ফটাঢোল

দিল্লী কা লাড্ডু – নাজিয়া হাচান

: অ’ দেহা, আহাঁ‌চোন আহাঁ‌। এয়া চোৱাচোন তোমাৰ টিকুদাদাই কিমান ধুনীয়াকৈ বুক কপি লৈ পঢ়িবলৈ বহিছে। আহাঁ‌ দেহা তুমিও আহাচোন। চাইকেলখন পিছত চলাবা, কাইলৈ তোমাৰ এগজাম আছে নহয়! আহাঁচোন দেহা অলপ পঢ়ি লোৱাহি।

পুৱাবেলাৰ বাচনকেইটা ধুমাধুম ধুই কণমানি পুতেকক মাকে খং মৰম মিলোৱা সুৰত এইদৰে কৈ আছিল। তেওঁৰ ডাঙৰ পুত্ৰধন ক্লাছ ৱানত আৰু সৰুপুত্ৰধন কে.জি-ত। ডাঙৰ পুত্ৰ ৰিকুৱে সৰু ভায়েকৰ আগত মাকে এইদৰে তাৰ শলাগ লওক বুলিয়েই কৰিবলৈ মন নোযোৱা কামবোৰো যিমান পাৰে মাকৰ কথা মানি কৰি থাকে। কিন্তু সৰুদেহা টিকুৰ সেইবোৰত গুৰুত্ব নাই। সি যি কৰে নিজৰ মতেই কৰে। পঢ়িবলৈ মন গ’লে সি পঢ়ে মন নগ’লে নাই। সেইদৰে খাবলৈ মন যোৱা বস্তুবোৰ মাকৰ হাতেৰে বনোৱাই হ’লেও সি খাবই; আৰু খাবলৈ মন নোযোৱাবোৰ মাকে তাৰ পিছত দৌৰিও খোৱাবলৈ নোৱাৰে তাক কেতিয়াও। মাকৰ চিঞৰ-বাখৰ, দাবী-ধমকিত তাৰ গাৰ নোম এডালো লৰচৰ নহয়। আজিও মাকে তাক পঢ়িবলৈ সেইদৰে মাতি থকাত নুশুনাৰ ভাও ধৰি সি উৰাই-ঘূৰাই তাৰ নতুন স্কুটিখন চলোৱাতহে ব্যস্ত।

: অ’ মা..তুমি চিঞৰি নাথাকিবাচোন মোক এনেকৈ। বাহিৰত মানুহে শুনিলে কি ক’ব। মোৰোতো এটা ৰেচপেক্ট আছে না! টেনশ্যন নল’বা তুমি। মোৰ এগজামৰ চিন্তা মোৰ মগজুত ডে’-নাইট চলি আছেতো। মই জানো নহয় কেতিয়া আৰু কিমান ঘণ্টা সময় পঢ়িব লাগে! তুমি মিছাতে মোক লৈ ইমান ভাবি থাকা। বুইছানে? মোক এইখন এতিয়া চলাবলৈ দিয়াচোন। টিইইট.. ভুৰুম..ভুৰুম..।

এইবুলি স্কুটিখন চলোৱাত সি আকৌ ব্যস্ত হৈ পৰিল।

: য’ত দোষ এই মানুহজনৰ। তেওঁ‌ৰতো অফিচৰ কামবোৰৰপৰা ল’ৰা দুটাক পঢ়াবলৈ সময় নায়েই; এতিয়া আকৌ পৰিছে তেওঁৰ নিৰ্বাচনৰ ডিউটি! গোটেই ঘৰখনৰ বোজা এতিয়া মোৰ মূৰটোৰ ওপৰত। পৰীক্ষাৰ সময়ত কিহে পাইছিল বাৰু তেওঁক; এই টিকু খটাসুৰটোক স্কুটিখন আনি দিবলৈ? মাথাটো মানে মোৰ শেষ হৈ গৈছে; এই দুটাৰ পিছত লাগি লাগি! ভগৱানেহে জানে এই অনলাইন শিক্ষা কিমান দিনলৈ আৰু চলাই ৰাখে! গোটেই দিনটোত মোৰ নিজৰ বুলিবলৈ এছিকুট সময়ো নাই অ’! 

পুত্ৰৰ কথাবোৰত এইদৰে মাকে ভোৰভোৰাই থাকোঁ‌তেই ফোনটো বাজিবলৈ ধৰিলে।

টিৰিং টিৰিং

: হেল্ল’..

: ঐ মিনতি কি কৰিছ? ভালে আছ?

বান্ধৱী ৰিণিকিয়ে সুধিলে।

: এ..আছোঁ দে।

: অ! কি হ’ল? বৰ লেনিয়াই ক’লি যে!

: কিনো ক’বি আৰু! মাথাটো বেয়া হৈ গৈছে অ’ মোৰ জাননে?

: কিয়! কি হ’লনো ঐ?

: বিয়া হৈ, সংসাৰ কৰি মোৰ জীৱনটো মানে শেষ আৰু বুইছ? শেষ!

: আয়ু! কিহৰপৰানো তই এইদৰে অনুভৱ কৰিছ হয়নে? মানুহজনৰ লগত মতানৈক্য হৈছে নেকি আজি?

: এহ থ! মতানৈক্য চতানৈক্য। মতানৈক্য হ’লেই কি নহ’লেইনো কি? মই এফালে বকি থাকিম তেওঁ এফালে ল’ৰাহঁ‌তক কান্ধত ওলোমাই লৈ হাতী, ঘোঁৰা খেলি থাকিব। কোনো মানে অচৰেই নাই, মই কথা কোৱা আৰু বকাৰ! সেয়াটো সেয়াই। এতিয়া আকৌ ইহঁত দুয়োটাৰে পৰীক্ষা জাননে! স্কুলখনো নাজানো আৰু কেতিয়া খুলিবলৈ পায়। এই দুইটাৰে দেইলি ক্লাছ কৰাই, হ’মৱৰ্ক কৰাই, পৰীক্ষা লোৱাই নকৈচোনে মোৰ মানে অৱস্থা শেষ হৈ গৈছে অ’।

: কিয়? সিহঁতক দেউতাকে পঢ়া-শুনাত সময় দিয়েই দেখোন। সিদিনা মই যাওঁতে দেউতাকে ইমান ধুনীয়াকৈ পঢ়াই আছিল। তই যে এনেই দোষ দি থাক।

: ই.. তয়ো ভাল কৈছ আৰু দেই। তেওঁ মন গ’লে পঢ়াই মন নগ’লে নপঢ়াই ৰহ ইহঁতক। এতিয়া আকৌ তেওঁৰ নিৰ্বাচনৰ ডিউটি লগা নাই জানো। গুলি মাৰিলে আৰু ইহঁতক তেওঁ পঢ়োৱা-চহোৱা!

: অ। হয় দে। কি কৰিবি আৰু উপায় নাই। কিন্তু সিহঁতৰ স্কুলখন খুলি থকাৰ অৱস্থাটোতো তোৰ শান্তি নাছিল দেখোন। মোৰ মনত আছে নহয় তই কোৱা; বোলে পাঁচ বজাতে তই উঠিব লাগে, টিফিন পানী বনাব লাগে, ইহঁতক খুৱাওতে তৈয়াৰ কৰোঁতে স্কুল বাছখনে কাণ তাল মৰাকৈ হৰ্ণ মাৰেহিয়েই হেনো আহি। আৰু সিহঁতৰ কামমখা অঁ‌তাই হয় হয় মানে তোৰ পতীদেৱৰো বোলে অফিচৰ সময়ে হয়েগৈ মানে। মানে..তেতিয়াওতো তই এইদৰেই অশান্তি ফিল কৰা নাছিলি জানো?

: এহ কি ক’বি। তাকেই! এইবোৰ সংসাৰৰ জ্বলা-কলাৰ কথা শেষ কৰিব পাৰি নেকি কিবা কৈ কৈ? তোৰ লাইফটোৱেই মজা ঔ। একদম বিন্দাচ। চিন্তা নাই, ভাৱনা নাই ইমান যে মজ্জা কৰি চলি আছ তই। আমনি-আহুকাল একো নাই তোৰ! মোৰযে তোক দেখিলে বৰকৈ হিংসা লাগে অ’ কেতিয়াবা। এনেকৈয়ে থাক। বিয়া-চিয়া নহ’বি কেতিয়াও, বুইছ। বিয়া-চিয়া নহ’বি।

: ইস্ ৰাম! কিযে কৈছ আৰু দেই তই! মইহে জানো মোৰ লাইফত কিমান যে ট্ৰেজেদি চলি থাকে। তই আকৌ বিয়া-চিয়া নোহোৱাৰ কথা ক’বলৈ আহিছ।

: এহ থ’। তোৰ লাইফত আকৌ কিহৰ ট্ৰেজেদিডাল অ’?

: ঐ দিল্লী কা লাড্ডু এয়া বুইছ? দিল্লী কা লাড্ডু। খানে ছে ভি পষ্টতা হে নেহী খা নে ছে ভি পষ্টতা হাই। তই খাই পস্তাইছ আৰু মই নাখায়। জ্বলা একেই ও।

: কিনো কৈছ অ’ তই, মই একো বুজা নাই ৰহ। একেই জ্বলাখন যে হ’বই নোৱাৰে পাই। এইমখাক চম্ভালি মইহে জানিছোঁ‌ কিমান যে টেঙা জ্বলা এই সংসাৰ। হুহ..

: ই..কৈছহেনে তই। মোৰ ট্ৰেজেদি শুনিলে নিজৰ লাইফক লৈ যে তই বৈদ্য সুখ মেহচোছ কৰিবি, সেইটো একেবাৰে পাক্কা!

: কিনো ঔ..?

: ইমান বয়সলৈ যে মই বিয়া হোৱা নাই মানুহে তাকে লৈ মোক যি হাঁহে, তই কি বুজিবি! মোৰ লগৰবোৰৰ ল’ৰা-ছোৱালী বোলে বিয়া দিব পৰা হ’লগৈ; আৰু মই বুঢ়ীয়ে চাকৰিতো আৰু দুচকীয়াখনকে বোলে জীৱনসংগী হিচাপে লৈ  চলাই নিম হেনো লাইফক! কেতিয়াবা চিনাকি কোনোবা এটাক মোৰ বাইকৰ পিছত বহা দেখে যদি, তাতো কতৰ যে কেতবোৰ সন্দেহ ঔ। আজলী আইজনীক মানুহে মোৰ কথা সুধি সুধি শান্তি নিদিয়ে বুইছ? আপোনাৰ ছোৱালী বিয়া-বাৰু নহয় নেকি? আপোনাৰ ছোৱালীলৈ ল’ৰা আহিছেনে নাই? অমুক আপোনাৰ ছোৱালীৰ লগৰ নহয় জানো! ইয়ে তাইৰ দেখোন ছোৱালী গাভৰুৱে হ’ল! মানুহৰ এইবিলাক অত্যাচাৰ বুইছ! মোৰ আয়ে এতিয়া যাকে অলপ কাষত পাই তাকেই মোলৈ দৰা চাবলৈ বুলি হাতযোৰ কৰি কয়। নহলে বোলে মই এইদৰে বুঢ়ী হৈ থাকিম বুলি ভাবি আইৰ ৰাতি ৰাতি টোপনি নাই। তই আকৌ মোৰ লাইফক বিন্দাচ বুলি কৈছ! শুনিলি এতিয়া মোৰ ট্ৰেজেদি কাহিনীসোপা!

: ইস্! থ’ থ’..এইবিলাক কথাটো কোনোবাই পাত্তা দিয়ে নেকি? এই মানুহ কিছুমানৰ আনৰ দায়-দোষবোৰ খুচৰা শেষ হয় নেকি কিবা। অমিবোৰে চাকৰি বাকৰি নকৰি মানুহৰ কথাকে ভাবি লৰালৰি বিয়া বাৰু হ’লোঁ‌ বুলিহে কিবা। এতিয়া কমখন সংসাৰৰ চাকৰিডাল দিনে নিশাই কৰি আছোঁ‌নে? তাকো বিনা পইছাত! কিনো বয়সটো হৈছে অ’ তোৰ! তই মিছাতে এইবোৰ কথাত কাণ-মূৰ গৰম নকৰিবি দেই। সময় সুবিধা মিলিলে মইয়ে তোলৈ দৰা এটা চাম। মই বাৰু বৰমাকো ফোন কৰি বুজাম ৰহ। হয় দেই কিযে কিছুমান মানুহৰ বুজ নহয়! তই আমাৰ টিকুৰ নিচিনা হ’বলৈ শিক বুইছ? সৌটোলৈ চা, মই তাক বকি মাৰোঁ‌ একোতেই তাৰ পাত্তা নাই। সি নিজৰ মতেই তাৰ কাম কৰি গৈছে..। এই খটাসুৰৰপৰাও শিকিবলৈ বহুত আছে বুইছনে। তোৰ কথাবোৰ শুনি মোৰ ডাঙৰ ল’ৰা ৰিকুলৈহে চিন্তা হৈছে ৰহ। ইমান হোজা সেইটো। যিয়ে যি কয় বেচেৰা সেই ফালেই যায়! আজিৰ যুগত বেছি নম্ৰ-ভদ্ৰ হ’লেও বেয়া বুইছ। মানুহে একো ক’বলৈ নেৰে। তই এই দিল্লী কা লাড্ডু চাড্ডু বোলা কথাষাৰ মূৰৰ পৰা গুচা আৰু বিন্দাচ আনক জ্বলাই জ্বলাই লাইফ এনজয় কৰি থাক। এই মজাদাৰ সময় লাড়ু খোৱাৰ পিছত আৰু নাপাৱ বুইছনে নাই। এতিয়া ফোনটো মই ৰাখিছো ৰহ; মোৰ ভাত বনোৱাৰ সময় হ’ল..। 

: অকে অকে বাই..। ইস্ ৰাম! বৰ ভাল লাগিল অ’ তোৰ লগত আজি কথা পাতি।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *