ফটাঢোল

বহুমুখী বাইদেউ-ধূৰ্জ্জটি কাকতি

বন্ধুৰ লগত তাৰ সম্বন্ধীয়া বাইদেউ এগৰাকীৰ ঘৰলৈ গ’লোঁ৷ বাইদেউক এনেই  চিনি নেপাওঁ যদিও ফেচবুকত দেখি থাকোঁ৷ চৰকাৰৰ ভুল অৰ্থনৈতিক নীতি, বিদেশ নীতিৰপৰা আৰম্ভ কৰি, চেলিব্ৰিটিৰ বিয়া বাৰু, নাৰীৰ সাজ-পাৰ কোনো ফেচবুকৰ  বিষয়েই বাইদেৱে এৰি নিদিয়ে৷ এক কথাত ক’বলৈ গ’লে বাইদেউ এক সক্ৰিয় ফেচবুক কৰ্মী৷ মোৰ কিন্তু বাইদেউৰ ঘৰলৈ অহাৰ মূল কাৰণ হ’ল, ফেচবুকত মোৰ  বন্ধুৰ লগতে দহজনক টেগ কৰি দিয়া বাইদেউৰ ধুনীয়া ধুনীয়া খাদ্যৰ ফটোবোৰ। ফটোবোৰ দেখিয়েই লোভ লাগি যায়৷ গতিকে আজি আহি গ’লোঁ। ইমান ধুনীয়া ৰান্ধে, ভাল কিবা এটাতো খুৱাবই৷ বাইদেউৰ ঘৰৰ কলিং বে’ল মাৰিলোঁহে ভৌ-ভৌ বুলি জাৰ্মান স্পিটজ্‌ কুকুৰ এটাই খেদি আহিল৷ আহিয়েই গাত জঁপিয়াই দিলে৷ ভয়েই লাগিল কামোৰে বুলি৷ তেনেতে বাইদেউ ওলাই আহি ক’লে,  

: নো নো জিমি, আংকোল হয় আংকোল হয়৷

জিমি বাৰু কুকুৰটো বুলি বুজিলোঁ, আংকোল কোন ইফাল সিফাল চাওঁতে বুজিলোঁ আংকোল মানে মোকেই  ক’লে৷ 

: আহা আহা ই একো নকৰে, 

বাইদেৱে অভয় বাণী দিলে৷ জিমিয়ে একো নকৰে বুলি বাইদেৱে জানে, বাইদেৱে কোৱাৰ পাছত বাৰু ময়ো জানিলোঁ যে সি একো নকৰে, কিন্তু  মূল কথা জিমিয়ে বা জানেনে নাই যে সি একো নকৰে বুলি৷ যি নহওক ভয়ে ভয়ে গৈ চোফাত বহিলোঁগৈ৷ মোৰ নতুনকৈ হোৱা জাৰ্মান ভতিজা জিমিয়েও মোৰ কাষতে বহিলহি৷ ভতিজাই অৱশ্যে মোক দেখি ভাল পোৱা যেনেই লাগিল, মোক চাই চাই নেজ জোকাৰি আছিলে৷ খুড়া ভতিজাৰ মৰমৰ মাজতে বাইদেৱে মাত লগালে,  

: আচলতে তুমি দেখাত তাৰ পাপাৰ দৰে যে, সেইবাবে তোমাক দেখি ভাল পাইছে৷

তাৰ ভাল পোৱাৰ কাৰণটো শুনি  মোৰ চকু কঁপালত উঠিলে, “পাপা?” শুনি দুখ লাগি গ’ল, মোক বাৰু দেখাত জাৰ্মান স্পিটজ্‌ যেন লাগে নেকি? জিমিয়ে বাপেকক দেখা পালে যে৷

দুখেৰেই সুধিলোঁ, 

: তাৰ বাপেকো আপোনালোকৰ ঘৰৰে নেকি?

: ধেই, পাপা মানে আমাৰ এখেতৰ কথা কৈছোঁ, তোমাৰ স্বাস্থ্যটো অলপ এওঁৰ নিচিনা শকত-আৱত যে৷ 

বাইদেৱে মোৰ অজ্ঞতাত নেহাঁহি নোৱাৰিলে৷

শকত-আৱত বুলি ক’লেও যে জাৰ্মান স্পিটজ্‌ যেন বুলি যে নক’লে, সেয়ে  অলপ ভালো লাগিল বাৰু!

: আমাৰ এওঁ, বিহু কমিটিৰ মেম্বাৰ যে এইকেইদিন বহুত ব্যস্ত৷ কমিটিৰ চেক্ৰেটাৰী নামতহে, এৱেঁই মেইন।

: মানে মূখ্যমন্ত্ৰী কোনোবা ৰাজ্য কোনোবাই যে চলায়, কথাটো তেনেকুৱা নেকি বাইদেউ?

: হেঃ হেঃ! তুমি বৰ জমনি, 

বুলি বাইদেৱে নিজৰ সংস্কৃতিবান গিৰিয়েকৰ কথা বৰ গৌৰৱেৰে কোৱা আৰম্ভ কৰিলে৷ তেওঁ কিমান সামাজিক কামৰ লগত জড়িত, কিমান ডাঙৰ মানুহৰ লগত লিংক আছে আদি৷ ড্ৰয়িং ৰূমত দামী জাপি,  শৰাই এইবোৰ সজাই থোৱা দেখি মানুহে বাৰু সংস্কৃতিবান বুলিয়েই ভাবিব৷ লগতে ড্ৰয়িং ৰূমত  বাইদেৱে বিহুত সমবেত সংগীত গোৱা ফটো৷ কমিটিৰ সদস্যৰ পত্নীয়ে বাৰু বিহুত সমবেত সংগীত গাবলৈ পাবই, সেইটো অঘোষিত নিয়ম৷ মিনিষ্টাৰৰ পত্নী হ’ল বুলিয়েই ৰাজ্যিক প্ৰগ্ৰেমত বিহু নাচিবলৈ পায়৷ কমিটিৰ মেম্বাৰে অলপতো সুবিধা দিবই৷ নিৰ্বাচনৰ বতৰ৷ ৰাজনীতিৰ কথা ওলাল, বাইদেৱে ৰাজনৈতিক  নেতাবোৰৰ ক্ষুৰধাৰ সমালোচনা কৰিলে সকলো ভ্ৰষ্টাচাৰী বুলি৷ বাইদেউক সুধিলোঁ,  

: আপোনাৰ মতে কোনজন প্ৰাৰ্থী জিকিব পাৰে৷ 

বাইদেৱে ক’লে,  

: এখেতসকল সেইদিনা নিৰ্বাচন যে খেলিবলৈ বৰুৱাৰ ওচৰলৈ গৈছিলে বিহুৰ চান্দা বিচাৰি৷ ৫০ হাজাৰ টকা দিলে৷ বৰ্তমানৰ বিধায়কে দিলে মাত্ৰ পাঁচ হাজাৰ টকা৷ কোনো কাম নাই তেওঁৰ, বৰুৱা জিকিলেই ভাল৷ ডাঙৰ ঠিকাদাৰো। 

বাইদেউক ক’ম বুলি ভাবিছিলোঁ যে কিমান টকা দিলে সেইটো যেতিয়ালৈকে কোনো বিধায়কৰ যোগ্যতাৰ মাপকাঠী হৈ থাকিব, তেতিয়ালৈকে ৰাইজে ভ্ৰষ্ট নেতাই পাব৷ নিৰ্বাচন জিকাৰ পাছত যিমান টকা বিলালে সকলো সুদে-মূলে উঠাব৷ নিজৰ পকেটৰ পৰাতো নিদিয়ে৷ গণতন্ত্ৰৰ মূল সমস্যা সেয়াই, টকা দিয়া মানুহকহে যে ৰাইজে ভোট দিয়ে৷ পিচে ইমান জ্ঞান বিলাইনো কি হ’ব বুলি মনে মনে থাকিলোঁ৷ 

বাইদেৱে  আমাক চাহ খাবলৈ মাতিলে৷৷ পিচে চাহ খাবলৈ গৈ দুখহে লাগিলে, ফেচবুকত দেখুওৱা ভিন ভিন খাদ্যৰ সলনি, বজাৰৰপৰা কিনি নিয়া চানা, বিস্কুট আৰু মিঠাই এটাৰেহে চাহ দিলে৷ মনতে ভাব হ’ল ফেচবুকত বাইদেউৰ খাদ্যৰ ফটোত দিয়া লাইককেইটা যেন উঠাই দিমগৈ৷ ইমান আশাত আহি চানা বিস্কুট খাব লগা হ’ল৷ 

: বাবা নাই নেকি?

লগৰজনে সুধিলে৷ 

: আছে আছে মাতি দিছোঁ ৰ’বা৷

“বাবা বাবা৷”

মাকে মতাত মোবাইল টিপি টিপি বাবা উপস্থিত হ’লহি৷ বাবা দেখাত শকত-আৱত, অদনান শ্বামীৰ সৰুকাল যেন লাগে৷ তাৰ মোবাইল টিপনত বাধা দিয়াৰ বাবে আমালৈ বিৰক্তি সূচক চাৱনি এটা দিলে৷

: কোন ক্লাচত পঢ়ি আছা?

: ক্লাচ চেভেন, 

মোবাইলৰপৰা মূৰ নোতোলাকৈয়ে বাবাই ক’লে৷

: ওচৰত ডাঙৰ  ফিল্ড আছে, ক্ৰিকেট খেলানে নাই? 

: ধেই ক্ৰিকেট কোনোবাই খেলে নেকি,  মই টেনিচহে  খেলোঁ।

: মোবাইলত ন? 

মই হাঁহি মাৰি কোৱা জ’কটো বাবাই বৰ এটা ভাল নেপালে চাগৈ, মোলৈ কেৰাহিকৈ চালে৷

: হেঃ হেঃ! কি যে কোৱা, ইয়াক টেনিচৰ কোচিঙত দিছোঁ৷ ক্ৰিকেট সৱেই খেলে, ইয়াক টেনিচত দিছোঁ৷ লগতে  অলপ পাতলো হওক৷ মানে আমাৰ এখেত বৰ খৰচী, ইহঁতি যিয়েই খাই ভাল পায় সৱ আনি দিয়ে৷  পিজ্জা, কেক, সেইবাবেই অলপ শকত।

বাবলৈ আকৌ  এবাৰ চালোঁ, বাপেকৰ খৰচৰ চিন, মাংসৰ ৰূপ লৈ তাৰ সকলো ফালেদি উলমি আহিছে৷

বাবাক সুধিলোঁ, 

: কোন স্কুলত পঢ়়ি আছা৷

নাম কোৱাত সুধিলোঁ, চেবা নে চিবিএচচি৷

লগালগ বাইদেৱে মাত লগালে, 

: চেবাত দিব নোৱাৰি দেই, চিবিএচচিত দিছোঁ৷ চেবাত ইমান কম নম্বৰ উঠে৷

: হয় বাৰু কথাটো,

আমাৰপৰা সঁহাৰি পাই বাইদেৱে আকৌ আৰম্ভ কৰিলে, 

: আমাৰ দাদাৰ ছোৱালীজনী ইমান পঢ়াত ভাল আছিলে, সৱেই বহুত আশা কৰিছিলে, ৰিজাল্টত  ইমান কম নম্বৰ পালে, সৱৰে মন বেয়া৷ কিমান পালে জানানে?

: কিমান পালে?

: মাত্ৰ ৯১% পালে৷

বাইদেউৰ কথা শুনি মোৰ মুখৰপৰা চাহ ওলাই আহিব খুজিছিলে৷ ৯১% নম্বৰ পাই দুখ? আৰে ৯১% ত তিনিজনমান দুখীয়া ছাত্ৰ পাছ কৰিব পাৰে আৰু সেইটো নম্বৰ পাই  বাইদেউহঁতে দুখ কৰিছে৷ মোৰ মেট্ৰিকৰ  নম্বৰ ক’লে চাগৈ চাহৰ টেবুলৰ পৰাই খেদিব৷ যি দেখিলোঁ বাইদেউৰ ঘৰৰপৰা সোনকালে যোৱাই ভাল হ’ব৷ 

চাহ-তাহ খাই যাবলৈ ওলালোঁ, গে’টত দেখিলোঁ ঢেকুৰা এটাই আমাৰ ওচৰলৈ নেজ জোকাৰি জোকাৰি আহিছে, বাইদেৱে দেখাৰ লগে লগে ছেই ছেই বুলি খেদিলে, কুকুৰটোও নেগুৰ দাঙি পলাল৷

বুজিলোঁ বাইদেউৰ কুকুৰ প্ৰেম বিদেশী জিমিৰ দৰে  প্ৰজাতিৰ বাবেহে, নিজ দেশৰ একে প্ৰজাতিৰ বাবে নাই৷ আমিও বাইদেউক বিদায় জনাই উভতি  আহিলোঁ৷

☆ ★ ☆ ★ ☆

9 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *