কামোৰ বুঢ়া-মিলন চন্দ্ৰ দাস
গদাধৰ খুড়াই কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভাগ এটাত চাকৰি কৰিছিল। বৰ্তমান পেঞ্চনভোগী। ছোৱালীজনীক বিয়া দিছে। পুতেকে ড্ৰাগআসক্ত হৈ অকালতে মৃত্যু বৰণ কৰিছে। তেওঁ পিচে সত্তৰ বছৰ বয়সতো সুস্বাস্থ্যৰ অধিকাৰী। চুগাৰ আৰু ৰক্তচাপৰ সমস্যা নাই। এই বয়সতো এটা কঁঠাল অকলে খাব পাৰে। তেওঁৰ নিজৰ সমস্যা নাই যদিও সমস্যা হৈছে অঞ্চলটোৰ বাসিন্দাৰ। অসমত টোলগেটবোৰ হোৱাৰ লগে লগে সেইবোৰত টকা ভৰি ভৰি গাড়ীলৈ অহা-যোৱা কৰিবলৈ যি দৰে ইচ্ছা নাযায়, ঠিক তেনেদৰে গদাখুড়াৰ কামোৰ খাই অহা যোৱা কৰিবলৈ সমূলি মন নাযায় কিন্তু তেওঁৰ হাতৰপৰা বাচি যোৱাটো ইমান সহজ কাম নহয়। তেওঁ চুবুৰীয়াৰ ঘৰ, ৰাস্তা, বজাৰ, চাৰিআলিত সময়ে অসময়ে বিদ্যমান হয়।
তেখেতৰ দৈনন্দিন কাৰ্যতালিকা সম্পাদনৰ দুটামান উদাহৰণ নিদিলে তেখেতৰ বিৰুদ্ধে মোক মিছা আৰোপ লগোৱা বুলি দোষাৰোপ কৰিব। এইকেইটা উদাহৰণত যদি আপোনালোকে তেখেত কামোৰ নহয় বুলি ভাবে তেন্তে মই আমাৰ ৰাইজক বিশেষণটো উঠাই ল’বলৈ অনুৰোধ জনাম।
১) ঘৰলৈ আলহী আহিল। আলহীয়ে চাহ নেখায়, তামোল খাবলৈ বিচাৰিলে কিন্তু কঁপাল বেয়া ঘৰত তামোল পাণ শেষ হৈছে। ঘৰৰ কাষৰ চিণ্টুক চাৰি আলিৰ দোকানৰপৰা বেগেতে এমুঠি পাণ আৰু বিশ টকাৰ তামোল আনিবলৈ দিলোঁ। তামোল-পাণ লৈ উভতি আহোঁতে ৰাস্তাতে পালে গদা খুড়াই।
খুড়া : ঐ বাপু ৰহ। তই কাৰ ঘৰৰ ল’ৰা অ’?
চিণ্টু : ককা, মই যাদবৰ ল’ৰা।
খুড়া : ককা বুলিছ? আঙ্কোল বুলিবি। পলিথিন বেগত কি আনিলি?
চিণ্টু : তামোল পাণ আঙ্কোল।
খুড়া : কাৰ কাৰণে আনিছ? বাপেৰে নিজে আনিব নোৱাৰে! তোক যে আনিবলৈ দিছে!
চিণ্টু : আমাৰ নহয়। বৰ্তাহঁতৰ আলহী আহিছে, সেইবাবে নিবলৈ দিছে।
গদা : তোৰ কোনজন বৰ্তা?
চিণ্টু : দিলীপ বৰ্তা। আঙ্কোল যাওঁ মই। দেৰি হ’লে বৰমাই গালি পাৰিব।
খুড়া : যাবি ৰহ! তই তামোল পাণ কাৰ দোকানৰপৰা আনিছ?
চিণ্টু : মদনদাৰ দোকানৰপৰা।
খুড়া : পাণৰ মুঠিত কিমান দাম লৈছে?
চিণ্টু : মই নাজানো, পাণ তামোল মিলাই পঞ্চাশ টকাৰ দিয়া বুলি মদনদাই কৈছে।
খুড়া : পাণৰ গুচি ষোল্ল পতীয়া নে বিশ পতীয়া জাননে? তোক সৰু ল’ৰা পাই ঠগিলে। বাৰু, বৰ্তা নে বৰমাৰে যে তোক বজাৰ কৰিবলৈ দিছে চিপচ্ বা চকলেট খাবলৈ তোক পাঁচ টকা এটাও নিদিলেনে?
চিণ্টু : আজি দিয়া নাই, মাজে সময়ে দিয়ে।
সুযোগ পায়েই চিণ্টুৱে দৌৰ মাৰিলে কিন্তু পলম হোৱাৰ বাবে আলহি ওলাই আহি পদূলিমুখ পাইছিল। গদা খুড়াৰ কৃপাত আলহীয়ে তামোল খাবলৈ নাপালে অথচ চিণ্টুৱে ফ্ৰীতে কামোৰ আৰু গালি দুয়োটাই খালে।
২) ৰাস্তাৰে গাভৰু ছোৱালী এজনী খোজকাঢ়ি আহি থকা দেখি গদাবাবুৱে ভণ্টি ৰ’বাচোন বুলি ৰখালে।
গদা : তোমাক নতুন যেন দেখিছোঁ ইয়াত? ভাড়াঘৰত থাকা নেকি?
ছোৱালী : হয়, মই প্ৰদীপ বৰা যে তেওঁলোকৰ ঘৰত ভাড়া থাকোঁ।
গদা : বাৰু, তোমাৰ এনেই আচল ঘৰ ক’তনো?
ছোৱালী : লখিমপুৰত বৰ্তা৷
গদা : হেৰা, বৰ্তা-তৰ্তা নুবুলিবা, আঙ্কোল বুলিবা। লখিমপুৰ টাউনতেনে?
ছোৱালী : নহয়, টাউনৰপৰা আঠ কিলোমিটাৰ যাব লাগে আঙ্কোল।
গদা : বাৰু বুজিলোঁ। কিবা পঢ়ি আছানে চাকৰি কৰা?
ছোৱালী : বিএ পাছ কৰিছোঁ, এতিয়া ই পি আই পিত কাম কৰি আছোঁ।
গদা : স্থায়ী চাকৰি নে ঠিকাদাৰৰ তলত কৰা চাকৰি।
ছোৱালী : ঠিকাদাৰৰ তলত। মই বজাৰলৈ যাওঁ আঙ্কোল।
গদা : দেওবাৰ বাবে আজি চাগে তোমাৰ ডিউটি নাই ন? যাবা ৰ’বা। অ’ তোমাৰ নামটোকে সোধা নাই অথনিৰেপৰা, কি নাম তোমাৰ?
ছোৱালী : নিজৰা শইকীয়া।
গদা : বৰ ধুনীয়া নাম। দেউতাই কি কৰে?
নিজৰা : খেতি-বাতি কৰে। ব্ৰইলাৰ ফাৰ্ম এখনো আছে। মই যাওঁ আঙ্কোল।
গদা : যাবা নেকি! যোৱা তেনেহ’লে, ভালকৈ কথা পতাই নহ’ল। এদিন ভালকৈ কথা পাতিম দিয়া।
ছোৱালীজনীয়ে কিবাকৈ স্বস্তিৰ নিশ্বাস এৰি বেগাবেগীকৈ বজাৰৰফালে গ’ল৷
৩) এসপ্তাহমান পিছত গদা খুড়াই ডেকা ল’ৰা এজনক কলিতাৰ গেলামালৰ দোকানত লগ পাই কথা-বতৰাৰ পাতনি মেলিলে।
গদা : হে’ৰা ডেকা ল’ৰা তুমি প্ৰদীপ বৰাহঁতৰ ঘৰতে ভাড়া নাথাকা জানো?
ডেকা ল’ৰা : থাকোঁ, কেলেই সুধিলে?
গদা : বৰাৰ ঘৰতে নিজৰা নামৰ ছোৱালী এজনীও ভাড়া নাথাকে জানো?
ডেকা ল’ৰা : হয় থাকে।
গদা : তাই ডিউটি কৰি থকা নাই নেকি? ছোৱালীজনীক ভালেমান দিন দেখাই নাই!
ডেকা ল’ৰা : আগফালৰ গলিটোত এজন কামোৰ বুঢ়া থকা বাবে তাই পিছফালৰ গলিটোৰে ডিউটিলৈ অহা-যোৱা কৰে বুলি কৈছে। মই অৱশ্যে মানুহজনক চিনি নাপাওঁ।
☆ ★ ☆ ★ ☆