ফটাঢোল

ভূতৰ লগত  মুখামুখি-অবন্তী গোস্বামী

মোৰ আজিৰপৰা ২০-২৫ বছৰৰ  আগেয়ে ভূত বুলি  কিবা এটা  ভয় ভয়  ভাব আছিল! কাৰণ সেই  সময়ত ঠায়ে ঠায়ে বিশেষ গাওঁ অঞ্চলত ভূতৰ ভয়টো থাকেই। অমুকে বোলে,

“হেৰ’  সেই পথাৰৰ মাজৰ আঁ‌হত গছডালৰ ওচৰলৈ ভৰ দুপৰীয়া নাযাবি দেই।”

আকৌ

“সেই  বৈৰাগী চুকৰ বৰ নামঘৰৰ ওচৰেৰে দিনত গ’লে যেন-তেন ৰাতি কিন্তু সাৱধানে যাবি হেৰ’! সেই বৰ তেতেলিজোপাৰ তলতে ডাঙৰীয়া থাকে কেতিয়াবা নিশা আহিলে সাৱধানে আহিবি!”

সঁ‌চাকৈ সেই ঠাইখনৰ ওচৰৰে আহিলে গাটো কিবা জিকাৰ খাই যায়! তথাপি ভয় কৰিও লাভ নাই। কাৰণ   প্ৰথম চাকৰি, দিন-ৰাতি চেদ-ভেদ নোহোৱাকৈ কৰিব লগা হৈছে। মাহৰ মূৰত দৰমহাকেইটা পাইছোঁ যেতিয়া মৰণত শৰণ দি চাইকেল আপ-ডাউন ১০, ১২কিঃমিঃ মাৰি যাব লগা হয়। বেয়াও নালাগে কাৰণ সবৰে সেই একেই৷ বাইচাইকেলৰ ওপৰতে যাত্ৰা৷ মাহৰ মূৰত খচখচিয়া নোটকেইখন পাওঁ যেতিয়া চাইকেল মৰাত এলাহ কৰিলে কেনেকৈ হ’ব?                       

সপ্তাহত দুদিন মৰ্ণিং, দুদিন ইভিনিং আৰু দুদিন নাইট ডিউটি। এদিন লগৰ দুজনৰ সৈতে ইভিনিং ডিউটি কৰি আহি আছোঁ৷ আহি গেমনৰ দলং পাৰ হৈ আহি তললৈ চাইকেল ঠেলি দুয়োটা গৈ আছোঁ৷ এনেয়ো দলঙেৰে গৈ তেতেলিজোপাৰ তল পালেগৈ বুকুখন অলপ পাতল পাতল লাগে৷ কিন্তু কোনোটোৱে কাকো ভয় ভাব নেদেখুৱাও৷ দুয়োটাই কথা পাতি পাতি সেইখিনি পাইছোগৈ৷ টৰ্চো টৰ্চ কিবা পকাইছোঁ‌হে পকাইছোঁ পোহৰ নাযায়হে নাযায়৷ তাতে লাগিল লেঠাটো৷ দুয়োটাই কোনোবাই হঁ‌হা শুনিলো! প্ৰথমে লগৰটোক বোলোঁ,

: হেৰ’ শুনিছনে কাণখন দি শুনচোন? 

সি বোলে,

: অঁ৷ সেইটো সিবিধেই বুইছ? শব্দটো কিবা খিতখিতকৈ কোনোবাই  হঁ‌হাৰ দৰে লাগিছে।

তাৰপিছত দুয়োটা একেবাৰে জ্বৰে ঘমাদি ঘামি চাইকেল তাতে পেলাই মই দৌৰ দিলোঁ৷ লগৰটো   ক’লৈ গ’ল, মই ক’লৈ গ’লোঁ কোনেও কালৈকো নাচাই   পূৰ্ণহতীয়া দৌৰ দিছোঁ। তাৰপিছত প্ৰায় এক   কিলোমিটাৰমান দৌৰি গৈ সাউদৰ চুকৰ এঘৰত   জঁ‌পনা পেলাই একদম সিহঁতৰ ঘৰৰ বাৰাণ্ডা   পালোগৈ৷ কাৰ ঘৰ চিনি পোৱা নাই৷ মাথো বাঁ‌হৰ   শলখা দিয়া দুৱাৰখন হেচুঁকি হেচুঁকি কৈছোঁ,

:’ককাইদেউ অ’ ককাইদেউ! ককাইদেউ দুৱাৰখন     খোলকচোন৷ মই অমুকহে৷ বৰ বিপদ এটাত পৰিহে সোমালোঁ৷ অ’ ককাইদেউ কাবৌকৈ মাতিছোঁ৷ দুৱাৰখন খোলকচোন৷ বৰ বিপদ এটাত পৰিহে এই ৰাতিখন  আহিছোঁ৷

 বহু সময় মতাৰ পিচত যেনিবা দুৱাৰখন খুলি বোলে,

: অঁ তুমিচোন! এই ৰাতিখন কিয় আহিলা?

মই আৰু ফোপাঁই-জোঁ‌পাই বোলো,

: ককাইদেউ! সেই তেতেলিজোপাৰ তলতে আপোনাৰ একেবাৰে মানুহে হঁ‌হাদি খিলখিলাই হাঁহি আছে৷ কিন্তু   মানুহটো হ’লে নেদেখিলোঁ৷ শব্দটোহে  শুনিলোঁ! এতিয়া ককাইদেউ ৰাতিটো যেনেতেনে আজি   আপোনাৰ ঘৰতে ৰাখক৷ মোকতো চিনি পাইছেই।

তাৰপিছত তেওঁ মোৰ কথা শুনি বোলে,

: হেৰ’ গোঁসাই! সেইয়ানো বাৰু ক’ৰ ভূত হয়নে? সেই  কালি আমাৰ হেমোধৰে ভাটিফালৰ পৰা ঘোঁৰা এটা   আনিলে! তাকে সি  আকৌ ঘৰত ৰাখিবলৈ ঠাই   নোহোৱাত সেই তেতেলিজোপাৰ তলতে থৈছে। ঘৰত বৰ হাঁহি থাকে বাবে গৃহস্থৰ টোপনি ক্ষতি হয়। সেইবাবে গছজোপাৰ তললৈকে ৰাতি খেদি দিয়ে।   সিদিনা টেপতলৰ এটায়ো সেই তোমাৰ দৰে ভয় খাই কোনোমতে নপৰাকৈ বাচিলে৷ ব’লা  ময়ো যাওঁ৷      চাইকেলখন লৈ আহাঁগৈ৷

তেহে দুয়োটাই গৈ চাইকেলখন আনিবলৈ গৈ দেখিছোঁ ঘোঁৰাজনীয়ে চাইকেলৰ আগফালৰ  বাস্কেটত খাবলৈ থকা কলকেইটা গপচত খাই আছে৷ তেহে নিৰ্ভয় মনে  চাইকেল কোবাই কোবাই নিশা দুই বজাত ঘৰ পাইছোঁ‌গৈ৷ সিটোৱে চাইকেল পিছদিনাহে নিছেহি৷ ভয়েই ভূত বুলি কোৱা কথাৰ হাতে হাতে  প্ৰমাণ পালোঁ‌।

☆ ★ ☆ ★ ☆

3 Comments

  • বাগ্মিতা

    ৰাম ৰাম ! সঁচা ভূত বুলি মোৰো উশাহ চুটি হৈ আহিছিলেই পাই??? ভাল লাগিল খুড়ী

    Reply
    • Abanti Goswami

      ধন্যবাদ বাগ্মিতা???

      Reply
  • বন্দিতা জৈন

    ??ভাল লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *