ফটাঢোল

মিছ দিপিকা বৰুৱা – জয়ন্ত দাস

যোৱা দুদিনমান ধৰি দিগন্তৰ মাকৰ শৰীৰটো সিমান ভাল নহয়৷ আজি মাকক ডাক্তৰৰ ওচৰলৈ লৈ আহিছে সি৷

মানুহৰ জীৱনটোৰ প্ৰতি থকা মৰম, মানুহে জীৱনটোক কিমান ভাল পায়, জীয়াই থাকিবলৈ কিমান হেঁ‌পাহ, সেইটো যেন হাস্পাতালত আহিলেহে বুজিব পাৰি৷ ৰুগীয়া মানুহবোৰে কিমান আশাৰে ডাক্তৰৰ ওচৰ চাপে সেইটো  দিগন্তই আজি অনুভৱ কৰিব পাৰিছে৷ ডাক্তৰৰ একো একোটা অভয়বাণীত মানুহবোৰে যেন নৱজীৱন লাভ কৰিছে৷ কিন্তু ৰাতিপুৱা ৮ বজাৰপৰা ৰৈ ৰৈ ১০-৩০ বজালৈকে চেম্বাৰত ডাক্তৰ আহি নোপোৱাত সি বৰ অামনি পাইছে৷ সময়বোৰ যেন নাযায় নুপুৱায়৷ কোনোবাখিনিত সময় যেন স্থবিৰ হৈ গৈছে৷ 

হঠাতে হাস্পাতালৰ মাইকত ঘোষণা এটা হ’ল৷

“অনুগ্ৰহ কৰি মন কৰিব ডাক্তৰ প্ৰদীপ শৰ্মা বৰ্তমান অ’টিত থকাৰ বাবে চেম্বাৰত আহি পোৱাত অলপ পলম হ’ব৷ আপোনালোকে অনুগ্ৰহ কৰি আৰু কিছু সময় অপেক্ষা কৰক৷”

: কি ফাল্টু কাৰবাৰহে৷ অসুবিধা থাকিলে আমাক এপইণ্টমেণ্ট দিবই নালাগিছিল৷ ৰাতিপুৱাৰপৰা একো এটা মুখত দিয়া নাই৷ খালী পেটত আহিবলৈ দিছে৷  ১১ বাজিবৰ হ’ল, এতিয়ালৈকে ডাক্তৰৰ দেখাদেখি নাই৷ কিমান কষ্ট হৈছে কোনে বুজিব! আমাৰ কষ্টৰ কথাও অকণমান ভাবিব লাগে৷ 

দিগন্তৰ ওচৰতে বহা এজন ৰোগীয়ে আন এজনক কথাখিনি ক’লে৷

: হয়হে, বৰ লুভীয়া ডাক্তৰ৷ অইন ক’ৰবাত পেচেণ্ট চাই আছে চাগে৷ মিছাকৈ অ’টিত থকা বুলি ঘোষণা কৰিছে৷ সাতশ টকাকৈ ভিজিট লৈ যিমান ৰোগীৰপৰা ধন চপাব পাৰে তাৰ চিন্তাতেই ব্যস্ত থাকে এওঁ‌লোক৷ তাৰোপৰি পৰীক্ষা-নিৰীক্ষাৰ নামত এসোপামান টেষ্ট কৰিবলৈ দি তাৰপৰাও কমিচন খাই ৰোগীক একেবাৰে সৰ্বস্বান্ত কৰি দিয়ে৷

কাষৰজনে বিৰক্তিৰে উত্তৰ দিলে৷ 

দিগন্তই মানুহ দুজনৰ কথোপকথন শুনিবলৈ ধৰিলে৷ তেওঁ‌লোকৰ ওজৰ-আপত্তিৰ যেন ওৰেই নপৰিব৷ মানুহকেইজনে অনৰ্গল কৈ গৈ থাকিল৷

: আকৌ প্ৰেচক্ৰিপশ্যনত যিহে আখৰ লিখে প্লে গ্ৰুপৰ ল’ৰা-ছোৱালীয়েও ইয়াতকৈ ভাল আখৰ লিখিব৷ আৰে ভাই যিকেইটা আখৰ চাই ফাৰ্মাচীষ্টে ঔষধ দিয়ে সেইকেইটাতো অলপ লাহে লাহে লিখ৷ 

এজনে পুনৰ ক’বলৈ ধৰিলে৷

: লাহে লাহে কিয় লিখিব! জানোচা এজন ৰোগীৰ পৰীক্ষা কৰাৰ সময় কমি যায়। তেতিয়াহ’লে যে সাতশ টকাৰ লোকচান৷ 

আনজনে লগে লগেই প্ৰত্তুত্যৰ দিলে৷

দিগন্তই সিহঁ‌তৰ কথাবোৰ শুনি যথেষ্ট আচৰিত হ’ল৷ মানুহকেইজন চাগে খুউব বিৰক্ত হৈ পৰিছে৷ সেয়ে ভগৱান সদৃশ ডাক্তৰজনৰ বিষয়ে ইমান বেয়াকৈ ক’ব পাৰিছে৷ অৱশ্যে দিগন্তৰো প্ৰেচক্ৰিপশ্যনত লিখা আখৰকেইটাক লৈ আপত্তি আছে৷ সঁ‌চাকৈয়ে কিছুমান আখৰ কি লিখে একদম ধৰিব নোৱাৰি৷ 

“১ নং পেচেণ্ট ৰীতা দাস৷”

হঠাতে মাকৰ নামটো ডাক্তৰৰ সহায়কাৰীজনৰ মুখত শুনি দিগন্তৰ ভাল লাগি গ’ল৷ কেতিয়া ডাক্তৰ আহি চেম্বাৰত সোমালে সি গমেই নাপালে৷ মাকক লৈ সি ভিতৰলৈ সোমাই গ’ল৷ সকলো আদ্যোপান্ত ডাক্তৰক বিৱৰি ক’লে। বৰ মনযোগেৰে কথাবোৰ শুনাৰ অন্ততঃ কেইটামান পৰীক্ষা-নিৰীক্ষাৰ লগতে দুটামান ঔষধো দিলে ডাক্তৰে৷

 

: ভয় নাই ঠিক হৈ যাব৷ এই পৰীক্ষাকেইটা কৰাই ৰিপৰ্টটো লৈ আহিব৷ তেতিয়ালৈকে এই দুটা ঔষধ খাই থাকিব৷ 

ডাক্তৰৰ অভয়বাণীত দিগন্তৰ মনটো ভাল লাগি গ’ল৷ সি মাকৰ ফালে চালে। মাকৰো মুখখন উজ্বলি উঠিছে৷

প্ৰেচক্ৰিপশ্যনখন হাতত লৈ আখৰবোৰ দেখি  দিগন্তৰ বাহিৰৰ মানুহ দুজনৰ কথা মনত পৰি গ’ল৷ সি ভাবিবলৈ ধৰিলে বেছিভাগ ডাক্তৰৰে আখৰবোৰ   ইমান বেয়া হয় কিয় বাৰু! নে যিমান বেয়াকৈ  লিখিব পাৰে সিমানেই ভাল ডাক্তৰ!

: ছাৰ, আখৰকেইটা একেবাৰে বুজিব পৰা নাই৷ অলপ ভালকৈ লিখি দিব নেকি? 

দিগন্তই লাহেকৈ ক’লে৷

” তোমাৰ মাক ঔষধ খুৱাবানে এই প্ৰেচক্ৰিপশ্যনৰ আখৰবোৰ?

দিগন্তৰ ফালে নোচোৱাকৈয়ে ডাক্তৰে উত্তৰ দিলে৷

সন্তপৰ্ণে দিগন্ত চেম্বাৰৰপৰা ওলাই আহি মাকক চকী এখনত বহুৱাই ফাৰ্মাচীৰ ফালে আগবাঢ়ি গ’ল৷ প্ৰেচক্ৰিপশ্যনখন ফাৰ্মাচীষ্টজনক দি সি ওচৰতে ৰৈ থাকিল৷ ফাৰ্মাচীষ্টজনে এজন এজন কৈ নামবোৰ মাতি মাতি ঔষধবোৰ দি গৈ আছে৷ মানুহৰ ভিৰ অনুপাতে ঔষধ দিয়া মানুহ কম হৈছে৷

“মিছ দিপিকা বৰা৷ মিছ দিপিকা বৰা…..” 

ফাৰ্মাচীষ্টজনে কেইবাবাৰো নামটো মতাত এজনী মাইকী মানুহ ফাৰ্মাচীৰ কাউণ্টাৰৰ ফালে আগবাঢ়ি আহিল৷ 

“দিপিকা বৰা নহয় বৰুৱাহে হ’ব লাগে” বুলি কৈ মানুহজনীয়ে ঔষধৰ টোপোলাটো হাতত ল’লে আৰু বিলখন পেমেণ্ট কৰিলে৷ ফাৰ্মাচীষ্টজনেও বিশেষ একো নভবাকৈ বিলখনত কলমেৰে বৰাটো কাটি বৰুৱা বুলি লিখি শুধৰাই দিলে৷

জীৱনৰ সঞ্জীৱনী পোৱাৰ দৰে ভাব এটা লৈ মানুহজনী হাস্পাতালৰপৰা খৰ খোজেৰে ওলাই আহিল৷

সকলোতেই যেন প্ৰতিযোগিতা৷ সকলোতেই যেন সংগ্ৰাম৷ জীৱন যুঁজৰ প্ৰতিটো ঢাপেই এখন বিৰতিহীন সংগ্ৰাম৷ আমি সকলোৱেই যেন একো একোজন যোদ্ধা৷ হাস্পাতালৰ বাহিৰৰ যুঁ‌জখনক নিজক জীয়াই ৰাখিবলৈ আৰু হাস্পাতালৰ ভিতৰৰ যুঁ‌জখনত যুদ্ধ কৰিবলৈ নিজকে সুস্থ সবল কৰি ৰাখিবলৈ৷

কথাবোৰ ভাবি ভাবি দিগন্ত  কাউণ্টাৰৰ ওচৰতেই ৰৈ থাকিল৷ 

: দাদা প্ৰেচক্ৰিপশ্যন এখন জমা দিছিলোঁ৷ বহু দেৰি হ’ল এতিয়ালৈকে নামটো মতাই নাইচোন৷ মোতকৈ পিছত জমা দিয়া মানুহেও ঔষধ লৈ ওলাই গ’ল৷

 

এজনী মহিলাই কাউণ্টাৰৰ ল’ৰাজনক কথাখিনি ক’লে৷

: কি নাম আপোনাৰ?

: দিপিকা বৰা৷

: কি ক’লে? 

ল’ৰাজনৰ কৌতুহলজনক প্ৰশ্ন৷

: হয়৷ দিপিকা বৰা৷ 

মানুহজনীয়ে পুনৰ নামটো ক’লে

: দিপিকা বৰাতো হ’ব নালাগে  দিপিকা বৰুৱাহে আৰু তেওঁ‌ কেতিয়াবাই ঔষধ লৈ গ’ল৷  

ল’ৰাজনে ব্যস্তভাবেই কথাখিনি ক’লে৷

: নাই নাই আপুনি ভুল কৰিছে৷ অলপ ভালকৈ প্ৰেচক্ৰিপশ্যনবোৰ চাওকচোন৷

মহিলাজনীৰ কথাত ফাৰ্মাচীষ্টজন গেৰগেৰাই উঠিল,

: এনেই নিৰ্বাচনৰ সময় বাবে দুজন ষ্টাফ কম তাতেই আপোনালোকৰ এইবোৰ লেঠা।

মুখেৰে ভোৰভোৰাই থাকিলেও ল’ৰাজনে প্ৰেচক্ৰিপশ্যনবোৰ চাবলৈ ধৰিলে৷

সিহঁ‌তৰ কথাবোৰ শুনি ওচৰতে থকা দিগন্ত কাউণ্টাৰৰ আৰু ওচৰ চাপি আহিল৷ সি কি হৈছে ভালকৈ ধৰিব পৰা নাই তথাপিও কিবা এটা খেলিমেলি যে হৈছে সি বুজিব পাৰিছে৷ 

ল’ৰাজনে বিচাৰি বিচাৰি অৱশেষত দিপিকা বৰুৱাৰ নামত থকা প্ৰেচক্ৰিপশ্যন এখন পালে৷ সি মানুহজনীক দেখুৱাই ক’লে- 

: এইখন নেকি?

: হাৰে কিয় হ’ব? মই দিপিকা বৰাহে৷

ল’ৰাজনে তৎক্ষণাত নিজৰ ভুলটো বুজিব পাৰিলে৷  মানুহজনীক অলপ বহিবলৈ  কৈ সি ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰলৈ দৌৰ মাৰিলে৷ তাৰপৰা দিপিকা বৰুৱাৰ ফোন নম্বৰটো লৈ তেওঁলৈ  ফোন লগালে৷ কিন্তু বাৰে বাৰে ফোন কৰাৰ পিছতো নম্বৰটো বৈধ নহয় বুলি কোৱাত ল’ৰাজন চিন্তিত হৈ পৰিল৷

অলপ পিছতেই ঘোষণা এটা মাইকত ভাঁ‌হি আহিল, 

“মিছ দিপিকা বৰুৱা আপোনাক অতি সোনকালেই ফাৰ্মাচীৰ কাউণ্টাৰত উপস্থিত হ’বলৈ আহ্বান জনোৱা হ’ল।”

কেইবাবাৰো ঘোষণাৰ পিছতো দিপিকা বৰুৱা কাউণ্টাৰত উপস্থিত নোহোৱাত দিগন্ত ফাৰ্মাচীষ্টজনৰ  ওচৰলৈ আহি সুধিলে,

: কি কৰিব এতিয়া?

: কৰিব পৰা একোৱেই নাইচোন৷ ফোন নম্বৰটো বৈধ নহয় আকৌ ঘৰৰ ঠিকনাটোও সম্পূৰ্ণকৈ নাই৷ অকল লিখা আছে, ‘দিপিকা বৰুৱা, খানাপাৰা, গুৱাহাটী৷’ এই ঠিকনাৰে তেওঁৰ ঘৰটোও বিচাৰি উলিওৱা অসম্ভৱ৷ ল’ৰাজনে বিমৰ্ষ মনেৰে উত্তৰ দিলে৷

: তেতিয়াহ’লে আপোনালোকে এই ঘটনাটো এইমাত্ৰই নিউজ চেনেলত প্ৰচাৰ কৰক৷ তেতিয়া অন্ততঃ মানুহজনীয়ে তেওঁৰ ভুলৰ বিষয়ে জ্ঞাত হোৱাৰ এটা সুযোগ থাকিব৷

 

: নাই নাই৷ নিউজ চেনেলত দিব নোৱাৰি৷ তাত দিলে আমাৰ হাস্পাতালৰ বদনাম হৈ যাব৷ মোকো চাকৰিৰপৰা খেদিব৷

: কি  কথা ক’ব আহিছেহে আপুনি? মানুহ এজনীৰ য’ত জীৱনৰ কথা জড়িত হৈ আছে তাত আপুনি  বদনাম, চাকৰিৰপৰা খেদি দিয়াৰ কথা ক’ব আহিছে৷ আপোনাৰ চিনাকি কোনোবা হ’লে এনেকৈ নিৰ্বিকাৰ হৈ থাকিলহেঁতেননে? 

দিগন্তই উত্তেজিতভাবে কথাকেইটা ক’লে৷

বহু সময় ধৰি দিগন্ত ঔষধ লৈ উভতি নহাত মাক চিন্তিত হৈ পৰিল৷ দিগন্তৰ ওচৰলৈ আহি মাকে সুধিলে-

: কি হ’ল? এতিয়ালৈকে হোৱাই নাই যে? কিবা অসুবিধা হ’ল নেকি?

আদবয়সীয়া মাকজনীক দিগন্তই আৰু কষ্ট দি ৰাখিব নিবিচাৰিলে৷ ঔষধ বাহিৰৰ ফাৰ্মাচীৰপৰাই লোৱাৰ সিদ্ধান্ত ল’লে সি৷ ফাৰ্মাচীষ্টজনৰপৰা প্ৰেচক্ৰিপচনখন লৈ মাকৰ লগত সি হাস্পতালৰপৰা ওলাই আহিল৷ দিপিকা বৰুৱাৰ যাতে একো অনিষ্ট নহয় তাৰবাবে  ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালে৷ ফাৰ্মাচীষ্টজনৰ ওপৰতো তাৰ প্ৰচণ্ড খং উঠিল৷ অন্ততঃ তেওঁ‌লোক এনেকুৱা বিষয়ত কিছু সাৱধান হ’ব লাগে আৰু দিপিকা বৰুৱায়ো ইমান খৰখেদা নকৰিলে আনৰ প্ৰেচক্ৰিপশ্যনৰ ঔষধ ল’ব লগা নহ’লহেতেন৷ দিগন্তই পুনৰবাৰ ভগৱানৰ ওচৰত মিছ দিপিকা বৰুৱাৰ মংগল প্ৰাৰ্থনা কৰিলে৷

☆ ★ ☆ ★ ☆

5 Comments

  • দিম্পল

    বঢ়িয়া লাগিল দাদা

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বঢ়িয়া লাগিল দাদা

    Reply
  • বন্দিতা জৈন

    ভাল লাগিল। সচাঁ ঘটনাৰ যদি হয় তেন্তে আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে দুয়ো গৰাকীৰে কুশল হওঁক

    Reply
  • ডলী

    ভাল লাগিল। কিছুমান মানুহৰ দৌৰাদৌৰিৰ বাবে এনে ভুল হয়। ৰোগীয়ে খৰধৰ কৰিলে সোনকালে পাবলৈ দৰব আৰু ফাৰ্মাচিষ্টেও খৰধৰ কৰিলে সোনকালে দিবলৈ;

    Reply
  • জয়ন্ত দাস

    আটাইকে ধন্যবাদ জনালোঁ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *