ফটাঢোল

ৰাজনৈতিক লাখুটি  – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

(প্ৰস্তুতি)

ৰৌজাল-বৌজাল একো নাই এই কামটোত, মোৰ মনটোৱে কৈছে এইটো কাম কৰিলে মই মনত শান্তি পাম, গতিকে মই কৰিলোঁ‌।

গাঁওখনত আশী বছৰৰ উৰ্দ্ধৰ বয়সীয়া মহিলা মাথোঁ‌ এইকেইগৰাকীয়েই আছে, গতিকে বিহুৰ দিনাখন আইতাহঁ‌তক একোখনকৈ বিহুৱান দি সেৱা এটি জনাই আশীৰ্বাদ লোৱাটোহে মোৰ উদ্দেশ্য।

অঁ‌ এইটো কথাও ঠিক যে আইতাহঁ‌ত শাৰীৰিকভাৱে দুৰ্বল বৰ্তমান। মোৰ ল’ৰালি কালত মোৰ লগত ধেমালি কৰা আইতাহঁ‌ত শাৰীৰিক-মানসিক দুয়োফালৰ পৰাই দুৰ্বল এতিয়া। আমাৰ ল’ৰালিৰ সময়ত আইতাহঁ‌তৰ লগত খেলিবলৈ প্ৰায় দহ-বিশজন ল’ৰা ছোৱালী গাঁ‌ৱত আছিলোঁ‌, কিন্তু এতিয়া গাঁ‌ৱত ল’ৰা ছোৱালীয়ো নাই আৰু থাকিলেও ইণ্ডিপেণ্ডেণ্ট ফেমিলীৰ প্ৰভাৱত আইতাহঁ‌তে সমাজৰ বাকীবোৰ কণ-কণ ল’ৰা-ছোৱালীৰ সান্নিধ্যৰ পৰা বঞ্চিত হৈ থাকে। আইতাহঁ‌তৰো বহুত দুখ আছে মনত বৰ্তমান, বহুকেইগৰাকীক নিজৰ পুতেক-বোৱাৰীয়েকে বোজা বুলিয়েই ভাবে, গতিকে এই সময়ত যদি বিহুৰ দিনাখন আইতাকেইগৰাকীক মোৰ ঘৰলৈ লৈ আনি এখনি বিহুৱান দিওঁ‌ আৰু সেৱা এটি জনাওঁ‌ মই মনত বৰ প্ৰশান্তি লাভ কৰিম।

ভবামতেই কাম। বিহুৰ দিনাখন মই মোৰ ড্ৰাইভাৰজনক পঠিয়াই মোৰ গাড়ীখনতে আইতাকেইগৰাকীক মাতি অনালোঁ‌ মোৰ ঘৰলৈ। দিনটো মোৰ ঘৰতে ধুনীয়াকৈ আইতাকেইগৰাকীক আতিথ্য কৰাই আটাইকেইগৰাকীকে এযোৰকৈ হাতে-বোৱা মেখেলা চাদৰ দি সপৰিয়ালে সেৱা জনাই আশীৰ্বাদ ল’লোঁ। মোৰ ছোৱালী দুজনীয়েও বহুত আনন্দ পালে, মোৰ মা আৰু শাহুমাক বাদ দি সিহঁ‌তৰ অন্য কোনোবা আইতা, আজো-আইতাও যে থাকিব পাৰে সেইটোও সিহঁ‌তৰ বোধগম্য হ’ল।

আইতাহঁ‌তক বিদায় দি দিনটোৰ ব্যস্ততাৰ ভাগৰ মাৰিবলৈ ফুট-গধূলিতে বিছনাত পৰিলোঁ‌ মই।

মনত যেতিয়া প্ৰশান্তি থাকে টোপনি অহাত কোনেও বাধা দিব নোৱাৰে আৰু আজিৰ দিনটোত মোতকৈ সুখী-সন্তোষী ব্যক্তি এইখন পৃথিৱীত আৰু কোনো নাই। মোৰ নিজৰ ল’ৰালিৰ কথাবোৰ মনত পৰি নষ্টালজিক হৈ পৰিলোঁ‌ মই! এফালৰ পৰা মৃত-আইতাবোৰৰ লগত কটোৱা মোৰ ল’ৰালিৰ মধুৰ স্মৃতিবোৰ সজীৱ হৈ উঠিল।

কি দিন আছিল সেইবোৰ! নাৰায়ণী বুঢ়ীৰ হাতৰ লাখুটি লৈ দৌৰিছিলোঁ‌, লাখুটি ওভতাই নিদিয়ালৈকে বুঢ়ী একেঠাইতে থিয় হৈ থাকিব লাগিছিল কিয়নো বুঢ়ীৰ এখন ভৰি ভঙা।

কালি মোৰ ছোৱালী দুজনীক সেইটো কাহিনী কৈ থাকোঁ‌তে সিহঁ‌তে মোক সুধিছিল যে বুঢ়ীজনী সেইসময়ত ষ্টেছ্যু হৈ আছিল নেকি? উত্তৰ নাই মোৰ ওচৰত, আজিকালিৰ পোৱালীৰ ষ্টেছ্যু-গেম আমাৰ দিনত জোৰ-জবৰদস্তি কৰা ষ্টেছ্যুহে আছিল, কিন্তু এতিয়া মোক মোৰ ছোৱালীয়ে ষ্টেছ্যু বুলি কোৱাৰ লগেলগে ঠাইতে ৰৈ দিয়াৰ পিছত যদি অলপো লৰচৰ হওঁ‌ তেনেহ’লে সেইটো ষ্টেছ্যুৰ পৰা গেজু হৈ যায় কিন্তু নাৰায়ণী বুঢ়ীৰ লাখুটি কাঢ়ি নিয়াৰ পিছতো বুঢ়ীয়ে এখন ভৰিৰে এঢাপ-দুঢাপকৈ গৈ জেওৰাত ধৰি থিয় হৈ থাকে আমি লাখুটি ওভতাই নিদিয়ালৈকে, কোনো গেজু নাই।

আমিবোৰ কম দুষ্ট আছিলোঁ‌ নেকি, লাখুটি ওভতাই নিদিওঁ‌ বুঢ়ীক, এজনে বুঢ়ীৰ ভঙা ভৰিখনৰফালৰ কান্ধত সোমাই নিজে লাখুটি হওঁ‌ বুঢ়ীৰ আৰু বুঢ়ীৰ আচল লাঠিডালত এখন গামোচা ওলোমাই সন্মুখত এজনে নিৰ্বাচনী সমদলৰ নেতৃত্ব লয়।

নাৰায়ণী বুঢ়ী জিন্দাবাদ।

বুঢ়ীৰ জয়েই ৰাইজৰ জয়।।

নাৰায়ণী বুঢ়ীক লাখুটিৰ ছবিত ভোট দিয়ক। ভোট দিয়ক, ভোট দিয়ক।।

বুঢ়ী নিৰ্বাচনত উঠিছে।

উঠিছে, উঠিবই।।

আমাৰ বুঢ়ী জিন্দাবাদ।

জিন্দাবাদ জিন্দাবাদ।।

ৰাইজৰ ঠেং ভাঙিছে।

ভাঙিছে ভাঙিবই।।

এইবাৰ লাখুটি লাগিব।

লাগিবই লাগিব।।

ল’ৰালিৰ এইবোৰ স্মৃতিৰ গৰাহত চিলমিলকৈ টোপনিত পৰিলোঁ‌ মই।

(প্ৰচাৰ)

ইতিমধ্যে মোৰ এই কাৰ্যটোৰ কথা আমাৰ অঞ্চলটোৰ প্ৰায়ভাগ লোকৰ কাণত পৰিল। সমূহ ৰাইজে একেমুখে স্বীকাৰ কৰিলে মোৰ মহানুভৱতাৰ কথা। টোপনিৰপৰা সাৰ পোৱাৰ আগতেই ইতিমধ্যে এজন দুজনকৈ মানুহ আহি মোৰ ঘৰত মোক প্ৰশংসা কৰিলে। দুই-এজনে এনেধৰণেও প্ৰশংসা কৰিলে যে মোৰ মনটো হেনো সাগৰৰ দৰে বিশাল, আকাশৰ দৰে নিৰ্মল, মোৰ দৰে মানুহ আচলতে ৰাজনীতিৰ পথাৰতহে থাকিব লাগে। সকলোকে ধন্যবাদ জনাই বুজাবলৈ চেষ্টা কৰিলো‍ঁ যে মই আচলতে এইবোৰ কাম মোৰ মনৰ প্ৰশান্তিৰ বাবেহে কৰোঁ‌, কোনোধৰণৰ সস্তীয়া জনপ্ৰিয়তাৰ বাবে নহয়। মানুহবোৰে কেনেদৰে গম পালে মোৰ ঘৰত আজি দিনত হৈ যোৱা একান্তই ব্যক্তিগত অনুষ্ঠানটোৰ কথা, সেইটোও জানিবলৈ চেষ্টা কৰিলোঁ।

ফেচবুকত কোনোবাই ভিডিঅ’ দিলে বোলে। আজিকালি এইবোৰ খবৰ ফেচবুক, হোৱাটচ-এপত মিনিটৰ ভিতৰতে হাজাৰজনৰ দৃষ্টিগোচৰ হৈ যায়। একো-একোটা ভাল আহিলা এইবোৰ নিজৰ কামৰ প্ৰচাৰ কৰিবলৈ, কিন্তু মই প্ৰচাৰ ভাল নাপাওঁ‌। মানসিক প্ৰশান্তিয়েই মুখ্য উদ্দেশ্য মোৰ।

সন্ধিয়ালৈকে, মোৰ ঘৰত কেইবাটাও নিউজ চেনেল আৰু ৱেব-পৰ্টেলৰ সাংবাদিকৰ ভিৰ। দিনত আইতাহঁ‌তৰ লগত কটোৱা বিভিন্ন মুহূৰ্তৰ ভিডিঅ’ কিছুমান দেখুৱাই মোক প্ৰশ্ন সুধি আছে, ময়ো যথাসম্ভৱ উত্তৰ দিছোঁ‌ আজিৰ দিনটোত মই লাভ কৰা অনাবিল আনন্দৰ কথা বৰ্ণনা কৰি। নিজৰ ব্যক্তিগত জীৱনৰ কিছুমান কথাও সম্পূৰ্ণ ঘৰুৱাভাবে সাংবাদিককেইজনৰ আগত ব্যক্ত কৰিছোঁ‌ যিবোৰ কথাত মোৰ জীৱনৰ কষ্টসাধ্য প্ৰতিষ্ঠাৰ কথাও বিৰাজমান। অৱশেষত সাংবাদিকসকল গ’লগৈ মোৰ মানসিক প্ৰশান্তিৰ কথা পূৰ্ণ্যোদমে প্ৰচাৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি।

মই প্ৰচাৰ ভাল নাপাওঁ, মানসিক প্ৰশান্তিহে মুখ্য উদ্দেশ্য আছিল মোৰ। বিহুৰ শুভেচ্ছা জনালোঁ ৰাইজ, কুশলে থাকক সকলোৱে।

(আত্মপৰিচিতি)

মোৰ পৰিচিতি এতিয়াও দিয়াই নাই, অথচ মোৰদ্বাৰা কৰা ভাল কাম এটাৰ বিশদ বিৱৰণ ইতিমধ্যেই আপোনালোকে বিভিন্ন মাধ্যমৰ জৰিয়তে পালেই।

