাবি৷ তেতিয়াহে কলেজত পঢ়ি থকাৰ ‘ফিল’টো আহে৷

: হেঃ হেঃ হেঃ! আমিও জোকাওঁ দেই৷

ডেকাহঁতে কিৰিলি পাৰি উঠে৷

: আজিকালি পিচে যিমানবোৰহে নাৰীবাদী সংগঠন ওলাল৷ ভয়েই লাগে অ’৷ কথা ক’লেই বিপদ৷

গোবিনদাৰ মুখত আলোড়নকাৰী বাক্য৷ সাংবাদিক এটাৰ চেতন জগত সাৰ পাই উঠিল৷

: গোবিনদা বিন্দাছ! য়ৌ মেন!

ল’ৰাহঁতে পুনৰ চিঞৰ এটা মাৰে৷ সমুখত বহি থকা কেইজনীমান ছোৱালীয়ে লাজতে মুখ লুকুৱায়৷ নিৰূপমা বৰগোহাঞি, চন্দ্ৰপ্ৰভা শইকীয়ানী, ইন্দিৰা মিৰিৰ বিষয়ে ৰচনা লিখি পুৰস্কাৰ গোটোৱা নাৰীবাদত বিশ্বাসী এগৰাকী ছোৱালী তেতিয়া স্মাৰ্টফোনত ব্যস্ত৷ নহ’লে তেওঁ ফে’চবুকত এই বিষয়ে নিশ্চয় প্ৰতিবাদ কৰিলেহেঁতেন৷

: আজি আমি ছোৱালী জোকাম৷ বেয়া পাব নেকি?

গোবিনদাই ৰাইজৰপৰা সন্মতি বিচাৰে৷

সমুখত বহি থকা ছোৱালীহঁতে খিক্‌খিকাই হাঁহে৷ ‘কাৰণ’টো বিচাৰি পোৱা নাযায়৷

: পিচে ছোৱালী যদি ধুনীয়া নহয়, তেতিয়া পিচে জোকাই ভাল নেলাগে৷ ইয়াত ধুনীয়া ছোৱালী কোনজনী?

গোবিনদাৰ প্ৰশ্নটোৰ প্ৰত্যুত্তৰত অস্থায়ী প্ৰেক্ষাগৃহৰ চল্লিছ-পঞ্চাছখনমান মুখ উজলি উঠা দেখা গ’ল৷ তেওঁলোক চকীৰপৰা থিয় হৈ গোবিনদাৰ লগত ধেমালি কৰিবলৈ সাজু৷ ৰাইজৰ প্ৰবল উছাহ আৰু টিটকাৰিয়ে যুৱতীহঁতক উৎসাহিত কৰিলে৷ ল’ৰাহঁতেও প্ৰচুৰ মনোৰঞ্জন লভিছে৷ বাটৰ কাষত অতপৰে জুম বান্ধি ‘ব’ৰ’ খাই থকা টোপনিমুখী বাটৰুৱাকেইজনো সাৰ পাই উঠি প্ৰেক্ষাগৃহৰ ফালে দৌৰ দিলে৷ কাৰণ, গোবিনদাৰ ধেমালিৰ মজাই বেলেগ৷ 

পিচে গোবিনদাৰ দ্বাৰা সংঘটিত হোৱা এই ধেমালি-কাণ্ডত এজন ব্যক্তিৰ সৰ্বশৰীৰ অকল্পনীয়ভাৱে কঁপি উঠিল৷ তেওঁ আন কোনো নহয়৷ স্বয়ং উদ্যোক্তা-কাম্-সভাপতি বীৰেশ্বৰ চলিহা৷ কাৰণ, চকীৰপৰা উঠি থিয় হৈ ৰোৱা ছোৱালীকেইজনীৰ ভিতৰত তেওঁৰ পত্নীও বিৰাজমান৷ এক অনাকাংক্ষিত অপমানত বিধ্বস্ত হৈ চলিহা উত্তেজিত হৈ উঠিল৷ তেওঁ কি কৰিব-ক’লৈ যাব; একো ধৰিব নোৱাৰিলে৷ স্মৃতিৰ প্ৰৰোচনাত তেওঁৰ মনটো চাৎকৰে উৰা মাৰিলে দুমাহমানৰ আগৰ ঘৰুৱা ‘ধেমালি’ এটালৈ৷ পত্নীক তেওঁ সেইদিনা কথা-প্ৰসংগতে জোকাইছিল-“বুইছা, তোমাৰ এতিয়া বয়স হৈছে৷ ইমান পাউদাৰ-ক্ৰীম নঘঁহিলেও হ’ব৷” চলিহাৰ কথা শুনি পত্নীয়ে মৃদু সুৰেৰে প্ৰতিবাদ কৰি উঠিছিল যদিও কোনো তাৎপৰ্যপূৰ্ণ মন্তব্য ব্যক্ত কৰা নাছিল৷ পত্নীয়ে এতিয়া তাৰেই ক্ষোভ উজাৰিলে নেকি! স্মৃতিৰ গভীৰতাৰপৰা তৎমুহূৰ্ততে পলায়ন কৰি চলিহাই মঞ্চগৃহৰ মাজত থিয় হৈ থকা আকুল পত্নীলৈ উৎকণ্ঠাৰে চালে৷ পত্নীৰ চকুত এবাৰ চকু পৰিলেই তেওঁক বহিবলৈ ইংগিত দিব৷ পিচে চলিহাৰ প্ৰয়াস নিষ্ফল প্ৰমাণিত হ’ল৷ কাৰণ, ইতিমধ্যেই গোবিনদাই তেওঁৰ ধেমালিটোৰ বাবে চলিহাৰ পত্নীক নিৰ্বাচিত কৰিছে৷

ৰাইজ পুনৰ কোলাহলমুখৰ হৈ উঠিল৷ ‘মজা, মজা’ বুলি গোবিনদাৰ লগত অহা ‘অন্ধ সমৰ্থক’ৰ দলটোও হঠাতে সক্ৰিয় হৈ উঠা দেখা গ’ল৷ আনহাতে চলিহাৰ কাষতে থিয় হৈ থকা কেইজনমান গুণমুগ্ধই চলিহালৈ পিৰিক-পাৰাককৈ চাবলৈ ধৰিলে৷ চলিহাই বৰ অস্বস্তি অনুভৱ কৰিলে৷ তেওঁ পকেটৰ পৰা মাস্কখন উলিয়াই মুখখন ঢাকি ল’লে৷ 

: ধুনীয়া ছোৱালী দেই৷ নাম কি?

গোবিনদাই মঞ্চৰপৰাই সুধিলে৷

: অপৰূপা৷

চলিহানীয়ে লজ্জাসিক্ত ভংগীমাৰে উত্তৰটো দিলে৷ চলিহাৰ বুকুখনে চিৰিঙকৈ মাৰিলে৷ তেওঁ এখোজ পিছুৱাই আহিল৷

: ধেমালি কৰোঁনে মিছ অপৰূপা?

গোবিনদাদাৰ ৰসিকতা৷

: হেঃ হেঃ হেঃ! মই মিছ নহয়, মিছেছহে৷

: কি?

গোবিনদা হতচকিত৷

: কোন সেইজন লাকি মেন? হু ইজ ডেট লাকি ফেলো৷ ইয়াত আছেনে?

: আছে, আছে৷ সেইজন৷

: কোনজন?

শ্ৰীমতি অপৰূপা চলিহাই আঙুলিটো পোন কৰি মঞ্চৰ নিচেই কাষৰ ঠাইখনলৈ দেখুৱায়৷ আঙুলিটোৰ দিশে বাকী ৰাইজেও চায়৷ গোবিনদায়ো ডিঙিটো মেলি দিয়ে৷ তেওঁৰ পিছে পিছে বাদ্যযন্ত্ৰীসকলে৷ সকলোৰে কৌতূহল বাঢ়ে৷ কিয়নো আঙুলিয়াই দেখুৱা ঠাইখিনিত কোনো নাই৷ চলিহা অলপ আগতেই সেই ঠাই পৰিত্যাগ কৰি ঘৰমুখী হৈছে৷

গোবিনদাৰ ‘ধেমালি’টো চাবলৈ তেওঁ ৰ’ব নোৱাৰিলে।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *