ফটাঢোল

ছাগলী আণ্টী – নীতাশ্ৰী নেওগ

অৱশেষত পেটুকণে আইটিক কুকুৰৰ পোৱালি এটা আনি দিলে। স্কুলত পঢ়াৰেপৰা পেটুকণ আৰু আইটিৰ হিয়া দিয়া নিয়া।  তেতিয়াৰেপৰা দেখিছে সি, আইটিক এবাৰ কিবা এটা লাগে বুলিলে মানে লাগেই আৰু।

এবাৰ জীনচৰ পেণ্ট এটা লাগে বুলি বৰকৈ কৈ থকাত সি টাউনৰপৰা জিনচ এটাও কিনি আনি দিছিল। সেইটো পিচে তাইলৈ অলপ ডাঙৰ হ’ল, সেয়ে ভায়েককে দিলে। তাতে কোনোবাই কোনোবাই হ’বলা সেইটো মতা ল’ৰাৰ পেণ্টহে বুলিও ক’লে। 

আইটিয়ে এজনীক গালিও পাৰিলে বোলে,

: তহঁতে পিন্ধিলে ভাল, আমি পিন্ধিলেহে মতা ল’ৰাৰ পেণ্ট। ক’ত লিখা আছে এইটো মতা ল’ৰাৰ বুলি? এনেকৈ হিংসা কৰিব নাপায় দেই।

এইবাৰ তাইৰ কুকুৰ এটা পুহিবলৈ মন গ’ল। পেটুকণে আনি নিদিয়ালৈকে তাই লাগে-লাগেকৈ তাৰ কাণৰ কণামাকৰি সৰুৱাই দিলে। লগতে মাকেও উজান দিলে,

: ছোৱালীজনীক কুকুৰৰ পোৱালী এটা আনি দিব নোৱাৰা? কাইলৈ-পৰহিলৈ বিয়া পাতিলে কিটো আনি দিবা!

পেটুকণে ভয়েই খাইছিল, কিজানি যেনে তেনে হ’বলৈ লোৱা বিয়াখন কুকুৰটো আনি দিব নোৱৰা বাবেই কেঞ্চেল হৈ যায়। শেষত যেনিবা কেইবাদিনো বিচাৰি বিচাৰি এঠাইত কুকুৰৰ পোৱালী এটাৰ খবৰ পালে। 

আইটিয়ে প্ৰথমে ৰাখিবলৈ মনেই কৰা নাছিল। দেখিবলৈ ভাল নহয় বোলে। সিহে বৰ ভাল জাতৰ বুলি যেনে তেনে বুজাই বঢ়াই দি থৈ আহি শান্তিৰে উশাহ ল’লে।

পিচে কুকুৰটো আনি দিয়াৰ পিছদিনাখন পুৱাই আইটিৰ ভায়েক আহি ওলালেহি। আইটিয়ে পঠিয়াইছে। কুকুৰটো কোনোবাই লোকেল বুলি কৈছে হেনো। লোকেল কুকুৰ আইটিক নালাগে। তাই বিলাতী কুকুৰহে বিচাৰিছিল। 

মুখখন ধুয়েই সি আইটিহঁতৰ ঘৰ পালেগৈ। তাক দেখি আইটিৰ মাকে মাত-বোল নকৰিলে। কেলেই মাতিব? ৰাস্তাৰ দাঁতিৰ চেৰেলা কুকুৰ পোৱালীটো বিলাতী বুলি কৈ ঠগিছে জীয়েকক। ইফালে আইটিয়ে খঙতে হাতত লৈ থকা বাঢ়নীটাৰকে পেটুকণৰ গালৈ বুলি মাৰি পঠিয়ালে।

গোঁফৰ তলতে মিছিকিয়াই হাঁহি সি লাহেকৈ আইটিৰ কাষলৈ গ’ল।

: আইটি অ, কুকুৰটো জন্মতে লোকেলেই হওক বা বিলাতীয়েই হওক সেইটো ডাঙৰ কথা নহয় অ’। তই তাক কেনেকুৱা শিক্ষা দিবি সেইটোহে ডাঙৰ কথা। তই যদি তাক বিলাতী আদব- কায়দা শিকাৱ, তেতিয়া সি বিলাতী হ’বলৈ কেইপৰ?

-সি বুজালে।

আইটিয়ে যেনিবা সহজেই বুজিলে। পতককৈ কথাবোৰ বুজে বাবেই পেটুৰ তাইলৈ বৰ মৰম লাগে। সি হেণ্ডচেক কৰাৰ কায়দাটো পোৱালীটোক শিকাই থৈ আহিল। লগতে আইটিয়ে কৰা ম’হৰ গাখীৰৰ ডাঠ গুলপীয়া ৰঙৰ থকথকীয়া চাহ একাপো খাই আহিল। 

তাৰপিছতে পেটুকণ দহদিনমান ঘৰত নাই। পেহীয়েকৰ জীয়েকৰ বিয়া। হাতে-কামে লাগি-ভাগি দি বিয়া শেষ কৰিহে উভতি আহিছে। অহাৰ দিনাই আবেলিলৈ আইটিহঁতৰ ঘৰতে এপাক মাৰি আহোঁ বুলি ওলাই গ’ল। পদূলিৰ পৰাই পেটুকণে দেখিলে আইটিয়ে কুকুৰৰ পোৱালিটো কাপোৰ কানি পিন্ধাই বৰ ধুনীয়াকৈ ৰাখিছে। চকুত চশমা এযোৰো বান্ধি থৈছে। বেচেৰাই চশমাযোৰেৰে আমনি পাইছে পিচে। পেটুকণক দেখি আইটি দৌৰি ওলাই আহি পোৱালীটোক ক’লেহি,

 

: চোৱা চোৱা কোন আহিল। এয়া তোমাৰ জীজু দেই। ব্ৰাদাৰ ইন ল’।

পেটুকণৰ মুখখন, জুমি চালে পেটলৈকে দেখা পোৱাকৈ মেল খাই গ’ল। মই কি এতিয়া কুকুৰৰহে জীজু হ’লোঁ। ইয়াৰ বায়েকক মই কেতিয়া বিয়া পাতিলোঁ?

আইটিয়ে তাৰ মেলা মুখ দেখি খিল-খিলাই হাঁহিলে। 

: কিয়? মই তাৰ বায়েক হৈছোঁ আকৌ। মাক মাম্মী বুলি আৰু ভাইটিক ব্ৰ’ বুলি ক’বলৈ শিকাইছোঁ। মাতিবহে নোৱাৰে, ক’লে বুজি পায়, চাবি। জিঅ’ যোৱা ব্ৰ’ক মাতি আনা।

জিঅ’ তৰা-নৰা চিঙি গৈ তাৰ ব্ৰ’ৰ ওচৰতে ৰৈ টেঁটু ফাটি যোৱাকৈ ভুকভুকনি এটা মাৰিলে। আস্, সি যেনিবা সুমধুৰ গান এটাহে গাই শুনালে। আইটিৰ মুখত, আলহীৰ আগত প্ৰতিভা প্ৰদৰ্শন কৰি বাহ্ বাহ্ পোৱা শিশুটিৰ গৌৰৱান্বিত মাতৃৰ হাঁহিটোৰ দৰে হাঁহি এটা ফুটি উঠিল।

খাই বৈ পেটুকণ যাবলৈ ওলালে। জিঅ’ক কোলালৈ তুলি আইটিও তাক আগবঢ়াই দিবলৈ লগতে গ’ল।

“ই কেইদিনমানতে নোদোকাটো হৈছে।”

পেটুকণে মনে মনে ভাবিলে। 

মদনৰ দোকানৰপৰা ব্ৰেড বাটাৰ আনি খুওৱা বুলি আইটিয়ে কৈছে। সেইদিনা মাকে সকামৰপৰা অনা চিৰা-দৈৰ গোন্ধ পাই খাবলৈ টেঁটু ফলা চিঞৰ দিয়াৰ পিছতো আইটিয়ে খাবলৈ দিয়া নাই। ঘৰৰপৰা বাহিৰলৈ নিলে শিকলিডালেৰে বান্ধি নিয়ে নহ’লে কোলাত নিয়ে, যাতে য’লৈ-ত’লৈ গৈ যি-টি খাব নোৱাৰে। মুঠতে তাই তাক বিলাতী কৰাত কোনো ত্ৰুটি ৰখা নাই। চোকাও হৈছে। তাক অনাৰ পৰা সিহঁতৰ বাৰীত ছাগলী পোৱালী এটাও সোমাব নোৱাৰে। খেদাত চৈধ্যভূৱন দেখুৱাই সি।

পেটুকণক দুটামান পদূলি পাৰ কৰি আগবঢ়াই দি আইটি উভতিব খুজিলে।

: হ’ব। তই যা। মই ইয়াৰ পৰা গৈ থাকোঁ।

-পেটুকণে ক’লে।

পিচে পেটুকণে চাইকেলত উঠি দুপাক মান পেডেল ঘূৰালে কি নাই আইটিয়ে ৰাউচি জুৰিলে। 

: পেটু ঐ, ই গ’ল গ’ল। ছিঃ ছিঃ .. খালে খালে খালে।

পেটুকণে ঘূৰি চাই দেখিলে আইটিৰ কুকুৰ পোৱালীটোৱে ক’লী ছাগলী এজনীক ভুকি-ভুকি এঘৰৰ চুৱাপাতনিখনৰ কাষলৈকে খেদি নিছে আৰু সি সেইপিনেই জেওৰা পাৰ হৈ তাতে চুৱাভাত খাবলৈ ধৰিছে। আইটি দুখে-শোকে ৰাস্তাতে লেপেটা কাঢ়ি বহি পৰিল।

: ইমান কষ্ট কৰি তাক বিলাতী কৰিছিলোঁ। ছাগলীজনীয়ে শেষ কৰি দিলে অ’। চব শেষ, চব শেষ।

ছাগলীজনীকে দোষ দি দি তাই ইনাই বিনাই কান্দিবলৈ ধৰিলে।

লাভৰ মূৰত পেটুকণে লোকৰ চুৱনিপাত গচকি কুকুৰ পোৱালিটো ধৰি আনিব লগা হ’ল। আইটিয়ে তাক আকৌ কোলালৈ তুলি লৈ মৰম কৰি কৰি ক’লে,

: জিঅ’, ছাগলী আণ্টিক দম দিলা নেকি? ভালেই কৰিলা দেই। বেয়া আণ্টি ন?

পেটুকণে অবাক হৈ চালে। ছাগলী আণ্টি!! আৰু বেছি সময় সহ্য নহ’ব বুলিয়েই সি লৰালৰিকৈ চাইকেলত উঠিল।

আইটিয়ে তেতিয়াও পোৱালীটোক বুজাই আছিল।

: বেয়া বস্তু নাখাই নহয় সোণ। আমি নাখাওঁ‌ দেই। ব’লা, আমি বিস্কুট খাম।

তাৰ পিচে চকুকেইটা তেতিয়াও চুৱাপাতনিখনতে আছিল।

☆ ★ ☆ ★ ☆

14 Comments

  • শ্ৰুতিমালা মিশ্ৰ

    বৰ ভাল লাগিল দেই নীতা এইটো পঢ়ি । তামাম জমনি দেই ? ।

    Reply
  • ডলী

    হা হা! হাঁহিলো দেই ঠিকছে। বৰ ভাল লাগিল

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বৰ ভাল লাগিল নীতা।

    Reply
  • নীতাশ্ৰী

    ধন্যবাদ জনালোঁ সকলোকে।

    Reply
  • বাগ্মিতা

    হাঃ হাঃ কি জমনি!

    Reply
  • জিতু

    মজ্জা

    Reply
  • বন্দিতা জৈন

    ???ভাল লাগিল

    Reply
  • হেমন্ত কাকতি

    বঢ়িয়া লাগিল নীতাশ্ৰী

    Reply
  • দিব্যজ্যোতি

    বঢ়িয়া ???

    Reply
  • দিম্পল

    জুই লিখিলা এইটো

    Reply
  • ডিম্পী

    পৰি পৰি হাঁহিলো অ’ ।

    Reply
  • ??বৰ ভাল লাগিল দেই

    Reply
  • নীতাশ্ৰী

    সকলোকে অশেষ ধন্যবাদ জনালোঁ।

    Reply
  • জয়ন্ত দাস

    বঢ়িয়া

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *