সাক্ষাৎকাৰ
দিনটো আছিল ২০২১ চনৰ মাৰ্চ মাহৰ ১৩ তাৰিখ।ফটাঢোলৰ কেইজনমান সদস্য অন্তৰংগ আলাপত মিলিত হৈছিল স্বনামধন্য কবি-সাহিত্যক, সাহিত্যাচাৰ্য, নলবাৰীৰ ৰত্ন ড° বসন্ত কুমাৰ ভট্টাচাৰ্যৰ সৈতে তেখেতৰ নলবাৰী চহৰৰ বিদ্যাপুৰস্থিত বাসগৃহত। প্ৰায় দুঘণ্টাজোৰা আলাপখিনি এটা গতানুগতিক সাক্ষাতকাৰৰ দৰে নাছিল, আছিল জ্ঞান আৰু প্ৰজ্ঞাৰ সাগৰত এক অৱগাহন। সম্পূৰ্ণ ঘৰুৱা পৰিবেশত হোৱা এই আলাপটিকে সাক্ষাতকাৰৰ ৰূপত সজাই পৰাই লিখি উলিয়াইছে ফটাঢোল ই-আলোচনীৰ সম্পাদনা সমিতিৰ সদস্য হিমাংশু ৰাজখোৱাই৷
ফটাঢোল : ছাৰ পোন প্ৰথমে আপোনালৈ সেৱা যাচিলোঁ।
বসন্ত কুমাৰ ভট্টাচাৰ্য : বহু ধন্যবাদ তোমালোক অহাৰ বাবেও৷ ভাল পাইছোঁ মই।
ফটাঢোল : পাতনি দীঘলীয়া নকৰি আপোনাৰ শৈশৱলৈকে ঘূৰি যাওঁ ছাৰ।
বসন্ত কুমাৰ ভট্টাচাৰ্য : আচলতে মই সাক্ষাতকাৰ ল’বৰ বাবে উপযুক্ত ব্যক্তি নহয়। মই এজন সাধাৰণ গাঁৱৰ ল’ৰা। নলবাৰী চহৰৰপৰা পাঁচ কিলোমিটাৰ পশ্চিমে বাঁউসীয়াপাৰা নামৰ গাঁওখনত মোৰ জন্ম ১৯৪২ চনত। তাতেই মই ডাঙৰ-দীঘল হৈছোঁ।বাঁউসীয়াপাৰা গাঁৱৰপৰাই মই নলবাৰী গৰ্ডন স্কুলত অধ্যয়ন কৰিছিলোঁ। গৰ্ডনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১৯৬০ চনত মই উত্তীৰ্ণ হৈ কটন মহাবিদ্যালয়ত বিজ্ঞান শাখাত নামভৰ্তি কৰোঁ। কটনৰ ফাৰ্ষ্ট মেচত মই আছিলোঁ। মই প্ৰবেশিকা পৰীক্ষাত প্ৰথম বিভাগত সংস্কৃত বিষয়ত লেটাৰ নম্বৰসহ উত্তীৰ্ণ হৈছিলোঁ আৰু চিকিৎসক হোৱাৰ মানসেৰে কটনৰ বিজ্ঞান শাখাত নামভৰ্তি কৰিছিলোঁ। ১৯৬০ চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় স্থাপিত হয়৷ প্ৰথম মেডিকেল কলেজখন আৰম্ভ হৈছিল জালুকবাৰীৰ আয়ুৰ্বেদিক কলেজৰপৰা। অধ্যক্ষ আছিল সুৰেন্দ্ৰ নাথ শৰ্মা। তেখেত আছিল অতি অভিজ্ঞ চিকিৎসক। মই মেডিকেলত নামভৰ্তি কৰিলোঁ। এবছৰ পূৰ্ণ হ’ল৷ তিনিটা বিষয় আছিল। কেমেষ্ট্ৰি, ফিজিঅ’লজি আৰু এনাটমি। কেমেষ্ট্ৰিৰ পৰীক্ষা দি মই ঘৰলৈ আহিলোঁ।ঘৰলৈ আহি মোৰ অসুখ হ’ল। টাইফয়েড। সেই সময়ত টাইফয়েড বৰ মাৰাত্মক অসুখ আছিল। টাইফয়েডৰ কোনো চিকিৎসা সেইসময়লৈ নাছিল। দুৰ্ভাগ্যৰে কথা, ডেৰ মাহতো মোৰ অসুখ ভাল নহ’ল। মোক বহুতে বুজালে যে তই মেডিকেল পঢ়িব নালাগে, কলা শাখাত নামভৰ্তি কৰ। নলবাৰী কলেজতে ঘৰৰপৰা অহা-যোৱা কৰি পঢ়িব পাৰিবি। শেষত কোনো উপায় নেদেখি মা-দেউতাৰ কথা মতেই নলবাৰী কলেজৰ বি.এ শাখাত নামভৰ্তি কৰিলোঁ। বি এ পাছ কৰাৰ পাছত ১৯৬৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিলোঁ অসমীয়া বিভাগত। তেতিয়া বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক আছিল ড° মহেশ্বৰ নেওগ।সেই সময়ত থকা অন্য অধ্যাপকসকল আছিল ড° সতেন্দ্ৰ নাথ শৰ্মা, ড° উপেন্দ্ৰ নাথ গোস্বামী। আন এজন আছিল ড° সুকুমাৰ বিশ্বাস। যদিও তেখেত বাংলা বিভাগৰ আছিল তথাপি তেখেতে অসমীয়া বিভাগতো পাঠদান কৰিছিল। সেইদিনত পৰীক্ষাত পাছ কৰি আহিয়েই চাকৰি পোৱা দিন আছিল। ময়ো পৰীক্ষা দি আহি কিছু দিন ঘৰত থকাৰ পাছতেই বৰনগৰ কলেজত যোগদান কৰোঁ। বৰনগৰ মানে সৰভোগৰ দাঁতিকাষৰীয়া সমগ্ৰ বৰপেটাৰ এটা বিশিষ্ট অঞ্চল। তাতেই ড° ঘনশ্যাম তালুকদাৰ নামৰ এগৰাকী বিশিষ্ট ব্যক্তিৰ উদ্যোগত বৰনগৰ কলেজ স্থাপিত হৈছিল। অৱশ্যে এবছৰ পাছতে মই নলবাৰী কলেজত সুবিধা পাওঁ আৰু ইয়ালৈ গুচি আহোঁ ১৯৬৭ চনত, আৰু ২০০২ চনলৈ মই নলবাৰী কলেজতে শিক্ষকতা কৰোঁ। নলবাৰী কলেজত যোগদান কৰাৰ পাছতেই মই লেখা মেলাত হাত দিওঁ, বিশেষকৈ নাটক লিখিবলৈ আৰম্ভ কৰোঁ। তোমালোকে জানাই যে নলবাৰী নাটকৰ বাবেই বিখ্যাত। সেই সময়ত মানে ৬০-৭০ দশকত কলেজ সমূহত নাটকৰ প্ৰচুৰ চৰ্চা হৈছিল। বিভিন্ন প্ৰতিযোগিতা হৈছিল নাটকৰ। ক’ব পাৰি যে, একাংক নাট সমূহৰ সৃষ্টি আৰু বিকাশত নলবাৰীয়ে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰপৰাই ওলাই গৈছিল মহানন্দ শৰ্মা, ইয়াৰপৰাই ওলাই গৈছিল ভবেন বৰুৱা। নলবাৰী কলেজক কেন্দ্ৰ কৰি হোৱা নাটকৰ চৰ্চাৰপৰাই বিভিন্নজন অসমবিখ্যাত অভিনেতা ওলাল। তাৰ পূৰ্বে গৰ্ডন স্কুলৰ এজন প্ৰধান শিক্ষক আছিল ইন্দ্ৰশ্বৰ বৰঠাকুৰ। ১৯১৪ চনৰপৰা ১৯২৭ চনলৈ। তোমালোকে জানিবাই ইন্দ্ৰশ্বৰ বৰঠাকুৰ এজন বিখ্যাত নাট্যকাৰ। সেই সময়তে নলবাৰী নাট্যমন্দিৰ গঢ় লৈ উঠিছিল আৰু নাট্যমন্দিৰ কেন্দ্ৰিক নাট্যচৰ্চাৰ ক্ষেত্ৰত আনকি বিষ্ণু ৰাভায়ো ইয়াতে সহযোগ কৰিলে, ফণী শৰ্মাই সহযোগ কৰিলে, ইন্দ্ৰেশ্বৰ বৰঠাকুৰ ছাৰ আছিলেই আগৰেপৰা।
ফটাঢোল : একেবাৰতে আপুনি বহুখিনি কথা কৈ দিলে। নাটকৰ কথা ওলাইছে যেতিয়া এটা কথা সুধি লওঁ। ছাৰ, আপুনি কি ভাবে, সেই সময়ছোৱাতে নলবাৰী হওক বা বৃহত্তৰ বজালী অঞ্চলতে হওক, ইয়াত নাট্য আন্দোলন গঢ় লৈ উঠাত কি পৰিবেশে প্ৰভাব পেলাইছিল যে অসমৰ অন্যান্য অঞ্চলতকৈ এই অঞ্চলত আগতীয়াকৈ নাটকৰ এনে পৰিবেশ গঢ় লৈ উঠিল?
বসন্ত কুমাৰ ভট্টাচাৰ্য : নলবাৰী প্ৰধানত যাত্ৰাৰ ঠাই আৰু নাটকৰ প্ৰথম স্তৰটো যাত্ৰা। এই যাত্ৰা নলবাৰীত অতি শক্তিশালী। সেই সময়ত বিশেষকৈ নলবাৰীৰ চহৰ অঞ্চলৰ সৈতে কলিকতাৰ সম্পৰ্ক আছিল অতি নিবিড় আৰু কলিকতা আছিল বিশেষকৈ যাত্ৰাৰ বাবে সমগ্ৰ ভাৰততে বিখ্যাত৷ কলিকতাতে যাত্ৰাৰ নাটকৰ উতপত্তি হৈছে। আমাৰ এই অঞ্চলৰ কিছুলোকৰ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত কলিকতালৈ প্ৰচুৰ আহযাহ আছিল তদুপৰি যিসকল ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোক আছিল তেওঁলোকে পুৰুহিতালি কৰিবলৈ বংগ দেশলৈ গৈছিল আৰু তাৰ পৰাই ক্ৰমাগতভাৱে যাত্ৰাৰ ধাৰাটো আহিল আৰু সেই যাত্ৰাৰ ধাৰাক ভিত্তি কৰিয়েই অসমতো নাটক চৰ্চা আৰম্ভ হ’ল। বঙালী নাটকৰ অসমীয়া অনুবাদ হ’ল আৰু এই অনুদিত নাটকসমূহ খোলা মঞ্চত অভিনয় কৰিবলৈ ধৰিলে নলবাৰীৰ নাট্যপ্ৰেমীসকলে, অভিনেতা অভিনেত্ৰীসকলে আৰু তাৰ পূৰ্বে ঢুলীয়া, ওজাপালি এই দুটা অনুষ্ঠানে এই যাত্ৰা নাটকৰ স্থান অধিকাৰ কৰি আছিল। গতিকে এফালে থলুৱা যাত্ৰাভিনয়ৰ লগতে বিশেষকৈ ঢুলীয়া আৰু ওজাপালি এই দুটা অনুষ্ঠানে নাটকৰ এটা পৰিবেশ গঢ় দিয়াত বিশেষ প্ৰভাব পেলালে। সেইবাবে এই অঞ্চলত মানে বজালী আৰু বৰপেটা এই পৰিবেশেৰে ধন্য হ’ল। বৰপেটাৰ তিথিৰাম বায়ন, তেওঁ সমগ্ৰ অসমত নাট্য দল লৈ ঘূৰি ফুৰিছিল, বিশেষকৈ চাহ বাগিছাসমূহত উজনিৰ যোৰহাটত (তেওঁৰ নামটো ড° সতেন্দ্ৰ নাথ শৰ্মাৰ অসমীয়া নাট্য সাহিত্যত উল্লেখ আছে।)পূজাৰ সময়ত অভিনয় কৰিছিল। নাটবোৰ প্ৰথমতে বঙালীত আৰু তাৰ পাছত অসমীয়াত অনুবাদ কৰি অভিনয় কৰিছিল। এইযে অসমীয়া ভাষাটোৰ কামৰূপী উপভাষাটো, সেইটোৱে যথেষ্ট সহায় কৰিছিল বঙালী কোৱা আৰু বুজাত; কাৰণ বংগ দেশৰ সংস্কৃতিয়ে নলবাৰী অঞ্চলটো সম্পূৰ্ণভাৱে নহ’লেও কিছু অংশ দখল কৰিছিল। সেইকাৰণে বঙালীৰ লগত নলবাৰী অঞ্চল, নলবাৰী বৰপেটা সৰভোগ এই অঞ্চলটো জড়িত হৈছিল সাংস্কৃতিকভাৱে। ইয়াত যিবোৰ উষ্টাদ আছিল, সেইসকল বংগ দেশৰপৰা আহিছিল। কোছবিহাৰ, ৰংপুৰ, জলপাইগুড়ি, মৈমণসিং এই ঠাই সমূহৰপৰা এই উষ্টাদসকল আহিছিল কাৰণ সেই ঠাইসমূহত নাটকৰ প্ৰভাব আছিল প্ৰচুৰ আৰু তাৰপৰাই এই মাষ্টাৰসকলক আনিছিল। উষ্টাদ মানে তেওঁলোক হ’ল একো একোজন লিডাৰ বা শিক্ষক। গুৰু হিচাপে আহিছিল আৰু শিক্ষাদান কৰিছিল সেইবাবে নলবাৰী হওক বা পাঠশালা হওক বা সৰভোগ হওক নাটকৰ বাবে বিখ্যাত হৈ পৰিছিল কিন্তু সেই প্ৰভাৱটো নলবাৰীত যেনেকৈ পৰিল বা বজালীত যেনেকৈ পৰিল তেনেকৈ বৰপেটাত নপৰিল। কাৰণ বৰপেটাত সত্ৰীয়া সংস্কৃতিৰ প্ৰভাৱ আছিল বেছি। এই আটাইখিনি কথাৰ বাবেই আজিও নলবাৰী অঞ্চলৰ লোকে বিশেষকৈ পুৰুহিত শ্ৰেণীৰ লোকে বঙালী ভাষাটো ভালকৈ কয় আৰু এই ভাষাটোৰ লগত এটা আত্মীয়তা আছে। কিছু কিছুৱেতো এইটোও ক’ব খোজে যে অসমীয়া ভাষাটোৰ গুৰি পশ্চম কামৰূপ অঞ্চলটোহে। যিয়েই নহওক কথা কৈ কৈ কোনোবাখিনি পালোঁগৈ। গতিকে সেই পৰিবেশত মই বাল্যকাল কটালোঁ, পঢ়া-শুনা শেষ কৰিলোঁ, শিক্ষকতা আৰম্ভ কৰিলোঁ।
ফটাঢোল : লেখা-মেলা কেনেকৈ আৰম্ভ হ’ল?
বসন্ত কুমাৰ ভট্টাচাৰ্য : লেখা-মেলা অৱশ্যে মই স্কুলত থাকোঁতেও কৰিছিলোঁ। নাটক লিখিছিলোঁ।প্ৰথমছোৱাত মই নাটকৰফালে বেছি ঢাল খাইছিলোঁ, এতিয়াহে মই কবিতাৰফাললৈ গৈছোঁ। কবিতা হয় নে নহয় আচলতে মই নাজানো। মই কবিতা লিখিবলৈ আৰম্ভ কৰিছোঁ, মই যেতিয়া বাৰ্ধক্যৰফালে গৈছোঁ তেতিয়া। বেছিভাগ মানুহেই নিজৰ লেখা-মেলা আৰম্ভ কৰে কবিতাৰে কিন্তু মোৰ ক্ষেত্ৰত কথাটো ওলোটা হ’ল, কাৰণ আগতে কৈছোঁৱেই জীৱনৰ আদি বয়সত মই নাটকৰ দ্বাৰাহে অনুপ্ৰাণিত হৈছিলোঁ। নাটকতেই মন-প্ৰাণ সঁপি দিছিলোঁ। আমাৰ দুগৰাকী শিক্ষকৰ এগৰাকী অধ্যক্ষ ত্ৰৈলোক্যনাথ গোস্বামী নাটকৰ মানুহ আছিল। তেওঁ নলবাৰী সাহিত্য সমাজ গঢ় দিছিল।তেওঁৰ প্ৰভাৱ মোৰ জীৱনত বাৰুকৈয়ে পৰিছে বুলি মই অকপটে স্বীকাৰ কৰোঁ। তেওঁৰে পৰিয়ালৰ বিখ্যাত শৰৎ চন্দ্ৰ গোস্বামী, যি গৰাকী আছিল অসম সাহিত্য সভাৰ প্ৰতিস্থাপক সাধাৰণ সম্পাদক। গতিকে ত্ৰৈলোক্যনাথ গোস্বামী আৰু শৰৎ চন্দ্ৰ গোস্বামী, এই দুগৰাকী গোসাঁই পৰিয়ালৰ ব্যক্তিৰ দ্বাৰা আমি অনুপ্ৰাণিত হৈছিলোঁ। তেখেতৰ বিষয়ে অকণমান কৈ লওঁ। ত্ৰৈলোক্যনাথ গোস্বামী এগৰাকী গল্পকাৰ হোৱাৰ লগতে এগৰাকী অতি উচ্চ স্তৰৰ সমালোচক আছিল। তেওঁ কবিতাও লিখিছিল। গল্পকাৰ হিচাপে আৱাহন যুগত বিশেষ ভাৱে প্ৰতিস্থিত। তেওঁ আকৌ প্ৰভাৱান্বিত হৈছিল শৰৎ চন্দ্ৰ গোস্বামীৰ দ্বাৰা। শৰৎ চন্দ্ৰ গোস্বামীয়ে তেওঁক সাহিত্যৰ জগতখনলৈ টানি নিছিল। এফালে সাহিত্য চৰ্চা আৰু আনফালে শিক্ষা চৰ্চা। শিক্ষা চৰ্চাতো গুৰুত্ব দিছিল, তেওঁ এজন ভাল শিক্ষক আছিল। ইংৰাজী শিক্ষক হিচাপে তেওঁ অতি উচ্চখাপৰ শিক্ষক আছিল। সাহিত্য চৰ্চা কৰিছিল অসমীয়া ভাষাত। তেঁৱেই আছিল আমাৰ এই অঞ্চলৰ হাস্য ব্যংগ ৰচনাৰ প্ৰথম গৰাকী লেখক। তেওঁৰ কথাই আছিল হাস্য ব্যংগ।
ফটাঢোল : জীৱনত আপোনাক প্ৰভাৱিত কৰা আৰু কেইজনমান শিক্ষকৰ বিষয়ে কওকচোন।
বসন্ত কুমাৰ ভট্টাচাৰ্য : ত্ৰৈলোক্যনাথ গোস্বামী শিক্ষক হিচাপে অতি উচ্চখাপৰ। তেনে শিক্ষক জীৱনত দ্বিতীয়জন মই পোৱা নাই বুলি ক’লেও ভুল নহ’ব। কটন কলেজৰ ৰাইহান ছাৰ আছিল ইংৰাজীৰ। চন্দ্ৰ কলিতা, উপেন্দ্ৰনাথ শৰ্মা ছাৰ নলবাৰীৰ। তেখেত এতিয়াও আছে, তেখেতৰ বয়স ৯৪ বছৰ আৰু এজন আছিল বসন্ত বৰুৱা, তেওঁ ঢুকাল অলপতে ৯২ বছৰ বয়সত। সকলোৰে পৰিচিত গোলোক চন্দ্ৰ গোস্বামী।তেখেত আছিল বিশ্ববিদ্যালয়ৰ অসমীয়াৰ শিক্ষক। তেওঁ কটনত পঢ়িছিল আৰু তাৰপৰাই প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি উত্তীৰ্ণ হৈছিল।
ফটাঢোল : এইখিনিতে কথা এটা ক’বলৈ পাই মই গৌৰৱবোধ কৰিছোঁ, ড° গোলোক চন্দ্ৰ গোস্বামী ছাৰ যিখন বিদ্যালয়ত পঢ়িছিল সেইখনৰ নাম আছিল জাগী হাইস্কুল। সেইখন স্কুলতে ময়ো পঢ়িছিলোঁ বুলি ক’বলৈ গৌৰৱবোধ কৰোঁ।
বসন্ত কুমাৰ ভট্টাচাৰ্য : অ’, হয়নেকি? অঁ অঁ, তেখেতে জাগী হাইস্কুলত পঢ়িছিল। তেখেত অতি ভাল শিক্ষক আছিল। দক্ষ শিক্ষক আৰু খুব নিয়মানুবৰ্তিতা মানি চলা মানুহ আছিল। আন এগৰাকী মোৰ শ্ৰদ্ধাৰ শিক্ষক আছিল সত্যেন্দ্ৰ নাথ শৰ্মা, তেখেত তীৰ্থনাথ শৰ্মাৰ ভায়েক আছিল। লগতে স্বনামধন্য ড° মহেশ্বৰ নেওগ ছাৰৰ নাম নক’লে আধৰুৱা হ’ব।
ফটাঢোল : আকৌ লেখা-মেলাৰ কথালৈ আহোঁ। আমি জানো অসমীয়া সাহিত্যক একোখন আলোচনীৰ নামেৰে কেইবাটাও যুগত বিভাজন কৰা হয়। প্ৰতিটো যুগৰে স্বৰূপ সুকীয়া। আপুনি যি সময়ত লেখা-মেলা আৰম্ভ কৰিছিল সেই সময়ত কোনটো যুগৰ প্ৰভাৱ আছিল?
বসন্ত কুমাৰ ভট্টাচাৰ্য : সেই সময়ত ৰামধেনু যুগৰ প্ৰায় অন্ত পৰিছিল, তাৰপিছত নতুনকৈ আৰু এটা যুগত বিভাজন কৰিব নোৱাৰি। সেই সময়ছোৱাত কেইবাটাও স্তৰত আমাৰ সাহিত্য চৰ্চা হ’বলৈ ধৰিলে, মূলতে কলিকতাৰপৰা। গতিকে সেইখিনি সময় ঠিক এটা যুগত আমি থাপিব নোৱাৰোঁ কিন্তু ইতিপূৰ্বে অন্ত পৰা ৰামধেনু যুগৰ প্ৰভাৱ যে আছিল তাক অস্বীকাৰ কৰাৰ কোনো উপায় নাছিল। সেইকাৰণে সেইটো উত্তৰ ৰামধেণু যুগ। তাৰ পাছত নৱযুগ আহিল। নৱযুগ চলিল, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যই বিশেষকৈ তাৰ সম্পাদক হিচাপে খ্যাতি লাভ কৰিলে আৰু বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য্যই সেই সময়ত বিশেষকৈ আলোচনীৰ দিশটোক চম্ভালি ল’লে। গতিকে বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য্যক আলোচনীৰ যুগ চম্ভালি লোৱা লেখক বুলি ক’লেও অত্যুক্তি কৰা নহ’ব। তেওঁ নৱযুগকো সামৰিলে আৰু এইফালে ৰামধেণুকো সামৰিলে। ৰামধেনুকো এটা গতি দিলে তেঁৱেই আৰু লগতে চন্দ্ৰ প্ৰসাদ শইকীয়াও থাকিল, ড° ভূপেন হাজৰিকাও থাকিল। সেই সময়ত ভূপেন হাজৰিকাই কলিকতাৰপৰা আলোচনী উলিয়াইছিল।
ফটাঢোল : আমাৰ প্ৰতিনিধি।
বসন্ত কুমাৰ ভট্টাচাৰ্য : অ’, আমাৰ প্ৰতিনিধি। আমাৰ প্ৰতিনিধিক অনুসৰণ কৰিয়েই বা নকৰিয়েই আৰু এখন আলোচনী ‘নতুন প্ৰতিনিধি’ ওলাইছিল পদ্ম বৰকটকীৰ সম্পাদনাত। তেওঁৰো অৱদান আছে। সেই দুখন ওলাল, ঠিক সাত-আঠ বছৰমান নিয়মীয়া অনিয়মীয়াকৈ চলিল। তাৰপাছত গ্ৰন্থৰ যুগ যেতিয়া আহিল ১৯৬০ চন মানৰপৰা, অসমীয়াত সাহিত্য চৰ্চাৰ ধাৰাটো গ্ৰন্থকেন্দ্ৰিক হৈ পৰিল। তাৰ আগলৈকে আছিল অৰুণোদয়, জোনাকী তাৰ পিছতে আৱাহন, বাঁহী। বাঁহীৰ জৰিয়তে বেজবৰুৱাই প্ৰতিস্থা লাভ কৰিলে। বেজবৰুৱাই বাঁহী যুগৰ আৰম্ভণিৰপৰা শেষলৈকে লিখিলে। বাঁহী, জয়ন্তী, আৱাহন। জয়ন্তী আৰু আৱাহনৰ প্ৰকাশ প্ৰায় সমসাময়িক কিন্তু আৱাহনৰ দৰে জয়ন্তীয়ে সিমান প্ৰভাৱ পেলাবপৰা নাছিল। বাঁহীয়ে কাষে কাষে এটা সোঁত সৃষ্টি কৰি গৈ থাকিল আৰু সেইখনেই বিশেষকৈ লক্ষ্মীনাথ বেজবৰুৱাক গল্পকাৰ হিচাবে প্ৰতিস্থা কৰিলে। তেওঁ প্ৰায় চাৰিটা দশক গল্প লিখিছিল। এইফালে ঊনবিংশ শতিকাৰ শেষ দশকটোৰ শেষৰ চাৰি বছৰমানৰ পৰা আৰম্ভ কৰি ১৯৪২-৪৩ চনমানলৈ মানে দ্বিতীয় মহা সমৰৰ সময়লৈ। দ্বিতীয় মহাসমৰৰ তিক্ততা আৰু ১৯৪২ চনৰ গণবিপ্লৱৰ ব্যৰ্থতাই অসমীয়া সাহিত্যত যুগৰ এটা চকুত লগা পৰিবৰ্তন আনিলে। অৰ্থাৎ অসমীয়া সাহিত্যত এটা নতুন যুগৰ সৃষ্টি হ’ল। যিটো যুগক আমি আধুনিক যুগ বুলি কৈছোঁ। এইখিনি সময়তে অসমীয়া আধুনিক কবিতাৰ জন্ম হ’ল। পোহৰতকৈ আন্ধাৰ ভাল। সেইখিনি সময়তে নতুন যুগৰ নতুন লেখক লেখিকাসকলে নতুনকৈ কাপ মৈলাম হাতত ল’লে।
ফটাঢোল : এই আলোচনীসমূহৰ যদি প্ৰকাশ নহ’লহেঁতেন বহুতো লেখকৰ সৃষ্টিৰ সোৱাদ লোৱাৰপৰা আমি চাগৈ বঞ্চিত হ’লোঁহেঁতেন।
বসন্ত কুমাৰ ভট্টাচাৰ্য : একেবাৰে সঠিক কথা। গতিকে আলোচনীক পটভূমি হিচাপে লৈ লেখকসকলে লেখিবলৈ আৰম্ভ কৰিলে। তাৰপিছতে সাহিত্য সৃষ্টি কৰিবলৈ ল’লে সাহিত্যৰ আধাৰত। বংগ দেশৰ সাহিত্যই প্ৰভাৱ বিস্তাৰ কৰিলে। বংগীয় সাহিত্যই আধুনিক অসমীয়া সাহিত্যৰ জন্মৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিলে। সেইবাবে মই অলপ আগতে কৈছোঁ যে, লেখকসকলে সাহিত্যৰ দ্বাৰা অনুপ্ৰাণিত হৈ সাহিত্য ৰচনা কৰিলে আৰু এইক্ষেত্ৰত বিখ্যাত বংগীয় সাহিত্যক শৰৎ চটোপাধ্যায়, ৰবীন্দ্ৰ নাথ ঠাকুৰৰ লেখাৰ প্ৰভাৱ অপৰিসীম। বংগ দেশলৈ পঢ়িবলৈ কটন কলেজৰপৰা বি.এ পাছ কৰাৰ পাছত যিবোৰ ছাত্ৰ গ’ল তেওঁলোক ইয়াৰ দ্বাৰা বাৰুকৈয়ে প্ৰভাৱান্বিত হ’ল। এইখিনিতে কৈ থওঁ, তেতিয়ালৈ মানে, ১৯৪৮ চনলৈ অসমত এম এ পঢ়াৰ কোনো সুবিধা নাছিল। ১৯৪৮ চনতহে গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছিল। অৱশ্য সৌভাগ্যৰ কথা অসমীয়া পঢ়িবৰ বাবে কলিকতা বিশ্ববিদ্যালয়ত তেতিয়া পাঠদানৰ ব্যৱস্থা আছিল। আমাৰ মহেশ্বৰ নেওগ, সত্যেন্দ্ৰ নাথ শৰ্মা আদিয়ে কলিকতা বিশ্ববিদ্যালয়ৰ পৰাই এম এ পাছ কৰিছিল। বহুতে ক’ব খোজে যে, বংগদেশীয় লোকসকলে অসমীয়া ভাষাৰ বিৰুদ্ধাচৰণ কৰিছিল, এই কথাটো কিমান সঁচা মোৰ সন্দেহ আছে। কাৰণ বংগদেশীয় লোকসকলৰ অনুপ্ৰেৰণা লাভ কৰিহে যেনিবা অসমীয়া সাহিত্য আগবাঢ়িবলৈ সক্ষম হ’ল বুলি মই ভাবোঁ, কাৰণ বংগ দেশত যিসকলে অধ্যয়ন কৰিছিল তেওঁলোকেই সাহিত্যৰ সৃষ্টি কৰিছিল। আনকি বেজবৰুৱাই বিয়া কৰালে বংগদেশীয় নাৰীক। গতিকে বংগদেশৰ লোকসকলৰ সৈতে অসমীয়া লোকৰ কাজিয়া বুলি বা ভাষিক কাজিয়া আছিল বুলি মই নাভাৱোঁ। এই কথাবোৰৰপৰা এইটোৱেই প্ৰমাণ হয়।
ফটাঢোল : বংগীয় সাহিত্যত যিমানখিনি বৈচিত্ৰতা আছে মানে মই ক’ব খুজিছোঁ সমাজৰ সকলো শ্ৰেণীৰ পাঠকৰ ক্ষুধা নিবাৰণ কৰিবৰ বাবে বঙালী ভাষাত সাহিত্য উপলব্ধ, অসমীয়া ভাষাৰ সাহিত্য এই ক্ষেত্ৰত কিছু পিছ পৰি আছে বুলি আপুনি নাভাৱেনে?
বসন্ত কুমাৰ ভট্টাচাৰ্য : অভাৱ আছে। অৱশ্যে বহু ক্ষেত্ৰত বংগ দেশীয় চৰিত্ৰৰপৰাই অসমীয়া সাহিত্যই সমল গোটাইছে। বংগ দেশীয় বহু চৰিত্ৰই আৰু পৰিবেশে অসমীয়া সাহিত্যত ভূমুকি মাৰিছে।
ফটাঢোল : এটা উদাহৰণ পাম নেকি?
বসন্ত কুমাৰ ভট্টাচাৰ্য : অঁ, উদাহৰণ স্বৰূপে, অসমীয়া বুৰঞ্জীমূলক উপন্যাসৰ সৃষ্টিকৰ্তা ৰজনীকান্ত বৰদলৈ। তেওঁৰ আটাইখিনি বুৰঞ্জীমূলক উপন্যাস যেন বংগদেশীয় লেখকৰ পৰাই গ্ৰহণ কৰিলে, তেনে লাগে। এইটো আমি ক’বলৈ বাধ্য হৈছোঁ। নাটকবোৰতো, ঠিক একেই পৰিবেশ আহিছে কাৰণ আমাৰ পাৰিবেশিক বাস্তৱতাৰ বংগৰ লগত যথেষ্ট মিল আছে। গতিকে পাৰিবেশিক বাস্তৱতাই জীৱন সমগ্ৰতাক তুলি ধৰিছে সাহিত্যৰ জৰিয়তে। আচলতে, সঁচা কথাটো হ’ল ৰবীন্দ্ৰনাথৰ প্ৰভাৱৰপৰা ভাৰতৰ কোনো ভাষাৰ কোনো সাহিত্যিক সাৰি যাব পৰা নাই।
ফটাঢোল : ছাৰ, বহুখিনি কথা একেলগে পাতিলোঁ, আপুনিও একেৰাহে কৈ আছে, ভাগৰ লাগিছে চাগৈ আপোনাৰ। অকণমান আৰাম কৰি ল’ব নেকি?
বসন্ত কুমাৰ ভট্টাচাৰ্য : নাই নাই ভাগৰ লগা নাই। সোধা আৰু কি সুধিবা।
ফটাঢোল : আপুনি যিখিনি সময়ত লেখা-মেলা আৰম্ভ কৰিছিল বা তাৰ আগৰ নলবাৰীত লেখাৰ পৰিবেশটো কেনেকুৱা আছিল?
বসন্ত কুমাৰ ভট্টাচাৰ্য : তুমি জানি ভাল পাবা হয়তো, ১৯৫০ চনতে নলবাৰীৰপৰা আলোচনী ওলাইছিল। ‘জেউতী’ নামৰ সেই আলোচনীখন সম্পাদনা কৰিছিল কালিন্দ্ৰ কলিতাই। জেউতী প্ৰতিষ্ঠান এতিয়াও আছে।ত্ৰৈলোক্যনাথ গোস্বামীয়ে লিখিছিল, উমাকান্ত শৰ্মা আছিল ইয়াৰ প্ৰকাশক। এই আলোচনীখন প্ৰকাশ পাইছিল ১৯৪৫ চনতে গঢ় লৈ উঠা নলবাৰী সাহিত্য সমাজ গঠনৰ পাছত। ১৯৬৫ চনত নলবাৰীত অসম সাহিত্য সভাৰ অধিবেশন অনুষ্ঠিত হয়, সভাপতিত্ব কৰিছিল ড° ডিম্বেশ্বৰ নেওগে। নলবাৰীত এতিয়ালৈ এবাৰেই সাহিত্য সভাৰ অধিবেশন অনুষ্ঠিত হৈছে।অৱশ্যে ইয়াৰ আশে-পাশে ভালেকেইখন ঠাইত এই অধিবেশন অনুষ্ঠিত হৈছে আৰু এই সকলো অধিবেশনতে নলবৰীয়াৰ অংশগ্ৰহণ আছিল চকুত লগা।
ফটাঢোল : আপুনি গৱেষণা কেতিয়া কৰিলে?
বসন্ত কুমাৰ ভট্টাচাৰ্য : গৱেষণা মই বৰ পলমকৈ কৰিলোঁ। ১৯৯৫ চনত। আমাৰ সময়ত গৱেষণাৰ কামটো মুখ্য কাম নাছিল। মোৰ গৱেষণাৰ বিষয় আছিল ভোলানাথ দাস। ভোলানাথ দাসৰ ৰচনাৱলীৰ লোক-সাংস্কৃতিক উপাদান আৰু সেইখিনি মই অধ্যয়ন কৰাৰ বাবেহে আজি তোমাক এইখিনি ক’ব পাৰিলোঁ। আজি ইমান পৰে এইখিনি কথা যে মই ক’লোঁ, এইখিনিৰ মূল কথা হ’ল মোৰ গৱেষণা।
ফটাঢোল : নাটকৰ কথা সোধোঁ। আপোনাৰ লগত আজি কথা পাতিবলৈ অহাৰ আগতে আপোনাৰ জীৱন আৰু কৃতিৰ বিষয়ে মই যিখিনি কথা জানিছিলোঁ তাৰ পৰা গম পাওঁ নাটক আপোনাৰ খুবেই প্ৰিয়। আপুনি এগৰাকী প্ৰতিস্থিত নাট্যকাৰ হোৱাৰ লগতে এগৰাকী ভাল অভিনেতাও আছিল।
বসন্ত কুমাৰ ভট্টাচাৰ্য : অঁ, নাটক মোৰ খুব প্ৰিয়। এই যে অলপ আগতে তুমি মোৰ গৱেষণা পলমকৈ হোৱাৰ কথা ক’লা, আচলতে গৱেষণা মোৰ প্ৰয়োজন হোৱা নাছিল। মই ভাবিছিলোঁ, গৱেষণা কৰাতকৈ সেই সময়খিনিত নাটক এখনকে লিখোঁ। নাটক মানুহৰ বৰ প্ৰিয়। মই ভ্ৰাম্যমাণৰ বাবেও নাটক লিখিছোঁ। ১৫ খন একাংক নাট লিখিছোঁ। অভিনয় কৰিছোঁ। অভিনয়ৰ বাবে পুৰস্কাৰো পাইছিলোঁ ১৯৮২ চনত ডিফুত। ডিফুত মোৰ দুজন বন্ধু আছিল, ৰংবং টেৰাং আৰু লোকনাথ গগৈ। মনত পৰে ৰংবং টেৰাঙে তেতিয়া ধুতি পিন্ধিছিল। সেই সময়তে ডিফুত ধুতি পিন্ধা লোকজনে অসম সাহিত্য সভাৰ সভাপতি হোৱাৰ সময়ত কিন্তু ধুতি পিন্ধিবলৈ মান্তি নহ’ল। কথাটোত অকণমান বিতৰ্কও হৈছিল। মানুহজন খুব ভাল আৰু সৎ মানুহ। তেওঁৰ ‘ৰংমিলিৰ হাঁহি’ এখন খুব উৎকৃষ্ট উপন্যাস বুলি মই বিশ্বাস কৰোঁ।
ফটাঢোল : আপুনি অসম সাহিত্য সভাৰ লগত কেনেকৈ জড়িত হ’ল?
বসন্ত কুমাৰ ভট্টাচাৰ্য : ত্ৰৈলোক্যনাথ গোস্বামী। তেঁৱেই আমাক সভালৈ পঠিয়াই “যোৱাহে তোমালোক সাহিত্যৰ মানুহ, তোমালোক সভাৰ লগত জড়িত হ’ব লাগে” বুলি কৈ। ত্ৰৈলোক্যনাথ গোস্বামী আছিল বৰ ৰসিক মানুহ। আধুনিক কবিতা তেওঁ ভালপোৱা নাছিল। তেওঁ কয়, আধুনিক কবিতা বৰ সস্তীয়া হৈছে হে! আমি সোধোঁ, ছাৰ কেনে সস্তীয়া? তেওঁ কয়, “এদিনাখন আছিলোঁ মই বেঞ্চৰ ওপৰত বহি, এনেতে মুখত মোৰ বিৰিঙিল হাঁহি, হাঁহি হাঁহি মই বাগৰি পৰিলোঁ, ধহ মহ খাই উঠি মই চাহ খাবলৈ গ’লোঁ।”
এইটো এটা কবিতা হ’ল? এয়া আছিল ছাৰৰ হিউমাৰ। তেওঁ বক্তৃতা দিবলৈ বৰ বেয়া পাইছিল যদিও তেওঁ বৰ ভাল বক্তা আছিল। কোনো এখন সভাত এদিন ক’লে, “হেৰা বসন্ত, প্ৰথমে হৰি দত্তকে দিওঁ দিয়া ভাষণ দিবলৈ, তেওঁ নতুনকৈ ডক্টৰেটও হৈছে।” মই ক’লোঁ, “দিয়ক ছাৰ।” হৰি দত্ত শৰ্মাই দীঘলীয়া বক্তৃতা দিয়ে, প্ৰায় দুঘণ্টা। তেওঁ বক্তৃতা দিয়া আৰম্ভ কৰি শেষ নকৰেহে নকৰে। গোস্বামী ছাৰে ক’লে, “বসন্ত এওঁ নবহে দেখোন! কি কৰা যায়?” অৱশেষত হৰি দত্ত শৰ্মা বহিল। তেওঁ ছাৰক সুধিলে, “ছাৰ বক্তৃতা কেনে হৈছিল?” কাৰণ তেঁৱো জানে ত্ৰৈলোক্য গোস্বামীয়ে ভাল বুলিলে আৰু আনে বেয়া বুলিলেও একো কথা নাই। ছাৰে তেতিয়া লাহেকৈ ক’লে, “মাৰণ মাৰা দিছ হা। গৰুও ফুৰাইছা, ধানো জোকাৰিছা, ধান ভঁৰালত সুমুৱাইছাও।” এয়া আছিল ত্ৰৈলোক্য গোস্বামীৰ হিউমাৰ।
ফটাঢোল : ইমানপৰে আপোনাৰ পঢ়া-শুনাৰ কথা গম পালোঁ, চাকৰিৰ কথা গম পালোঁ, এতিয়া আপোনাৰ বিয়াৰ কথা সোধোঁ। বিয়াখন কেতিয়া হ’ল ছাৰ?
বসন্ত কুমাৰ ভট্টাচাৰ্য : মোৰ বিয়া বৰ দুৰ্যোগৰ মাজেদি গৈছে। মই ঘৰৰ এটাই ল’ৰা, পাঁচজনী ছোৱালীৰ মাজত। এম এ পাছ কৰাৰ পাছতেই ছোৱালী চোৱা হ’ল। ময়ো সন্মতি দিলোঁ, কাৰণ আমাৰ অলপ মাটি-বাৰী আছিল, গতিকে ভাবিলোঁ চাকৰি নাপালেও মাটি বাৰীখিনি চলায়েই ভাত খাব পাৰিম। মা-দেউতায়ো বেলেগলৈ যাব নিদিয়ে, গতিকে বিয়া সোনকালে পতাৰ মতলব। মোৰ বাবে ছোৱালী চোৱা মানুহে এওঁকে পচন্দ কৰিলে, সেয়া আছিল ১৯৬৮ চনৰ কথা। বিয়াৰ চাৰিদিনৰ আগতে মোৰ দেউতা ঢুকাল। গতিকে বিয়া পিছুৱালে। তাৰপাছত একেটা বছৰতে মাও ঢুকাল। গাঁৱৰ ঘৰত ডকাইতি হ’ল। এনেকৈ ভালেকেইটা দুৰ্যোগ আহিল। মোক মোৰ শুভাকাংখীসকলে গাঁৱৰ ঘৰৰপৰা নলবাৰীলৈ গুচি অহাৰ পৰামৰ্শ দিলে। সেই মতেই ইয়াত নলবাৰীৰ এই ঘৰত অৱশেষত ১৯৬৯ চনৰ ২৮ অক্টোবৰত আমাৰ বিয়া হ’ল। মোৰ ল’ৰা দুজন, ছোৱালী দুজনী। ৰঞ্জনা, অঞ্জনা, সুশান্ত আৰু দিগন্ত।
ফটাঢোল : ব্যক্তিগত জীৱনত আপোনাৰ পৰিয়ালটো খুব নিয়াৰিকৈ চলাই নিয়াৰ বাদেও আপোনাৰ সৃষ্টিকৰ্মৰ ক্ষেত্ৰত বৰমাৰ ভূমিকা কিমান?
বসন্ত কুমাৰ ভট্টাচাৰ্য : মোৰ পৰিবাৰৰ এই ক্ষেত্ৰত ভূমিকা প্ৰচুৰ বুলি মই বিনাদ্বিধাই স্বীকাৰ কৰোঁ। তেওঁ নলবাৰী কলেজৰ ছাত্ৰী আছিল। ল’ৰা-ছোৱালীকেইটা মানুহ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ কৃতিত্ব তেওঁৰ, এই ক্ষেত্ৰত মোৰ কোনো অৱদান নাই।
ফটাঢোল : অসমীয়া সাহিত্য আপোনাৰ জীৱনেই নহয়, জীৱিকাও। কাৰণ আপুনি অসমীয়া সাহিত্যৰ এগৰাকী ছাত্ৰ আৰু শিক্ষকতাও কৰিছিল সেই বিভাগতে।আকস্মিকভাৱে চিকিৎসা শাস্ত্ৰৰ পাঠ্যক্ৰম বাদ দিব লগা নোহোৱাহেঁতেন ইমানখিনি অনবদ্য সাহিত্যৰ সৃষ্টি সম্ভৱ হ’লহেঁতেন বুলি আপুনি ভাবেনে?
বসন্ত কুমাৰ ভট্টাচাৰ্য : নহ’লহেঁতেন। সেইখন এখন বেলেগ জগত। মই যদি অসমীয়া সাহিত্যৰ ছাত্ৰ নহ’লোঁহেঁতেন তেতিয়া মোৰ সৃষ্টি নহ’লহেঁতেন। এই কথা মই ন-দি ক’ব পাৰোঁ। সেই ভিন্ন জগতখনত ব্যস্ত হৈ থাকিলে সাহিত্যৰ লগত ইমান নিবিড় সম্পৰ্ক ৰক্ষা কৰি চলাটো সম্ভৱ নহ’লহেঁতেন। দুয়োখন জগততে কৃতি ৰাখি যোৱা দুই এক ব্যতিক্ৰম হয়তো ওলাব কিন্তু মোৰ ক্ষেত্ৰত এইটো নহ’লহেঁতেন বুলিয়েই মই বিশ্বাস কৰোঁ।
ফটাঢোল : আপোনাৰ সুদীৰ্ঘ জীৱনত আপুনি অনেক পুৰস্কাৰ আৰু সম্বৰ্ধনাৰে সন্মানিত হৈছে। এনে ধৰণৰ ৰাজহুৱা স্বীকৃতিয়ে সৃষ্টিত কি ধৰণে প্ৰভাৱ পেলায়?
বসন্ত কুমাৰ ভট্টাচাৰ্য : পুৰস্কাৰ প্ৰেৰণাৰ এটা উৎস বুলি ক’ব পাৰি কিন্তু কেৱল প্ৰেৰণাই সাহিত্যৰ সৃষ্টি কৰিব নোৱাৰে। মোৰ মত এইটো।
ফটাঢোল : ছাৰ, যদিও আপুনি ভাগৰ লগা নাই বুলি কৈছে কিন্তু এইবাৰ ময়েই আপোনাক বাধা দিওঁ। অকণমান বিৰতি লওঁ আহক। আমাৰ আৰু বেছি কথা পাতিবলৈ নাই তথাপি অকণমান ৰৈ লওঁ৷
বসন্ত কুমাৰ ভট্টাচাৰ্য : ঠিক আছে দিয়া৷
এইখিনিতে আমাক বৰমা আৰু ছাৰৰ ডাঙৰ বোৱাৰীয়ে (সম্বিতা বৌ) আমাক ‘অকণমান চাহ’ বুলি দুপৰীয়া ভূৰি ভোজন কৰালে। সুদীৰ্ঘ সময়
ড° বসন্ত কুমাৰ ভট্টাচাৰ্য ছাৰৰ জীৱন পৰিক্ৰমা আৰু সামগ্ৰিকভাৱে অসমীয়া সাহিত্যৰ এছোৱা বৰ্ণিল সময়ত বিচৰণ কৰি ফুৰাৰ পাছত কিছুসময়ৰ বাবে কেৱল শুনা গ’ল লুচী, ভাজি, আচাৰটো পাছ কৰি দিয়া, চাহত চেনি দিমনে আদি শব্দ আৰু হাঁহি ধেমালি। সমান্তৰালভাৱে চলি থাকিল ফটো চেছন।
বিৰতিৰ পাছত-
ফটাঢোল : আমি লাহে লাহে শেষ কৰোঁ ছাৰ।
বসন্ত কুমাৰ ভট্টাচাৰ্য : হয়।
ফটাঢোল : আজৰি সময় বুলিবলৈ আপোনাৰ জীৱনত কিবা আছেনে নাই! গান শুনা, চিনেমা চোৱাৰ অভ্যাস আপোনাৰ আছেনে?
বসন্ত কুমাৰ ভট্টাচাৰ্য : গান শুনি মই ভাল পাওঁ। মই জুবিনৰ গান ভালপাওঁ। খুব ভালপাওঁ। তেওঁৰ যিটো কণ্ঠ, সেইটোৱে মোক অভিভূত কৰে। ড° হাজৰিকাৰ কথা বেলেগেই। তেওঁক মই এই আলোচনালৈ অনাই নাই। বৰ্তমান প্ৰজন্মত জুবিন মোৰ প্ৰিয় গায়ক আৰু গীতিকাৰ। সিফালে লতা মংগেছকাৰ, লগতে সহপাঠী বন্ধু দীপালি বৰঠাকুৰ। খগেন মহন্তও অন্য এজন মোৰ প্ৰিয় শিল্পী। একেলগে অভিনয়ৰ কথা কৈ থওঁ। নিপন গোস্বামী মোৰ প্ৰিয় অভিনেতা।
ফটাঢোল : শেহতীয়া অসমীয়া চিনেমা কিবা চাইছেনে?
বসন্ত কুমাৰ ভট্টাচাৰ্য : নাই। টিভিত ওলালে মাজে মাজে দুই এখন চকুত পৰে।
ফটাঢোল : সাম্প্ৰতিক নাটকৰ বিষয়ে আপোনাৰ ধাৰণা কেনেকুৱা?
বসন্ত কুমাৰ ভট্টাচাৰ্য : সাম্প্ৰতিক নাটকৰ দুটা ধাৰা। এটা ভ্ৰাম্যমান, যিটো পেছাদাৰি আৰু এটা হ’ল এমেছাৰ বা অপেছাদাৰি কিন্তু বৰ্তমান নাটকৰ ধাৰাটোৱে মোক মুগ্ধ কৰিছে, সেইটো ক’বপৰা নাযায়। মই অনুমান কৰোঁ নাটকৰ প্ৰতি যেন নতুন প্ৰজন্ম বৰ আকৰ্ষিত নহয়। পৰীক্ষাকেন্দ্ৰিক শিক্ষা ব্যৱস্থায়ো ইয়াত প্ৰভাৱ পেলাইছে। ল’ৰা-ছোৱালীৰ সময় ক’ত আছে নাটকৰ বাবে, সেইটোও এটা কথা।
ফটাঢোল : চ’ছিয়েল মিডিয়াৰ বিষয়ে আপুনি কি ভাবে? আজিকালি ভালেমান উৎকৃষ্ট সৃষ্টি চ’ছিয়েল মিডিয়া প্লেটফৰ্মতে হৈ আছে। সমাদৰো লাভ কৰিছে। এই বিষয়ে আপুনি অৱগত নে?
বসন্ত কুমাৰ ভট্টাচাৰ্য : হয়। জানো।
ফটাঢোল : ইয়াৰ বিপৰীতে কোনো কোনো মহলে এনে লেখক লেখিকাৰ সৃষ্টিক ফেচবুকীয়া সাহিত্য বুলি ইতিকিং কৰাও দেখা যায়। এয়া উচিত নহয় যেন লাগে। আপুনি এই বিষয়ে কি ক’ব?
বসন্ত কুমাৰ ভট্টাচাৰ্য : একেবাৰে উচিত নহয়। মই এইটো এশবাৰ ক’বলৈ দ্বিধাবোধ নকৰোঁ। ফেচবুকৰ সাহিত্যয়ো উচ্চ খাপৰ সাহিত্য বুলি দাবী কৰিব পাৰে। আনহাতে আজিকালি ঘৰে বাহিৰে চাৰিওফালে দুটা চাৰিটা কবিতা বা গল্প লিখি কিতাপ এখন উলিয়াই নিজকে কবি সাহিত্যিক হিচাপে প্ৰতিষ্ঠা কৰাৰ মানসিকতা, সেইটো বৰ উৎসাহজনক নহয়।
ফটাঢোল : প্ৰান্তিকত আপুনি নিয়মীয়াকৈ কবিতা লিখি আছে, নহয় জানো?
বসন্ত কুমাৰ ভট্টাচাৰ্য : হয়, মই প্ৰান্তিকত বহুদিনৰপৰা কবিতা লিখি আছিলোঁ। আগতে অলপ পাতলীয়া আছিল এতিয়া অলপ সঘনাই লিখি আছোঁ।
ফটাঢোল : সমালোচনা কৰাসকলে সতকাই সমালোচনা কৰে, আনকি প্ৰান্তিকৰ বহু পুৰণা পাঠকেও কৰা চকুত পৰে যে, ড° ভবেন্দ্ৰনাথ শইকীয়াৰ পাছত প্ৰান্তিকৰ মানৰ অৱনমন ঘটিছে আৰু এই আলোচনাটো কৰিবৰ বাবে সততে তেওঁলোকে প্ৰান্তিকৰ কবিতাক আক্ৰমণৰ লক্ষ্য হিচাপে লয়। আপুনি প্ৰান্তিকৰ এগৰাকী নিয়মীয়া কবি। আপুনি কি ভাবে প্ৰান্তিকৰ কবিতাৰ মান কি সঁচাই নিম্নগামী হৈছে নেকি?
বসন্ত কুমাৰ ভট্টাচাৰ্য : কেতিয়াবা দুই এটা যে নহয়, সেইটো মই নকওঁ। কিন্তু সেইটো ইমান আলোচনাৰ মাজলৈ অনাৰ প্ৰয়োজন মই নেদেখোঁ। একোজন ভাল কবিৰ কবিতাও বেয়া থাকে কোনোবাটো। হেম বৰুৱাৰ সকলো কবিতাৰ মাজত অকবিতা নাই বুলি ক’ব পাৰি জানো? তেনেকৈ নৱকান্ত বৰুৱাৰো দুই এটা কবিতা মোৰ দৃষ্টিত কবিতাৰ শাৰীত নপৰে।
ফটাঢোল : মই অকপটে স্বীকাৰ কৰোঁ আপোনাৰ সমগ্ৰ গল্প মই পঢ়া নাই কিন্তু যিসমূহ গল্প মই এতিয়ালৈ পঢ়িছোঁ তাৰপৰা মোৰ ধৰাণা হয়, আমাৰ প্ৰায় প্ৰতিটো গল্পৰ পটভূমি গ্ৰাম্য জীৱন আৰু গ্ৰাম্য সৰলতা।নলবাৰী চহৰত আপোনাৰ জীৱনৰ অধিকাংশ সময় পাৰ হৈছে। আপোনাৰ গল্পত চিত্ৰিত সেই গ্ৰাম্য পটভূমি বাঁউসীয়াপাৰাৰ শৈশৱৰ স্মৃতিৰ পৰাই অংকন কৰেনে?
বসন্ত কুমাৰ ভট্টাচাৰ্য : হয়, শৈশৱৰ সেই গাঁওখনৰ স্মৃতিয়েই মোৰ সাৰথি আৰু এটা কথা নলবাৰীক চহৰ বুলি ক’লেও বা নলবাৰী এখন ব্যৱসায় কেন্দ্ৰিক ব্যস্ত চহৰ হ’লেও ই এখন গাঁৱলীয়া চহৰ। ই এখন চহৰমুখী চহৰ নহয় আৰু গাঁওমুখী গাঁৱো নহয়। এই দুইটাৰ মাজত নলবাৰী আজিলৈ দুলি আছে।
ফটাঢোল : আমি আহি আহি আমাৰ আলোচনাৰ প্ৰায় শেষত উপনীত হৈছোঁহি। আমি সকলোৱে জানো আপোনাৰ আটাইকেইগৰাকী সন্তান সু-শিক্ষাৰে শিক্ষিত আৰু নিজৰ নিজৰ কৰ্মক্ষেত্ৰত বৰ্তমান প্ৰতিস্থিত। আপোনাৰ কনিষ্ঠ পুত্ৰ দিগন্ত ভট্টাচাৰ্য সাম্প্ৰতিক অসমীয়া সাহিত্যত এটা জনপ্ৰিয় নাম।ফেচবুকৰপৰা ব্যাপক জনপ্ৰিয়তা লাভ কৰা দিগন্তৰ লেখাবোৰ ইতিমধ্যে কিতাপ আকাৰেও ওলাইছে। বহুল পঠিতও হৈছে। দিগন্তৰ লেখা আৰু কিতাপ আপুনি পঢ়িছেনে নাই? লেখক হিচাপে আপুনি দিগন্ত কুমাৰ ভট্টাচাৰ্যক কি স্থানত ৰাখে?
বসন্ত কুমাৰ ভট্টাচাৰ্য : তাৰ লেখা মই পঢ়োঁ। তাৰ ভৱিষ্যত আছে যদি চেষ্টাটো ৰাখে। অলপতে দুটা গল্প লিখিছে, মই পঢ়িছোঁ, বেয়া হোৱা নাই। ভাল হৈছে কিন্তু মই জানো, সি যিখন জগতত আছে সেইখন সম্পূৰ্ণ মেকানিকেল জগত এখন। সেইখন জগতৰপৰা লেখা মেলাৰ ধাৰাবাহিকতা আৰু গুণাগুণ অক্ষুণ্ণ ৰখাটো টান কাম হ’ব বুলি মই বুজি পাওঁ।
ফটাঢোল : আপোনাৰ লগত কথা পাতি থাকোঁতে সময় কেনেকৈ পাৰ হ’ল গমেই নাপালোঁ। আচলতে ইয়ালৈ অহাৰ সময়ত মনত শংকা আছিল যে আমাৰ সীমিত জ্ঞানেৰে আপেনাৰ দৰে মনীষী এজনৰ লগত আমি কেনেকৈ কথা পাতিম। অশেষ ধন্যবাদ ছাৰ আপোনালৈ ফটাঢোল গোটৰ সমূহ সদস্যৰ হৈ আপোনালৈ সেৱা যাছিলোঁ। ঈশ্বৰে আপোনাক দান কৰক সুস্বাস্থ্য আৰু সুদিন।
বসন্ত কুমাৰ ভট্টাচাৰ্য : তোমালৈকলৈও শুভেচ্ছা থাকিল এই কথাখিনি মোক পুনৰাবৃত্তি কৰিবলৈ সুযোগ দিয়াৰ বাবে। কথা পাতি ভাল লাগিল। সন্মুখৰজনৰ কথা বতৰাই যেতিয়া মানুহক মুগ্ধ কৰে তেতিয়া আৰু ভাল লাগে। কেতিয়াবা কাৰোবাৰ লগত কথা পাতিলে গাটো বিছাই ডকা দিয়ে। গতিকে মানুহ দুই ৰকমৰ আছে। কথা কোৱাটো, লিখিব জনাটো এটা কলা। এই কলাটোৱেই আচল। তোমালোকৰ লগত কথা পাতি ভাল লাগিল। আশীৰ্বাদ আছে।
(হিমাংশু ৰাজখোৱাৰ সামগ্ৰিক পৰিকল্পনা আৰু ব্যৱস্থাপনাত ফটাঢোলৰ হৈ এই সাক্ষাৰকাৰটো গ্ৰহণ কৰা অভিজিত গোস্বামী, দুলাল বৰা, কৃষ্ণ দাস, নয়নমনি হালৈ, সুকুমাৰ গোস্বামী, ধূৰ্জ্জটি কাকতিলৈ আৰু ড° বসন্ত কুমাৰ ভট্টাচাৰ্যৰ পৰিয়ালবৰ্গলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷
সম্পাদিকা,
ফটাঢোল- ই- আলোচনী,
এপ্ৰিল সংখ্যা)
☆ ★ ☆ ★ ☆
11:29 am
বৰ সুন্দৰ সাক্ষাৎকাৰ। তথ্য সমৃদ্ধ আৰু সংৰক্ষণ কৰিব লগীয়া এক সমল ইয়াৰ কথাখিনি। চাৰৰ জীৱন কাল অসমীয়া সাহিত্য আৰু অসমীয়া সমাজ জীৱনৰ এখন বহুমূলীয়া দলিল।
11:53 am
ধন্যবাদ দাদা।
11:35 am
ইমান এটা সুন্দৰ সাক্ষাৎকাৰ৷ অভিভূত হৈ পৰিলোঁ৷ চাৰক অশেষ ধন্যবাদ৷ তেওঁৰ সুস্থ শৰীৰৰ কামনা কৰিলোঁ৷
11:53 am
এই সুযোগ দিয়াৰ বাবে ধন্যবাদ।
12:15 pm
ফটাঢোল ই-আলোচনীৰ এতিয়ালৈ প্ৰকাশ হোৱা সাক্ষাৎকাৰবোৰৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ। বহুত ভাল লাগিল, ভাষাৰে বুজাব নোৱাৰিম।
চাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো
12:32 pm
সচাই এটা সুন্দৰ সাক্ষাৎকাৰ৷ গোটেই পৰিকল্পনাটোৰ এটা ক্ষুদ্ৰ অংশ হবলৈ পায় ধন্য হৈছো৷
12:50 pm
তুমি মেইন হে হালৈ ?
1:06 pm
বৰ ভাল লাগিল সাক্ষাতকাৰটো। বহু নজনা কথা জানিব পাৰিলোঁ।
1:10 pm
এটা সুন্দৰ সাক্ষাৎকাৰ। বিৰাট ভাল লাগিল
2:18 pm
বৰ ভাল লাগিল সাক্ষাৎকাৰটো ৷
2:19 pm
বৰ ভাল লাগিল সাক্ষাৎকাৰটো ৷
2:47 pm
ছাৰৰ লগ পোৱাটো এক স্মৰণীয় ঘটনা হিচাপে মনত থাকিব।
3:08 pm
বৰ ভাল লাগিল তেখেতৰ বিষয়ে জানিবলৈ পাই।
3:14 pm
ভাল লাগিল।
3:33 pm
বৰ ভাল পালো। বহুত কথা জানিব পালো ছাৰৰ পৰা।
ধন্যবাদ সাক্ষাৎকাৰৰ লগত জড়িত সকলোলৈকে
4:28 pm
ছাৰৰ কথাবোৰ এক কাহিনীৰ দৰেই লাগিল৷ তেতিয়াৰ সমাজৰ দৃশ্যবোৰ আৰু সাহিত্যৰ মনিষীসকলৰ কথাবোৰ ইমান সুন্দৰকৈ জনালে! বহুত নজনা কথা শিকিলোঁ৷ছাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ৷
4:32 pm
বৰ ভাল লাগিল।
5:21 pm
ছাৰৰ দৰে এজন বিদ্বান -গুণী সাহিত্যিকৰ সাক্ষাৎকাৰে যুগুত কৰি আমাক পঢ়িবলৈ সুযোগ দিয়াৰ বাবে ফটাঢোলৰ ওচৰত আমি কৃতজ্ঞ ।বহু নজনা কথা জানিব পাৰিলোঁ।বৰ সুন্দৰকৈ যুগুত কৰা হৈছে। ছাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।
8:27 pm
আলোচনীখন আজি প্ৰকাশ হয় বুলি জানি প্ৰথমেই সাক্ষাৎকাৰটো পঢ়িলোহি৷ বহুত ভাল লাগিল৷ বহুত কথা জানিলোঁ৷ তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ লগতে ফটাঢোলৰ সম্পাদক নীলাক্ষী আৰু সাক্ষাৎকাৰ গ্ৰহণকৰোতা সকললৈ অভিনন্দন আৰু ধন্যবাদ এই চেগতে৷ ????????????
7:15 am
বহুত জানিব লগীয়া কথাৰ সম্ভাৰ এই সাক্ষাৎকাৰ
7:22 am
বৰ সুন্দৰ সাক্ষাৎকাৰ। বহু নজনা কথা জানিলো। ধন্যবাদ ফটাঢোল
10:10 am
বৰ ভাল লাগিল।
11:23 am
ফটাঢোল আলোচনীৰ এতিয়ালৈকে পঢ়া সাক্ষাৎকাৰসমূহৰ ভিতৰত এইটো অন্যতম। নাটকৰ বিষয়ে তেওঁৰ পৰা বহুত কিবা কিবি শিকিবলৈ পাম বুলি ভাবোঁ। বঙালী ভাষা সংস্কৃতি আৰু অসমীয়া ভাষা সংস্কৃতিৰ মাজৰ সমন্ধৰ বিষয়ে নতুন দিশত চিন্তা কৰিবলৈ এই সাক্ষাৎকাৰটোৱে সমল দিব। ধন্যবাদ টিম ফটাঢোল এই সাক্ষাৎকাৰটো যুগুত কৰাৰ বাবে। বহু নজনা কথা জানিলোঁ।
ড° বসন্ত কুমাৰ ভট্টাচাৰ্যৰ ডাঙৰীয়াৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।
11:43 am
খুউব ভাল লাগিল পঢ়ি৷
11:31 am
বহুত ভাল লাগিল