হাঁহি- প্ৰান্তৰ ভাগৱতী
: হেৰা কি হ’ল নো? মুখখন গোমোঠা মাৰি বহি আছা যে। অথনিৰেপৰা চিঞৰি আছোঁ শুনা নাই নেকি?
এই বুলি শ্ৰীমতী আহি ওচৰ পালেহি।
: ক’ত নো মই গোমোঠা মাৰি আছোঁ? ‘চোৱা’৷
বুলি শ্ৰীমতীলৈ চাই হাঁহি এটা মাৰিলোঁ।
: তোমাৰ দেখোন ঘৰত হাঁহিয়েই নোলায়? কালি মই চপিং কৰোঁতে তুমি দেখোন সেই চেলছ গাৰ্লকেইজনীৰ লগত একেবাৰে যেনেকৈহে হাঁহি হাঁহি কাপোৰ চোৱাৰ চলেৰে কথাৰ মহলা মাৰি মাৰি টি-চাৰ্ট চাইছিলা মই দেখা নাই বুলি ভাবিছা নেকি? ঘৰত তোমাৰ তেনেকুৱা হাঁহি নোলাই কিয়?
শ্ৰীমতীয়ে টেং-টেংকৈ কথাকেইটা কৈ মোৰফালে চালে৷ মই এতিয়া শ্ৰীমতীক কেনেকৈ কওঁ যে এজনীয়ে মোক ‘আংকুল’ বুলি মাতিছিল আৰু কাপোৰ দেখুৱাইছিল। সেয়েহে মনটো অলপ বেয়া লাগি আছিল!
: ধেৎ! তুমিও যে আৰু! কি কি কথা কোৱা আৰু?
তোমালোকে দেখোন সাজি কাচি গাড়ীৰ আগচিটত বহি গৈ থাকোঁতে ৰাষ্টাৰ দাঁতিত আড্ডা দি ছোৱালী চাই থকা দঙোৱাকেইটালৈ কেৰাহিকৈ চাই গ’লেও জানো আমি কিবা কৈছোঁ? কোনোবাই বেছিকৈ চালেও ক’বা “কেনেকৈ পোন্দোৱাকৈ চাই আছে চোৱাচোন”৷ আকৌ কোনোৱে নাচালেও জগৰ ; “একেযোৰ কাপোৰকে পিন্ধোতেই জীবন গ’ল! লোকৰ দ’ম দ’ম কাপোৰ। আমাক ক’ত চাব? কিমান দিন হ’ল কাপোৰ এযোৰ নোলোৱা….” এই বুলি চিৰকলীয়া কাপোৰ মহাভাৰতখন আৰম্ভ কৰা৷
মনৰ ভিতৰতে কথাষাৰ কৈ থ’লোঁ। কেনেবাকৈ মুখেদি কথাষাৰ ওলালে হ’লেই আৰু। কলেজৰপৰা আৰম্ভ কৰি কাৰ বিয়াত কোন ছোৱালী, মহিলা চাইছিলোঁ, সকলো কবিতা মতাদি ব্যাখ্যা কৰিব৷ বাকী মানুহৰ কথা নেজানো কিন্তু আমাৰ এওঁৰ মই দহ বছৰ আগতে কাৰ বিয়াত কালৈ চাই হাঁহি মাৰিছিলোঁ সকলো সলসলীয়াকৈ মনত আছে।
হয় দেই৷ এই হাঁহিটো বৰ সাংঘাতিক বস্তু কিন্তু৷ কিমান প্ৰকাৰৰ যে হাঁহি আছে! এই বোলে মিচিকিয়া হাঁহি, খোলা হাঁহি, বেঁকা হাঁহি, অট্টহাস্য, শেঁতা হাঁহি, মিঠা হাঁহি, সেমেকা হাঁহি, দিলখোলা হাঁহি, ক্ষীণ হাঁহি, নীৰৱ হাঁহি, ফটা হাঁহি, চকু টিপিয়াই হাঁহি, ভয়ানক হাঁহি, মনে মনে হাঁহি, চকুৰে হাঁহি ইত্যাদি কিমান যে হাঁহি৷ হয় দেই হৰেক ৰকমৰ হাঁহি পৰিস্থিতি অনুযায়ী!
হাঁহিত কিন্তু সাংঘাতিক দম আছে। কেইবছৰমান আগতে প্ৰিয়া প্ৰকাশ নামৰ ছোৱালীজনীয়ে চকুটিপ মাৰি যিটো হাঁহি মাৰিছিল মনত আছেনে! যেন হাঁহি নহয় কামদেৱৰ ফুলৰ শৰপাতহে; যি শৰত একেৰাতিতে শৰবিদ্ধ হ’ল লাখ লাখ লোক৷ হাঁহিৰেই কিমান যে কথা বুজাব পাৰি! চেঙেলীয়া বা ডেকা বয়সত কোনোবা ছোৱালীয়ে চকুৱে চকুৱে চাই হাঁহি মাৰিলে কেনে লাগে বাৰু? কল্পনাৰ সাগৰত উটুৱাই পঠিয়াবলৈ মাত্ৰ এটি মিঠা হাঁহিয়েই যথেষ্ট। সৰুকালত সৰু সৰু কথাতে যে কিমান হাঁহিছিলোঁ! অৱশ্যে সকলো মিচিকিয়া হাঁহিৰ অৰ্থ একে নহ’বও পাৰে৷
এবাৰ স্কুলত লগৰ এটাই বৰকৈ কৈ আছিল তাৰপিনে চাই লগৰ দুজনীমানে মিচিক-মাচাক হাঁহি আছে৷ কোনোবা এজনী তাৰ প্ৰেমত পৰিলেই নেকি! লগৰ এটাই তালৈ ভালকৈ চাই ক’লে হেৰৌ কথা দেখোন বিষম৷ “জয় ভোলা শংকৰ; তলফালে মনকৰ ; পোষ্ট অফিচ খোলা আছে সোনকালে বন্ধ কৰ।”
সকলোবোৰ হাঁহিত ফাটি পৰিছিলোঁঁ৷ তাৰ পেণ্টৰ চেইনহে খোলা আছিল৷ সকলোৱেইতো হাঁহি থাকিব বিচাৰে৷ তাৰ মাজতো মাজে মাজে দুখ-কষ্ট কান্দোন আদিৰ মিশ্ৰণেই মানুহৰ জীবন৷ গোমোঠা মুখীয়া মানুহক কোনেও বৰ ভাল নাপায়। ডাক্তৰৰ মতেও, “যিমানে হাঁহিবা সিমানে জীয়াবা।” সৰু কালত এটা প্ৰশ্ন প্ৰায়বোৰেই শুনিছিল, “হাঁহে হাঁহে নে নেহাঁহে?” চৰাই বা জীৱ জন্তুৱে হাঁহি মাৰেনে নাই নাজানো কিন্তু মানুহে সদায় হাঁহি মাৰি থাকিবই লাগে৷
☆ ★ ☆ ★ ☆
9:04 am
ভাল লাগিল পঢ়ি