ভাল খবৰ-ডা° পাৰ্থসাৰথি ভূঞা
: হেৰা, মই ডলীক ফোন কৰি জনাওঁ নেকি?
বাৰাণ্ডাত বহি পেপাৰ পঢ়ি থকা হেমন্ত কটকীৰ ঘৈণীয়েক নীলাক্ষীয়ে সুধিলে।
: ৰবা হে, সঞ্জীৱ বা বোৱাৰীৰপৰা আগতে কথাটো ভালদৰে জানি লওঁচোন।
হেমন্ত কটকী কৃষি বিভাগৰ চাকৰিয়াল আছিল। যোৱা বছৰ অৱসৰ ল’লে। তেওঁৰ পত্নী নীলাক্ষীয়ে স্কুল এখনত চাকৰি কৰিছিল যদিও পুত্ৰ সঞ্জীৱৰ জন্মৰ পাছত চাকৰি এৰি সম্পূৰ্ণ গৃহিণীৰ দায়িত্ব পালন কৰি গ’ল। বিয়াৰ প্ৰায় পাঁচ বছৰমান পাছলৈকে তেওঁলোকৰ সন্তান জন্ম হোৱা নাছিল। সন্তানৰ আশাত বিভিন্ন পূজা পাতল, মন্দিৰ দৰ্শন আৰু জ্যোতিষৰ দিহা পালন কৰি যেনিবা নীলাক্ষী কটকীৰ গৰ্ভত সন্তানে থিতাপি ল’লে।
সঞ্জীৱ সৰুৰেপৰাই বৰ মেধাবী আছিল৷ মেট্ৰিক আৰু হায়াৰ চেকেণ্ডেৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ইঞ্জিনিয়াৰিং পঢ়িলেগৈ। ইঞ্জিনিয়াৰিং কলেজতে সঞ্জীৱৰ সহপাঠী পৰীস্মিতাৰ লগত প্ৰেম হ’ল। দেখাই শুনাই সকলোফালৰ পৰাই উপযুক্ত পৰীস্মিতাক বোৱাৰী কৰি আনিবলৈ হেমন্ত কটকী আৰু নীলাক্ষীৰ কোনো আপত্তি কৰাৰ থল নাছিল যদিও নীলাক্ষীৰ একমাত্ৰ পুত্ৰৰ বাবে ছোৱালী নিজে পচন্দ কৰাৰ মন এটা আছিল। আচলতে চুবুৰীয়া বৰুৱানীয়ে নিজৰ ডাক্তৰ পুতেকৰ বাবে নিজে ছোৱালী চাই বিয়া পাতি অনা বুলি বাহাদুৰি মাৰি থাকে। বৰুৱানীৰ মতে তেওঁৰ ল’ৰাই তেওঁৰ সকলো কথা মানে, বিয়াৰ কথা কওঁতেও, “মা তুমি চাই ভাল দেখিলেই হ’ব; মোৰ একো নাই” বুলি কৈছিল হেনো৷ সেয়ে নীলাক্ষী কটকীৰো মন আছিল ল’ৰাৰ বাবে নিজে ছোৱালী চোৱাৰ। যি নহওক একমাত্ৰ পুত্ৰৰ সুখেই তেওঁলোকৰো সুখ বুলি ভাবি সঞ্জীৱে পৰীস্মিতাৰ কথা কওঁতে তেওঁলোকে একো আপত্তি নকৰিলে৷
পৰীস্মিতাৰ দেউতাক শংকৰ প্ৰসাদ চলিহা পুলিচ বিভাগৰ উচ্চ পদস্থ বিষয়া আছিল। দেখিলেই খঙাল যেন লগা মানুহজনৰ জীয়েকৰ ওচৰ চাপিবলৈও সেয়ে ইঞ্জিনিয়াৰিং পঢ়িবলৈ যোৱাৰ আগলৈকে নিজৰ ঠাইৰ কোনো ল’ৰাই সাহস কৰা নাছিল। তেওঁৰ পত্নী ৰাজশ্ৰী চলিহা আকৌ বৰ শান্ত আৰু সাদৰি মহিলা আছিল। জীয়েক পৰীৰ লগত তেওঁ বন্ধুৰ দৰে সকলো কথা আলোচনা কৰিছিল।
ইঞ্জিনিয়াৰিং পাছ কৰাৰ পাছত সঞ্জীৱ আৰু পৰীস্মিতা দুয়ো সঞ্জীৱৰ গৃহ চহৰতে এটা ভাল প্ৰাইভেট কোম্পানীত চাকৰি পালে। সেয়ে বিয়াখনো পাতি লোৱাৰ কথা চিন্তা কৰি দুয়ো নিজ নিজ ঘৰত কথাটো জনাবলৈ সিদ্ধান্ত ল’লে। সঞ্জীৱে জানিছিল যে তাৰ ঘৰত বিশেষ অসুবিধা নহ’ব কিন্তু পৰীস্মিতাই বহুত ভয় খাই আছিল দেউতাকৰ বাবে।
: শুনা না, আমাৰ ঘৰলৈ তোমালোকৰ ঘৰৰপৰা মানুহ আহি কথাটো ক’বলৈ দিয়া না৷
পৰীস্মিতাই সঞ্জীৱক কৈছিল।
: এঃ, আমাৰ মা দেউতা যাবই তোমালোকৰ ঘৰলৈ, কিন্তু তুমি আগতে জনাই থোৱাটো ভাল হ’ব। নহ’লে পতকৈ কিবা খেলিমেলি হ’লে সব পণ্ড হ’ব। তুমি আগতে তোমাৰ মাক কোৱা।
: উম, মাৰ লগত আলোচনা কৰিয়েই কিবা এটা কৰিব লাগিব, নহ’লে তোমাৰ অৱস্থা বিজয়ৰ দৰে হ’ব৷ হাঃ হাঃ!
পৰীস্মিতা হায়াৰ চেকেণ্ডাৰীৰ প্রথম বৰ্ষত পঢ়ি থাকোঁতে দ্বিতীয় বৰ্ষৰ বিজয় নামৰ ল’ৰা এটাই তাইলৈ এখন প্ৰেম নিবেদন কৰি চিঠি দিছিল। বেচেৰাই নিজে দিবলৈ সাহস নকৰি তাৰ বন্ধু দেৱজিতৰ হাতত চিঠিখন পৰীস্মিতাক দিবলৈ দিলে। পৰীস্মিতাই কলেজৰপৰা ৰিক্সাত আহি ঘৰৰ আগত নামোতেই চাইকেল লৈ পিছে পিছে আহি থকা দেৱজিতে তাইৰ হাতত চিঠিখন দিলে। পিচে শংকৰ প্ৰসাদ চলিহা সেই সময়ত ঘৰৰ বাৰাণ্ডাতে আছিল। “এই ল’ৰা ৰহ” বুলি চিঞৰ মাৰি তেওঁ ওলাই গৈ পৰীস্মিতাৰ হাতৰপৰা চিঠিখন লৈ খুলি চালে। পঢ়ি উঠি ওচৰতে কঁপি কঁপি ৰৈ থকা দেৱজিতক চৰ এটা মাৰিবলৈ হাতখন দাঙি লওঁতেই সি, “ছাৰ ছাৰ, মই বিজয় নহয়, নামাৰিব, বিজয় মোৰ লগৰ, সি মোক এইখন দিবলৈ কৈছিল” বুলি হাত যোৰ কৰি ফেঁকুৰি উঠিল। চলিহাই পৰীস্মিতাক ভিতৰলৈ যাবলৈ দিলে আৰু “বাৰু বল তেন্তে কোন বিজয় ময়ো চাই আহোঁ” বুলি নিজৰ বুলেটখন উলিয়াই দেৱজিতক পাছফালে বহিবলৈ দিলে।
: ছাৰ, মই ঘূৰি নোযোৱালৈকে সি কলেজৰ সন্মুখৰ পাণ দোকানখনতে ৰৈ থাকিম বুলি কৈছিল, তাক তাতেই পাম৷
দেৱজিতে ক’লে।
পাণ দোকানখনৰ ওচৰতে দেৱজিতলৈ বাট চাই বিজয় ৰৈ আছিল। কেতিয়ানো চলিহাই বুলেটখন ৰখাই তাৰ ডিঙিত ধৰিলে সি ততেই নাপালে। তেতিয়াও কঁপি থকা দেৱজিতক দেখিহে তাৰ কথাটো যে ভয়ংকৰ সেয়া অনুভৱ হ’ল।
: মোৰ ছোৱালীলৈ প্ৰেম-পত্ৰ লিখিবলৈ আহিছ তই?
বিজয়ৰ ডিঙিত ধৰি খঙত চলিহাই ক’লে। তেনেতে ভয়ত অণ্ঠকণ্ঠ শুকাই টেমিহেন হোৱা মুখখনলৈ চাই তেওঁ ক’লে,
: ধেৎ, এইকন কলিজা লৈ শংকৰ প্ৰসাদ চলিহাৰ জোঁৱাই হ’বলৈ ওলাইছিলি
বুলি কৈ সিহঁতক তাতে এৰি চলিহা তীব্ৰবেগে বুলেট চলাই ঘৰমুৱা হ’ল।
পৰীস্মিতাৰ দেউতাকৰ কথা ওলালে সঞ্জীৱে প্ৰায়ে এই ঘটনাটো লৈ ধেমালি কৰে৷ সঞ্জীৱ আৰু পৰীস্মিতাৰ বিয়াখন একো অসুবিধা নোহোৱাকৈ হৈ গ’ল। বিয়াৰ তিনি বছৰ হৈ গ’ল যদিও দুয়ো নিজৰ চাকৰিত ব্যস্ত থাকিব লগা হোৱাৰ বাবে সন্তানৰ চিন্তা কিছুদিন দেৰিকৈ কৰিবলৈ সিদ্ধান্ত ল’লে। পিচে সিফালে বৰুৱানীয়েও নাতি ল’ৰা পালে। নীলাক্ষী কটকীক লগ পালেই সকলোৱে সুধিবলৈ ল’লে বোৱাৰীৰ কিবা ভাল খবৰ আছে নেকি বুলি। তেওঁ বোৱাৰীক সুধিলেও বোৱাৰীয়েকে হ’ব মা, কিবা হ’লেতো প্ৰথম আপোনাকে কম বুলি কয়। নিজৰো সন্তান হওঁতে দেৰি হোৱাৰ কথা চিন্তা কৰি নীলাক্ষীয়ে ভনীয়েক ডলীৰ লগতো কথাটো আলোচনা কৰিলে। ডলীয়ে নলবাৰীৰফালৰ কোনোবা ৰঞ্জন পাঠক বুলি বেজ এজনৰপৰা জাৰি আনি দিয়া কল এটাও এদিন তেওঁ বোৱাৰীয়েকক বুদ্ধি কৰি খুৱালে।
সেয়ে আজি ৰাতিপুৱাৰপৰা সঞ্জীৱহঁতৰ ৰূমৰ সংলগ্ন বাথৰূমটোত পৰীস্মিতাক কেইবাবাৰো ওকালি ওকালি বমি কৰাৰ দৰে শুনি নীলাক্ষী কটকীৰ গাত তত নাই। গিৰিয়েকক ভাল খবৰটো দিয়াৰ লগতে ভনীয়েক ডলিলৈ ফোন কৰিবলৈ হুলস্থূল লগাইছে। ৰূমৰপৰা এবাৰ বাহিৰলৈ আহোঁতে সঞ্জীৱে মাক-দেউতাকৰ এই আলোচনা শুনি আকৌ সিহঁতৰ ৰূমৰ দুৱাৰখন বন্ধ কৰি ভিতৰ সোমাল। পৰীস্মিতাই তেতিয়া আকৌ এবাৰ বমি কৰি আহি দুয়ো হাতে মূৰটো ধৰি বিছনাত বহি আছিল। তাইৰ কাষতে বহি সঞ্জীৱে তাইক ক’লে,
: মা দেউতাই তোমাৰ কিবা ভাল খবৰ আছে বুলি ভাবিছে। কিহে পাইছিল তোমাক কালি সাহীনৰ বাৰ্থডে’ পাৰ্টিত ইমানকৈ খাবলৈ? লোকৰ পালে টেটুৰ গুৰিলৈকে খোৱা স্বভাৱটো কেতিয়া যাব বাৰু? ইফালে মা-দেউতাই নাতিয়েকৰ নামকৰণ কৰিবলৈকে বাকী!
☆ ★ ☆ ★ ☆
7:09 am
হাঃ হাঃ তামাম দেই পাৰ্থ!
7:32 am
হাঃ হাঃ! বৈদ্য হাঁহিলো পাৰ্থ দা। গোটেই ঢোলটোকে বজালে।
7:48 am
হেঙ ফাটিল নে এতিয়া।তামাম বঢ়িয়া লাগিছে পাৰ্থ দা।
10:45 am
ৱাহ…. বৈদ্য হাঁহিলো। ☺️☺️☺️
9:34 pm
ধেৎ তেৰি।
11:57 pm
তাৰমানে বৰ ভাল নহ’ল খবৰটো- বঢ়িয়া লাগিল।