নাটকৰ নাম ‘জীৱন নদীত জুই’-নয়নমণি হালৈ
চন ১৯৯০।
বেঙেমুতা গাঁৱৰ ‘উদ্যমী যুৱক সংঘ’ৰ ডেকা ল’ৰাকেইটাৰ কথাই অৱশেষত ৰ’ল। কথাটো হ’ল ল’ৰাহঁতে গাঁৱৰ নামঘৰৰ বাৰ্ষিক সভাত এখন পূৰ্ণাংগ নাট মঞ্চস্থ কৰিব আৰু নাটক হ’ব জনপ্ৰিয় নাট্যকাৰ গুণিন বৰুৱাৰ ‘জীৱন নদীত জুই’।
: বাপ্পাঐ, জীৱন নদীত জুই? এইটো কেনে নাম হে?
সনাতন হাজৰিকা এজন চিন্তা কৰিবপৰা লোক। মেলে-মিটিঙে লেকচাৰ দিয়াতো তেওঁৰ এটা নাম আছে। তেওঁ নাটকৰ নামটোক লৈ খুব এটা সন্তুষ্ট নোহোৱাত হৰিহৰে হুৰহুৰাই উঠিল,
: ককা, এতিয়া তোমালোকৰ সেই ৰাজা হৰিশ্চন্দ্ৰৰ দিনৰ নাটক নাই নহয়, এতিয়াৰ নাটক ৰোমাণ্টিক। ৰজা-মহাৰাজাৰ নাটক এতিয়াৰ মানুহে নাচায় নহয়।
অৱশেষত সনাতন হাজৰিকাৰ দৰে বুঢ়ামেথা মানুহেও ডেকাকেইটাৰ কথাতে হয়ভৰ দিলে আৰু আজি মাঘৰ পূৰ্ণিমাৰ দিনা বেঙেমুতা গাঁৱৰ নামঘৰৰ চোতাল জনাকীৰ্ণ।
নামঘৰৰ চোতালত থিয় দিবলৈ জেগা নাই। পুখুৰীটোৰ পাৰত ‘জেনেৰেটৰ’ বোলা বস্তুবিধে হাওহাওকৈ চিঞৰি আছে। বাপুজী হাইস্কুলৰ পৰা অনা ডেক্স-বেঞ্চ, মঞ্চৰ আঁৰকাপোৰ, ৰভা, ভাড়া কৰি অনা লাইটৰ পোহৰে গোটেই নামঘৰৰ চোতাল মায়াপুৰী যেন কৰি তুলিছে। যথাসময়ত নাটক উদ্বোধন কৰিবলৈ সনাতন হাজৰিকা মঞ্চৰ ওপৰত উঠিল আৰু মাইক্ৰফোনটো হাতত লৈ তেওঁ ভৰতমুনিৰ পৰা আৰম্ভ কৰি একেবাৰে গুণিন বৰুৱালৈ নাটকৰ যি আদ্যোপান্ত বাখ্যা আৰম্ভ কৰিলে, নাটকৰ ল’ৰামখাৰ মাজত হুৱা-দুৱা লাগিল। বোলো এওঁ দেখোন হৰিদ্বাৰৰ পৰা গুহ্যদ্বাৰলৈ সৱৰে বাখ্যা কৰিবলৈ আৰম্ভ কৰিলে! কোনোমতে নৃপেন বোলাটোৱে কাণৰ কাষত গৈ “দাদা, হ’ব আৰু, সমাপন কৰক” বুলি কৈ অহাতহে হাজৰিকাৰ সম্বিত্ ঘূৰি আহিল আৰু লগে লগে তেওঁ নাটক উদ্বোধন হৈ যোৱা বুলি ঘোষণা কৰি দিলে।
যথাসময়ত নাটক আৰম্ভ হ’ল। নাটকৰ নায়ক হৰিহৰ একেবাৰে দুখীয়া ঘৰৰ ল’ৰা, মহাজনৰ ঘৰত সি কাম কৰে। আনহাতে মহাজনৰ একমাত্ৰ জীয়েক চঞ্চলা গাভৰু ৰূপহীৰ লগত তাৰ চাৰিচকুৰ মিলন হৈ গৈছে। দুয়ো দুয়োকে নিজৰ কৰি ল’বলৈ ইতিমধ্যে প্ৰতিজ্ঞা কৰিছে। কিন্তু দুয়োৰে মিলনত বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে মহাজনৰ দম্ভ, অহংকাৰে। মনৰ দুখত হৰিহৰে বাঁহী বজায়। এটা দৃশ্যত হৰিহৰে দুখত ভাঙি পৰিছে। তাৰ প্ৰেয়সী ৰূপহীক মহাজনে গৃহবন্দী কৰি থৈছে। হৰিহৰৰ দুখ বুজোতা কোনো নাই, বাঁহীটোৱেই তাৰ দুখ বুজি পায়, বাঁহীটোৱেই তাৰ সুখ-দুখৰ সংগী। বাঁহীত ফু দি সি কৰুণতকৈ কৰুণ সুৰ তুলিছে। বেঙেমুতা গাঁৱৰ তিৰোতাবোৰে চাদৰৰ আঁচলেৰে চকুৰ পানী মচি তৰণি পোৱা নাই। এনেতে হ’ল কি! হৰিহৰৰ হাতৰ পৰা বাঁহী সৰি পৰিল। বাপুজী হাইস্কুলৰ ডেক্স-বেঞ্চেৰে সজা ষ্টেজৰ সুৰুঙাইদি কোন মুহূৰ্তত বাঁহী গৈ ষ্টেজৰ তলৰ অটল অন্ধকাৰত নিমজ্জিত হ’ল হৰিহৰে ততেই ধৰিব নোৱাৰিলে। ইপিনে মিউজিক বক্সত বহা মনেশ্বৰ খুড়াই কি জানে! সপ্তসুৰৰ ঢৌ তুলি মনেশ্বৰ খুড়াই ইতিমধ্যে জাগতিক জগতখনৰ কথা পাহৰি গৈছে। চকু কাণ মুদি বাঁহীত সুৰ তুলি মনেশ্বৰ খুড়াই নিজৰ প্ৰতিভাক ষোল্লঅনাই প্ৰমাণ কৰাত নিমজ্জিত। মঞ্চৰ ওপৰত যে হৰিহৰে বাঁহী বিচাৰি জ্বৰ-ঘাম বাহিৰ কৰি দিছে, এই কথাতো মনেশ্বৰ খুড়াই নাজানে। নাটকখন আছিল কৰুণ ৰসৰ, কিন্তু ৰাইজে ইতিমধ্যে হাঁহি হাঁহি বাগৰি পৰিছে।
এইবাৰ আহোঁ আন এটা দৃশ্যলৈ। এইটো দৃশ্যত মহাজনে পহু চিকাৰ কৰা দুনলীয়া বন্দুকেৰে নায়কৰ পিতৃদেৱক গুলীয়াই মাৰি পেলাব লাগে। সেইটো নাটকখনৰ সবাতোকৈ ৰোমাঞ্চকৰ আৰু উত্কণ্ঠাৰ দৃশ্য। দুনলীয়া বন্দুক বেৰৰ পৰাই নমাই আনি মহাজনে নায়কৰ বৃদ্ধ পিতৃক গুলী কৰি মাৰি পেলাব! ৰাইজৰ মুখত মাত নাই। মহাজনে বন্দুকটো হাতত লৈছিলহে মাত্ৰ, বাহিৰত এটা শব্দ হ’ল ‘ধুম’, কথা আছিল মহাজনে বন্দুক নমাই আনিব, এটা অট্টহাস্য দি ‘ল এয়াই তোৰ পুৰষ্কাৰ’ বুলি গুলী এৰি দিব। কিন্তু মহাজনে বন্দুক টোৱাবলৈ নাপালেই, বাহিৰত শব্দ হ’ল ‘ধুম’। খঙে মহাজনৰ চুলিৰ আগ পালেগৈ। ইমান কষ্ট কৰি নাটক কৰিছোঁ, একমাহ ৰিহাৰ্চেল কৰিছোঁ আৰু আজি সময়ত এনে বিসংগতি। মহাজনে খং সম্বৰণ কৰিব নোৱাৰিলে, বাহিৰলৈ চাই মহাজনৰ মুখেৰে ওলাই আহিল, ধেইত কাণ্ডজ্ঞান বোলা বস্তুটো নাই? প্ৰচণ্ড ধমকি শুনি বাহিৰত গুলী ফুটোৱাৰ দায়িত্বত থকা কেৰপায়ে ভাবিলে, যিটো হৈ গ’ল তাকতো আৰু নহোৱা কৰাৰ উপায় নাই, কিন্তু মহাজনক আৰু এটা সুযোগ দিয়া যাওক। মহাজনেও তাক চকুৰে ইংগীত এটা নিদিয়াকৈ থকা নাই। এক দুই তিনি, মহাজনৰ অট্টহাস্য, ডায়লগ আৰু ‘ধুম’। কেৰপায়ো তাকে কৰিলে, মহাজনেও ডায়লগ দিলে, কিন্তু দ্বিতীয়বাৰলৈ আৰু ধুম শব্দৰ বাবে পিতৃদেৱ ৰৈ থকা নাছিল। প্ৰথম শব্দতে যে নায়কৰ পিতৃদেৱে ‘আঃ’ বুলি বুকুত হাত দি মঞ্চতে বাগৰি পৰিছে, মহাজনে তলকিবই পৰা নাছিল। কেৰপাক ইংগীত দি অট্টহাস্য মাৰি বন্দুক টোৱাই যেতিয়া দেখিলে বৃদ্ধ নায়কৰ পিতৃ অলৰেডী মৰি পৰি আছে, আকৌ মহাজনৰ খং দুগুণে চৰিল। এইবাৰো তেওঁ খং সম্বৰণ কৰিব নোৱাৰিলে আৰু চিঞৰি দিলে- “ধেইই মান্নাইমাৰা”।
নাটকৰ শেষ দৃশ্য। চাছপেঞ্চ পূৰ্ণ পৰ্যায়ত। ট্ৰেজেডীয়ে অন্তিম স্তৰ অতিক্ৰম কৰিছে। নায়কৰ পিতৃদেৱ মৰিল, নায়িকাই আত্মহত্যা কৰিলে আৰু নায়কে নিজহাতে মহাজনক হত্যা কৰিলে। এক অবাঞ্চিত সংগ্ৰাম আৰু সংগ্ৰামৰ শেষতো পৰাজিত হোৱাৰ দুখত নায়ক পাগল যেন হৈ পৰিছে। তেওঁ হাঁহিছে আৰু হাঁহি হাঁহি অৱশেষত সেই হাঁহি কান্দোনলৈ ৰূপান্তৰ ঘটিছে। হৰিহৰ আঁঠুকাঢ়ি বহি পৰিছে, কান্দিছে কেৱল কান্দিছে .. কিন্তু আঁৰকাপোৰ নাহেহে নাহে। কান্দি কান্দি হৰিহৰ লেবেজান হওঁ হওঁ, নাই আঁৰকাপোৰ নাহে, কি হ’ল! আঁৰকাপোৰ টনাৰ দায়িত্বত থকা বিজয়ে দেখে যে ক’ৰবাত ৰছীডাল ফচিছে, ওলোটাকৈ কেনেবাকৈ টানি দিয়াৰ ফলত হয়তো গাঁঠি এটা লাগিছে যাৰকাৰণে আঁৰকাপোৰখন নাযায়। বিজয়ে চেষ্টাৰ ক্ৰটি কৰা নাই, কিন্তু আঁৰকাপোৰৰ লৰচৰেই নাই। এইফালে নায়কৰ মুখেৰে মাত নোলোৱা হৈ আহিছে আৰু! অৱশেষত বিজয়ে এটা বুদ্ধি খটুৱালে। সি ঠিক কৰিলে, আঁৰকাপোৰখন সি হাতেৰে ধৰি একেদৌৰে টানি লৈ যাব আৰু নাটক শেষ। সি সেইটোকে কৰিলে। তাৰ গাটোৰ অৰ্ধেক ঢাকি ধৰি সি আঁৰকাপোৰখন ভালকৈ ধৰি ল’লে আৰু এক দুই তিনি বুলি লগাই দিলে দৌৰ। মঞ্চৰ সিটোমূৰ পায় ‘ৰক্ষা’ বুলি যেতিয়া সি ঘূৰি চালে, দেখিলে যে সিয়েই আচল অঘটনটো ঘটাই থৈ আহিল। দৌৰৰ কোবত নাটকৰ নায়ক যে তাৰ আঁৰকাপোৰৰ আগফালেই থাকি গ’ল বেচেৰাই তৰ্কিবই নোৱাৰিলে। সি দৌৰ মাৰিলে আঁঠুকাঢ়ি থকা নায়কৰ পিছফালেৰে, নায়কে এতিয়া কৰে কি! নায়কে আগৰফালে জঁপিয়াই দিলে, ভাগ্যে মনেশ্বৰ খুড়াৰ হাৰমণিয়ামটো নাভাঙিল।
‘জীৱন নদীত জুই’ নাটকৰ স্মৃতিয়ে আজিও বেঙেমুতা গাঁওবাসীক আমনি কৰে। কিন্তু তাৰপিছৰ পৰা গাঁৱত কোনো এজনেও নাটক কৰিবলৈ সাহস হ’লে কৰা নাই!
☆ ★ ☆ ★ ☆
11:29 pm
সুন্দৰ নাটক, মানে নৃত্য নাটিকা হানে। মজা
7:40 pm
হাঃ হাঃ। নাটকৰ পৰিণতি কৰুণ। জীৱন নদীত জুই লগাৰ সলনি নাটকতহে লাগিল।
11:44 pm
???।ভাল লাগিল
10:22 am
??????নাটকৰ নায়ক আঁঁৰকাপোৰৰ আগফালেই থাকি গ’ল!
1:43 pm
বঢ়িয়া লাগিল৷