‘টয়লেট’- এ পেৰ’ডি – ৰঞ্জিত কুমাৰ শৰ্মা
”মোক এনেদৰে ধুমুহা-বৰষুণৰ মাজত এৰি থৈ লালকাল দি শুই আছ? ইমান দিনে মকৰা, পঁইতা-চোৰাৰ লগত দিনবোৰ কটাই আছোঁ৷ কিমান দিন যে ভালকৈ উশাহ ল’বলৈকো পৰা নাছিলোঁ৷ কেইদিনমান তহঁতৰ দৰে দুঠেঙীয়া কিছুমানে মোৰ কোলাত বহিছিল যদিও মই কম কষ্ট সহ্য কৰিবলগীয়া হ’লনে? ছিঃ! কি যে দুৰ্গন্ধ! তহঁত মানুহবোৰে কি কি যে খাৱ নহয়? আৰু এটা কথা, নতুন প্ৰযুক্তিৰ ঢোল কোবাই কিবা কৰিলেই সাংঘাতিক একো কৰা নুবুজায় বুজিছ? কামবোৰ সফল হ’বও লাগিব৷ ইমান দিনে সীমাহীন যন্ত্ৰণাত ককবকাই আছোঁ৷ বেৰকেইখনৰো ইফালে-সিফালে খলপা-খলপে খহি আমাক প্ৰায় উন্মুক্ত কৰিলে৷ যোৱাবছৰ ধুমুহাত বেছিভাগ টিনপাতেই উৰি গ’ল৷ যি দুখনমান অৱশিষ্ট আছিল সেয়াও আজি ধুমুহাই লৈ গ’ল৷ তহঁতৰ কাৰণে আজি আমি সম্পূৰ্ণ উলংগ হৈ পৰিলোঁ৷”
গভীৰ টোপনিত থকা হীৰালাল আগৰৱালাই বৰ ভয় খালে৷ তেওঁৰ চকু দুটা মেল খাই গ’ল৷ ধুমুহা-বৰষুণ অহা তেওঁ গমেই পোৱা নাছিল৷ সপোনটো দেখিহে ভয়তে তেওঁ সাৰ পালে৷ সপোনত তেওঁ এটা অদ্ভুত, বিভৎস প্ৰাণী দেখিলে৷ সাধাৰণতে ইংৰাজী চিনেমাতহে এনে কিছুমান অদ্ভুত আৰু বিভৎস প্ৰাণী দেখিবলৈ পোৱা যায়, যিবোৰ পৃথিৱী বা বিশ্বব্ৰহ্মাণ্ডত বিচাৰি পাবলৈ নাই৷ হীৰালাল আগৰৱালাই সপোনত দেখা প্ৰাণীটোৰ আকৃতিটো মনত পেলাবলৈ চেষ্টা কৰিলে৷ মুখখন বহুত ডাঙৰকৈ মেল খোৱা, ইটাৰ দৰে আকৃতিৰ কিন্তু বগা ৰঙৰ দুখন কাণ, সমগ্ৰ দেহটো চেপেটা, এইটো কি প্ৰাণী? বাস্তৱত এনে কোনো প্ৰাণী আছে বুলি তেওঁৰ মনে নকয়৷ প্ৰাণীটোৱে সপোনত কোৱা কথাখিনি হীৰালালে পুনৰ মনত পেলাবলৈ চেষ্টা কৰিলে৷ নিজে অসমীয়া নক’লেও তেওঁ অসমীয়া বুজি পায়৷ কথাখিনিৰ সৈতে প্ৰাণীটোৰ আকৃতি মিলাই চোৱাৰ লগতে হীৰালালে সপোনত প্ৰাণীটো কোন স্থানৰপৰা ওলাই অহা দেখিছিল সেয়াও মনত পেলাবলৈ চেষ্টা কৰিলে৷ কিছু সময় পিছতে তেওঁৰ সকলো পৰিষ্কাৰ হৈ পৰিল, “আৰে, সপোনত দেখা প্ৰাণীটো দেখোন টয়লেটৰ পেনটোৰ দৰে! হয় হয়, সেইটোৱেই! সপোনত প্ৰাণীটো ওলাই অহা ঠাইডোখৰো পৰিচিত৷ সেয়া দেখোন চহৰখনৰেই বাছ আস্থানটোৰ অংশ।” হীৰালালৰ লাহে লাহে সকলো কথা পৰিষ্কাৰকৈ মনত পৰিবলৈ ধৰিলে৷
পাঁচ বছৰমান আগৰ কথা৷ চৰকাৰে ঠায়ে-ঠায়ে ৰাজহুৱা শৌচালয় নিৰ্মাণ কৰিবলৈ এখন বিশেষ আঁচনি হাতত লৈছিল৷ এই আঁচনিখনত বিশেষ প্ৰযুক্তি লোৱা হৈছিল৷ মানে শৌচালয়বোৰৰ বেৰবোৰত পেলনীয়া প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰা হৈছিল৷ প্লাষ্টিকৰ বটলত চিমেণ্ট আৰু শিল-বালিৰ মচলা ভৰাই বেৰ নিৰ্মাণ কৰাৰ পদ্ধতি লোৱা হৈছিল৷ এই কামৰ ঠিকা লাভ কৰিছিল হীৰালাল আগৰৱালাই৷ পৰীক্ষামূলকভাবে হীৰালালে বাস কৰা চহৰতেই প্ৰথমতে এনে তিনিটা ৰাজহুৱা শৌচালয় নিৰ্মাণ কৰা হৈছিল৷ ইয়াৰে এটা নিৰ্মাণ কৰা হৈছিল চহৰখনৰ সাপ্তাহিক বজাৰত আৰু দুটা স্থানীয় বাছ আস্থানত৷ হীৰালালৰ মনত আছে, বিভাগীয় মন্ত্ৰীজনে এদিন শৌচালয় তিনিটা ৰাইজৰ বাবে মুকলি কৰিছিল৷ সেইদিনা দুয়োটা স্থানতে ৰভা সজোৱাৰপৰা কাৰ্পেট পাৰি দিয়ালৈকে আৰু বাছ আস্থানত মন্ত্ৰীয়ে ভাষণ দিবপৰাকৈ মঞ্চ সজোৱালৈকে, সভাস্থলীত চকীৰ ব্যৱস্থাকৰাৰপৰা মন্ত্ৰী-বিষয়া, সাংবাদিক, মন্ত্ৰীৰ সাংগো-পাংগক আহাৰ যোগান ধৰালৈকে সকলো ব্যৱস্থাৰ ঠিকাটোও হীৰালালেই পাইছিল৷ হীৰালাল আগৰৱালা জিলা প্ৰশাসনৰ বাবেও আছিল এইবোৰ কামৰ বাবে উপযুক্ত ব্যক্তি৷ তেওঁ অৱশ্যে সেইখিনি কামৰ উপ-ঠিকাটো সংগঠন এটাৰ স্থানীয় নেতা এজনক দিছিল৷
মন্ত্ৰী আহিছিল, শৌচালয় উদ্বোধনো কৰিছিল৷ হীৰালালৰ মনত আছে সেই দিনটোৰ কথা৷ শৌচালয় মুকলি কৰি মন্ত্ৰীয়ে আঁচনিখনৰ বিষয়ে কোৱাৰ উপৰি চৰকাৰৰ জন-কল্যাণমূলক আন আঁচনি কেতবোৰৰ কথাও কৈছিল৷ ভাষণত মন্ত্ৰীয়ে বিৰোধীক সমালোচনা কৰিবলৈও পাহৰা নাছিল৷ উদ্বোধনী অনুষ্ঠানৰ শেষত শৌচালয়ৰ সন্মুখত মন্ত্ৰী, বিষয়া, স্থানীয় নেতা আৰু হীৰালাল আগৰৱালাৰ ‘গ্ৰুপ ফটো’ও লোৱা হৈছিল৷ কিন্তু শৌচালয় মুকলি কৰি মন্ত্ৰী উভতি যোৱাৰ পিছত শৌচালয় তিনিটাৰ দুৱাৰত তলা ওলোমাই দিয়া হৈছিল৷ কিছু ‘ফৰ্মেলিটি’ সম্পূৰ্ণ হোৱা নাছিল তেতিয়াও৷
চাৰিমাহমান শৌচালয়ৰ দুৱাৰত তলা ওলমিয়েই থাকিল৷ ৰাজ্যৰ আন ঠাইতো তেনে শৌচালয় নিৰ্মাণ কৰিবলৈ লোৱা হৈছিল যদিও বিভিন্ন কাৰণত কাম আগ নাবাঢ়িল৷ হীৰালালৰ ‘বিল’ বিভাগীয় ফাইলৰ মেৰপেচত সোমাল৷ তেওঁৰ ঠিকাৰ ‘পেমেণ্ট’ নোহোৱা বাবে শৌচালয়ৰ দুৱাৰৰ তলাও খোল নাখালে৷ বিষয়টোক লৈ বিতৰ্ক হ’ল৷ বাছ আস্থানৰ শৌচালয় দুটাৰ সন্মুখত বিৰোধী দলে ধৰ্ণাও দিলে৷ হীৰালাল আগৰৱালাই সহযোগিতা নকৰাত এটা সংগঠনে এদিন পথ অৱৰোধো কৰিলে৷ অৱশেষত যেনিবা মন্ত্ৰীৰ হস্তক্ষেপত শৌচালয়ৰ দুৱাৰৰ তলা খোল খালে৷ হীৰালালক ঠিকাৰ ধন আদায় দিয়াৰ আশ্বাস দিয়া হ’ল৷ শৌচালয় কাৰ্যতঃ মুকলি হ’ল৷ অৱশ্যে এই শৌচালয় ব্যৱহাৰ কৰাসকলৰপৰা পাঁচ টকাকৈ লোৱাৰ ব্যৱস্থা কৰা হ’ল৷ বাছ আস্থান আৰু বজাৰ সমিতিক উক্ত ধন লোৱাৰ কৰ্তৃত্ব প্ৰদান কৰাৰ লগতে শৌচালয় পৰিষ্কাৰ কৰাৰ দায়িত্বও দিয়া হ’ল৷
কিন্তু আমদানি ভাল নহ’ল৷ শৌচ কৰিবলৈকো আৰু পাঁচ টকাকৈ দিব পাৰিনে? আমাৰ ৰাজ্যত ইমানবোৰ খাল-বিল, পথাৰ-জংঘল থাকোঁতে পাঁচ টকা খৰচ কৰি কোনে শৌচ কৰিবহে? অইন একো নাপালেও পাঁচ টকাৰে তামোল এখনতো কিনি খাব পাৰি! আৰু এটা কথা, চহৰখনৰ কাৰোবাৰ ঘৰলৈ গ’লেও কামফেৰা কৰিবলৈ নিদিয়াকৈ থাকিবনে গৃহস্থই? নিশ্চয় দিব! গতিকে পাঁচ টকা কিয় দিব লাগে? তাতে আকৌ চৰকাৰক? ভোট দি চৰকাৰ গঠন কৰি তেন্তে কি লাভ হ’ল? এনেবোৰ চিন্তা-ভাৱনাৰ ফলশ্ৰুতিত শৌচালয়ৰ দুৱাৰ প্ৰায় বন্ধ থকাই হ’ল৷ প্ৰথম অৱস্থাত কেতিয়াবা দুই-চাৰিজনে শৌচালয়ৰ দুৱাৰ খুলিছিল৷ ধন খৰচ কৰিবলৈ কুণ্ঠাবোধ নকৰা ধোঁৱাখুলীয়া স্বভাৱৰ লোক আছিল সেইবোৰ কিন্তু লাহে লাহে তেনে মানুহকো শৌচালয়কেইটাই আকৰ্ষণ কৰিব নোৱৰা হ’ল৷ নিয়মিত পৰিষ্কাৰৰ বিষয়টোও অৱহেলিত হৈ পৰিল৷ শৌচালয় তিনিটাৰ বাবে প্ৰয়োজনীয় পানী তোলা পাম্পৰ মটৰ দুটাও এনিশাতেই চুৰি হ’ল৷ পাঁচটকীয়া মলত্যাগ কাৰ্য বাছ আস্থান আৰু বজাৰৰ লোকৰ বাবে বিনামূলীয়া হৈ পৰিল৷ কদৰ্য ৰূপ ল’লে শৌচালয়ে৷ দুৰ্গন্ধও বিয়পিবলৈ ল’লে৷ বেৰবোৰো খহিবলৈ ল’লে৷ পৰিত্যক্ত হৈ পৰিল নতুন প্ৰযুক্তিৰ তিনিওটা শৌচালয়৷ মকৰা, পঁইতাচোৰা, পোক-পৰুৱাৰ ৰম্যভূমি হৈ পৰিল শৌচালয়কেইটা৷ পাঁচ বছৰ আগতে যি স্থানত হীৰালাল আগৰৱালাই উপ-ঠিকাদাৰৰ হতুৱাই মন্ত্ৰী আৰু ভি.আই.পিৰ কাৰণে ৰঙা দলিচা পাৰিছিল সেই স্থান পোক-পতংগৰ বাসভূমি হ’ল৷ অৱশ্যে জীৱশ্ৰেষ্ঠই কাষতে শৌচালয়ৰ বেৰৰ আঁৰ লৈ সৰুপানীৰ পিটনি একোখনৰ সৃষ্টি কৰাৰ চেষ্টা নকৰা নহয়৷
হীৰালাল আগৰৱালাই বাহিৰলৈ কাণ পাতিলে৷ পাতলীয়া বৰষুণ হৈ থকাৰ শব্দ তেওঁৰ কাণত পৰিল৷ ধুমুহাৰ শব্দ তেওঁ নাপালে৷ তেতিয়ালৈ ধুমুহা শান্ত হৈছিল৷ ঠিকাদাৰ হীৰালাল আগৰৱালাই এবাৰ সৰুপানী চুই আহি পুনৰ বিছনাত দীঘল দিলে৷ পুনৰ টোপনি যোৱাৰ চেষ্টাৰে চকুদুটা জপোৱাৰ সময়তে তেওঁ সিদ্ধান্ত এটা ল’লে৷ পুৱা বাছ আস্থানলৈ গৈ দূৰৰপৰা হ’লেও টয়লেট দুটা তেওঁ এবাৰ চাই আহিব৷ এতিয়াতো তাত ‘গ্ৰুপ ফটো’ উঠিব নোৱাৰি!
☆ ★ ☆ ★ ☆
7:41 am
ভাল লাগিল পঢ়ি
12:50 pm
ধন্যবাদ জনালোঁ৷
3:49 pm
কেনেকৈ এটা পোকেখোৱা চিষ্টেমে ভাল আঁচনিও ফ্লপ কৰিব পাৰে সঁচাই!
ভাল লাগিল