নমস্কাৰ, মোৰ নাম ৰাতুল গোস্বামী। মই এজন ক্লাছ ‘এ’ কেটেগৰীৰ ঠিকাদাৰ আৰু প্ৰায় দহবছৰ ঠিকা-ঠুকুলি কৰি অজস্ৰ সম্পত্তি গঢ়িলোঁ‌। মোক আৰু জীৱনত টকা-পইচাৰ প্ৰয়োজন নাই, মাথোঁ‌ লাগে ভোগসৰ্বস্ব এই জীৱনৰ পৰা অলপমান সকাহ আৰু সেই সকাহ দিব পৰা একমাত্ৰ লোকসকল হৈছে আপোনালোক মোৰ মৰমৰ ৰাইজসকল। মোক লাগে মাথোঁ‌ আপোনালোকক সেৱা কৰাৰ এটি সুযোগ, মোক আৰু জীৱনত টকা পইচাৰ প্ৰয়োজন নাই। আপোনালোকৰ বহুমূলীয়া ভোটবোৰ প্ৰদান কৰি মোক এই সুযোগ দিব বুলি মই সম্পূৰ্ণ বিশ্বাসী তথা আশাবাদী। মই এই নিৰ্বাচনত বিজয়ী হ’লে প্ৰতিটো পইচাৰে হিচাপ ৰাজহুৱাভাৱে দিয়া হ’ব। ৰাইজৰ পইচা ৰাইজৰ লগত, মোক আৰু এই জীৱনত টকা পইচাৰ প্ৰয়োজন নাই।

(প্ৰসাৰ)

প্ৰথমখন মিটিঙতে ইতিমধ্যে প্ৰায় দুহেজাৰ সমৰ্থক গোটাবলৈ সক্ষম হোৱা ৰাতুল গোস্বামীয়ে নিজৰ ভাষণৰ শেষত উপলব্ধি কৰিলে যে বৰ্তমানৰ ৰাজনৈতিক অস্থিৰতাৰ সময়ত তেখেতৰ এই ৰাজনৈতিক কুচ-কাৱাজৰ সিদ্ধান্ত সঠিক। বিভিন্ন দলৰ নেতাসকলৰ দ্বাৰা প্ৰতাৰিত হোৱা বিভিন্নজন পালিনেতা আৰু সেই পালিনেতাসকলৰ সঙ্গো-পাঙ্গোসকলে ইতিমধ্যেই তেখেতক নিজৰ নেতা হিচাপে গ্ৰহণ কৰিছে গতিকে তেখেতৰ এই ৰাজনৈতিক যুঁ‌জখনত পিছহুহকি যোৱাৰ প্ৰয়োজন নাই। নতুন নতুন ঠাইত ন-উদ্যমৰে নতুন নতুন সমৰ্থক সৃষ্টি কৰা কামটোত মনোনিৱেশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাটোৱেই উচিত হ’ব বুলি ভাবিলে ৰাতুল গোস্বামীয়ে। কাইলৈৰ পৰা ন-উদ্যমেৰে নিজৰ ৰাজনৈতিক প্ৰভাৱ সমষ্টিটোত প্ৰসাৰ কৰিব তেখেতে। নিৰ্বাচনলৈকে হাতত চাৰিমাহ আৰু এইখিনি সময় যথেষ্ট গোটেই সমষ্টিটোত নিজৰ আদৰ্শৰ প্ৰসাৰ কৰিবলৈ।

(লাখুটিৰ অঙ্ক)

ভিতৰৰ কোঠাটোত পত্নীৰ লগত এফালৰ পৰা হিচাপবোৰ কৰি গ’ল ৰাতুল গোস্বামীয়ে। বাহিৰৰ কোঠাটোত বহি আছে বিৰোধী দলটোৰ দুজন শীৰ্ষ নেতা।

আইতাহঁ‌তৰ সেৱা-শুশ্ৰুষাৰ নামত বিশ হাজাৰ। ফেচবুকত ভিডিঅ’ শ্বেয়াৰ কৰাৰ নামত ত্ৰিছ হাজাৰ।

সাংবাদিকৰ খোৰাকী দুই লাখ। প্ৰতিখন মিটিঙত এক লাখকৈ দহখনত সৰ্বমুঠ দহ লাখ। সৰ্বমুঠ বাৰ লাখ পঞ্চাশ হাজাৰ।

কাগজখনত থুলমুলকৈ হিচাপটো কৰি সপত্নীক ৰাতুল গোস্বামী বাহিৰৰ কোঠাটোত বহি থকা বিৰোধী দলৰ নেতাদুজনৰ সন্মুখত বহিল।

বাৰু গোস্বামী ডাঙৰীয়া, আপোনাৰ হিচাপটো কওক সোনকালে, প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰকে এইটো সমষ্টিত দলীয় টিকট দিয়া হ’ব। সমৰ্থকসহ আপুনি আমাৰ দলত কেতিয়া যোগদান কৰিব আৰু কিমান টকা ল’ব?

চাওক, প্ৰাক্তন মন্ত্ৰী পুত্ৰৰ ৰাজনৈতিক লাখুটি হোৱাত মোৰ আপত্তি নাই। টকা পইচাৰো বৰ বিশেষ দাবী নাই, মানসিক প্ৰশান্তিয়ে মুখ্য কথা মোৰ। মোৰ ইমানদিনে খৰচ হোৱা টকা এক কৌটি দিব আৰু চৰকাৰ গঠনৰ পিছত কেইটামান ভাল কামৰ প্ৰতিশ্ৰুতি।

অকে, ডান।

বহুত বহুত ধন্যবাদ, মানসিক প্ৰশান্তিৰ বাবে মই যিকোনো কাম কৰিব পাৰোঁ‌।

☆ ★ ☆ ★ ☆

23 Comments

  • সুন্দৰ ব্যংগ কৰিলে।

    Reply
  • Dipankar

    তামাম দেই ??

    Reply
  • বাগ্মিতা

    একে উশাহতে পঢ়ি থ’লো বুলিব পাৰি। ইমান ধুনীয়াকৈ লিখিব পাৰে আপুনি!

    Reply
    • সঞ্জীৱ।

      ধন্যবাদ বাৰ্বি।

      Reply
  • আৰাধনা বৰুৱা

    খুব ভাল লাগিল

    Reply
  • হেমন্ত কাকতি

    হাঃ হাঃ, বিশেষ একো মোহ মায়া নাই আৰু৷ কেই কোটিমান পালে সব ফিটিং৷

    বঢ়িয়া লাগিল সঞ্জীৱ৷

    Reply
    • সঞ্জীৱ।

      বহুত ধন্যবাদ দাদা।

      Reply
  • পূৰ্ণময়ী

    তীৰ্য্যক?

    Reply
  • কাবেৰী মহন্ত

    উচ্চ ব্যংগ??
    লাখুটিৰ দাম বহুত

    Reply
    • সঞ্জীৱ।

      বহুত ধন্যবাদ বাইদেউ।

      Reply
  • সুৰভি ডেকা

    তামাম

    Reply
  • Anonymous

    সঞ্জীৱ শেষত অংক টো ঠিক কৰিলা যদিও তোমাৰ এইবোৰৰ প্ৰতি মায়া মোহ নাই।

    Reply
  • সুৰভি

    সঞ্জীৱ শেষত অংক টো ঠিক কৰিলা যদিও তোমাৰ এইবোৰৰ প্ৰতি মায়া মোহ নাই।

    Reply
    • সঞ্জীৱ।

      বহুত ধন্যবাদ।একদম মায়া নাই মোৰ।

      Reply
  • ৰূপা

    বাপৰে! বৰ পাকৈত বেপাৰী।

    Reply
    • সঞ্জীৱ।

      বহুত ধন্যবাদ।হৰ্চ ট্ৰেডাৰ।

      Reply
  • Abhijit Goswami

    বঢ়িয়া দাদা

    Reply
  • ডলী

    চুপাৰ্ব?

    Reply
  • সুন্দৰ, আজিকালিৰ বাস্তৱ এয়ে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *