ফটাঢোল

এনিশা আৰক্ষী চকীত-দীপ বৰা

শিলঘাটৰপৰা দেউতাৰ আকৌ বদলি হ’ল ডিফুলৈ। মা আৰু দেউতাক ডিফুলৈ পঠিয়াই মই আৰু ভাইটি নগাঁৱত এটা ভাড়াঘৰত থাকিবলৈ ল’লোঁ। ভাইটিৰ মেট্ৰিক পৰীক্ষাৰ সময়। মাও আহি আমাৰ লগতে আছেহি। পিছদিনা ভাইটিৰ বিজ্ঞানৰ পৰীক্ষা আছিল।

আমি ভাড়াত থকা বিল্ডিঙটো তিনি মহলীয়া আছিল। একেবাৰে ওপৰত ভাইটি আৰু মই, আমাৰ তলৰটোত ৰঙাপাৰাৰ দুটা আই.টি.আই. পঢ়া ল’ৰা আৰু একেবাৰে তলত তিনিটা ল’ৰা থাকে। সিহঁ‌তেও আই.টি.আই. পঢ়ি আছিল। তাৰে দুজন মৰিগাঁৱৰ আৰু এজন শিৱসাগৰৰ। আমাৰ ভাড়াঘৰৰ আগফালে আৰু এটা ভাড়াঘৰ আছিল য’ত এজন পুলিচ হাবিলদাৰৰ পৰিয়ালে বসবাস কৰিছিল।

ৰাতি ন-মান বজাত ভাত খাইছিলোঁ কাৰণ পিছদিনা ভাইটিৰ বিজ্ঞানৰ পৰীক্ষা। সোনকালে শুলেহে সোনকালে উঠিব পাৰি, সেয়ে মায়ে ন বজাত ভাত বাঢ়ি দিলে।

হঠাৎ ঘৰৰ কাষৰ চাৰিআলিত হুলস্থূল শুনিবলৈ পালোঁ‌। মই বেছি গুৰুত্ব নিদি ভাত খাই আছোঁ, কিন্তু ভাইটি খোৱাৰপৰা উঠি হাত ধুই তললৈ মানে চাৰিআলিলৈ যাবলৈ ওলাল। মায়ে তাক বাধা দি ক’লে, 

: ভাতকেইটা খাই লচোন। 

ময়ো বাধা দিলোঁ‌। নাই, সি আমাৰ কথাত গুৰুত্ব নিদি চিৰিয়েদি তললৈ আহি তলৰ ৰূমকেইটাত খবৰ দি ঘটনাস্থলী পালেগৈ।

গৰমৰ দিন আছিল। তলৰ ৰূমৰ ল’ৰাবোৰেও খাই-বৈ কোনোবাটো হাফপেণ্ট, কোনোটোৱে গামোচা পিন্ধি বিচনাত পৰিবলৈ যো-যা কৰি আছিল। ভাইটিয়ে খবৰ দিয়াৰ লগে-লগে সকলো ল’ৰা হুলস্থূলৰ উৎস বিচাৰি ওলাই গ’ল। আগফালৰ হাবিলদাৰ খুড়াৰ জী-জোঁ‌ৱাই আহিছিল। জোঁ‌ৱায়ে ভাত-পানী খাই আঁ‌ঠুৱাৰ তলত সোমাইছিলহে তেনেতে হুলস্থূল শুনি গামোচা-গেঞ্জী পিন্ধিয়েই চাৰিআলিৰ ফালে খোজ ল’লে। মানুহজনীয়ে হাতত ধৰি ওলাই যাবলৈ বাধাও দিছিল কিন্তু বিধাতাৰ লিখন খণ্ডাব কোনে! হাতখন এচাৰ মাৰি, 

: ৰ’বাহে চাই আহোঁ কিহৰ হুলস্থূলনো?

বুলি ওলাই আহিল।

মায়ে ভাইটিক ঘৰলৈ লৈ আনিবলৈ মোক ক’লে। মই ক’লা ট্ৰেক পেণ্ট আৰু গেঞ্জী পিন্ধি আছিলোঁ, লাহেকৈ হাফ চাৰ্ট এটা হাতত লৈ তললৈ নামি গ’লোঁ‌।

এখোজ-দুখোজকৈ গৈ মই চাৰিআলিত ভাইটিহঁ‌তে জুম বান্ধি ৰৈ থকাৰ কাষ পাইছিলোঁহে, তেনেতে পুলিচৰ জিপচীখন আহি কাষতে ৰ’লহি। লগে লগে গিৰিপ-গাৰাপ খোজেৰে আমাক চাৰিওফালৰপৰা পুলিচে ঘেৰি ধৰিলে। অফিচাৰ যেন লগা পুলিচ এজনে ৱায়াৰলেচত কৈ থকা শুনিলোঁ‌, 

: ছাৰ, দহ-বাৰজনমান ল’ৰা পাইছোঁ‌, কি কৰোঁ?

সিটো মূৰৰপৰা ক’লে, 

: উঠাই লৈ আনক।

লগে লগে ক’লা ৰঙৰ ফ’ৰ জিৰ চেভেনখনত, যিখনত কয়েদীবোৰ অনা-নিয়া কৰে সেইখনত সকলোকে উঠিবলৈ নিৰ্দেশ দিলে। আমি সকলোৱে মনে মনে শাৰী পাতি এজন এজনকৈ গাড়ীখনত উঠি দিলোঁ‌।

চাৰিআলিৰ ওচৰতে আৰক্ষী চকী এখন আছিল, য’ত আমাৰ ঘৰৰ আগফালৰ হাবিলদাৰ খুড়াজনে চাকৰি কৰে। গতিকে তালৈ নিলে চিন্তা নাই। অঃ গাড়ীত আমি কোন কোন উঠিলোঁ ক’বলৈ পাহৰিয়েই গৈছিলোঁ‌।আমাৰ বিল্ডিঙৰ গোটেইবোৰ আৰু আগফালৰ হাবিলদাৰ খুড়াৰ জোঁ‌ৱাই আৰু বয়সস্থ পাচলি বেপাৰী এজন। 

গাড়ীখন ওচৰৰ আৰক্ষী চকীত নৰৈ পোনে-পোনে সদৰ থানাৰ দিশে গতি কৰিলে। এইবাৰহে মনলৈ নানান বেয়া চিন্তা আহিবলৈ ধৰিলে। চিনেমা চাই-চাই ইমান দিনে বুজি পোৱা হৈ গ’লোঁ যে ৰাতি থানাৰ ভিতৰত কি কি হয়। অজান আশংকাত সৰ্বশৰীৰ কঁপি উঠিল। থাৰ্ড ডিগ্ৰী, ফৰ্থ ডিগ্ৰী…ভগৱান বচাবা বুলি এফালৰপৰা যিমান ভগৱানৰ নাম মনত পৰিল সকলোকে প্ৰাৰ্থনা জনালোঁ।

অলপ সময়ৰ পিছতেই গাড়ী গৈ সদৰ থানাৰ সন্মুখত ৰ’ল। এজন-এজনকৈ আকৌ শাৰী পতাই আমাক থানাৰ প্ৰথম মহলালৈ লৈ গ’ল। লকআপৰ কাষতে সকলোকে শাৰী পাতি থিয় হৈ থাকিবলৈ এজন পোছাকধাৰীয়ে আদেশ দিলে। আমিও ‘তু’ শব্দ নকৰাকৈ একান্ত বাধ্য ছাত্ৰৰ দৰে সকলো কথা শুনি মনে মনে থিয় হৈ আছোঁ‌। মোৰ ভাইটিলৈ ভীষণ খং উঠিছিল কিন্তু থানাৰ ভিতৰত একো নকলোঁ‌। সি দৌৰ মাৰি নহা হ’লে, আজি সদৰ থানালৈ আহিবলগীয়া নহ’লহেঁ‌তেন। তাৰপিছত আন এজন বহি থকা পোছাকধাৰীয়ে আমালৈ চাই ক’লে, 

: মহাপুৰুষসকল এজন এজনকৈ চিনাকিটো দিয়কহি।

প্ৰথম পাচলি বেপাৰী মানে মানিকদা গ’ল। মানিকদা গৈয়ে হাতযোৰ কৰি, 

: ছাৰ, মই পাচলি দোকানিহে, কিনো হুলস্থূল হৈছে বুলি চাবলৈহে আহিছিলোঁ‌। তেনেতে পুলিচে উঠাই আনিলে।

পোছাকধাৰীয়ে লগে লগে ধমক দিয়াৰ সুৰত, 

: চুপ! কথা ক’বলৈ আহিছে। পাচলি বেপাৰী হৈ দোকান বাদ দি হুলস্থূল চাবলৈ গৈছিল অশ্লীল (অশ্লীলটো যি শব্দ মনলৈ আহে তাকে ব্যৱহাৰ কৰিব)। নাম কি, ঘৰ ক’ত, সেইবোৰ ক। 

মানিকদায়ে এফালৰপৰা সকলো কৈ গ’ল। ঠিকনা কোৱাৰ পিছত তেওঁক ছেণ্ডেলযোৰ খুলি লকআপত সোমাবলৈ ক’লে। এজন পোছাকধাৰীয়ে লকআপৰ গেটখন খুলি দিয়াত মানিকদা লকআপলৈ সোমাই যায়। এইদৰে এজন এজনকৈ গৈ আছে। এইবাৰ শিৱসাগৰৰজনৰ পাল পৰিল। তেওঁ অলপ হাত বেছিকৈ লৰাই খোজ কাঢ়ে। তেওঁৰ খোজ দেখিয়েই বহি থকা পোছাকধাৰীজনে ক’লে, 

: অ’ আই, কেৰাটে-কুম্ফু নেকি ৰে! হাতত ইমানকৈ কিহৰ সূতা? (হাতত মন্দিৰত বান্ধি দিয়া সূতাৰ লগতে কিনিবলৈ পোৱা ভগৱানৰ নাম থকা অন্য কিছুমান সূতাও বন্ধা আছিল) খাৰু পিন্ধিছ নেকি? সেই পাত কি?

বুলি খাৰুপাতৰ কথা সুধিলে।(শিৱসাগৰীয়াজনৰ উপাধি চেতিয়া আছিল, আমিও চেতিয়া বুলিয়েই মাতিছিলোঁ‌)। চেতিয়াই লগেলগে উত্তৰ দিলে, 

: জয় মাতা দি। (পিতলৰ খাৰুপাতত লিখা আছিল) 

 

পোছাকধাৰীজনে ব্লেডেৰে সূতাখিনি কাটি খাৰুপাত খোলাই চেতিয়াক লকআপলৈ প্ৰেৰণ কৰিলে।

এইবোৰ সকলো চকুৰ আগতে হৈ আছে, হাঁহি উঠিছে কিন্তু হাঁহিবও নোৱাৰোঁ‌।

চেতিয়াক লকআপত সুমোৱাৰ পিছত হাবিলদাৰ খুড়াৰ জোঁ‌ৱাইয়েকৰ পাল পৰিল। বেচেৰাই গামোচা আৰু গেঞ্জী পিন্ধি গৈছিল। তাৰ নাম ঠিকনা লিখাৰ পিছত পোছাকধাৰীজনে ক’লে, 

: গামোচা পিন্ধিতো লকআপত সোমাবলৈ দিয়া নহয়! মাইনা পেণ্ট আছেনে নাই? 

সি ক’লে যে, দীঘলীয়াটো নাই কটাটোহে আছে। পোছাকধাৰী চাৰে ক’লে, 

: চলিব। এতিয়া গামোচা খুলি মন্দিৰত প্ৰৱেশ কৰা। 

বেচেৰাৰ উপায় নাই, কি কৰিব! গামোচা খুলি কটা মাইনা পেণ্ট পিন্ধি লকআপত মনে-মনে সোমাই গ’ল। আমি কোনেও কাৰো মুখলৈ চাবপৰা নাই। কাৰণ চকুৱে-চকুৱে পৰিলেই হাঁহি ৰখাব নোৱাৰিম।

এইবাৰ মোৰ পাল পৰিল। মই ঠিকনা লিখা পোছাকধাৰীজনৰ কাষ পোৱাৰ লগে লগে মোক তেওঁ ক’লে, 

: কাচিন’ৰপৰা কেতিয়া পালিহি? 

মই আচৰিত, বোলো মোক কিয় কাচিন’ৰপৰা অহা বুলি সুধিলে! লগে-লগে বুজি পালোঁ যে, মোক আলফা বুলি ভাৱিছে। “হে প্ৰভু, মোক বচাবা” বুলি মনতে আওঁৰাই মই উত্তৰ দিলোঁ, 

: মই পঢ়িহে আছোঁ, কাচিন’ৰপৰা অহা নাই নহয়! 

নাম ঠিকনা লিখি মোকো লকআপলৈ সোমাবলৈ ইংগিত দিলে। মই লকআপত সোমাবলৈ লওঁতেই গেটখোলাজনে ছেণ্ডেলযোৰ খুলি সেৱা এটা কৰি সোমাবলৈ লাহেকৈ ক’লে আৰু ময়ো তাকে কৰিলোঁ‌। ভিতৰলৈ সোমাই চাৰিওফালে চাই দেখিলোঁ যে এটা বাৰ-পোন্ধৰ ৰূম আৰু কাষতে এটেষ্ট বাথৰূম। আমাৰকেইজনৰ বাহিৰে আৰু পাঁচজন কয়েদী তাত কাষতে পকাত বহি আছিল। মানিকদাৰ প্ৰেচাৰ উঠি ঘামি অৱস্থা নাই আৰু হাবিলদাৰ খুড়াৰ জোঁ‌ৱাইয়েক আমাৰ ওচৰলৈ আহে আৰু কয়, 

: কি হ’ব এতিয়া আমাৰ? 

মই লাহেকৈ ক’লোঁ, 

: চিনেমাত দেখা নাই, ৰাতি পুলিচে কি কৰে! সকলোকে কোবাব, থাৰ্ড ডিগ্ৰী! 

মনে-মনে হাঁহিলোঁ। মই এটাই চিন্তা কৰিছোঁ যে আমি একো ভুল কৰা নাই যেতিয়া আমাক কাইলৈ হ’লেও এৰি দিব। জোঁ‌ৱাইৰ অৱস্থা কাহিল, দুই মিনিটৰ পিছে-পিছে বাথৰূমলৈ অহা-যোৱা কৰি আছে। মই থিয় হৈ হৈ ভাগৰ লগাত অলপ বহোঁ‌ বুলি পকাত বহি দিলোঁ‌। ইফালে-সিফালে চাওঁতে দেখিলোঁ আগৰপৰা লকআপত সোমাই থকা (চোৰ নে ডকাইত নাজানো) এজনে মোৰফালে চাই দাঁত নিকটাই আছে। মোৰ খং উঠিল, মনতে ভাবিলোঁ, “তহঁতৰ নিচিনা চোৰ পাইছ, আমাক ভুলতে উঠাই আনিছে।” আকৌ তাৰফালে চাওঁতে দেখিলোঁ সি দাঁত নিকটায়েই আছে। এইবাৰ নিজকে তলৰপৰা ওপৰলৈ চাওঁতে দেখিলোঁ মোৰ পিন্ধি থকা ট্ৰেক পেণ্টটোৰ তলৰফালে তিনি ইঞ্চি মান ফাটি আছে। লগে লগে ভৰিকেইটা চপাই দিয়াত তাৰ হাঁহি বন্ধ হ’ল। সিফালে মানিকদা এবাৰ বহিছে, এবাৰ থিয় হৈছে। মাজে-মাজে ভিতৰত ইফাল-সিফাল কৰি আছে।জোঁ‌ৱাইৰ অৱস্থা নাই, সৰু কটা মাইনা পেণ্ট আৰু গেঞ্জী পিন্ধি কেৱল বাথৰূমলৈ অহা-যোৱা কৰি আছে।বেয়াও লাগিল কিন্তু উপায় নাই, আমি একো নহয় বুলি সান্ত্বনা দিয়াৰ বাহিৰে কৰণীয় একো নাছিল। তেনেতে ভাইটিক আৰক্ষী বিষয়া এজনে মতা বুলি আন এটা কোঠালৈলৈ লৈ গ’ল। মই মনতে ভাবিলোঁ যে, ৰাতিৰ কাৰ্যসূচী আৰম্ভ হৈছে নেকি! দহ কি পোন্ধৰ মিনিটৰ পাছত ভাইটি ওলাই আহিল আৰু আমাক সকলোকে ‘বা-ইজ্জত-বৰি’ মানে এৰি দিলে। ভাইটিক আহি সুধিলোঁ যে, তাক কিয় অন্য কোঠালৈ লৈ গৈছিল। সি ক’লে যে, ভিতৰত বিষয়াজনে সম্পূৰ্ণ কাহিনীটো সুধিলে আৰু সি সকলোখিনি ক’লে। কাইলৈ বিজ্ঞানৰ পৰীক্ষা থকা বুলি কোৱাত বিষয়াজনে তাক এটা কাণতলীয়া চৰ দিলে। মই ভালেই পালোঁ‌, কাৰণ তাৰ বাবেই আমাৰ আজি এই অৱস্থা হ’বলৈ পালে। থানাৰপৰা ওলাই অহাৰ সময়ত এজন চিপাহীক মই সুধিলোঁ, 

: ছাৰ আমাক থানালৈ অনাৰ সময়ত যিখন গাড়ীত আনিছিল এতিয়া সেই গাড়ীখন ক’ত? 

চিপাহীজনে সুধিলে, 

: কিয়?

মই বোলো আমাক চাৰিআলিত থৈ আহিব পাৰিলেহেঁতেন। অশ্লীল শব্দ মাতি চিপাহীজনে প্ৰায় চিঞৰিয়েই ক’লে, 

: গ’লিনে তহঁত? 

আমি ‘তু’ শব্দ নকৰাকৈ চিধা ঘৰলৈ বুলি বাট ল’লোঁ। সদৰ থানাৰপৰা আমাৰ ভাড়া ঘৰলৈ প্ৰায় দুই কিল’মিটাৰমান হ’ব। গোটেই বাটতো আমি আটায়ে হাঁহি-হাঁহি আহিলোঁ আৰু জোঁ‌ৱায়ে অলপ দূৰ যোৱাৰ পিছে পিছে “মই মুতিম, মই মুতিম”কৈ ঘৰ পোৱালৈ প্ৰায় বিশবাৰমান সৰু পানী চুই-চুই কোনোমতে ঘৰ পালেহি।

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *