ফটাঢোল

আই লাভ ইউ  শীত – বিনীতা বৰশইকীয়া

গা ধুবলৈ কষ্ট হ’লেও

আই লাভ ইউ শীত,

‘হাত’ গুচি ‘কৰত’ হ’লেও

আই লাভ ইউ শীত।

 

বিধে বিধে মইশ্চাৰাইজৰ

সানি তত নাই,

গুগলত আকৌ চাৰ্চ কৰোঁ

জানোচা বেষ্ট কিবা পায়।

 

বিয়া-সবাহ, পাৰ্টিবোৰত 

বৰ অসুবিধা,

চুৱেটাৰ পিন্ধি কেনেকৈ যাম 

লাগে বৰ চিন্তা।

 

পুৰুষসকলে আমাক দেখি

বাক্যশেল এৰে,

ইম্মান ঠাণ্ডাত চুয়েটাৰ নিপিন্ধাকৈ

কেনেকৈ যে থাকে?

 

ধুনীয়াকৈ ডিজাইনত চিলোৱা 

দামী ব্লাউজটো বাৰু,

চুৱেটাৰৰ তলত ঢাকি-ঢুকি

পিন্ধিব জানো পাৰোঁ!

 

মুখখন বাৰু মেকআপেৰে 

লুকুৱাব পাৰি,

হাতখন বাৰু কি কৰোঁ 

হাতমোজাও যে পিন্ধিব নোৱাৰি।

 

ভৰিকেইটানো কি চাবা 

নেওতা লিখিব পাৰি,

গা লৈনো কি চাবা 

যেন পুঠিমাছৰহে বাকলি!

 

যিমান যি দুখ হ’লেও 

আই লাভ ইউ শীত

পোৰা মাংস, নতুন আলুৰ 

সোৱাদেই যে ‘শীত’।

 

ন-খোৱা, মাঘৰ বিহু 

মানেই যে ‘শীত’

ৰ’বাব টেঙা, পথাৰত ভাত

তৃপ্তিতো অতীত।

 

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *