ফটাঢোল

পঞ্চপদী পদ্য – হেমেন ডেকা

(১)

সমস্যা সমাধানৰ দাবীত কৰি আছোঁ আন্দোলন

জাতিক উদ্ধাৰ নকৰালৈকে যুঁজাৰ আছে পণ

      আমাৰ দাবী-ন্যায্য দাবী

       নহয় আমি সুবিধাবাদী

সোণৰ অসম গঢ়িহে এৰিম পালেই গাদীখন

 

(২)

ঢাক-ঢোল বজাওঁহে বজাওঁ কোনেও নকৰে কাণ

কি হ’ব, তাৰ বাহিৰে যে আমাৰ উপায়ো নাই আন

      তৈয়াৰ কৰিলোঁ কিমান আঁচনি

       তথাপি দেখোঁ নাপাওঁ শলাগনি?

দুখ লাগে- আমি হেনো কণা হাঁহক দি আছোঁ পতান!

 

(৩)

অনিশ্চিত ভৱিষ্যত- চাৰিওপিনে আন্ধাৰ ঘন

সুযোগ মিলিলেই হৈ যাওঁ ৰং-ধেমালিত মগন

         বিশেষ নাই কাম-কাজ

         চামচাগিৰিত কি লাজ

বেছিকৈ আশাও নকৰোঁ- এয়াই জীৱন দৰ্শন৷

 

(৪)

হাঁহৰ ওপৰত শিয়াল হয় ৰজা

বেলপুঙক ঠগি তীখৰে লয় মজা

            ভেবাৰ উঠে খং 

             ঠগৰ লাগে ৰং

অতি গৌৰৱেৰে বৃকৰাজে দিয়ে হোৱা৷

 

(৫)

অপৰিহাৰ্য ধন-জন আৰু বাহুবল

এনেদৰেইতো সম্ভৱ ক্ষমতা দখল

          এয়াই ৰাজনীতি

           অগতিৰ ই গতি

আৰু জনা দৰকাৰ ফাঁকি মাৰা কৌশল৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *