এটা পজিটিভ কাহিনী-অৰ্চন শৰ্মা
লেপটপটো খুলি অন কৰি ল’লোঁ। ঘড়ীটোলৈ চালোঁ, দহ বাজি পাঁচ মিনিট গৈছে। দেৱালত ওলমি ৰোৱা প্ৰকাণ্ড দেৱাল ঘড়ীটোৰ টিক্-টিক্ শব্দৰ লগে লগে মোৰ বুকুখনৰ ঢিপ্-ঢিপ্ শব্দবোৰেও তালত তাল মিলাই বাজিবলৈ ধৰিলে। হাত ভৰিবোৰ বৰকৈ টানি টানি ধৰিছে, নাৰ্ভৰ সমস্যাত ভুগিছোঁ নেকি বাৰু! নিজেই নিজকে সুধিলোঁ।
যোৱা দুদিনমানৰপৰা এই বিশেষ সময়কণত বৰকৈ হাত-ভৰি টানি ধৰা, বুকুৰ হাৰ্ট বিট বাঢ়ি যোৱাৰ দৰে কথাবোৰ অনুভৱ কৰিবলৈ লৈছোঁ। মা-দেউতাক ক’বলৈ বেয়া লাগে বাবে কালি নিজেই বৰুৱা খুড়াৰ ক্লিনিক পালোঁগৈ, তেওঁ নাৰ্ভৰ স্পেচিয়েলিষ্ট।
: কি হে ডেকা ল’ৰা, ৰিপ’ৰ্ট দেখোন ঠিকেই আছে তোমাৰ। বাকী সমস্যাটো শাৰীৰিক নহয় মানসিক যেন হে পাইছোঁ দেই, দেউতাৰাক ক’ব লাগিব ৰ’বা।
কৰাবলৈ দিয়া টেষ্টকেইটাৰ ৰিপ’ৰ্টবোৰ চাই বৰুৱা খুড়াই ক’লে।
: মানে খুড়া মই ঠিক বুজা নাই, সৱ যদি ঠিকেই আছে তেন্তে এই চিম্পটমচবোৰ কিহৰ?
: সময়ত বুজিবা ৰ’বা, এইবোৰ ডাঙৰ হোৱাৰ লক্ষণ।
তেওঁৰ মাতত ধেমালিৰ সুৰ।
: ডাঙৰ হোৱাৰ লক্ষণ মানে?
: মানেটো পিছতো বুজিবা, বাৰু কোৱাচোন তোমাৰ এই সমস্যাবোৰ কোন সময়ত হয়?
: দিনৰ ঠিক দহটাৰ সময়ত খুড়া।
: তেন্তে এয়া নাৰ্ভৰ নহয় হাৰ্টৰহে প্ৰব্লেম, ফাগুনৰ বতৰত হয়েই এনেকুৱা। চিন্তা কৰিবলগীয়া একো নাই, খোৱা-বোৱা ভালকৈ কৰি থাকিবা হৈ যাব। আশাকৰোঁ দেউতাৰাক ক’বলগীয়া নহয়।
কালি ক্লিনিকৰপৰা আহি বহি বহি এতিয়া তাকেই ভাবি আছোঁ।
: এস্কিউজ মী, মোৰ কামটো হ’লনে বাৰু?
লাহেকৈ দৰ্জাখন ঠেলি তাই সোমাই আহিল, লেডীজ পাৰ্ফিউমৰ গোন্ধটোৱে সৰু কোঠাটোৰ বতাহত বনৰীয়া ফুলৰ সুবাস সিঁচি দিলে। বুকুখনে ঢিপিঙকৈ মাৰিলে মোৰ।
যোৱা দুদিনমানৰপৰা তাই সদায় আহি আছে, কেতিয়াবা চাকৰিৰ ফৰ্ম ফিলআপ, কেতিয়াবা কিবা প্ৰিণ্ট নহ’লে জেৰক্স, সেইকেইটা কামৰ দায়িত্ব মোৰ কিন্তু তাই অহাৰ দিন ধৰি দেখোন বেমাৰটোৱে বাৰুকৈয়ে উক দিবলৈ লৈছে।
: কি ভাবি আছা? কামটো হ’লনে মোৰ?
মোৰ চিন্তাৰ সূতাডাল ছিঙি চিন্তাবোৰ চিংগাপুৰ পালেগৈ।
: আহা, তোমাৰ কামটো প্ৰায় হৈ আছে, অকণমান বাকী আছে। তুমি আধা ঘণ্টা বহা, মই দি আছোঁ।
কালিয়ে ফৰ্ম দুখনমান দিছিল টাইপ কৰি প্ৰিণ্ট কৰিবলৈ, মোৰ কৰাই নহ’ল।
তাইক বহিবলৈ দি খৰধৰকৈ টাইপ কৰিবলৈ লাগিলোঁ। তাই মোৰ সন্মুখতে বহি মোবাইলটো উলিয়াই ল’লে। টাইপিঙৰ মাজে মাজে মূৰ তুলি তাইলৈ চাওঁ, এবাৰ চকুৱে চকুৱে পৰাত হাঁহি দিলে, মই ৰঙা-চিঙা পৰি গ’লোঁ। কোনোৰকমে কামটো শেষ কৰি পানী বটলটোৰপৰা দুঘোট মাৰি ল’লোঁ, ডিঙিটো শুকাই গৈছিল মোৰ।
: হেই, বেয়া নোপোৱা যদি পানী অকণমান দিবা নেকি?
উঃ! এনেকৈ খুজিলে পানী কি, যিকোনো ডেকা ল’ৰাই তাৰ হৃদয়খনেই তাইৰ নামত উচৰ্গা কৰি দিব।
তাইলৈ পানীৰ বটলটো আগবঢ়াই দিলোঁ। লাহি আঙুলিকেইটাৰে আলফুলকৈ বটলটো ধৰিছে তাই।
: নাই! সেয়া নাখাবা।
তাই পানীৰ বটলটো একটিয়া কৰি ঢালিবলৈ লওঁতেই মই চিঞৰি দিলোঁ। তাই থতমত খাই মোলৈ প্ৰশ্নবোধক দৃষ্টিৰে চাই ৰ’ল।
: সেইটোত, মই মুখ লগাইছিলোঁ, সেয়েহে খাবলৈ মানা কৰিলোঁ।
লাহেকৈ মৃদু সুৰত ক’লোঁ।
: হ’ব দিয়া একো নাই, পানীহে। মুখ লগাই দিলেও খাব পাৰি। তুমি যেনেকৈহে চিঞৰিলা যেন বিহহে মিহলি কৰি থোৱা আছে।
তাই হাঁহি মাৰি ক’লে, মোৰ ওঁঠৰ স্পৰ্শত কলুষিত হোৱা পানীৰ বটলটোক তাইৰ কোমল ওঁঠত লগাই তাৰ জীৱন ধন্য কৰি মোক বটলটো উভতাই দিলে।
প্ৰিণ্ট হোৱা ফৰ্মকেইখন লৈ তাই গ’লগৈ। তাই যোৱাৰ পাছত পানীৰ বটলটো আলফুলে লৈ পুনৰ এশোহা মাৰিলোঁ, পানীৰ লগতে কিবা টেঙা মিঠা সোৱাদ এটা জিভাত লাগিল। তেতিয়াহে লক্ষ্য কৰিলোঁ তাইৰ লিপষ্টিকৰ ৰঙা দাগ এতিয়াও বটলটোৰ মুখত লাগি আছে। দেহৰ প্ৰতিডাল সিৰাৰ মাজেৰে হাজাৰ ভল্টৰ কাৰেণ্ট প্ৰৱাহিত হ’বলৈ ধৰিলে। লাহেকৈ চকুকেইটা বন্ধ কৰি চকীখনতে একটিয়া হৈ শুই দিলোঁ। বৰুৱা খুড়াই কালি কোৱা কথাকেইটা মনলৈ আহিল, হাৰ্টৰ প্ৰব্লেম, ফাগুনৰ বতৰ, ডাঙৰ হোৱাৰ লক্ষণ।
: ইউৰেকা!
কিবা এটা যুগান্তকাৰী কথা আৱিষ্কাৰ কৰাৰ আনন্দত জঁপিয়াই উঠিলোঁ। এয়া প্ৰেম, নিৰ্ঘাত এয়াই প্ৰেম। ধেৎতেৰি, মই মূৰ্খই বাৰু এই সাধাৰণ কথাটোকে বুজি পোৱা নাছিলোঁনে ইমান দিনে? নিজকে মনে মনে ধিক্কাৰ দিলোঁ।
ঘৰলৈ আহিও মনে মনে তাইৰ কথাকে ভাবি আছোঁ। আজি কি হৈছে জানো, নিজেই নাজানো মই। অথনি খাবলৈ দিয়া চাহ কাপ বেচিনত পেলাই দিলোঁ, দেউতাৰ চাৰ্টটো অলমাৰীত সুমুৱাই দিয়াৰ পৰিৱৰ্তে ফ্ৰীজত ভৰাই থৈ আহিলোঁ। মই নিজেই বুজা নাই মোৰ কি হৈছে, এতিয়াও তাইৰ লিপষ্টিকৰ টেঙা মিঠা সোৱাদ আৰু বনৰীয়া ফুলৰ দৰে গোন্ধোৱা পাৰ্ফিউমৰ সুবাসে মনটো ভৰাই ৰাখিছে। মায়ে মোৰ ওলোটা ওভোটা কামবোৰ দেখি ঠিকছে গালি দিছে, গালিবোৰ শুনিও হাঁহি থকা দেখি তেজপুৰলৈ পঠিয়াই দিম বুলিও কৈছে। পিচে মোৰ ভ্ৰূক্ষেপ নাই, তাইৰ প্ৰেমে মোক বিপদৰ সময়তো হাঁহি থাকিবলৈ শিকাইছে, সঁচাই প্ৰেম যাদুকৰী নহয়নে!
আজি কামলৈ বুলি অলপ সোনকালেই ওলাই আহিলোঁ। তাই আজি চাৰে ন বজাত অহিম বুলি কৈ গৈছে, কিবা চাকৰিৰ বাবে এপ্লাই কৰিবলগীয়া আছে হেনো। বাৰে বাৰে ঘড়ীটোলৈ চাইছোঁ, চাৰে ন বাজি গৈ দহ বাজিবৰ হৈছে, দৰ্জাখনলৈ বাৰে বাৰে চাইছোঁ, ওহোঁ তাইৰ দেখা দেখি নাই। খট কৈ শব্দত মূৰ তুলি চালোঁ।
: দাদা, অনলাইন ফৰ্ম ফিলাপ হ’ব নেকি?
দৰ্জাখন ঠেলি ষোল্ল, সোতৰ বছৰ বয়সৰ ল’ৰা এজনে সুধিলে।
: হ’ব ভাইটি, কিহৰ ফৰ্ম ফিলাপ কৰিব লাগে?
: দাদা মোৰ নহয়, মোৰ ঘৰৰ কাষৰ বা এজনীৰ হে চাকৰিৰ কাৰণে ফৰ্ম ফিলাপ কৰিব লগা আছিল। কালি আহিছিল তাই, আপোনাক কৈ থোৱা আছে বোলে।
মোৰ মনটো মৰহি গ’ল, তাই নিজে নাহি ডকুমেণ্টবোৰৰ সৈতে টেকেলা এটাহে পঠিয়াই দিছে। বাৰু যি কি নহওক, তাইৰ কাম যেতিয়া কৰিবতো লাগিবই।
: পিচে ভাইটি তুমি মোক আগৰপৰাই চিনি পোৱা নেকি?
চাকৰিৰ পৰ্টেলটো অন কৰি ল’ৰাজনক সুধিলোঁ।
: নাপাওঁ দাদা, কিয় সুধিলে?
: নহয় মানে তুমিযে কৈছিলা কামটোৰ কথা মোক কোৱা আছে বুলি, সেয়ে ভাবিলোঁ মোক কিবা প্ৰকাৰে চিনি পাবও পাৰা।
: নহয় দাদা, বায়ে কৈছিল জপৰা চুলি আৰু ভূতৰ নিচিনা দীঘল দাড়ি থকা দাদাজনক মোৰ কথা কৈ দিবি বুলি।
কথাষাৰ কৈয়ে সি জিভাখন কামুৰি ধৰিলে, এইষাৰ কথা তাৰ মুখৰপৰা ওলাই পৰিব বুলি সি হয়তো মুঠেও ভবা নাছিল কিন্তু তাৰ কথা শুনি মোৰ কাণ-মূৰ গৰম হৈ আহিল। লগে লগে লেপটপটো জপাই খঙত একো নাই হৈ ক’লোঁ,
: মই এনেকৈ কাম কৰিব নোৱাৰোঁ। তোমাৰ বাৰ কাম যেতিয়া তাইক আহিবলৈ ক’বা যোৱা, তাই নিজে আহিলেহে মই কামটো কৰি দিম।
: কিন্তু দাদা তাই এতিয়া আহিব নোৱাৰে।
ল’ৰাজনে ভয় ভয়কৈ ক’লে।
: কিয় আহিব নোৱাৰে?
: আচলতে দাদা, তাইৰ কৰ’ণা হৈছে। কালি টেষ্ট কৰাইছিল ৰিপ’ৰ্ট পজিটিভ! এতিয়া চৈধ্য দিনলৈকে তাই কোৱাৰেণ্টাইনত থকাৰ পিছতহে ওলাব পাৰিব।
মোৰ মূৰৰ ওপৰৰ আকাশখন মুহূৰ্ততে ভাগিপৰা যেন লাগিল। এতিয়া মেডিকেলত কৰ’ণা টেষ্ট কৰাই ৰিপ’ৰ্টলৈ বাট চাই আছোঁ। ক’ৰবাৰ পৰা ভাঁহি আহিছে এটি হৃদয় বিদাৰক গান,
“মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম,,,”
☆ ★ ☆ ★ ☆
8:31 pm
ধেই??
9:54 pm
দুবিধাত পেলাই দিলা,,,,হাঁহিম নে কান্দিম ধৰিবই পৰা নাই
10:29 pm
গ’ ক’ৰ’না গ’ ।
11:32 am
মৰ্মান্তিক ৰে । টাইপ কৰি চেনিটাইজ কৰিছো হাতখন
11:01 am
তামাম অৰ্চন! পিচে ডেকা লৰা, কৰনাই একোডাল হিলাব নোৱাৰে৷
11:13 am
বহুত বঢ়িয়া। শেষৰখিনি তামাম?
11:35 pm
ভাল লাগিল দেই
5:43 am
তামাম৷ শেষৰফালে লিখাখিনি মনে ভৱাৰ দৰে নিলিখি কিবা কাৰোবাৰ ভয়ত লিখা নিচিনা লাগিল৷
2:32 pm
Ki habo eta ?????
4:15 pm
???
কি পৰিণাম হ’ল দেই প্ৰেমৰ! বঢ়িয়া লাগিল পঢ়ি।
11:56 am
মজ্জা।লিপষ্টক সোৱাদে ক’ৰোণা দি গ’ল নে?
1:51 pm
তামাম৷
5:59 pm
বৰ ধুনীয়া লিখা হে তুমি …