ডালিমৰ লটিঘটি-প্ৰদীপ বৰা
দুলাল কাকতিৰ শাৰীৰিক সৌন্দৰ্য কেৱল তেওঁৰ ডালিম গুটীয়া দাঁতকেইটাৰ ওপৰতেই নিৰ্ভৰশীল আছিল৷ সৰুকালৰেপৰা তেওঁৰ পুৰাপুৰি বত্ৰিশটা ডালিম গুটীয়া দাঁতৰ মিচিকিয়া হাঁহি, ঢেকঢেকীয়া হাঁহি, ভূৱনমোহন হাঁহি আদিৰে জগত জিনিব পাৰিছিল৷ তেওঁৰ সেই পৈত্ৰিক সম্পত্তি ভূৱনমোহন ডালিম গুটীয়া দাঁতকেইটাৰ গৌৰৱতে জনসাধাৰণে তেওঁক ডালিম বুলি মাতিবলৈ ল’লে আৰু কালক্ৰমত তেওঁ ডালিম কাকতি হিচাপে জগতত পৰিচিত হ’ল৷ হাট-বজাৰত, বন্ধু মহলত, স্কুলত, ক্লাবত, সামাজিক অনুস্থানত, আপা-আপিসকলৰ মাজত তেওঁৰ উপস্থিতিত আড্ডাবিলাক আকৰ্ষণীয় হৈ উঠিছিল কেৱল তেওঁৰ ভূৱনমোহন ৰূপত জগতজিনা অসাধাৰণ দাঁতকেইটাৰ জহতে৷
তেওঁৰ বাৰ বছৰ বয়সত টকৌ গুটি চোবাই গুৰি কৰি খোৱা প্ৰতিযোগিতাত, চৈধ্য বছৰ বয়সত হাঁহৰ মাংসৰ হাড় গুৰি কৰি খোৱা প্ৰতিযোগিতাত, ষোল্ল বছৰ বয়সত চুফাৰী খোৱা প্ৰতিযোগিতাত, ওঠৰ বছৰ বয়সত হাঁহিৰ প্ৰতিযোগিতাত আৰু বিশ বছৰ বয়সত আপি পতোৱা প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰিবলৈ সমৰ্থ হৈছিল কেৱল ডালিম গুটীয়া দাঁতকেইটাৰ জহতে৷ ডালিমৰ ডালিম গুটীয়া দাঁতৰ কথোপ-কথন, সাক্ষাৎকাৰ আদিও আকৰ্ষণীয় হৈ পৰিছিল৷ পঁচিশ বছৰ বয়সত তেওঁ কোম্পানীৰ এটা চাকৰিত মকৰল হ’ল আৰু ত্ৰিশ বছৰ বয়সত এগৰাকী সুন্দৰীৰ প্ৰেমৰ চেঁপাত হাবুডুবু খাই বিবাহ পাশত আবদ্ধ হ’ল৷
ডালিমৰ ডালিম গুটীয়া দাঁতকেইটাই যেনেকৈ তেওঁৰ প্ৰতিপত্তি, গৌৰৱ আদি একাদিক্ৰমে পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত থকা মৌলসমূহৰ যোগ্যতা ক্ৰমে বাঢ়ি গৈ পৰ্যায়টোৰ মাজভাগত সৰ্বোচ্চ হৈ ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰাৰ দৰে তেওঁৰ দাঁতৰ লগতে সামগ্ৰিকভাৱে গোটেই জীৱনতে প্ৰভাৱ পেলাবলৈ ধৰিলে৷ বতাহত গছৰ ডাল লৰাৰ দৰে তেওঁৰ দাঁতবিলাকৰ এটা দুটাকৈ লৰিবলৈ আৰম্ভ কৰিলে৷ একোটাহঁত দাঁত এনেদৰে হিলাই নব্বৈ ডিগ্ৰী কোণ কৰি ঘূৰাই দিব পাৰি৷ এসপ্তাহৰ মূৰত তাক বিসৰ্জন দিব পাৰি৷ ওপৰৰ পাৰিৰ মাজৰ দুটা দাঁত ভূমিষ্ঠ হোৱাৰ পিছত তেওঁ দুটা কৃত্ৰিম দাঁত লগাই ল’লে৷ এদিন ভাওনাত দৈত্যৰ প্ৰৱেশ কৰি থাকোঁতে লগোৱা দাঁত দুটা সুলকি আহি মাটিত পৰিলহি। ডালিমে যেনিবা এটা বিশেষ ভঙ্গিমাৰে সিহঁতক বুটলি আনি আকৌ লগাই ল’লে৷ তেওঁৰ বছৰেকত গড়ে একোটা দাঁতে বিদায় ল’বলৈ ধৰিলে৷ তেওঁ কিন্তু সৰিযোৱা দাঁতবিলাক আলৈ-আথানি কৰি পেলাই নিদি ধুনীয়াকৈ পৰিষ্কাৰ কৰি এটা পলিথিনৰ বেগত আছুতীয়া ঠাইত সংৰক্ষণ কৰি থৈ যায়৷ ঘৰত মানুহ নাথাকিলে তেওঁ আছুতীয়া স্থানৰপৰা দাঁতবিলাক আনি এবাৰ হেঁপাহ পলুৱাই নয়ন সাৰ্থক কৰে আৰু সোণালী অতীতলৈ মনত পেলাই মন সেমেকি উঠে৷ তেওঁ দন্ত চিকিৎসকৰ ওচৰলৈ গৈ কৃত্ৰিম দাঁতৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি কৰি গৈ থাকে৷ পঞ্চাশ বছৰত তেওঁৰ প্ৰায় আধাসংখ্যক দাঁতেই বিদায় ল’লে৷ চুকে-কোণে খালী হৈ থকাবিলাকক বাদ দি ওপৰৰ মাজৰ চাৰিটা কৃত্ৰিমভাৱে লগাই নগাঁৱৰ এজন ফেচবুক ফ্ৰেণ্ডৰ ঘৰলৈ ফুৰিবলৈ গ’ল৷ তাত তেওঁ চমচমৰ লগত চাহ খাওঁতে নতুন চাৰিজন চোবাই থকা চমচমৰ লগত মিহলি হৈ গ’ল৷ তেওঁ যেনিবা কাহ অহাৰ ভাও ধৰি বাহিৰত গৈ ঠিক-ঠাক কৰি আহিলগৈ৷ গৃহস্থই তলকিব পাৰিলেনে নোৱাৰিলে তেওঁ নাজানে৷ ফুৰিবলৈ গ’লে তেওঁ বুঢ়া তামোল, মাংস আদি টান আৰু বৰা চাউলৰ দৰে লিকটা দ্ৰৱসমূহ নচলে বুলি গৃহস্থক জনাই দিয়ে কিন্তু দাঁতৰ দুৰৱস্থাৰ কথা অৱগত নকৰে৷
ডালিমৰ ঘৰৰ বাহিৰত আহাৰ গ্ৰহণৰ ক্ষেত্ৰত আজিলৈকে তিনি দিন অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হৈছে কিন্তু সকলো পৰিস্থিতি কৌশলেৰে নিয়ন্ত্ৰণ কৰিছে৷ এতিয়া তেওঁ ষাঠি অতিক্ৰম কৰিলে৷ বৰ্তমান তেওঁৰ ওপৰৰ শাৰীৰ বাওঁফালে মাত্ৰ ডেৰটাহে অৱশিষ্ট আছেগৈ৷ সেই ডেৰটাকে আলম হিচাপে লৈ এইবাৰ আঠজনীয়া কৃত্ৰিম দাঁতৰ এটা ফ্ৰেম লগাই চলি আছে৷ এসময়ত কুইণ্টেল কুইণ্টেল চুফাৰীক চৈধ্যভূৱন দেখুওৱা ডালিমে বৰ্তমান চোবন সহন সীমা (চোবাব পৰা দক্ষতা) কেৱল ভজা বাদামতে সীমাবদ্ধ ৰাখিছে৷ তেওঁৰ ঘৰৰপৰা বিশ কি:মি: নিলগৰ গোলাঘাট নগৰৰ এগৰাকী মহিলা পাণদোকানীক কিন্তু এই আপাহতে ধন্যবাদ দিবই লাগিব৷ এদিন হোটেলত চাহ খাই তামোল এখন খাবলৈ ইচ্ছা কৰি পাণ দোকানৰ গ্ৰাহকৰ ভিৰ কমালৈকে আমন-জিমনকৈ ৰৈ থাকি তামোল এখন বিচাৰিলে আৰু লগতে কটাৰীখনো বিচাৰিলে৷ তেতিয়া মহিলা গৰাকীয়ে নিজে তামোলখন চকলিয়াই দিলে৷ আজিকালি তামোল খাবলৈ মন গ’লে মহিলা গৰাকীৰ কাষত থিয় হ’লেই হ’ল৷
ডালিমক বোৱাৰীয়েকেও আজিকালি সতৰ্ক কৰি দিছে৷ দেউতা আপুনি হাঁচিয়াওঁতে মুখখন ঢাকি ল’বচোন, নহ’লে দাঁতখিনি নামি আহিলে দেখিবলৈ বৰ কুৰূপ দেখি৷ আজিকালি ডালিমৰ আন এটা জ্বলন্ত সমস্যা হ’ল সভা সমিতিত দীঘলীয়া ভাষণ দিলে লাহে লাহে কৃত্ৰিম দাঁতখিনি তললৈ নামি আহি নাচিবলৈ আৰম্ভ কৰে৷ ডালিমে তিনি কুৰি বয়সতে লাপুং বুঢ়া হ’বলৈ কেতিয়াও ইচ্ছা নকৰে৷ কাৰণ চুলিবিলাকে যদিও শুকান মৰাপাটৰ ৰূপ লৈছে, তাক মাহেকে পষেকে ক’লা প্ৰলেপ দি সৈমান কৰি ৰাখিব পাৰি৷ বাকী চেহেৰাপাতি চালে ঘপহকৈ বৃদ্ধ হৈছে বুলি ক’বলৈ সত নাযায় দেখোন৷ ধৰকচোন সোলা মুখায়ৱেৰে ফটাঢোল কোবালে ফটা ঢুলীয়া বা ফটা নাচনীৰ জানো গা উঠিব?
এনেদৰে দুলাল কাকতিৰপৰা ডালিম কাকতি হৈ তেওঁৰ মৰমৰ ডালিম গুটিকেইটাই লটিঘটি খুৱাই দিন অতিবাহিত কৰাইছে৷
চ’তে গৈয়ে গৈয়ে ব’হাগে পালেহি ফুলিলে ভেবেলী লতা,
কৈনো কৈ থাকোঁতে ওৰকে নপৰে আমাৰে ডালিমৰ ডালিমগুটীয়াৰ কথা।
☆ ★ ☆ ★ ☆